মহানগৰীৰ ইটো সিটো

1508
  • ৰিতু তালুকদাৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


(১)
ডাউন টাউন হাস্পতালৰ কাষৰ এটা পেট্ৰল ডিপো। লাইনত চাৰিখন মান গাড়ী। লক্ষ কৰিলো টকাৰ মিটাৰটো পেট্ৰল দিয়া ঠাইখিনিৰ পৰা ৫০ মিটাৰমান দূৰত। অন্য পেট্ৰল ডিপোতকৈ অলপ বেলেগ। পেট্ৰল ভৰাব লগা ঠাইখিনি আহি পোৱাৰ লগে লগে মই ধাকনিখন খুলি গাড়ীৰ পৰা নামি গলো। মোৰ চকু আছিল পেট্ৰলৰ মিটাৰত। লগে লগে তিনিজন মান মানুহ সন্মুখত আহি মোৰ মনোযোগ ভংগ কৰিবলৈ চেষ্টা কৰিলে ।
– ” চাৰ , কেছ নে কাৰ্ড ? “
– ” কাৰ্ড ”
–  ” কাৰ্ড যদি তাত যাব লাগিব  । ”
মোৰ কিন্তু চকু মিটাৰতে আছিল। পেট্ৰল দিয়া ছোৱালীজনীয়ে ১১২ টকাৰ পৰা পেট্ৰল দিয়া আৰম্ভ কৰিলে।
– ” মিটাৰটো জিৰো কৰা নাই কিয়? ”
– ” চাৰ , জিৰোৰ পৰাই দিছো? ”
– ” মোক মূৰ্খ বুলি ভাবিছা নেকি? মইটো চাইয়ে আছো।”
– ” ঠিক আছে ছাৰ , এয়া জিৰো কৰিলো আৰু আৰম্ভ কৰিলো ।”
– ” গ্ৰাহকক ঠগিবলৈ লাজ নালাগে? দৈনিক কিমান মানুহক ঠগোৱা?”

এজন ৩৬ বছৰীয়া ডেকা লৰাক দিন দুপৰতে ঠগিব খোজা এই পেট্ৰল ডিপোটোৱে বয়সীয়াল কিমান ঠগিছে তাৰ হিচাপ নাই। পেট্ৰল ডিপো বিলাকে কিমান তেল দিছে তাৰ শ্লিপ মিটাৰৰ পৰা উলিয়াই গ্ৰাহকক দিয়া ব্যবস্হা কৰিব লাগে। আমি সকলো লোকেও সাবধান হোৱা উচিত। পেট্ৰল লোৱা সময়ত যাতে চকু মিটাৰৰ পৰা আতৰ নহয়।

(২)
দুদিন মান আগত গাড়ীখন শ্ৰীমতীয়ে কৰবাত লৈ গ’ল। মই এঠাইত যাবলগীয়া হোৱাত উবাৰ এখন বুক কৰো বুলি ভাবিলো।
–  ” কাৰ ১৫০ টকা, বাইক ৫০ টকা ।  ”
ভাবিলো প্ৰথমবাৰৰ বাবে বাইক ৰাইদ লৈ চোৱা যাওক। ১০০ টকা ৰাহি হ’ব। ২ মিনিটত বাইক এখন আহিল। লৰাজনে মোৰ পিনে ভালকৈ চালে আৰু ক’লে , ”উঠক।”
– ” তোমালোকৰ বিজনেছ ? ”
– ” ভালেই চাৰ। ভাৰা পাবলৈ ৰখিবলগীয়া নহয়। কিন্তু একেলগে বহুত সময় চলাব নোৱাৰো হাত বিষাই যায়।”
– ” ছোৱালী তোমালোকৰ বাইকত উঠনে ?”
– ” চাৰ , ৭০% ছোৱালী। আজি মই ৫ টা ভাৰা পাইছো তাৰ চাৰিজনীয়ে ছোৱালী ।”
– ” ছোৱালী হ’লে চাগে তোমালোকৰ বেছি ভাল লাগে। ”
–  ” নহয় ছাৰ। লৰা ছোৱলী সব একে আমাৰ মনত কেবল শকত নহ’লে হয়। শকত হ’লে আমাৰ খুব কষ্ট হয়।”
মই ভাবিলো শকত মানুহবিলাকে ক্ষীণাবলৈ আৰু এটা কাৰণ বিচাৰি পাব।