ৰাহুল গান্ধী এগৰাকী গৰম-ঠাণ্ডা অনুভৱ নকৰা ব্যক্তি।

152
  • বুবুল তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


বিজেপি দলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত
মোগলক খেদি ৰামৰাজ্য আৰম্ভ কৰিছে। দেশৰ ক্ষিপ্ৰ উন্নয়ন আৰু অধিক পৰিৱৰ্তনৰ কাৰণে যিকোনো মূল্যৰ বিনিময়ত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্রী নিৰ্বাচিত কৰিব লাগে ৷ নৱগঠিত দৰং-ওদালগুৰি সমষ্টিত ভোটাৰ ৰাইজে পুনৰ বিজেপি দলক বিপুল ভোটত জয়ী কৰোৱাব। আমাৰ প্ৰাৰ্থী যিয়েই নহওক, বিজয় নিশ্চিত। আগন্তুক লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই মঙলদৈ ভেৱাৰঘাটত অৱস্থিত বিজেপিৰ স্থায়ী কার্যালয় চৌহদত দৰং-ওদালগুৰি সমষ্টিৰ মুখ্য নির্বাচনী কার্যালয়
মুকলি কৰি এই ভাষ্য আগবঢ়ায় অসম চৰকাৰৰ কেবিনেট মন্ত্রী শ্ৰী জয়ন্ত মল্লবৰুৱাই। মন্ত্ৰী বৰুৱাই ইণ্ডি গোট বন্ধনক
কঠোৰ সমালোচনা কৰি কয় যে ইণ্ডি এলায়েঞ্চ হৈছে এক পৰিয়ালতান্ত্রিক গোট বন্ধন, দুর্নীতিত জেল যোৱাৰ ভয়তহে একত্ৰিত হৈছে। ৰাহুল গান্ধী এগৰাকী গৰম-ঠাণ্ডা অনুভৱ নকৰা ব্যক্তি। তেওঁ ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাক বিশ্বাস নকৰে। এনে এলায়েঞ্চে আগন্তুক নির্বাচনত মুখথেকেচা খোৱাটো নিশ্চিত। ৫ শতাধিক নেতা-কর্মী উপস্থিত থকা সভাত মঙলদৈ লোকসভা সমষ্টিৰ নাম সলনি কৰি দৰং-ওদালগুৰি কৰিলেও সমষ্টিটোত বিজেপি দলেই পুনৰ জয়লাভ কৰিব বুলি মন্ত্ৰী বৰুৱাই অভয় প্ৰদান কৰি কয়— দৰং-ওদালগুৰিৰ ভোটাৰ ৰাইজে কোনো কাৰণতে মিঞা সাংসদ নিবিচাৰে। তেওঁ দাবী কৰে যে কেৱল দৰং-ওদালগুৰিতে নহয়, আগন্তুক নির্বাচনত বিজেপি মিত্ৰজোঁটে বৰপেটা, ধুবুৰীসহ অসমৰ ১৪টা লোকসভা সমষ্টিতে জয়ী হৈ অভিলেখ ৰচনা কৰিব। সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত সাংসদ দিলীপ শইকীয়াক কাষত লৈ পুনৰবাৰ মন্ত্ৰী বৰুৱাই কয়— দৰং-ওদালগুৰিত প্ৰাৰ্থী কোন হয়, সেয়া দলে চাব। কিন্তু ৰামৰ ভক্তৰ লেখীয়া আমি হনুমান সদৃশ কার্যকর্তাসকলে বিজেপিকে জয়ী কৰোৱাম, সেয়া হাজাৰ শতাংশ নিশ্চিত ।