যোগগুৰু শিৱানন্দ

562

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


১২৬ বছৰীয়া যোগগুৰু শিৱানন্দই অৰ্জন কৰিলে পদ্মশ্ৰী পুৰষ্কাৰ। পুৰষ্কাৰটো ডাঙৰ কথা নহয়, ডাঙৰ বিষয়টো হ’ল ইমান দীঘলীয়া সময় সুস্থ-সবল হৈ জীয়াই থকা কোন এই স্বামী শিৱানন্দ ? নিয়ম মাফিক শৰীৰ চর্চা/যোগাসন কৰিও ১০০ বছৰ বাঁচি থকাটো টান। ইয়াৰ ব্যতিক্রম যোগগুৰু বাবা শিৱানন্দ। তেখেতৰ বর্তমান বয়সৰ বিষয়টো মানুহে বিশ্বাস নকৰে ! অল্পাহারী যোগগুৰু শিৱানন্দই ইতিমধ্যেই ১২৬ বছৰ অতিক্রম কৰিছে ! সামান্যতম আহাৰ, নিৰবিচ্ছিন্ন যোগাসন, মানবসেৱা আৰু উদ্বেগহীন সাত্ত্বিক সৰল জীবন যাপনৰ মাজেৰে এটা নিদর্শন ডাঙি ধৰিছে তেঁও । ইয়াৰ স্বীকৃতিত পদ্মশ্রী সম্মান দিয়া হ’ল তেখেতক । প্রকৃততে ইয়াতকৈ ডাঙৰ সম্মানৰ যোগ্য তেঁও।পুৰষ্কাৰটো ইসু নহয় এতিয়া।
   সোমবাৰে ৰাষ্ট্রপতি ভৱনত আয়োজিত অনুষ্ঠানত স্বভাবসিদ্ধ বিনয়ী অনুভূতিৰে ৰাষ্ট্রপতি, প্রধানমন্ত্রী তথা ৰাষ্ট্রকর্তা সকলৰ প্ৰতি প্রনাম নিবেদন কৰে তেঁও। দৃশ্যটো সনাতন ভাৰতৰ সাত্ত্বিক নিদর্শনৰ প্ৰতীক। ১৮৯৬ চনৰ ৮ আগস্ট তৎকালীন অবিভক্ত ব্ৰিটিছ ভাৰতৰ ছিলেট (বৰ্তমান বাংলাদেশ) জিলাত শিৱানন্দৰ জন্ম হৈছিল এটা অতি দৰিদ্ৰ পৰিয়ালত। ৬ বছৰ বয়সত পিতৃমাতৃহীন হয় তেঁও। পৰবর্তী কালত বৰ্তমান পশ্চিমবঙ্গৰ নবদ্বীপত এটা আশ্রমত আহি যোগ আৰু আধ্যাত্মিক জ্ঞান অর্জন কৰিব ধৰে। পিছত ইয়াৰ আশ্রমৰ পৰা বেনাৰচলৈ যায় সাধু শিৱানন্দ। মাজত প্রায় অর্ধ শতাব্দী দৰিদ্র সেবাত আত্ম উৎসর্গ কৰে তেখেতে। বহু বছৰ পুৰীত কেইবাশও কুষ্ঠৰোগীৰ সেবা কৰে। এনে ধৰণৰ সেবামূলক কাজকর্মৰ মাজতেই গোটেই ভাৰত ভ্রমণ কৰে এই বিৰল প্রকৃতিৰ মানুহজন।