মোগোল, ব্ৰিটিছৰ পিছত…

317
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


আমি ইতিহাসৰ পৰা শিকিবলৈ এতিয়াও বহুত বাকী। এনেকৈ থাকিলে হিন্দুৱে এদিন নিজেই ইতিহাস হৈ পৰিব।কেতিয়াবা ভাৱো ব্ৰিটিছ সকল কম সাহসী আৰু বুদ্ধিমান জাতি নাছিল,‌ এখন ঠাণ্ডা দেশৰ পৰা অচিনাকি ঠাইলৈ আহি , সেই ঠাই দখল কৰি, সেই ঠাইৰ মানুহক দাসত্বৰ শিকলিৰ পিন্ধাবলৈ সক্ষম হৈছিল।চাবলৈ গ’লে ব্ৰিটেইনৰ জনসংখ্যা আৰু ক্ষেত্ৰফল মুটামুটি গুজৰাটৰ সমান ,কিন্তু তথাপিও তেওঁলোকে দশক ধৰি নহয় ,শতিকা ধৰি বহু কেইখন ৰাষ্ট্ৰক গোলাম কৰি ৰাখিছিল।ভাৰতৰ নিচিনা কোটি কোটি জনসংখ্যাৰ এখন দেশ মাত্ৰ কেইলাখ মান বা কেইবা হাজাৰ লোকে গোলাম বনাবলৈ সক্ষম হৈছিল।কেৱল মাত্ৰ গোলামেই বনোৱা নাছিল, বৰঞ্চ লুট আৰু হত্যা কৰিছিল।তেওঁ লোকে ভাৱি চাগে কিমান গৰ্বিত অনুভৱ কৰে ,যে তেওঁ লোকৰ এমুঠি মানুহে দুনিয়াৰ সকলোতকৈ বেছি জনসংখ্যাৰ এখন দেশৰ মানুহক এদিন‌ গোলাম বনাবলৈ সক্ষম হৈছিল।সেইসময়ত ভাৰতৰ এখন ৰাজ্যত মাত্ৰ ৫০ জন মানহে ব্ৰিটিছ আছিল,কিন্তু হাজাৰ মাইল দূৰত্বৰ পৰা আহি বেলেগ এখন দেশৰ লাখ লাখ মানুহক গোলাম বনাবলৈ কিমান সাহস থাকিব লাগিব সেয়া ভাবিলে আচৰিত লাগে।ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায়,আমাৰ দেশৰ লোকক অত্যাচাৰ কৰিবলৈ তেওঁলোকৰ সংখ্যা পৰ্য্যাপ্ত নাছিল, কিন্তু আমাৰ নিজৰেই দেশৰ কিছু সংখ্যক লোকে আমাৰ দেশৰ লোকক অত্যাচাৰ আৰু লুটপাত কৰিবলৈ তেওঁ লোকক সহায় কৰিছিল ।ভাবিলে আচৰিত লাগে আমাৰে মানুহে ব্ৰিটিছৰ তলত সৈনিক হিচাপে ভৰ্তি হৈ আমাৰ নিজৰ মানুহক এদিন অত্যাচাৰ কৰিছিল। চন্দ্ৰশেখৰ,বিস্মিলাৰ দৰে কিছুসংখ্যক লোকক সেই সময়ত সমাজত হেয় দৃষ্টিৰে চাইছিল আৰু আজি সেই নপুংসক সমাজৰ কেইজনমান মানুহে নিজৰ কাপুৰুষালিৰ ইতিহাস লুকুৱাই ৰাখি মিছা অহংকাৰ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আহিছে।আৰবৰ মৰুভূমিৰ পৰা অহা কিছু সংখ্যক ক্ষুধার্ত, অজ্ঞ, আক্রমকাৰীয়ে আহি‌ যেতিয়া আমাৰ মানুহক মাৰধৰ, ধর্ষণ হত্যা লুন্ঠন কৰিছিল, আমি সিহঁতক প্ৰতিহত কৰিবলৈ ব্যর্থ হৈছিলোঁ।আমাৰ মঠ-মন্দিৰ বিলাক যেতিয়া‌ ধ্বংস কৰা হৈছিল ,আমাৰ বাই ভনী যেতিয়া ধর্ষিত হৈছিল, আপুনি মই কি কৰিছিলোঁ।আমাৰ ভুমিকা কি আছিল ? আমাৰ বিবাহ
অনুষ্ঠান বিলাকত সিহঁতে দিনত লুটপাত কৰে বাবে আমি বিবাহ অনুষ্ঠান ৰাতি মনে মনে পাতিবলৈ আৰম্ভ কৰিলোঁ,বিবাহ উপযোগী কন্যাক সিহঁতে জোৰ জৱৰদষ্টি উঠাই লৈ যায় বাবে বাল্য বিবাহ অনুষ্ঠিত কৰিবলৈ ল’লো আৰু যদি সেয়া কৰিবলৈ অসমৰ্থ, তেনে কন্যা সন্তান জন্ম হোৱাৰ লগে লগে হত্যা কৰিলোঁ।নিজৰ সতীত্ব ৰক্ষা কৰিবলৈ কিমান হিন্দু নাৰীয়ে জৌহৰ/সতীদাহ দিলে।বেয়া লাগিলেও সেয়া সঁচা আৰু অপ্ৰিয় সত্য। হিন্দুৱে এক হেজাৰ বছৰৰ দুৰ্দশাৰ পৰা একো নিশিকিলে , অথচ আমাৰ জনসংখ্যাৰ এটা অংশই আজিও সেই সকল আৰবীয় অত্যাচাৰিক নিজৰ পূৰ্বপুৰুষ হিচাপে বিশ্বাস কৰি আহিছে।একেই দশা আমাৰ দেশৰ খ্ৰীষ্টান সকলৰ ক্ষেত্ৰত।অৰ্থাৎ আমি স্বাভিমানহীন লোক। স্বাধীনতা লাভ কৰাৰ পিছতো আমাৰ গোলামী মানসিকতা অব্যহত থাকিল,পৰিবৰ্তন নহ’ল। আমি নিজৰ ব্যৰ্থতাৰ কাৰণ জানিবলৈ কোনো ধৰণৰ মন্ঠনেই কৰা নাছিলোঁ। আমাৰ ওপৰত যেতিয়া আক্ৰমণ চলিছিল , আমাৰ গৰিষ্ঠসংখ্যকে ভাবিছিল যুদ্ধলৈ,ৰাজ্যলৈ ,ৰজালৈ তেওঁৰ কোনো মতলব নাই।সেয়া ক্ষত্ৰিয়ৰ কাম।কিবা কৰিবলৈ মন থাকিলে কৰক নহ’লে নাই।আৰু সেই মানসিকতাৰ বাবে মুছলিম আক্ৰমণ কাৰীয়ে ১৩ বাৰ সহজতে সোমনাথ মন্দিৰ আক্ৰমণ কৰি লুট কৰি ধ্বংস কৰিছিল। ৰাজস্থান ক্ষেত্ৰ বাদ দি সমস্ত ভাৰতত হিন্দু ধৰাশায়ী হোৱাৰ এইটোৱেই একমাত্ৰ কাৰণ আছিল । ৰাজস্থানত ক্ষত্ৰিয়ৰ জনসংখ্যা অধিক হোৱাৰ বাবে মুছলিমৰ আক্ৰমণ অসফল কৰিবলৈ সক্ষম‌ আছিল।মহাৰাজা ৰাণা প্ৰতাপ সিংহ,বাপ্পা ৰাৱালৰ কাহিনী নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ইয়াৰ বাহিৰেও মাৰাঠী বীৰ ছত্ৰপতি শিৱাজী মহাৰাজৰ কথা সকলোৱে জানে। তেওঁৰে নাতি পেছোৱা বাজীৰাৱ যি একেলগে ৪১খন যুদ্ধত জয়ী হবলৈ সক্ষম হৈছিল।

আজি ইজৰাইলৰ নিচিনা চাৰিওফালে শত্ৰু দেশে ঘেৰি ৰখা এখন দেশ সুৰক্ষিত ,কিয়নো সেই দেশৰ প্ৰত্যেক গৰাকী নাগৰিকে নিজৰ দেশৰ ধৰ্ম আৰু সুৰক্ষাৰ দায়িত্ব মূৰ পাতি লৈছে।কিন্তু আমি এই দায়িত্ব কেৱল সেনাৰহে বুলি এৰাই চলিছো।আমি যুদ্ধকালীন অৱস্থাতো পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ কোনো যোজনা বা ব্যবস্থাৰ কথা চিন্তা কৰা নাই।ডাঃ আম্বেদকাৰ জীৰ সেই বক্তব্যই আমাক
চিন্তা কৰিবলৈ বাধ্য কৰে-
“যদি যুদ্ধত, সমাজৰ এক বৃহৎ অংশ আঁতৰি নাথাকিলে হয় ,ভাৰতৰ মানুহক কেতিয়াও দাস কৰিব নোৱাৰিলে হয়!”যদি সম্পূৰ্ণ হিন্দু সমাজে এক হৈ যুদ্ধ কৰিলেহেঁতেন
আমাক কোনোবাই পৰাধীন কৰিব পাৰিলে হেঁতেন নে?আৰু সেয়েহে ১০০০ বছৰৰ দুৰ্ভাগ্য ই আমাক আজিও লগ এৰা নাই।আদৰণীয় অটল বিহাৰী বাজপেয়ীজীয়ে কৈছিল – “এখন যুদ্ধত বিজয়ী হৈ যেতিয়া১০০০ইংৰাজ সৈন্যই বিজয় শোভাযাত্ৰা উলিয়াইছিল পথৰ দুয়োকাষে ২০০০০ ভাৰতীয় সেয়া চাবলৈ গোট খাইছিল।সেই ২০০০০ ভাৰতীয়ই যদি প্ৰত্যেকে একোটাকৈ শিলগুটি বা কণীও মাৰিলে হয় , ইংৰাজ সৈনিকে পলাবলৈ ৰাস্তা নাপালে হয়।কিন্তু তেওঁলোকে মাত্ৰ নীৰৱ দৰ্শক আছিল।”

বৰ্তমান অলপ সজাগতা বৃদ্ধি পাইছে যদিও আজিও বিশেষ একো পৰিবর্তন পৰিলক্ষিত হোৱা নাই।মোগল আৰু বৃটিছৰ স্থলাভিষিক্তৰ পাছত নির্দিষ্ট কিছু লোকৰ স্থান লৈছে বামপন্থী/ধর্ম নিৰপেক্ষতাবাদী একাংশই।ইয়াৰ উপৰি বিপদজ্জনক বিশ্বাসঘাতক কিছু ৰাজনৈতিক দলৰ জন্ম হৈছে। কিন্তু সকলোতকৈ বিড়ম্বনাৰ কথা হ’ল,হিন্দু এতিয়াও বিভক্ত। ১০০ কোটি জনসংখ্যাৰ হৈয়ো তেওঁলোক নীৰব দর্শক।