শিক্ষামন্ত্রীৰ স্কুটী; ছাত্রীৰ মতি-গতি

1428
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


চৰকাৰে অক্টোবৰৰ ভিতৰত ২২ হাজাৰ স্কুটী বিতৰণ কৰিব। নিৰ্বাচনৰ আগে আগে চৰকাৰৰ এই সিদ্ধান্তই ২০২০ত ১ম বিভাগত উত্তীৰ্ণ হোৱা ছাত্রীৰ মনত আনন্দৰ জোৱাৰ তুলিছে যদিও ২০১৮ আৰু ২০১৯ৰ ছাত্রী বিলাকৰ মনত যথেষ্ট দুখ দিছে। এয়া খুব স্বাভাবিক। নিউজ চেনেল বিলাকেও জ্বলা জুইত ঘিউ ধালিছে। পঢ়া শুনা কৰাৰ সলনি ছাত্রীবোৰ নিউজ চেনেলৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিছে।
চৰকাৰৰ স্কুটী দিয়াৰ সিদ্ধান্ত এক চমক সৃষ্টিৰ বাহিৰে একো নহয়। স্কুটী দিয়াৰ সলনি ছাত্র- ছাত্রী সকলৰ বাবে বিকল্প আচনি তৈয়াৰ কৰাৰ প্ৰয়োজন আছিল। চৰকাৰে স্কুটীৰ বাবদ ১০০ কৌটিকৈও অধিক ধন ব্যয় কৰিব। এই ধন খিনি আমি দিয়া কৰৰ পৰাই আহিব। সেয়েহে অযথা খৰছ কৰিলে আমিও মনত বেজাৰ পাও। অসমৰ পৰা আই.আই.টি, আই.আই.এম, আই.এ.এছৰ পৰীক্ষাত নিৰ্বাচিত হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা তেনেই নগণ্য। এই টকাখিনিৰে ছাত্র-ছাত্রী সকলৰ বাবে উন্নতমানৰ বিনামূলীয়া কোচিং চেন্টাৰ খুলিবপৰা গ’লহেতেন। মানব সম্পদ গঢ়াত এই পদক্ষেপটো সহায়ক হ’লহেতেন। অসমৰ ভবিষ্যতৰ বাবে জৰুৰী কিছুমান ভাল অভিযন্ত্রা, বিজনেছ মাষ্টাৰ আৰু প্ৰশাসনিক বিষয়া। অকল ছাত্রীসকলক স্কুটী দি চৰকাৰে ছাত্রসকলৰ প্ৰতি বৈষম্য কৰিছে। দুখীয়া ঘৰৰ ছাত্রসকলকো চৰকাৰৰ সাহায্যৰ প্ৰয়োজন। উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা দুখীয়া ঘৰৰ সকলো ছাত্র-ছাত্রীকে মাহে ২ হেজাৰ টকাকৈ ৩ বছৰৰ বাবে আগবঢ়ালে তেওঁলোকে কিছু সকাহ পালেহেতেন। এই টকাখিনি  কৌশল বিকাশৰ বাবে ব্যবহাৰ কৰিলেও বহু যুবক যুবতীৰ চাকৰিৰ বাবে সহায়ক হ’লহেতেন। কিন্তু তাকে নকৰি নিৰ্বাচনী চমকৰ বাবে স্কুটী এখন দি চৰকাৰে ছাত্রীসকলৰ ক্ষতিহে কৰিছে। পঢ়া শুনা কৰাৰ সলনি স্কুটীলৈ ঘূৰি ফুৰিলে পিছত মাক-দেউতাকে চৰকাৰকে দোষ দিব।