ইউক্ৰেইনৰ পৰা অহা ডাক্তৰ সকলৰ ভবিষ্যত

806
  • ৰূপেশ কুমাৰ সিং

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ৰাজনীতি অসমৰ যোৱা খণ্ডত আমি ইউক্ৰেইনৰ পৰা অহা ডাক্তৰ সকলৰ ওপৰত এটা লেখ লেখিছিলো। আমাৰ এই লেখাটোৱে ব্যাপক চৰ্চা লাভ কৰিছিল। বহুতে আমাৰ সপক্ষে-বিপক্ষে মন্তব্য দিছিল। ভাৰতত সংৰক্ষণ ব্যৱস্থাৰ বাবে বাহিৰৰ দেশত গৈ মেডিকেল পঢ়িব লগা হয় বুলিও কিছুমানে মন্তব্য দিছে। বাহিৰত পঢ়া ডাক্তৰ সকলৰ বাবে আমি আৰু কিছু তথ্য যুগুত কৰিছো যি পাঠকৰ বাবে আগবঢ়াব বিচাৰিছো।
মেডিকেলে প্ৰবেশ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে ডাক্তৰ হ’ব বিচৰা ছাত্র সকলৰ সন্মুখত দুটা বিকল্প থাকে। প্ৰথমটো হ’ল ভাৰতৰ ব্যক্তিগত মেডিকেল কলেজত পঢ়া যাৰ বাবে খৰছ হয় প্ৰায় ‍১ কৌটি টকা। আনটো বিকল্প হ’ল ইউক্ৰেইনৰ দৰে দেশ যত পঢ়িলে মুঠ খৰছ প্ৰায় ২০ লাখ মান হয়। যিকোনো মধ্যবৃত্ত ঘৰৰ লৰা যেনে স্কুলৰ শিক্ষক ,অধ্যাপক, চৰকাৰী কৰ্মচাৰীয়ে অলপ চেষ্টা কৰি নিজৰ লৰাজনত ইউক্ৰেইন আদি দেশত পঠাব পাৰে। যুদ্ধৰ সময়ত অসমলৈ ঘূৰি অহা বেছিভাগ লৰা-ছোৱালী মধ্যবৃত্ত শ্ৰেণীৰ। ইউক্ৰেনৰ উপৰিও ৰাছিয়া, চাইনা আৰু ফিলিপিন্সত ভাৰতৰ পৰা মেডিকেল পঢ়িবলৈ যায়। এই সকলোকেইখন দেশৰ পৰাই এম.বি.বি.এছ ডিগ্ৰী লোৱা সকলে ভাৰতত পৰীক্ষা দিব লাগে নহ’লে তেওঁলোকে ইয়াত প্ৰেকটিছ কৰিব নোৱাৰে। ইংলেণ্ড আৰু আমেৰিকালৈ কিছু ধনী ঘৰৰ লৰা-ছোৱালী অত্যাধিক ফিজ দি পঢ়িবলৈ যায়। এই দুখন দেশৰ পৰা পঢ়ি আহিলে ভাৰতত পৰীক্ষা দিয়াৰ প্ৰয়োজন নাই। ইউক্ৰেইন আদি দেশৰ পৰা পঢ়ি অহা ডাক্তৰ সকলৰ প্ৰায় ৯০% ই ভাৰতত আই.চি.এম.আৰৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে। ফলত তেওঁলোকে ইনচিউৰেন্স কোম্পানী আদিত সৰু সুৰা চাকৰি কৰি জীৱন নিৰ্বাহ কৰে। এতিয়া প্ৰশ্ন হয় আধাতে পঢ়া সমাপ্ত কৰি ইউক্ৰেইনৰ পৰা অহা ছাত্র- ছাত্রী সকলৰ কি হ’ব? আমাৰ মতে এওঁলোকক মানবীয়তাৰ দৃষ্টিৰে চাব লাগে। এওঁলোকৰ প্ৰায়ভাগে সাধাৰণ ঘৰৰ পৰা অহা। তেলেংগানা চৰকাৰে এনে শিক্ষাৰ্থীৰ দায়িত্ব লৈছে। অসম চৰকাৰেও তেওঁলোকক সুযোগ দিয়া উচিত। যদি তেওঁলোকে এতিয়ালৈকে নিজৰ পঢ়াখিনি সুকলমে সম্পূৰ্ণ কৰিছে তেন্তে বাকী থকা এক বছৰ বা দুবছৰ অসমৰ মেডিকেল কলেজতে পঢ়াৰ সুযোগ দিব পাৰে। মানবীয় দৃষ্টিৰে চোৱাৰ মানে এয়া নহয় যে অযোগ্যজনৰ হাতত মানুহ মৰাৰ লাইচেনছ তুলি দিব। যোগ্য জনকহে সুবিধা দিব লাগে। যিয়ে ইউক্ৰেইনত এবছৰ বা দুবছৰ পঢ়ি ঘূৰি আহিবলগীয়া হৈছে তেওঁলোকে হয়তো অন্য দেশত চেষ্টা কৰি নিজৰ পঢ়া সমাপ্ত কৰিব পাৰিব।