নিতিন গাডকাৰী আৰু সুষমা স্বৰাজৰ মাজত প্ৰতিযোগিতা

1762

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী ৰাজনীতি অসমৰ নবেম্বৰ মাহৰ অ’পিনিয়ন প’লত আমি মোডী চৰকাৰৰ সকলোতকৈ সফল মন্ত্রী কোন সেই বিষয়ে জানিব খুজিছিলো। আমি বাচনি কৰা ৮ জন মন্ত্রীৰ ভিতৰত শ্ৰেষ্ঠ মন্ত্রীজন ৰাইজৰ নিৰ্বাচন কৰাৰ সুযোগ আছিল। ১ নবেম্বৰৰ পৰা ২০ নবেম্বৰলৈ চলা আমাৰ অ’পিনিয়ন প’ললৈ ৰাইজে ব্যাপক সহাৰি জনাইছিল।
আমাৰ অ’পিনিয়ন প’লত মোডী মন্ত্রীসভাৰ শ্ৰেষ্ঠ মন্ত্রীৰ খিতাপ লাভ কৰিছে স্হল পৰিবহণকে ধৰি অান কিছুমান বিভাগৰ মন্ত্রী নিতিন গাডকাৰীয়ে। বিজেপিৰ প্ৰাক্তন সভাপতি জনে লাভ কৰিছে ৩৬.১% ভোট।
বৈদেশিক পৰিক্ৰমা মন্ত্রী সুষমা স্বৰাজে গাডকাৰীক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দেখা গ’ল। এইগৰাকী মহিলা মন্ত্রীয়ে ২৯.৫% ভোট পালে। বাকী সকলোৱে মিলি ৩৪.৪% ভোটহে লাভ কৰিবলৈ সক্ষম হ’ল। তলৰ পাই চিত্ৰত এই কথা আৰু অধিক স্পষ্ট হৈছে।
বাকী মন্ত্রীসকলৰ ভিতৰত গৃহ মন্ত্রী ৰাজনাথ সিংএ ৯.৮%  ভোট লাভ কৰি তৃতীয় স্হানত থাকে। ৰেল মন্ত্রী পিযুষ গোৱেল আৰু প্ৰতিৰক্ষা মন্ত্রী নিৰ্মলা সিতাৰমণ দুয়ো যৌথ ভাবে চতুৰ্থ স্হানত থাকে। তেওঁলোকে লাভ কৰা ভোটৰ পৰিমাণ হ’ল ৬.৬%. পঞ্চম স্হানত থাকে বিত্তমন্ত্রী অৰুণ জেটলী। জেটলীয়ে লাভ কৰে ৪.৯% ভোট। বাণিজ্য মন্ত্রী সুৰেশ প্ৰভুৱে লাভ কৰে ১.৬% ভোট।
তলৰ দণ্ডচিত্ৰত ৩ ৰ পৰা ৮ স্হানপ্ৰাপ্ত মন্ত্রীসকলৰ ভোটৰ শতাংশ দেখুওৱা হৈছে।