ছোনীয়া গান্ধীৰ পুত্ৰ স্নেহত বঞ্চিত মনীষ , শশী

1506

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাহুলে পৰাজয়ৰ দায়িত্ব স্বীকাৰ  কৰিছে ।  তেওঁৰ পৰাজয় স্বীকাৰ কৰিছে  সংখ্যাৰ খেলত ,  কিন্তু আদৰ্শক পৰাজিত হ’ব দিয়া নাই । কাৰণ তেওঁ সদম্ভে ঘোষণা কৰিছে __ ‘ বিজেপি আৰু সংঘৰ লগত যুদ্ধ আদৰ্শগত আৰু  ১০ গুণ অধিক ক্ষিপ্ৰতাৰে এই যুদ্ধ কৰি যাব । ‘
নৰেন্দ্ৰ মোদীৰ গ্লেমাৰ , অমিত শ্বাহৰ কৌশলৰ বাবেই বিজেপিয়ে ইমান ডাঙৰ সাফল্য পোৱা নাই । কাৰণ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মধ্যপ্ৰদেশ , ৰাজস্থান , চত্তিশগড় তিনিওখন ৰাজ্যত বিজেপিৰ পৰাজয় হৈছে ।  এইবাৰ যুদ্ধ হৈছে নীতিৰ ওপৰত । কংগ্ৰেছৰ আত্মকেন্দ্ৰীক অভিলাষ বনাম বিজেপিৰ ভাৰতীয়  স্বাভিমান । কংগ্ৰেছে এনেকুৱা নিৰ্বাচনৰ মুখামুখি কেতিয়াও হোৱা নাছিল ।  কংগ্ৰেছৰ ‘আইডিয়া অৱ ইণ্ডিয়া ‘ ক ধৰাশয়ী কৰে  এক দেশ এক নীতিয়ে । ধৰ্ম আৰু ৰিলিজ’নক পৃথক কৰি দেখুৱাবলৈ সক্ষম হ’ল বিজেপিৰ ভগ্নী সংগঠনবোৰে ।
এজন বিজেপি কৰ্মীয়ে তৰ্ক যুদ্ধত খোলাখুলিকৈ ক’ব পাৰিব ৰাম মন্দিৰৰ কথা , দঁফা ৩৭০ ৰ কথা , তিনি তালাকৰ কথা । কিন্তু অতি নিকা আৰু অভিজ্ঞ কংগ্ৰেছ কৰ্মীজনে এই তিনিওতা প্ৰসঙ্গত স্পষ্ট মত দিব নোৱাৰে । কাৰণ আৰম্ভণীৰ পৰা এইবিলাক কথাৰ ওপৰত কোনো আলোচনাই হোৱা নাছিল সংগঠনৰ ভিতৰত ।
 বিজেপিৰ প্ৰতিজন নেতাই যেতিয়া নেহেৰুৰ ওপৰত তথ্য ভিত্তিক কতাক্ষ আৰম্ভ কৰিছিল তেতিয়া কোনো এজন কংগ্ৰেছী নেতাই উচিত প্ৰত্যুত্তৰ দিব নোৱাৰিলে । অধিৰ ৰঞ্জন চৌধুৰীৰ হিন্দী বলয়ী নহয় , তেওঁ নোৱাৰে মুখে মুখে যুক্তি দিব ; যি অলপ বিৰোধ কৰিছিল মনিষ তীৱাৰীয়ে , তেওঁকো নিমিষতে অমিত শ্বাহে ধুলিস্যাত কৰি পেলায় । নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ অধিৰ ৰঞ্জন চৌধুৰীক ফাইটাৰ আখ্যা দিছে । লোকসভাত পশ্চিম বংগৰ সাংসদ এজন বিৰোধী নেতা বনোৱা হ’ল । একমাত্ৰ উদ্দেশ্য ৰাহুল আৰু প্ৰিয়ংকাৰ প্ৰতিদন্দী হ্ৰাস কৰা । পশ্চিম বংগত কংগ্ৰেছৰ স্থিতি অতি দুৰ্বল , তেনেস্থলত সেইখন ৰাজ্যৰ এজন সাংসদৰ ৰাজনৈতিক স্থিতি কেতিয়াও সবল হব নোৱাৰে । ছোনীয়া গান্ধীয়ে ইচ্ছাকৃত ভাবে অবজ্ঞা কৰিলে মনিষ তিৱাৰী , শশি থাৰুৰৰ দৰে নেতাক ।অমিত শ্বাহক সাংসদত ওভতি ধৰিবলৈ শশী থাৰুৰক সঠিক স্থান নিদিলে । যাৰ ফলত অমিত শ্বাহে নেহেৰুৰ পুৰণি ইতিহাসৰ বকলা মেলি আছিল আৰু কংগ্ৰেছৰ সাংসদসকলে একান্ত বাধ্য হৈ শুনি আছিল ।কংগ্ৰেছী কংগ্ৰেছৰ শত্ৰু বুলি ইতিহাসত লিপিবদ্ধ নহ’বলৈ ছোনীয়া গান্ধীৰ কাৰণে আগন্তুক সময়বিলাক অতি স্পৰ্শকাতৰ ।