হু ইজ অজিত ভূঞা? আমি হ’ম মুখ্যমন্ত্রী

1683
  • ৰজত হালৈ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কংগ্ৰেছ -এ.আই.ইউ.দি.এফৰ সমৰ্থনত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত অজিত কুমাৰ ভূঞাৰ আশে-পাশে থকা মানুহখিনিয়ে লাভ কৰিছিল ৰাজনৈতিক অক্সিজেন। তেওঁলোকে নিজকে অসমৰ ভাগ্য বিধাতা বুলি ভাবিবলৈ আৰম্ভ কৰিছিল। জন্ম পাইছিল আঞ্চলিক গণ মৰ্চা। উদ্দেশ্য আছিল সকলো বিজেপি বিৰোধী শক্তিক একলগ কৰা। কিন্তু দেখা গ’ল যে বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰাত ইঞ্চিমানো সাফল্য তেওঁলোকে লাভ কৰা নাই। কংগ্ৰেছ , আছু, কৃষক মুক্তি, আজমল কোনেও তেওঁলোকক গুৰুত্ব দিয়া নাই। মীৰা বৰঠাকুৰে টি.ভি চেনেলত আহি নিজৰ টেটু ফালিলে। বাইদেউ জনীয়ে সকলোকে বুজাবলৈ অপ্ৰাণ চেষ্টা কৰিছে_ বিজেপি শক্তিশালী দল; অকলে নোৱাৰিব; আমাৰ লগত আহক। কিন্তু কোনোৱে শুনিব নোখোজে। আঞ্চলিক গণ মৰ্চা গৈ হাঁহিয়াতৰ মৰ্চা হৈছে।
অজিত ভূঞাক কোনে দায়িত্ব দিছিল?
অজিত কুমাৰ ভূঞা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল এটা বিশেষ অংকত। যিহেতু কংগ্ৰেছ আৰু আজমলক এজন নিৰপেক্ষ আৰু গ্ৰহণযোগ্য ব্যক্তি লাগে সেয়েহে তেওঁলোকে সমৰ্থন কৰিছিল ভূঞাক। ভূঞাৰ পৰা আশা কৰা হৈছিল তেওঁ যাতে সংসদলৈ গৈ কা তথা বিজেপিৰ বিৰুদ্ধে মাত মাতে। কিন্তু অজিত ভূঞাই চিন্তা কৰিলে বহু উপৰত। এখন মঞ্চ গঠন কৰি সকলো বিজেপি বিৰোধীক লগ লগাব। যত থাকিব কংগ্ৰেছ , আজমল, আছু, যুৱ ছাত্র, কৃষক মুক্তিকে প্ৰমুখ্যে সকলো সৰু বৰ ৰাজনৈতিক দল। সকলোৰে boss হ’ব অজিত ভূঞা। অজিত ভূঞাই পাহৰি গ’ল যি কংগ্ৰেছৰ ভিতৰতে সকলোৱে ৰিপুন বৰাক নামানে। আছে ৪-৫ টা গোট। আছু আৰু অখিলে পৰস্পৰৰ চকুলৈ নাচায়। তেনে পৰিস্থিতিত কেনেকৈ সকলোৱে অজিত ভূঞাৰ অধীনত কাম কৰিব? আৰ.এছ.এছ- বিজেপিৰ আৰ্হিত অজিত ভূঞাৰো মন আছিল গণমৰ্চাৰ অন্তৰ্গত দলবিলাকক নিজৰ নিয়ন্ত্ৰণত অনা। কিন্তু সকলোৰে চকু মুখ্যমন্ত্রীৰ চকীখনলৈ। মৃগাংক নাথ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ আদিকে ধৰি বহুতো মুখ্যমন্ত্রীৰ দাবীদাৰ। কিয় এওলোকে অজিত ভূঞাৰ বশ্যতা স্বীকাৰ কৰিব? আৰ.এছ.এছৰ নিজৰ সংগঠন আছে দেশৰ প্ৰায় প্ৰতিখন জিলাত। এওঁলোকে বিজেপিৰ জয়ত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিজেপিৰ নেতা সকল মোহন ভাগবতৰ কথা শুনিবলৈ বাধ্য। অজিত ভূঞাৰ অসমত কোনো সংগঠন নাই। গণমৰ্চা নিৰ্ভৰশীল হ’ব লাগিব আছুৰ কেডাৰৰ ওপৰত। গতিকে নিয়ন্ত্রণ ভূঞাৰ হাতত এৰি দিয়াৰ প্ৰশ্নই নুঠে। সময় বাগৰাৰ লগে লগে অজিত ভূঞাৰ গণমঞ্চ পৰিণত হৈছে কাগজৰ হাতীলৈ। এই মঞ্চখন নিৰ্বাচনৰ আগতে ভঙা যায় নে পিছত সেয়া দুমাহমানৰ ভিতৰত গম পোৱা যাব।