কলিতা জাতিৰ নায়ক ৰজা পৃথু

323
  • অৰুণাভ খাউণ্ড

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


হিন্দু কলিতা ৰজা পৃথু – শৰাইঘাট যুদ্ধৰ ৫০০ বছৰ আগেয়ে অসমৰ পৰা খেদি পঠিয়াইছিল বিদেশী ইচলাম আক্ৰমণকাৰীক :
১২০৬ খ্ৰীষ্টাব্দত মানৱ সভ্যতাৰ ইতিহাসৰ এজন অন্যতম ক্ৰুৰ শাসক মোহম্মদ_ঘোৰীৰ সেনাধ্যক্ষ বখটিয়াৰ খিলিজিয়ে, খেন (কলিতা) বংশৰ মহাৰাজ পৃথুৰ শাসনাধীষ্ঠ কামৰূপ (বৰ্তমানৰ অসম) প্ৰদেশ আক্ৰমণ কৰিছিল৷ ইতিপূৰ্বেই বখটিয়াৰ খিলিজিয়ে উত্তৰভাৰত আৰু পশ্চিমবংগ জয় কৰিছিল৷ এই বখটিয়াৰ খিলিজিয়েই হ’ল মধ্যযুগৰ বিশ্বৰ সৰ্ববৃহৎ আৰু প্ৰসৃিদ্ধতম #নালন্দা বিশ্ববিদ্যালয় জ্বলাই দিয়া কুখ্যাত খলনায়ক৷ বখটিয়াৰ খিলিজিয়ে বিহাৰ আৰু পশ্চিম বংগৰ বহু হিন্দু , বৌদ্ধ মন্দিৰ ভাঙি ধ্বংস কৰিছিল আৰু শতাধিক হিন্দু সাধুক জীৱন্তে জ্বলাই দিছিল৷ ১২০০০জন সৈন্যৰ এক বিশাল বাহিনী সহ বখটিয়াৰ খিলিজিয়ে অসম আক্ৰমণ কৰিছিল কিন্তু কামৰূপৰ শাক্ত হিন্দু সম্ৰাট মহাৰাজ পৃথুৰ সেনাৰ প্ৰতি আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি একালৰ অজেয়,উত্তৰ ভাৰতৰ আতংক,নালন্দা ধ্বংসকাৰী বখটিয়াৰ খিলিজিয়ে শেষত কোনোমতে প্ৰাণ বচাই নীলাচলবাসিনী মা কামাখ্যাৰ পবিত্ৰ কামৰূপ ভূমি এৰি পলাই-পত্ৰং দিয়ে৷ ১২০০০ সৈন্যৰ বেছিভাগেই ৰণত পৰিল,কিছুমান আকৌ পলাই যাওঁতে ব্ৰহ্মপুত্ৰ নদীত পৰি উটি গ’ল,কিছুমান বন্দী হ’ল আৰু শেষত বখটিয়াৰ খিলিজিয়ে সেই ১২০০০ সৈন্যৰ পৰা মাত্ৰ এমুঠিমান সৈন্যসহ পলায়ন কৰিবলৈ সক্ষম হ’য়৷ ভাগ্যৰ কি বিড়ম্বনা! যি বখটিয়াৰ খিলিজি মন্দিৰ ধ্বস্ত কৰাৰ বাবে কুখ্যাত আছিল লাজে শোকে জৰ্জৰিত সেই খিলিজিয়ে অন্তিম সময়ত এটা হিন্দু মন্দিৰত আশ্ৰয় লৈ সেই মন্দিৰৰ ভূমিতে প্ৰাণ ত্যাগ কৰে৷

ঐতিহাস্যিক শৰাইঘাটৰ যুদ্ধতকৈ প্ৰায় পাঁচশ বছৰ পূৰ্বেই কলিতা জাতিৰ মহানায়ক পৃথুৱে বখটিয়াৰ খিলিজিৰ দৰে এক কুখ্যাত,দুৰ্ধৰ্ষ আৰু পৰাক্ৰমী বিদেশী শক্তিক অসমত প্ৰবেশ কৰিবলৈ নিদি খেদি পঠিয়াইছিল যি বাবৰ বা ঔৰাংগজেৱতকৈ শতগুণে শক্তিশালী আৰু অনিষ্টকাৰী আছিল৷কানাইৰ বৰশী বোৱা শিলে আজিও কলিতা বংশৰ মহাৰাজ পৃথুৰ গৌৰৱময় ইতিহাসক সুঁৱৰি নিৰবে চকুলো টোকে কাৰণ এক বিশেষ_জনগোষ্ঠীৰ বুৰঞ্জীবিদসকলৰ পক্ষপাতিত্বমূলক নীতি আৰু কুটিল ষড়যন্ত্ৰৰ দ্বাৰা কলিতা জাতি অসমৰ খিলঞ্জীয়া জাতি নহয় বুলি প্ৰচাৰ
হৈছিল । হিন্দু ধৰ্মৰ কলিতা জাতিৰ নায়ক পৃথুৰ মুল্যায়ন আজিও সীমিত ।