ৰাজনীতিৰ বুলেট খবৰ: ডিচেম্বৰ ২০১৮

1747
  • কেন্দ্ৰীয় মন্ত্রী তথা বেংগালোৰ দক্ষিণ লোকসভাৰ বিজেপি সাংসদ অনন্ত কুমাৰৰ যোৱা ১২ নবেম্বৰ ২০১৮ তাৰিখে কেন্সাৰৰ লগত হাৰ মানি  মৃত্যু হয়। ৫৮ বছৰীয়া কুমাৰ ৬ বাৰ একেৰাহে সাংসদ নিৰ্বাচিত হৈছিল। ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা কুমাৰ বাজপেয়ী কেবিনেটৰ সকলোতকৈ কনিষ্ঠ সদস্য আছিল। কুমাৰৰ মৃত্যু বিজেপিৰ বাবে এক ডাঙৰ ক্ষতি।
  • কৰ্ণাটকৰ উপনিৰ্বাচনৰ দুখ লোকসভা আসনৰ এখনত কংগ্ৰেছ আৰু এখনত বিজেপি জয়ী হয়। বেল্লাৰী লোকসভা আসনখন কংগ্ৰেছে বিজেপিৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হয়।
  • বৈদিশিক পৰিক্ৰমা মন্ত্রী সুষমা স্বৰাজে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে। মধ্যপ্ৰদেশৰ বিদিশা লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা স্বৰাজে স্বাস্হ্যজনিত কাৰণত এই সিদ্ধান্ত লোৱা বুলি সদৰি কৰিছে।
  • মুছলমানসকলৰ ভোট কংগ্ৰেছৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈ থকা অবস্হাত ৰেকৰ্ডি কৰা কমল নাথৰ এটা ভিডিঅ ভাইৰেল হৈছে। মধ্যপ্ৰদেশ নিৰ্বাচনৰ ফলাফলত ই কি প্ৰভাব পেলায় সেয়া লক্ষনীয় হ’ব।
  • উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে হনুমানক দলিত বুলি অভিহিত কৰি বহুতো দল সংগঠনৰ ৰোষত পৰিছে।
  • প্ৰাক্তন ৰেল মন্ত্রী আৰু বৰিষ্ঠ কংগ্ৰেছ নেতা চি. কে জাফৰ শ্বৰিফৰ  যোৱা ২৫ নভেম্বৰত বাংগালোৰৰ ফৰটিছ হাস্পতালত মৃত্যু হয়।
  • প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোত সিং সিদ্ধু পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। মুখ্যমন্ত্রী অমৰিন্দৰ সিং এ বাধা দিয়াৰ পিছতো তেওঁ পাকিস্হানৰ কৰটাৰপুৰলৈ যাত্রা কৰে।
  • তেলেংগানাৰ নিৰ্বাচনী সভাত একেখন মঞ্চতে দেখা যায় ৰাহুল গান্ধী আৰু চন্দ্ৰবাবু নাইডুক। বছৰ বছৰ ধৰি কংগ্ৰেছ বিৰোধী ৰাজনীতি কৰা টিডিপিক সময়ে কংগ্ৰেছৰ লগ লাগিবলৈ বাধ্য কৰালে।
  • যোৱা মাহত মধ্যপ্ৰদেশ , মিজোৰাম আৰু চত্তিছগড় বিধানসভাৰ নিৰ্বাচন অনুস্হিত হয়। মধ্যপ্ৰদেশত ভোটদানৰ হাৰ বৃদ্ধি পায় যদিও চত্তিছগড় আৰু মিজোৰামত ই হ্ৰাস পায়। ফলাফল প্ৰকাশ পাব ৯ ডিচেম্বৰ তাৰিখে।
  • বৰ্তমান অসমত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। এতিয়ালৈকে ৰাইজৰ সকলোতকৈ বেছি হাত তালি বাজিছে হিমন্ত বিশ্ব শৰ্মাৰ এই পাঞ্চটোত ” কংগ্ৰেছ আৰু অগপ যদি ভাই ভাই তেন্তে তেওঁলোকৰ মাক দেউতাক বদৰুদ্দিন আজমল নেকি?”
  • জন্মু কাশ্মীৰৰ বিধানসভা ভংগ কৰি দিয়া হয়। পিডিপি আৰু নেচনেল কনফাৰেন্স মিলি তাত চৰকাৰ বনোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল।
  • দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱালক এজন ব্যক্তিয়ে জলকীয়া গুৰী নিক্ষেপ কৰে। ইয়াৰ দাৰা কেজৰীৱালৰ শাৰিৰীক ক্ষতি নহলেও তেওঁ কেন্দ্ৰীয় চৰকাৰক ইয়াৰ বাবে ক্ষুৰধাৰ সমালোচনা কৰে।
  • হাৰিয়ানাৰ ইণ্ডিয়ান নেচনেল লোক দলৰ বিভাজন ঘটিল। প্ৰাক্তন মুখ্যমন্ত্রী ওম প্ৰকাশ চৌতালাৰ পুত্রই নতুন দল গঠন কৰিছে।
  • বিহাৰত জনতা দল আৰু বিজেপিৰ মাজত ৫০: ৫০ লোকসভাৰ আসন ভাগ বতৰা হোৱাৰ পিছত চাপত পৰিছে ৰামবিলাস পাছোৱানৰ লোক জনশক্তি পাৰ্টী। সন্মানজনক আসন নাপালে এন ডি এৰ পৰা ওলাই অহাৰো চিন্তা চৰ্চা কৰিছে দলটোৱে।
  • ১১ ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিবেশন আৰক্ষী হ’ব। এই অধিবেশনত ত্ৰিপল তালাক, নাগৰিকত্ব সংশোধনী বিধেয়ক আদি অনেক গুৰুত্বপূৰ্ণ বিধেয়কৰ ওঁপৰত আলোচনা হোৱাৰ সম্ভাবনা আছে।
  • চবৰিমালাক লৈ মুখ খুলিলে কেৰেলাৰ মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নে। চবৰিমালাক অযোধ্যা হবলৈ দিয়া ন’হব বুলি তেওঁ সকিয়াই দিয়ে।
  • কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন বিলাকত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিছে। মুলতঃ দেশৰ অৰ্থনৈতিক অবস্হাৰ অবনতি হোৱা বুলি কৈ মোডী চৰকাৰক তাৰ বাবে দোষাৰোপ কৰে।
  • ৰাম মন্দিৰ নিৰ্মানত বিলম্ব হোৱাৰ বাবে কংগ্ৰেছ জগৰীয়া ..এই ভাষ্য ভাৰতৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডীৰ। এখন নিৰ্বাচনী সভাত তেখেতে কংগ্ৰেছে ন্যায়ালৰ ওঁপৰত হেচা প্ৰয়োগ কৰা বুলি অভিযোগ কৰিছে।