মই জগদীশ হালৈক চিনি পাও

425
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


জগদীশ হালৈৰ লগত মোৰ প্ৰথম দেখা হৈছিল ২০১৬ চনত। দেখাত খুব শান্ত মানুহজনে পুত্র ঋষিকেশক গুৱাহাটীৰ এটা থেৰাপী চেন্টাৰলৈ লৈ আহিছিল। আমি একে নলবেৰীয়া হোৱা সুত্রে কিছু সময় কথা পাতিছিলো। ঋষিকেশ আছিল বিশেষ ভাবে সক্ষম। সেই থেৰাপি চেন্টাৰত থকা ১০০ জনমান শিশুৰ ভিতৰত ঋষিকেশৰ মানসিক অবস্থাই আছিল সকলোতকৈ বেয়া। হঠাৎ লৰাজন খুব উগ্ৰ হৈ পৰে। কাষত থকা যিকোনো মানুহকে আক্ৰমণ কৰি দিব পাৰে। জগদীশ হালৈ আৰু মাতৃ কবিতা হালৈয়ে আমাক বৰ্ণনা কৰিছিল তেওঁলোকৰ কষ্টৰ কথা। নলবাৰীৰ পৰা আহি গুৱাহাটীত ভাড়াঘৰ লৈছিল লৰাটোৰ থেৰাপীৰ কাৰণে। মাহত ২০ -২৫ হাজাৰ টকা খৰছ কৰিছিল তাৰ থেৰাপিৰ নামত। পিছত গম পাইছিলো তেওঁলোকে লৰাজনৰ চিকিৎসাৰ বাবে দিল্লী, বাংগালোৰ আৰু চেন্নাইলৈকেও গৈছিল। দিল্লীত থাকি আনকি ৩ মাহ থেৰাপি কৰিছিল। কিন্তু ঋষিকেশৰ মানসিক অবস্থাৰ কোনো উন্নতি নহ’ল। দিন যোৱাৰ লগে লগে ঋষিকেশৰ মানসিক অবস্থাৰ আৰু অধিক অবনতি ঘটিল।

নিজৰ লৰাটোক সাংঘাতিক ভাবে ভাল পোৱা,তাৰ চিকিৎসা-থেৰাপিৰ বাবে ইমান অৰ্থ আৰু সময় খৰছ কৰা মানুহজন কিয় ইমান পৰিবৰ্তন হ’ল? নিজৰ সন্তান আৰু পত্নীক হত্যা কৰিবলৈ জগদীশ হালৈৰ এবাৰো হাতখন নকপিলনে? এয়া এক অবুজ সাথৰ হৈ ৰ’ব মোৰ বাবে।