হাতত পদুম ফুলে

1533

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


বাপুকণৰ আজি অ’পাৰেচন। দেউতাকৰ মনত বহুত আনন্দ। ৰাতিপুৱাই চেন্নাইৰ ভগবানৰ ওচৰত সেৱা কৰি পুত্রৰ বাবে আশীৰ্বাদ বিচাৰিলে। সুদীৰ্ঘ ৮ বছৰ ক’মাত থকাৰ পিছত বহু মানুহৰ পৰা টকা পইছা যোগাৰ কৰি দেউতাকে বাপুকণক লৈ আহিছে চেন্নাইলৈ। গেৰুৱা দলৰ সক্ৰিয় সদস্য আছিল সি। দলৰ হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ পুলিছৰ লাঠীৰ কোব খাই ক’মালৈ গৈছিল বাপুকণ। “২০১১ চনৰ পৰা ২০১৯ চনলৈ মুঠ ৮ বছৰ আমি কেনেকৈ কটাইছো তুমিহে জানা” বুলৈ কৈ বাপুকণৰ দেউতাক আগবাঢ়িল হাস্পতাললৈ।
‘অপাৰেচন চাকছেচফুল’ ডাক্তৰৰ এই কথাশাৰিয়ে যেন বাপুকণৰ মাক দেউতাকক আশাৰ সঞ্চাৰ যোগালে। বাপুকণক কেবিনলৈ লৈ অনা হ’ল। মাক দেউতাকক বাপুকণে চিনি পালে। “দুই-এদিনতে discharge ৰ ব্যবস্থা কৰিম” বুলি কৈ ডাক্তৰ কেবিনৰ পৰা ওলাই গ’ল। মাক দেউতাকৰ লগত কিছুসময় কথা পতাৰ পিছত বাপুকণে টি.ভি চাবলৈ ইচ্ছা কৰিলে। আজিকালি টাটা স্কাই, দিছ টিভি আদিৰ জৰিয়তে চেন্নাইৰ পৰাও অসমীয়া চেনেল চাব পৰা হৈছে। টিভিত অসম বিধানসভা চলি আছিল।
– অসমত হাতীৰ চৰকাৰ হ’ল নেকি? সোণোৱাল মুখ্যমন্ত্রীৰ চকীত বহি আছে যে?
– তই পুলিছৰ কোব খোৱাৰ কেইদিনমান পিছতে সোণোৱাল হাতী বাদ দি গেৰুৱা হ’ল। তহতৰ কষ্ট সাৰ্থক হ’ল। এতিয়া তহতৰ দলৰেই চৰকাৰ।
– সোণোৱালৰ পিছফাল পাটোৱাৰী দেখোন। এইখন পদুম আৰু হাতীৰ মৰ্চা চৰকাৰ নেকি?
– মৰ্চা চৰকাৰ হয় কিন্তু পাটোৱাৰীয়ে ২০১৪ চনত হাতীৰ পিঠিৰ পৰা নামি গেৰুৱা হ’ল। কতুল বৰা, কিশব মহন্ত আৰু কনীভূষন হাতীৰ পৰা মন্ত্রী হৈছে।
– আজিকালি বিধানসভাত শাসক- বিৰোধী একেলগে বহে নেকি?
– কিয় সুধিলি?
– কংগ্ৰেছৰ বিমন্ত বিশ্ব দেখোন পাটোৱাৰীৰ কাষত।
– ২০১৬ত শৰ্মা গেৰুৱা হ’ল। আচলতে বৰ্তমান তহতৰ দলৰ ৬১ জন বিধায়কৰ বেছিভাগ বিধায়ক অন্য দলৰ পৰা অহা। তই থকা সময়ত দলত থকা বিধায়ক দুই চাৰিজনহে হ’ব।
মোৰ মূৰটোচোন ঘুৰাইছে।
– লৰাটো ভাল হৈছেহে । আপুনি এইবিলাক কি ৰাজনীতিৰ কথা পাতি আছে? সোনকালে ডাক্তৰক মাতক আৰু টিভিৰ চেনেলটো সলনি কৰি দিয়ক। বাপুকণৰ মাকে ধমকিৰ সুৰত ক’লে।
দেউতাকে টিভিৰ চেনেল সলনি কৰিলে। অসমীয়া বাতৰি চলি আছিল। ভুবু কলিতা, বৌতম ৰয়ো গাত গেৰুৱা ৰং সানিলে।
“চিষ্টাৰ বেড এখন ৰেডি কৰা, ৰোগী পুনৰ ক’মাত গ’ল” ডাক্তৰে চিঞৰিলে।