Wednesday, May 1, 2024
Home Blog Page 54

জনতাই জৱাব বিচাৰিব একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা

  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


শিক্ষা  আৰু স্বাস্থ্য এই দুটাৰ বিভাগৰ কাম কাজৰ ওপৰত নিৰ্ভৰ কৰে এটা অঞ্চল বা এখন ৰাজ্যৰ ভৱিষ্যত । বিগত প্ৰায়  এটা দশকৰ সৰহ সংখ্যক সময় এই দুটা বিভাগৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা । আজি যিসকল ব্যক্তিৰ বয়স ৭০ বছৰ তেখেত সকলে স্কুলত থাকোতে পঢ়িছিল যে অসমৰ চিকিৎসা মহাবিদ্যালয় তিনিখন আৰু এইখিনি মানুহৰ সন্তান যাৰ বয়স হয়টো ৪০ -৪৫ বছৰ হব তেওঁলোকেও স্কুলত পঢ়িছিল অসমৰ চিকিৎসা মহাবিদ্যালয় তিনিখন । আজি যিসকল যুবকৰ বয়স ২৫ -৩০ বছৰ তেওঁলোকেও লেখিছিল যে অসমৰ চিকিৎসা মহাবিদ্যালয় তিনিখন । এতিয়া যদি আমি ক্লাচ চেভেন বা চিক্সৰ ছাত্ৰ এজনক অসমৰ মেডিকেল কলেজ কেইখনৰ নাম সোধা যায় তেন্তে ছাত্ৰ জনে সহজে উত্তৰটো দিব নোৱাৰে । ছাত্ৰ এজনৰ কথা যেনিবা বাদেই দিলোঁ , অসাধাৰণ সাংবাদিক এজনেও  হয়টো কব নোৱাৰিব । যিখিনি সময়ত নতুন নতুন হস্পিতল বনাই থকা হৈছিল তেতিয়া বাওঁপন্থীৰ ভেশচনকাৰী মৌলবাদী চৰিত্ৰৰ ব্যক্তি আৰু সংগঠনে এই নিৰ্মাণকাৰ্য্যক দালালি আখ্যা দিছিল । ডাক্তৰ নাথাকিলে হস্পিতল বনাই কি লাভ হব প্ৰশ্ন কৰিছিল । হয়টো তেওঁলোকে ভাবিছিল যে মাদ্ৰাছা শিক্ষাৰ পৰাই ডাক্তৰ জন্ম হব । যোৱা দহ বছৰত অসমত ভালে কেইখন নতুন হস্পিতল বনোৱা হ’ল আৰু তাৰেই ফলশ্ৰুতিত আজি কভিদৰ সময়ত হস্পিতল সমুহ ত্ৰাণকৰ্তা হিচাপে দেখা দিছে । যোৱা বছৰ কভিদৰ সময়ত একাংশ বাওঁপন্থী বুদ্ধিজীবী আৰু তবলিগি জামাত সমৰ্থক শিক্ষাবিদ আৰু বিশেষকৈ এজন ডাক্তৰ ( সত্যকাম ফুকন) এ কভিদ নিয়ন্ত্ৰণৰ নামত বিজেপি চৰকাৰে নাটক কৰা বুলি সমালোচনা কৰিছিল । ঘৰত থাকিলেই বেমাৰ ভাল হৈ যায় , কিন্তু হিমন্ত বিশ্ব শৰ্মাই অজথা আইচোলেচন চেন্টাৰ আৰু কভিদ হস্পিতল বনাই ৰাজ কোষ উদং কৰিছে বুলি কটাক্ষ কৰা সেই চাম ব্যক্তি এতিয়া পুনৰ চৰকাৰৰ সমালোচনাত মুখৰ । এইবাৰ তেওঁলোকে কৈছে যে ঘৰত কিয় মানুহক ৰখা হৈছে ?  মুল বিষয়টো আচলতে কভিদ নহয় । মুল বিষয়টো হৈছে বিজেপি অস্পৃশ্য তেওঁলোকৰ কাৰণে । শংকৰ- মাধবৰ মাধবক কাটি নি শংকৰ -আজান কৰি তেওঁলোক ক্ষান্ত হৈ থাকিব পৰা নাই । শংকৰৰ ঠাইত চান্দ খাঁক বহুৱাই চান্দ খাঁ- আজানৰ দেশ কৰাৰ নিপুন পৰিকল্পনাক হিমন্ত বিশ্ব শৰ্মাই পানী কৰা বাবেই গণ্ডগোল । বৰ্তমান চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু আৰু স্বাস্থ্যৰ দায়িত্বত কেশব মহন্ত ।  কিন্তু কথা হ’ল ৫ বছৰ পিছত বিজেপি মিত্ৰজোঁটৰ ভোটাৰে কামৰ খতিয়ান বিচাৰিব মুখ্যমন্ত্ৰীৰ পৰা । ৰাস্তা – ঘাট, হস্পিতল , স্কুল , মথাউৰি সকলোৰে খতিয়ান দিব লাগিব হিমন্ত বিশ্ব শৰ্মাই । পুৰ্বৰ চৰকাৰৰ সময়ত সৰ্বানন্দ সোণোৱালক মানুহে নৈতিকতাৰ জ্ঞান দিয়া শান্ত সৌম্য ব্যক্তি হিচাপে ধাৰণা ৰাখিছিল ।ৰাইজৰ এক্সপেক্টটেচন সোণোৱালৰ প্ৰতি যি আছিল , সেইয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ লগত নিমিলে ।  যোৱা ৫ বছৰতো কেব আন্দোলনেই হওক বা কভিদেই হওক সাংবাদিক আৰু ৰাইজৰ সন্মুখত মন্তব্য ৰাখিছিল হিমন্ত  বিশ্ব শৰ্মাই ।  বংগ ,দিল্লীত কোন স্বাস্থ্য মন্ত্ৰী সেইয়া ভাৰতৰ ১% মানুহৰো জ্ঞাত নহয় । জনতাই চিনি পাই মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালক । অসমতো কোনে স্বাস্থ্যৰ দায়িত্ব লৈছে বা শিক্ষাৰ বা জলসম্পদৰ সেইয়া বিচাৰ্য্য নহয় । জনতাই জৱাব বিচাৰিব হিমন্ত বিশ্ব শৰ্মাৰ পৰা ।

মোদী-শ্বাহে নকৰিলে সেই ভুল

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


‘ৰাজনীতি অসম ‘ এ ধাৰাবাহিক ভাবে প্ৰচাৰ কৰি আছিল যে অসমৰ পৰবৰ্তী মুখ্যমন্ত্রী হ’ব ড° হিমন্ত বিশ্ব শৰ্মা।উক্ত দাবীৰ ভেটি আছিল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি  জনতাৰ আবেগ । অবশেষত ২০ বছৰীয়া প্ৰতীক্ষাৰ অন্ত পৰিল আৰু ৰাজ্যৰ ১৫তম মুখ্যমন্ত্রীৰ পদত শপত ল’লে শৰ্মাই। ২০০১ চনত প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ তেখেত প্ৰায় ২০০৮ চন মানৰ পৰা ৰাজ্যৰ ৰাজনীতিত সবাতোকৈ চৰ্চিত নেতা হিচাপে খ্যাতি লাভ কৰি আহিছে। ২০২১ত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত কেন্দ্ৰীয় নেতৃত্বৰ বাবে এজন নতুন মুখ্যমন্ত্রী বাচনি কৰা কাৰ্য্যটো একেবাৰে সহজ নাছিল। ২০১৩-১৪ চনত শৰ্মাৰ প্ৰতিদ্বন্দ্বী আছিল তিনিবাৰৰ মুখ্যমন্ত্রী তথা অসমৰ বৰ্ষীয়ান নেতা তৰুণ গগৈ।  ৰাজ্যৰ অধিকাংশ বিধায়ক আছিল শৰ্মাৰ লগত। কিন্তু ৰাহুল গান্ধীয়ে সময়ৰ আহ্বান নুশুনিলে।পুত্র গৌৰৱ সাংসদ হোৱাৰ সুযোগতে ৰাহুলৰ ঘনিষ্ঠ হোৱাৰ তেওঁ সুযোগ পাইছিল। সেইটোৱো আছিল তৰুণ গগৈৰ বাবে এদভানটেজ। তাৰ পৰিণতি কি হ’ল আমি সকলোৱে জানো। ২০১৬ত শৰ্মাৰ ৰাজনৈতিক কৌশলৰ ফলতে অসমত প্ৰথম বাৰৰ বাবে বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হ’ল। অমিত শ্বাহৰ ঘৰত যোগদান কৰাৰ দিনাই শৰ্মাই স্পষ্ট কৰিছিল যে ২০১৬ত তেওঁ মুখ্যমন্ত্রী হ’ব নিবিচাৰে। বৰং উত্তৰ পূৰ্বাঞ্চলত সংগঠন বিস্তাৰৰ দায়িত্ব তেওঁক দিব লাগে। উত্তৰ পূৰ্বাঞ্চলত এখনৰ পৰা আনখন ৰাজ্য কংগ্ৰেছ মুক্ত হৈ গৈ থাকিল । ২০২১ নিৰ্বাচনৰ সময়তো হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্রী পতাৰ বাবে দাবী উত্থাপন কৰা নাছিল। তেওঁৰ একমাত্র সংকল্প আছিল যদিহে সোণোৱালক পুনৰ মুখ্যমন্ত্রী পাতে তেন্তে সেই মন্ত্রীসভাৰ তেওঁ সদস্য নহয়। বিজেপি হাইকামাণ্ডে মুখ্যমন্ত্রী নিৰ্বাচনৰ সময়ত চাৰিটা মুল বিষয়ৰ ওপৰত সমীক্ষা কৰিছিল :
১) সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কোনজন অসন্ত্তষ্ট হ’লে দলৰ বেছি ক্ষতি হ’ব?
২) মন্ত্রীসভাত হিমন্ত বিশ্ব নাথাকিলে অকলে সৰ্বানন্দ সোণোৱালৰ বাবে ৰাজ্য চলোৱা সম্ভব নে?
৩) বিজেপিক ভোট দিয়া সকলে কাক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে ?
৪)বিৰোধী দল আৰু বিৰোধী  ভোটাৰে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ নেতৃত্ব লোৱাটো কিয় নিবিচাৰে ?
এই  প্ৰশ্নৰ উত্তৰ পোৱাৰ লগে লগে বাচনি সম্পূৰ্ণ হ’য় অসমৰ নতুন মুখ্যমন্ত্রীৰ। লগে লগে এটা বাৰ্তা যায় বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রী সমূহলৈ। মুখ্যমন্ত্রীৰ আসন কাৰো বাবে স্থায়ী নহয় । আন এটা বাৰ্তা যায় জ্যোতিৰাদিত্য সিন্ধিয়া,  শুভেন্দু অধিকাৰী আদি নেতালৈ । নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিলে অন্য দলৰ পৰা আহিলেও মুখ্যমন্ত্রী হোৱাত বাধা নাই।
অসমৰ ক্ষেত্রত বিজেপি হাইকামসণ্ডৰ এই সিদ্ধান্ত সুদূৰপ্ৰসাৰী। যিকোনো বিৰোধীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা বিজেপিক পৰাভূত কৰাটো হ’ব অত্যন্ত কঠিন কাম।

২০২১ নিৰ্বাচনত কংগ্ৰেছৰ ধনাত্মক দিশ

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


কেইদিনমান আগতে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি কৈছিল যে তেওঁক হেনো দলৰ সভাপতি পাতিব লাগে। দলৰ সভাপতি পদটো জানো সংবাদ মাধ্যমৰ যোগেদি বিচৰা বস্তু? দলৰ নেতা কৰ্মী তথা হাই কামাণ্ডে দলৰ স্বাৰ্থৰ কথা বিবেচনা কৰি সভাপতি নিৰ্বাচন কৰে। দুটাকৈ নিৰ্বাচনত পৰাজিত হোৱা কংগ্ৰেছৰ দুৰ্বল নেতৃত্বৰ বাবে কোনেও গুৰু গোসাঁই নমনা হৈছে। এতিয়া এনে অবস্থা হৈছে যে সংবাদ মাধ্যমত এজন বিধায়কে নিজকে সভাপতি পাতিব লাগে বুলি দাবী কৰিব পৰা হৈছে।
২০২১ নিৰ্বাচনত কংগ্ৰেছৰ ধনাত্মক দিশ
২০২১ত কংগ্ৰেছৰ পৰাজয়ৰ কেইবাটাও কাৰণ আছে যদিও মুখ্য কাৰণ বিশ্বাসযোগ্য চেহেৰাৰ অভাব। এ.আই.ইউ.দি.এফৰ লগত মিত্রতাৰ ফলত উজনিত কংগ্ৰেছ সম্পূৰ্ণ উৎখাত হ’ব বুলি ভবা হৈছিল  যদিও কংগ্ৰেছে তিতাবৰ, নাজিৰা, থাওৰা আৰু মৰিয়নি দখল কৰিলে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মুৰত কিছু ভোটৰ ব্যবধানত পৰাজিত হ’ল লখিমপুৰ, টীয়ক, বঢ়মপুৰ আৰু আমগুৰি সমষ্টিত। পৰাজিত হ’লেও দলে যঠেষ্ট ভোট পাইছে যোৰহাট, তেজপুৰ, ডুমডুমা, দুলিয়াজান, সোনাৰি, ঢকুৱাখানা আদি সমষ্টিত। আনহাতে দেখা গ’ল যে মুছলমান সম্প্ৰদায় বিজেপি-অগপৰ বিৰূদ্ধে মাৰ বান্ধি ভোট দিলে। শালমাৰা দক্ষিণত বিজেপিয়ে প্ৰাৰ্থীয়ে ১০, ৬৭৪ টা ভোট পাই ১.৩ লাখ ভোটত পৰাস্ত হ’ল। জনীয়াত বিজেপিয়ে পালে ১১ হাজাৰ ভোট। অগপৰ সংখ্যালঘু প্ৰাৰ্থীসকলৰো শোচনীয় পৰাজয় হ’ল। মিত্রজোঁটে ধৰি ৰাখিব নোৱাৰিলে আনকি ৰহা, গোলকগঞ্জ আৰু সৰভোগৰ দৰে সমষ্টি। প্ৰাপ্ত তথ্যমতে ১% কৈও কম মুছলমানে বিজেপি মিত্রজোটক ভোট দিছিল। বিজেপিয়ে দাবী কৰা মতে বহুটো বুথত নিজৰ সদস্যৰ সংখ্যাতকৈও প্ৰাপ্ত ভোটৰ সংখ্যা কম। মুছলমান সমাজে ২০২১ চনত বিজেপি আৰু অগপক যেনেকৈ সামুহিক বৰ্জন কৰিলে হিন্দুসমাজে কিন্তু কংগ্ৰেছক বৰ্জন কৰা নাই। আজমলৰ লগত মিত্রতা কৰাৰ পিছতো  উজনিত কংগ্ৰেছে হিন্দুৰ প্ৰায় ৩০%-৩৫%   সমৰ্থন আদায় কৰিব পাৰিছে। ই দলটোৰ বাবে এটা ধনাত্মক পৰিসংখ্যা। মুছলমান সকলৰ জনসংখ্যা যি ধৰণে বৃদ্ধি হৈ আছে তাৰ পৰা এটা কথা ক’ব পাৰি যে ২০২৬ত বিজেপিৰ বাবে তিনিটা সমষ্টি ধৰি ৰখা কঠিন হ’ব। সেইকেইটা হ’ল পাথাৰকান্দি, উদাৰবন্দ আৰু হাজো। উজনিত নিজৰ ভোটৰ শতাংশ মাত্র ৫% বৃদ্ধি কৰিব পাৰিলেও কংগ্ৰেছৰ ভাগ্যৰ দুৱাৰ মুকলি হ’ব। ২০২১ৰ দৰে ২০২৬টো মুছলমান সমাজে বিজেপিক ভোট দিয়াৰ কোনো সম্ভাবনা নাই। সেয়েহে উজনি তথা উত্তৰ অসমৰ ১০-১২খন আসন আজুৰি আনিব পাৰিলেই নি:চিহ্ন হ’ব অসমত বিজেপি চৰকাৰ। তেওঁলোকৰ এই পৰিকল্পনা বাস্তবত ৰূপায়িত কৰিবলৈ প্ৰয়োজন হ’ব বদৰুদ্দিন আজমলৰ সহায়। কাৰণ কংগ্ৰেছ -আজমলৰ ভোট বিভাজনে বৰাক আৰু নামনিত বিজেপিক জয়ী কৰাব পাৰে কেইবাখনো আসন। সেয়েহে কংগ্ৰেছে পৰাজয়ৰ পিছতো আজমলৰ লগত বন্ধুত্ব ত্যাগ কৰিব বিচৰা নাই। আজমলৰ সহযোগিতাৰ তেওঁলোক ৰণত নামিব ২০২৪ৰ লোকসভা নিৰ্বাচনত।ইয়াৰ লগতে কংগ্ৰেছে ত্যাগ কৰিব লাগিব হিৰেণ গোঁহাই ধৰণৰ বুদ্ধিজীৱীৰ সংগ । কাৰণ এনেকুৱা বহু বুদ্ধিজীৱীৰ বাবেই হিন্দু ভোটাৰ একত্ৰিত হয় । বিজেপিৰ ৰাষ্ট্ৰীয়বাদক সমালোচনা কৰা সয়ম্ভু গেৰুৱা বস্ত্ৰ পিন্ধা ব্যক্তিয়ে কংগ্ৰেছক সহায় কৰিব পাৰিব । কাৰণ ২০২১ ৰ তুলনাত ২০২৬ ত যদি ৬-৭% ভোটাৰ বিজেপিৰ পৰা আতৰি আহে তেন্তে কংগ্ৰেছ আৰু বদৰুদ্দিন আজমল মিত্ৰজোঁটৰ চৰকাৰ অসমত অসম্ভৱ নহয় ।

ডাক্তৰৰ বিৰুদ্ধে বাবা ৰামদেৱৰ মন্তব্য দুৰ্ভাগ্যজনক

  • নৰেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


যোগক বিশ্ব দৰবাৰ প্ৰতিস্থা কৰা ব্যক্তিজনেই হ’ল বাবা ৰামদেৱ। যোগাসনৰ বিভিন্ন ব্যায়ামে মানুহক সুস্থ ৰাখে বুলি গোটেই বিশ্বই স্বীকাৰ কৰিছে। প্ৰাণায়াম, কপাল ভাটি, অনুলোম্ব-বিলোম্ব আদিয়ে লাখ লাখ মানুহক উপকৃত কৰিছে। বাবা ৰামদেৱ অকল ভাৰততে নহয় বিশ্বতে এজন সমাদৃত ব্যক্তি। আমি তেওঁক লৈ গৌৰৱ কৰো। কিন্তু সমস্যা তেতিয়া হয় যেতিয়া তেনে একোজন মানুহ একমাত্ৰ লভ্যাংশৰ অংক কৰা ব্যবসায়ীলৈ পৰিণত হয়। পতঞ্জলি নামৰ ব্যবসায়িক প্ৰতিস্থান আৰম্ভ কৰি কৃতকাৰ্য্যতাও লাভ কৰিছে বাবা ৰামদেৱে। আয়ুৰ্বেদক আধাৰ কৰি বিভিন্ন সামগ্ৰী বজাৰত মেলি দিয়া হৈছে। যিবিলাকে ক্ৰেতাৰ ভাল সহাৰি লাভ কৰিছে। কিন্তু বাবা ৰামদেৱৰ শেহতীয়া কিছু কাৰ্য্য কলাপ মুঠেও সমৰ্থন যোগ্য নহয়। বিশেষকৈ এলোপেথিক চিকিৎসা আৰু চিকিৎসকৰ বিৰূদ্ধে বিৰূপ মন্তব্য কৰি বাবা বহুতৰ দ্বাৰা সমালোচিত হৈছে। এখন সভাত তেওঁ এলোপেথি চিকিৎসাক Stupid বুলি অভিহিত কৰি কৈছে যে অক্সিজেনৰ অভাবত যিমান লোকৰ মৃত্যু হৈছে তাতোকৈ বেছি মানুহ মৰিছে এলোপেথিক চিকিৎসাৰ বাবে।
আয়ুৰ্বেদ বিদ্যাক আমি  সন্মান কৰো। কিন্তু আয়ুৰ্বেদক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ গৈ এলোপেথি চিকিৎসক সকলক হেয় প্ৰতিপন্ন কৰাটো সমীচীন নহয়। কৰোণা মহামাৰীৰ সময়ত ৰোগীক সেৱা কৰি বহু চিকিৎসক কৰোনাত আক্ৰান্ত হ’ল। বহু চিকিৎসকৰ মৃত্যু হ’ল। তাৰ পিছতো অজস্ৰ স্বাস্হ্য কৰ্মীয়ে এতিয়াও কৰোনা ৰোগীৰ সেৱা কৰি আছে। প্ৰধানমন্ত্রীৰ নিৰ্দেশমতে যোৱা বছৰ আমি থাল-কাহি বজাই তেওঁলোকৰ মনোবল বৃদ্ধি কৰিছিলো। হেলিকেপ্তাৰেৰে পুস্পবৃষ্টিও কৰা হৈছিল। বাবা ৰামদেৱৰ এনে ধৰণৰ বক্তব্যই চিকিৎসক সকলক হতাশ কৰিছে। ইতিমধ্যে বাবাৰ বিৰূদ্ধে স্বাস্হ্য মন্ত্রীৰ ওচৰ চাপিছে আই.চি.এম.আৰ। স্বাস্থ্যমন্ত্রীয়ে ইয়াক গুৰুত্ব সহকাৰে লৈ বাবাৰ পৰা উত্তৰ বিচাৰিছে। উত্তৰত বাবাই কৈছে যে তেওঁ হেনো মবাইলত কোনোবাই দিয়া মেছেজ এটাহে পঢ়ি শুনাইছিল। আই.চি.এম.আৰ আৰু বাবা ৰামদেৱৰ এই যুঁজ খন আৰু বেছ কিছুদিনলৈ অব্যাহত থাকিব বুলি অনুমান কৰিব পাৰি। কেন্দ্ৰীয় চৰকাৰো দোমোজাত পৰিছে। এফালে স্বাস্হ্য কৰ্মীৰ মনোবল আনফালে বাবা ৰামদেৱৰ অনুগতৰ ভক্তি। সি যি কি নহওক আমি বিশ্বাস কৰো যে বাবাই অনাগত দিনত এনেধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে। মনত ৰখা উচিত যে নিজৰ  বেলিকা বাবা ৰামদেবে আৰু আচাৰ্য্য বালকৃঞ্চইও এলোপেফি চিকিৎসাৰ আশ্ৰয় লৈহে ৰক্ষা পৰিছিল।

মামাৰ শপতগ্ৰহণৰ পিছত

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


শ্বাহৰুখ খানে কৈছিল_ কোনো বস্তুক অন্তৰৰ পৰা বিচাৰিলে হেনো মোদী-শ্বাহে শুনা পায়। মামাৰ কিমানদিনৰ পৰা যে ইচ্ছা। মামীক বিয়াৰ আগতে হেনো Aim in Life  ৰচনাখন মাতি বহুবাৰ শুনাইছিল। সচাকৈ _সকলো সফল পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী মহিলাৰ হাত থাকে। মামীয়ে মামাক কম সাহস দিছেনে? সেই বৰুৱাৰ স্কুটাৰখনত ফুৰিবলৈ যোৱাৰ দিনৰ পৰা। পিছে মামীৰ এটা কথা আমাৰ ভাল নালাগে। বিত্তলৈ ঠিক আছিল পিছে মুখ্য হোৱাৰ পিছত ‘সি’ , ‘তই’ আদি শব্দ ঘৰৰ বাহিৰলৈ উলিয়াই ননাই ভাল।  মামাৰ শপত গ্ৰহণত আমাকো মাতিছিল। মামাই মতাৰ পিছত আকৌ নোযোৱাকৈ থাকিব পাৰোনে?” মই ঈশ্বৰৰ নামত শপত খাই…” মামাৰ মুখৰ পৰা শুনি একেবাৰে বুকুখন শাত পৰি গ’ল। তেনেতে সভাঘৰত কিবা টায়াৰ পোৰাৰ নিচিনা গোন্ধাব ধৰিলে। গোন্ধৰ পম খেদি বুজিলো কিপুন বৰা আৰু বনফুল হুছেইনৰ অঞ্চলৰ পৰা আহিছে। বাইদেৱে শপত লোৱাৰ সময়ত গোন্ধটো আৰু তীব্ৰ হ’ল। পিছত কোনো চকুচৰহাই ক’লে যে বিভাগ বিতৰণৰ পিছত হেনো এনেকুৱা গোন্ধ সুৰ্য্যমোহন পাটোৱাৰী আৰু কঞ্জিত দাসৰ ঘৰৰ পৰাও ওলাইছিল। দাস পেহাৰ ঘৰত বাচন ভঙাৰ শব্দও হৈছিল। গালি খোৱা বিভাগটো দিলে পেহীয়ে সহ্য কেনেকৈ কৰে?  সি যি কি নহওক, এইবাৰ মই ওলালো আমাৰ এম.এল.এ সকলৰ শপত গ্ৰহণ চাবলৈ। সকলো লাইম লাইট সিদিনা কিন্তু নিখিল গগৈয়ে লৈ গ’ল। ভূঞাৰ কাপোৰ, ৰহিমুদ্দিনৰ সংস্কৃতে পাত্তাই নাপালে। আমিও গৈ সুযোগতে একপি চেল্ফি উঠিলো। পিছতহে মামাই কলে নিখিলৰ বেমাৰৰ কথা। এতিয়া চেল্ফিৰ কথা মনত পৰিলে বুকুখত কিবা কপি উঠে। মামাক নিজৰ চেম্বাৰত লগ পাই সুধিয়ে পেলালো কিয় যে তেওঁ স্বাস্হ্য বিভাগটো নেশব মহন্তক দিলে? ” বহু দিনৰ পিচত অসমে এজন চেহেৰা থকা স্বাস্হ্য মন্ত্রী পালে অ’ ” মামাই কোনো দিনে চিধা উত্তৰ নিদিয়ে । নিযুষ আৰু মল্ল মামাৰ পিঠি আৰু কান্ধ মালিচ কৰাত ব্যস্ত। মামাই হেনো চাৰিদিন শুৱাই নাই।  মুন্নাভাই চিনেমাত দেখো কৈছিল ডাক্তৰৰ ইমোচন থাকিব নালাগিব। নোদোকা হ’লে কি হ’ব মানুহজনে চোন কান্দিয়ে থাকে। “ডাক্তৰেহে কান্দিব নাপায় ”  বুলি কৈ মামা গুছি গ’ল। শেষত হৰ্বাদাৰ অটোগ্ৰাফ ল’বলৈ গৈ দেখিলো ৰূমটোত কঞ্জিত দত্তই আঙুলিৰে বেৰৰ পৰা চুন ঘুহি আছে। কৃঞ্চ বুলি কৈ হৰ্বাদাই অ’টগ্ৰাফ বহীটো লৈ চিন্তা কৰি কৰি কিবা লিখিলে। সকলোৰে পৰা বিদায় মাগিলো। দিনটো সুন্দৰভাবে পাৰ হ’ল।   ঘৰলৈ  আহি অটোগ্ৰাফ বহীটো খুলিলোঃ
জানে কহা গয়ে ৱো দিন..
য়াদ আ ৰহা হে…
কোই লউটা দে মুঝে ৱো ধুনীয়া দিন..

মন্ত্ৰী পুত্ৰৰ অসমীয়া জ্ঞান

  • ৰাজেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


গৌৰৱ গগৈয়ে সাংসদ হৈ সংসদত হিন্দীত শপত গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি মতা মাছ মাইকী মাছলৈ বিভিন্ন ঘটনাৰ  মাজেৰে দ্বিতীয় বাৰলৈ সাংসদ হৈ কংগ্ৰেছৰ ৰাজনীতিত গুৰুত্বপুৰ্ণ ভুমিকা লোৱাৰ সময়ছোৱাতেই নতুন এজন মন্ত্ৰী পুত্ৰই বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে । নিজৰ পিতৃৰ লগত জনসভাত উপস্থিতিত  হৈ সাংবাদিকৰ লগত মত বিনিময় কৰি  মিডিয়াৰ চকুত পৰা এইজন মন্ত্ৰীপুত্ৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ । স্মাৰ্ট , সুন্দৰ ইংৰাজীত কথা কব পৰা  মন্ত্ৰীপুত্ৰক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াও আৰম্ভ হৈছে । নিজৰ পিতৃৰ ৰাজনীতিৰ উত্তৰাধিকাৰী হব বুলিও বহুতে ধাৰণা কৰিছে । ৰাইজৰ প্ৰতিনিধি কোন হব কোন নহব সেইয়া সমষ্টিৰ ভোটাৰে নিৰ্ণয় কৰিব , কিন্তু কথা হ’ল আজিৰ প্ৰজন্মৰ মন্ত্ৰী পুত্ৰসকলৰ অসমীয়া ভাষা উচ্চাৰণে অসমীয়া ধাৰাবহিকত টম এলটাৰলৈ মনত পেলায় দিয়ে । এই সকল মন্ত্ৰী পুত্ৰই কথা ক’লে দিল্লী, মুম্বাইৰ পৰা অহা আই এ এছ বিষয়াই  কথা কোৱা যেন লাগে ।  অনা অসমীয়া বিষয়া সকলৰ অসমীয়া উচ্চাৰণৰ লগত অকণো তাফাদ নাথাকে আজিৰ মন্ত্ৰী পুত্ৰসকলৰ উচ্চাৰণ।  মন্ত্ৰী পুত্ৰ সকলৰ অসমীয়া উচ্চাৰণ জানো অস্বাভাবিক ? আজিৰ সময়ত অসমীয়া মাধ্যমৰ চৰকাৰী স্কুল আৰু শংকৰদেৱ শিশু নিকেতন  বা জাতীয় বিদ্যালয় কেইখনত পঢ়া অতি সীমিত সংখ্যক চহৰীয়া মানুহৰ সন্তানে অসমীয়া ভাষাটো লিখিব পাৰে আৰু হয়টো হিন্দী শব্দ ব্যৱহাৰ নকৰাকৈ শুদ্ধ অসমীয়া কব পৰাৰ সমান্তৰালকৈ আমেৰিকা , লণ্ডনত থকা ভাৰতীয়ই নাকেৰে  কথা কোৱাৰ দৰে অসমতো এবিধ নতুন উচ্চাৰণ পদ্ধতি আৱিষ্কাৰ হবলৈ বেছি দিন নাই বুলিয়েই ধৰিব পাৰি ।
দিনে দিনে অসমত ইংৰাজী মাধ্যমৰ বিদ্যালয় বাঢ়ি গৈছে। কিহৰ বাবে? তালৈ যোৱা ছাত্ৰৰ-ছাত্ৰীসকলোতো অসমীয়া সন্তানেই।সেই কণমানিসকলক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নাম ভৰ্ত্তি কৰা অভিভাৱকসকলতো অসমীয়া লোকেই। তেওঁলোকৰ বহুতেই অসমীয়া মাধ্যমত পঢ়িয়েই প্ৰতিষ্ঠিত হৈছিল।হয়তো ক’ব আজিৰ যুগৰ লগত খাপ খাবলৈ ইংৰাজী শিক্ষাৰ জ্ঞান খুবেই প্ৰয়োজন। সেয়া প্ৰত্যেকেই আমি জানো। কিন্তু কোনোবাই দাঠি ক’ব পাৰিবনে যে ইংৰাজী মাধ্যমত পঢ়িহে প্ৰত্যেকজন নতুন প্ৰজন্ম আন দেশৰ সফলতম লোকৰ দৰে হৈছে। বিভিন্ন ক্ষেত্ৰত সাফল্য অৰ্জন কৰা লোকসকলৰ সৰহ সংখ্যক লোকেই অসমীয়া মাধ্যমতেই পঢ়ি যোৱা।তেনেহ’লে এই অনীহা কিয় নিজৰ মাতৃভাষাৰ বিদ্যালয়ত পঢ়াৰ প্ৰতি।হয় অসমীয়া মাধ্যমৰ কিছুমানত প্ৰয়োজনীয় সুবিধা, শিক্ষকৰ অভাৱ তথা অন্যান্য অসুবিধা আছে। কিন্তু চেষ্টা কৰিলে সেই অসুবিধাবোৰ দূৰ কৰিব পাৰি?কিনতু সেই আন্তৰিকতা আমাৰ মাজত নাই। বহু টকা খৰছ কৰি ইংৰাজী বিদ্যালয়ত পঢ়োৱা হয়।তাৰ অলপো টকা যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত খৰছ কৰা হয়, তেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ৰুপেই সলনি হৈ যাব। কথাৰে আমি ফুলজাৰি মাৰিব পাৰো, কিন্তু কামত হ’লে একো নাই। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত সন্তানক দি অভিভাৱকে গৌৰৱ অনুভৱ কৰে,আনৰ আগত জহায়-মোৰ সন্তানে অসমীয়া ক’ব নেজানে বুলি। কিন্তু সেই একেজন মানুহেই অসমীয়া ভাষা সংকটত পৰিছে বুলি দুখ কৰে।কিমান যে আচৰিত কথা।আমাৰ দুমুখীয়া স্বভাৱ সঁচাকৈয়ে উপহাসৰ যোগ্য।

লণ্ডনত কৰোনাৰ তৃতীয় ঢৌৰ আগজাননী

  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


জানুৱাৰী মাহত সংযুক্ত যুক্তৰাষ্ট্ৰত কৰোনাৰ দ্বিতীয় ঢৌ চৰমত আছিল। সেই সময়ত দৈনিক কৰোণা আক্ৰান্তৰ সংখ্যা আছিল প্ৰায় ৭০ হাজাৰ। তেতিয়া ভাৰতে প্ৰথম ঢৌৰ পৰা মুক্তি লাভ কৰিছিল আৰু মানুহে স্বাভাবিক জীবন জাপন কৰিছিল। ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰীৰ প্ৰথম সপ্তাহলৈ মই অসমত আছিলো। লণ্ডনলৈ ফিৰাৰ সময়ত মুম্বাইত কিছু সময় অতিবাহিত কৰিছিলো। সকলো মানুহে স্বাভাবিক জীৱন যাত্রা অব্যাহত ৰাখিছিল। লণ্ডন এয়াৰপোৰ্টত অবতাৰণ কৰি বুজি উঠিছিলো যে ইয়াত সকলো সলনি হৈছে। দ্বিতীয় ঢৌৰ কবলত পৰা লণ্ডনত পুনৰ লকডাউন প্ৰয়োগ কৰা হৈছে। পুনৰ আৰম্ভ হ’ল ঘৰৰ পৰা কাম কৰা পৰম্পৰা। এপ্ৰিলৰ পৰা কেচ কিছু কমিল আৰু চৰকাৰে আনলক প্ৰক্ৰিয়া আৰম্ভ কৰি দিলে। প্ৰথম অবস্থাত শ্বপিং মল সমূহ তথা অত্যাবশ্যকীয় সামগ্ৰীৰ ভিতৰত নপৰা দোকান আদি খুলি দিলে। ১৭ এপ্ৰিলত ওচৰৰে শ্বপিং মল এখনলৈ গৈ মানুহৰ সংখ্যা দেখি হতবাক হ’লো। কাৰাগাৰৰ পৰা মুক্ত হৈ মানুহবোৰে যেন মুকলিভাবে নিশ্বাস লৈছে। কোনো ৰেষ্টুৰেন্টৰ সন্মুখ ভাগ খালি নাই। বৃদ্ধ, ডেকা , মহিলা সকলোৱে হাতত ওৱাইনৰ গ্লাছ লৈ ইজনে সিজনৰ লগত কথা পাতিছে। প্ৰায় ৩.৫ মাহৰ মুৰত লণ্ডনে নিজৰ চঞ্চলতা ঘুৰাই পাইছে। আজি ২৯ মে শনিবাৰ। সোমবােৰ লণ্ডনত পাব্লিক বন্ধ। তিনিদিনৰ বাবে অ’ফিছ নাই। এসপ্তাহ আগতে ট্ৰেভেল কোম্পানী কেইটামানক ফোন কৰিছিলো। নাই কোনো পেকেজ খালি নাই। সকলো বুক হৈ গ’ল। গ্ৰীস্মৰ প্ৰথমটো দীঘলীয়া বন্ধৰ সময়ত লণ্ডনৰ প্ৰায়বোৰ মানুহ ভেকেচনত গৈছে। কোনোবা যদি সাগৰৰ তীৰত, আন কোনোবাই গৈছে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। এনেতে আহিছে এটা বেয়া খবৰ। বহু দিনৰ পৰা ১ হাজাৰৰ আশে পাশে থকা কৰোনাৰ দৈনিক সংক্ৰমণ শুক্ৰবাৰে বৃদ্ধি হৈছে ৪ হাজাৰৰ ওপৰলৈ। এই সপ্তাহত আক্ৰান্তৰ সংখ্যা ২০, ৭৬৫ আৰু তাৰ আগৰ সপ্তাহৰ তুলনাত ই ২৪% বেছি। চিকিৎসা বিজ্ঞানীসকলে ক’বলৈ আৰম্ভ কৰিছে যে এয়া তৃতীয় ঢৌৰ আগজাননী। তেওঁলোকে জনোৱা মতে নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৭৫% হৈছে ভাৰতীয় ভেৰিয়েন্টৰ পৰা। এতিয়ালৈকে দেশত ৫৮% লোকে ভেকছিনৰ প্ৰথমবিধ ডোজ লৈছে। ৩৫% লোকে সম্পূৰ্ণ কৰিছে ভেকছিনৰ দ্বিতীয় ডোজ। চিকিৎসক সকলৰ মতে তৃতীয় ঢৌত আক্ৰান্ত হ’ব ভেকছিন নোলোৱা বিশেষকৈ ১৮ বছৰৰ তলৰ লৰা-ছোৱালী। কিন্তু এওঁলোকক ভাইৰাছে সিমান বেছি ক্ষতি কৰিব নোৱাৰে। যদি আক্ৰান্তৰ সংখ্যা বহুত বেছি হয় তেন্তে তাৰ মাজৰ পৰা কিছুসংখ্যকৰ অবস্থা সংকটজনক হোৱাৰ সম্ভাবনা নুই কৰিব নোৱাৰি। ব্ৰিটেইনৰ চৰকাৰে ইতিমধ্যৰ জনছন এন জনছনৰ ভেকছিন ব্যবহাৰৰ অনুমতি দিছে। ইয়াকে লৈ দেশখনত ৪ বিধ ভেকছিন ব্যবহাৰ হ’ব। এষ্ট্ৰাজেনিকা, মডাৰ্না আৰু ফাইজাৰ ইতিমধ্যে মানুহে লাভ কৰি আছে। ইয়াত অাহিবলগীয়া তৃতীয় ঢৌ অধ্যয়ন কৰি হয়তো ভাৰত চৰকাৰে কিছু আগতীয়া সতৰ্কতামুলক ব্যবস্থা ল’বলৈ সুযোগ পাব।

কোনজন মন্ত্রীৰ পৰা প্ৰত্যাশা সৰ্বাধিক?

হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাৰ ১৩জন মন্ত্রীয়ে শপত গ্ৰহণ কৰি নিজৰ বিভাগৰ কাম আৰম্ভ কৰিছে। আমাক জনাওক এই মন্ত্রীসকলৰ ভিতৰত কোনজনে অনাগত দিনত অসমক আগুৱাই লৈ যাব পাৰিব? কোনজন মন্ত্রীৰ ওপৰত ৰাইজৰ প্ৰত্যাশা সকলোতকৈ বেছি? অহা ২০ জুনৰ ভিতৰত আমাৰ অ’পিনিয়ন প’লত ভাগ লওক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ বাবে তলত ক্লিক কৰকঃ
CLICK HERE

বিজেপি ৬৬, মিত্রজোঁট ৮২

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


আজি ২৯ এপ্ৰিল। মাত্র ২ দিন পিছত অহা ২ মে তাৰিখে প্ৰকাশ পাব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। ৰাজনীতি অসমে যোৱা এটা মাহত ৰাজ্যৰ ১২৬টা সমষ্টিৰ বিভিন্ন ভোটাৰ ৰাইজৰ লগত কথা পাতি সাম্ভাব্য ফলাফলৰ বিষয়ে যুগুত কৰিছে এক প্ৰতিবেদন। অসমৰ ১২৬টা সমষ্টিক জনগাঠনিৰ হিচাপত আমি ভাগ কৰিছো ৮টা অঞ্চলত।
১) বৰাক উপত্যকা – ১৫
বৰাকত আছে ১৫খন আসন। অপ্ৰিয় হ’লেও সত্য যে দশক দশক ধৰি তাত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি আহিছে। ২০২১ তাৰ ব্যতিক্ৰম নহয়। ইয়াৰ হিন্দু জনবসতি সমষ্টিবোৰ বিজেপিলৈ যোৱাৰ বিপৰীতে মুছলমানৰ প্ৰাধান্য থকা সমষ্টিবোৰ কংগ্ৰেছে দখল কৰিব। ৰাতাবাৰী, পাথাৰকান্দি, শিলচৰ, ধলাই, উদৰবন্দ আৰু লক্ষীপুৰ বিজেপিয়ে পোৱাৰ পূৰ্ণ সম্ভাবনা আছে। ইয়াৰ বিপৰীতে কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ, হাইলাকান্দি, কাটলিছেৰা, আলগাপুৰ,সোণাই,বৰখোলা আৰু কাটিগড়া কংগ্ৰেছে দখল কৰিব। ১৫টা সমষ্টিৰ মাত্র ৩টাত কিছু প্ৰতিদ্বন্দ্বিতা হ’ব। কৰিমগঞ্জ উত্তৰত কমলাক্ষ দে পুৰকায়ষ্ঠ জয়ী হ’ব যদিও বিজেপিয়ে কিছু যুদ্ধ দিছে। উদৰবন্দত প্ৰাক্তন মন্ত্রী অজিত সিং এ বৰ্তমান বিধায়ক মিহিৰ কান্তি সোমক তীব্ৰ প্ৰত্যহ্বান জনাইছে যদিও তাত বিজেপিৰ জয়ৰ সম্ভাবনা অধিক। কাটিগড়াত পৰাজিত হ’ব পাৰে গৌতম ৰয়। সমষ্টিটো তেওঁৰ বাবে নতুন। ইয়াৰ উপৰিও বুজন সংখ্যক মুছলমান থকা সমষ্টিটোত জয়ী হ’ব পাৰে খলিল উদ্দিন মজুমদাৰ। বৰাকৰ ফাইনেল স্কোৰঃ মিত্রজোঁট – ৬ , মহাঁজোট – ৯
২) কাৰ্বি পাহাৰ- ৫
কাৰ্বি পাহাৰৰ ৫খন আসন বিজেপিয়ে পাব। তুলিৰাম ৰংহাংৰ কাৰ্বি আংলংত যঠেষ্ট প্ৰভাব আছে। ডিফুত মেডিকেল কলেজকে ধৰি আন উন্নয়নমূলক কামত ৰাইজ সন্ত্তষ্ট। কোনো সমষ্টিতে বিজেপিৰ বাবে প্ৰত্যহ্বান নাই।
৩) নামনি অসমঃ ২০
নামনি অসমৰ ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টিৰ অধীনত আছে ২০খন আসন। কংগ্ৰেছ -আজমলৰ মিত্রতাৰ ফলত ইয়াত উচন হ’ব বিজেপি। মাত্র তিনিটা হাই প্ৰফাইল সমষ্টি তেওঁলোকে ধৰি ৰাখিব পাৰিছে। বঙাইগাঁওত ফণীভূষণ চৌধুৰীয়ে নিজৰ ৰেকৰ্ড নিজে ভংগ কৰিব। তাৰমানে শংকৰ প্ৰসাদ ৰয়ৰ ক্ৰমাগত দুটা পৰাজয়। পাটাছাৰকুছিত ৰঞ্জিত দাস বহু আগবাঢ়ি আছে। এই সমষ্টিত কোচ-বনাম কলিতাৰ যুঁজ বছৰ বছৰ ধৰি চলি আহিছে। এইবাৰ দাসে সকলো লোকৰ ভোট আদায় কৰিবলৈ সক্ষম হৈছে। পবীন্দ্ৰ ডেকা তৃতীয় স্থানত থাকিব পাৰে। যুৱ নেতা ৰাতুল পাটোৱাৰীয়ে এইবাৰ চন্দ্ৰমোহন পাটোৱাৰীক ধৰ্মপুৰত পৰাস্ত কৰিবলৈ সাজু হৈছিল। শেষত যেনিবা হিমন্ত বিশ্ব শৰ্মা, সৰ্ব‍ানন্দ সোণোৱাল, নীতিন গাদকাৰীয়ে গৈ বিজেপিক চন্দ্ৰগ্ৰহণৰ পৰা ৰক্ষা কৰিলে। এই তিনিখন আসনক বাদ দি আন ১৭ খন আসন মানকাচাৰ, শালমাৰা দক্ষিণ, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপাৰা পূৱ, বিলাসীপাৰা পশ্চিম, অভয়াপূৰী উত্তৰ, অভয়াপূৰী দক্ষিণ, গোৱালপাৰা পূৱ, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, বৰপেটা, জনিয়া , বাঘবৰ, সৰুক্ষেত্রী আৰু চেঙা মহাজোঁটে পাব। ইয়াৰ বহুততে মিত্রজোঁট প্ৰতিদ্বন্দ্বিতাতে নাই। কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ নিজৰ মাজতে প্ৰতিদ্বন্দ্বিতা হৈছে। গোলকগঞ্জকলৈ বিজেপি আশাবাদী। তাত আবু তাহেৰে নিৰ্দলীয় খেলি কংগ্ৰেছৰ ভোট ভাঙিছে যদিও কংগ্ৰেছ বিজেপিতকৈ কিছু আগবাঢ়ি আছে। সৰুক্ষেত্রীত মিনাক্ষী ৰহমানক পৰাজিত কৰিব জাকিৰ হুছেইন চিকদাৰে।
৪) কোকৰাঝাৰঃ ১০
কোকৰাঝাৰত মিত্রজোঁটে ৮খন আৰু মহাজোঁটে ২ খন আসন পোৱাৰ সম্ভাবনা আছে। বিপিএফৰ বহু বাঘা বাঘা নেতা এইবাৰ ৰণত পৰিব। মাত্র গোসাঁইগাঁও আৰু সৰভোগত মহ‍াজোঁট আগবাঢ়ি আছে। কোকৰাঝাৰ পূব আৰু পশ্চিম, চিদলী, বিজনী, ভবানীপুৰ, তামুলপুৰ, বৰমা আৰু চাপাগুৰি মিত্রজোঁটলৈ যোৱাৰ সম্ভাবনা আছে। প্ৰতিদ্বন্দ্বিতা হৈছে কেবল সৰভোগ আৰু কোকৰাঝাৰ পশ্চিমত। প্ৰমীলা ৰাণী ব্ৰহ্মক পৰাজিত কৰি ইউ.পি.পি.এলৰ লুইছ ইছলাৰী কোকৰাঝাৰ পূৱত জয়ী হোৱা প্ৰায় নিশ্চিত। চিদলীত জয়ন্ত বসুমতাৰীয়ে পৰাজিত কৰিব চন্দন ব্ৰহ্মক। বিজনীত বিজেপিৰ অজয় ৰয় বিজয়ী হ’ব। ভবানীপুৰৰ ফণী তালুকাদৰৰ দিছপুৰ যাত্রা সম্ভব নহ’ব পাৰে।
৫) কামৰূপঃ ২০
গুৱাহাটী আৰু মংগলদৈ লোজসভাৰ অধীনত আছে ২০টা বিধানসভা সমষ্টি। ইয়াৰ ১৪টাত মিত্রজোঁট আৰু ৬টাত মহাজোঁট জয়ী হ’ব। পলাশবাৰী, জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূৱ আৰু পশ্চিমৰ ফলাফল ঘোষণ‍া আনুষ্ঠানিকতা মাত্র। ইয়াত বিজেপি-অগপ বিশাল ভোটৰ ব্যৱধানত জয়ী হ’ব। কমলপুৰ, ৰঙিয়া,নলবাৰী আৰু পানেৰী আদি সমষ্টিত বিজেপিৰ জয়ৰ ব্যবধান ৩০ হাজাৰৰ অধিক হ’ব পাৰে। কলাইগাঁও, চিপাঝাৰ, ওদালগুৰি আৰু মাজবাটত কিছু প্ৰত্যহ্বানৰ মাজত মিত্রজোঁট জয়ী হ’ব। হাজোত দুলু আহমেদ আৰু সুমন হৰিপ্ৰিয়াৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। কংগ্ৰেছে মুছলমান প্ৰাৰ্থী দি ভোট বিভাজন কৰা বাবে বিজেপি কিছু আগবাঢ়ি আছে। বকো, ছয়গাঁও, মংগলদৈত কোনো প্ৰতিদ্বন্দ্বিতা নাই। কংগ্ৰেছ বিপুল ভোটত জয়ী হ’ব। বৰক্ষেত্রীত নাৰায়ন ডেকা আৰু দিগন্ত বৰ্মনৰ মাজত কোন জয় হ’ব কোৱা টান যদিও বৰ্মন ২ ৰ পৰা ৫হাজাৰ ভোটত জয়ী হৈ যাব পাৰে। দলগাঁওত এ.আই.ইউ.দি.এফৰ মজিবুৰ ৰহমানে কংগ্ৰেছে ইলিয়াছ আলিক পৰাজিত কৰিব পাৰে।
৬) মধ্য অসমঃ ১৯
মধ্য অসমৰ নগাঁও আৰু কলিয়াবৰ লোকসভাৰ অধীনত আছে ১৯খন বিধানসভাৰ আসন। ইয়াত মিত্রজোঁটে ১২খন আৰু মহাঁজোটে ৭খন আসন পোৱাৰ সম্ভাবনা আছে। জাগীৰোদ, লামডিং, হোজাই, কলিয়াবৰ, বোকাখাত, খুমটাইত বিজেপি-অগপ সহজে জয়ী হ’ব। মৰিগাঁও, নগাঁও, বৰহমপুৰ, সৰুপথাৰ, গোলাঘাট আৰু দেৰগাঁওত কিছু প্ৰতিদ্বন্দ্বিতা হৈছে যদিও মিত্রজোটে এইকেইখন আসন দখল কৰিব। মহাজোঁট বিপুল ভোটত জয়ী হ’ব লাহৰীঘাট, ধিং, বটদ্ৰবা, ৰূপহীহাট, চামগুৰি আৰু জমুনামূখত। ৰহাত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত কংগ্ৰেছৰ সম্ভাবনা অধিক।
৭)  উজনি অসমঃ ১৯
যোৰহাট আৰু তেজপুৰ লোকসভাৰ অন্তৰ্গত ১৯খন  বিধানসভা আসনৰ ভিতৰত বিজেপি মিত্রজোঁটে ১৭খন দখল কৰিব। মহাজোঁটৰ হাতলৈ আহিব পাৰে মাত্র দুখন। যোৰহাট, মৰিয়ণি,মাহমৰা, সোনাৰি, মৰাণ, ডিব্ৰুগৰ, লাহোৱাল, দুলিয়াজান, টিংখাং, তিনিচুকীয়া, ডিগবৈ আৰু মাৰ্ঘেৰিটাত নাই কোনো প্ৰতিদ্বন্দ্বিতা। বিজেপি মিত্রজোঁটে অনায়াসে এই সমষ্টিকেইটা দখল কৰিব। প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্রীৰ সমষ্টি নাজিৰা আৰু তিতাবৰতো কংগ্ৰেছ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই দুয়োটা এইবাৰ বিজেপিলৈ যাব পাৰে। টিয়ক আৰু নাহৰকটীয়াত কিছু যুঁজ হৈছে যদিও শেষ হাঁহি মিত্রজোঁটেই মাৰিব। বহু কষ্ট কৰি কংগ্ৰেছে দুখন আসন নিজৰ বাবে ধৰি ৰাখিব পাৰে। অংকিতা দত্ত আৰু সুশান্ত বুঢ়াগোহাঁই ক্ৰমে আমগুৰী আৰু থাওৰাৰ পৰা জয়ী হ’ব পাৰে। যদিও জয়ৰ পথ সিমান মসৃন নহ’ব।
৮) উত্তৰ অসমঃ ১৮
উত্তৰ অসমত আছে ১৮খন আসন। এই আসন কেইখন তেজপুৰ আৰু লখিমপুৰ লোকসভাৰ অন্তৰ্গত। ইয়াত মাত্র ১খন আসন নাওবৈচা কংগ্ৰেছে দখল কৰিব পাৰে। ৪৮% সংখ্যালঘু বসতিপ্ৰধান নাওবৈচাত ভৰন নৰহ জয়ী হৈ ১০বছৰ বিৰতিৰ মুৰত বিধানসভাৰ চৌহদ গছকিব। ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী,গহপুৰ, মাজুলী, জোনাই,চাবুৱা আৰু ডুমডুমাত বিজেপি মিত্রজোটৰ জয়ৰ পথ মসৃন। কিছু প্ৰত্যহ্বানৰ মাজেৰে দলে দখল কৰিব বিহপুৰীয়া, লখিমপুৰ, ঢকুৱাখানা, ধেমাজি আৰু শদিয়া।
এয়া আছিল ১২৬টা সমষ্টিৰ ওপৰত আমাৰ সমীক্ষা। বিজেপিয়ে ৬৬, অগপই ৯ আৰি ইউ.পি.পি.এলে ৭ খন আসন লাভ কৰাৰ সম্ভাবনা আছে। আনহাটে কংগ্ৰেছে পাব পাৰে ২৭, এ.আই.ইউ.দি.এফে ১৫, বি.পি.এফে ১ আৰু চি.পিএমে এখন আসন। সমীক্ষাৰ ওপৰত আমি কৰা এটা ভিডিঅ’ চাব পাৰে তলৰ লিংক ক্লিক কৰি।
https://www.youtube.com/watch?v=-VtxdjcqfYU&t=1139s

 

সম্ভাব্য ১২৬ জন বিধায়কৰ তালিকা

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ২ মে তাৰিখে। ৰাজনীতি অসমে অসমৰ ১২৬টা সমষ্টিত সমীক্ষা চলাই প্ৰকাশ কৰিবলৈ লৈছে অসমৰ সম্ভাব্য ১২৬ জন বিধায়কৰ তালিকা। সমীক্ষাৰ ওপৰত ভিত্তি কৰি বিধায়কৰ নামৰ লগতে তেওঁৰ জয়ী হোৱাৰ সম্ভাবনা কিমান শতাংশ সেয়াও উল্লেখ কৰা হৈছে।
ৰাতাবাৰী: বিজয় মালাকৰ: ১০০%
পাথাৰকান্দিঃ কৃঞ্চেন্দু পাল: ৯০%
কৰিমগঞ্জ উত্তৰঃ কমলাক্ষ দে: ৮০%
কৰিমগঞ্জ দক্ষিণঃ চিদ্দিক আহমেদ: ৯০%
বদৰপুৰঃ আব্দুল আজিজ: ১০০%
হাইলাকান্দিঃ জাকিৰ হুছেইন লস্কৰঃ ১০০%
কাটলিচেৰাঃ চুজামুদ্দিন লস্কৰঃ  ৯০%
আলগাপুৰঃ নিজামুদ্দিন চৌধুৰীঃ ১০০%
শিলচৰঃ দ্বিপায়ন চক্ৰবৰ্তীঃ ১০০%
সোণাইঃ কৰিমুদ্দিন বৰভূঞাঃ ১০০%
ধলাইঃ পৰিমল শুক্লাবৈদ্যঃ ৯০%
উদৰবন্দঃ মিহিৰ কান্তি সোমঃ ৮০%
লক্ষীপুৰঃ কৌশিক ৰায়ঃ ৯০%
বৰখোলাঃ মিছবাহুল ইছলাম লস্কৰঃ ৯০%
কাটিগড়াঃ খলিল উদ্দিন মজুমদাৰঃ ৭০%
হাফলংঃ নন্দিতা গাৰ্লোছাঃ ১০০%
বোকাজানঃ নুমল মোমিনঃ ৮০%
হাওৰাঘাটঃ দৰসিং ৰংহাং: ১০০%
ডিফুঃ বিদ্যা সিং ইংলেং: ৯০%
বৈঠালাংচ’: ৰূপ সিং টেৰং: ১০০%
মানকাচাৰঃ আমিনুল ইছলামঃ ১০০%
দক্ষিণ শালমৰাঃ ৱাজেদ আলি চৌধুৰীঃ ১০০%
ধুবুৰীঃ নজৰুল হকঃ ১০০%
গৌৰীপুৰঃ নিজানুৰ ৰহমানঃ ৯০%
গোলকগঞ্জঃ আব্দুছ শোভানঃ ৫৫%
বিলাসীপাৰা পশ্চিমঃ হাফিজ বছিৰ আহমেদঃ ১০০%
বিলাসীপাৰা পূৱঃ চামচুল হুদাঃ ১০০%
গোসাইগাঁওঃ মাজেন্দ্ৰ নাৰ্জাৰীঃ ৭০%
কোকৰাঝাৰ পশ্চিমঃ মনৰঞ্জন ব্ৰহ্মঃ ৫৫%
কোকৰাঝাৰ পূবঃ লৰেন্স ইছলাৰীঃ ৯০%
চিদলীঃ জয়ন্ত বসুমতাৰীঃ ৯০%
বঙাইগাঁওঃ ফণীভূষণ চৌধুৰীঃ ১০০%
বিজনীঃ অজয় ৰয়ঃ ৮০%
উত্তৰ অভয়াপুৰীঃ আব্দুল ভটিমঃ ৮০%
দক্ষিণ অভয়াপুৰীঃ প্ৰদীপ চৰকাৰঃ ৯০%
দুধনৈঃ জাদব স্বৰ্গীয়াৰীঃ ৫৫%
গোৱালপাৰা পূবঃ আব্দুল কালামঃ ১০০%
গোৱালপাৰা পশ্চিমঃ আব্দুল ৰছিদঃ ১০০%
জলেশ্বৰঃ ওছমান গণিঃ ১০০%
সৰভোগঃ মনোৰঞ্জন তালুকদাৰঃ ৭০%
ভৱানীপুৰঃ ৰঞ্জিত ডেকাঃ ৭০%
পাটাছাৰকুছিঃ ৰঞ্জিত দাসঃ ১০০%
বৰপেটাঃ আব্দুৰ ৰহিমঃ ১০০%
জনিয়াঃ ৰফিকুল ইছলামঃ ১০০%
বাঘবৰঃ শ্বেৰমান আলিঃ ১০০%
সৰুক্ষেত্রীঃ জাকিৰ হুছেইনঃ ৭০%
চেঙাঃ শুকুৰ আলীঃ ৮০%
বকোঃ নন্দিতা দাসঃ ৯০%
ছয়গাঁওঃ ৰেকিবুদ্দিন আহমেদঃ ১০০%
পলাশবাৰীঃ হেমাংগ ঠাকুৰীয়াঃ ১০০%
জালুকবাৰীঃ হিমন্ত বিশ্ব শৰ্মাঃ ১০০%
দিছপুৰঃ অতুল বৰাঃ ১০০%
পূব গুৱাহাটীঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য্যঃ ১০০%
পশ্চিম গুৱাহাটীঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতাঃ ১০০%
হাজোঃ সুমন হৰিপ্ৰিয়াঃ ৫৫%
কমলপুৰঃ দিগন্ত কলিতাঃ ১০০%
ৰঙিয়াঃ ভবেশ কলিতাঃ ৯০%
তামুলপুৰঃ লেহোৰাম বড়ো:  ১০০%
নলবাৰীঃ জয়ন্ত মল্ল বৰুৱাঃ ১০০%
বৰক্ষেত্রীঃ দিগন্ত বৰ্মনঃ ৬০%
ধৰ্মপুৰঃ চন্দ্ৰ মোহন পাটোৱাৰীঃ ৮৫%
বৰমাঃ ভূপেন বড়ো: ৯০%
চাপাগুৰীঃ উখাংও গৌড়া ব্ৰহ্ম: ৯০%
পানেৰীঃ বিশ্বজিত দৈমাৰীঃ ১০০%
কলাইগাঁওঃ মধুৰাম ডেকাঃ ৬০%
চিপাঝাৰঃ পৰমানন্দ ৰাজবংশীঃ ৬০%
মংগলদৈঃ বসন্ত দাসঃ ৯০%
দলগাঁওঃ মজিবুৰ ৰহমানঃ ৭০%
ওদালগুৰিঃ গোবিন্দ বসুমতাৰীঃ ৯০%
মাজবাটঃ জিতু কিষানঃ ৮০%
ঢেকিয়াজুলিঃ অশোক সিংহালঃ ৯০%
বৰছলাঃ গনেশ লিম্বু: ৮০%
তেজপুৰঃ পৃথ্বিৰাজ ৰাভাঃ ৯০%
ৰঙাপাৰাঃ কৃঞ্চ কমল তাঁতীঃ ১০০%
চতিয়াঃ পদ্ম হাজৰিকাঃ ৮০%
বিশ্বনাথঃ প্ৰমোদ বৰঠাকুৰঃ ৮০%
বিহালীঃ ৰঞ্জিত দত্তঃ ১০০%
গহপুৰঃ উৎপল বৰাঃ ৮০%
জাগীৰোদঃ পিযুষ হাজৰিকাঃ ১০০%
মৰিগাঁওঃৰমাকান্ত দেউৰীঃ ৯০%
লাহৰীঘাটঃ আচিফ মোহম্মদঃ ৯০%
ৰহাঃ শশীকান্ত দাসঃ ৯০%
ধিংঃ আমিনুল ইছলাম: ১০০%
বটদ্ৰবাঃ শিৱামনি বৰাঃ ৯০%
ৰূপহীহাটঃ নুৰুল হুদাঃ ১০০%
নগাঁওঃ ৰূপক শৰ্মাঃ ৮০%
বৰহমপুৰঃ জিতু গোস্বামীঃ ৭০%
চামগুৰীঃ ৰকিবুল হুছেইনঃ ১০০%
কলিয়াবৰঃ কেশৱ মহন্তঃ ৯০%
যমুনামুখঃ চিৰাজুদ্দিন আজমলঃ ১০০%
হোজাইঃ ৰামকৃঞ্চ ঘোষঃ ১০০%
লামডিংঃ শিবু মিশ্ৰঃ ১০০%
বোকাখাতঃ অতুল বৰাঃ ১০০%
সৰুপথাৰঃ বিশ্বজিত ফুকনঃ ৯০%
গোলাঘাটঃ অজন্তা নেওগঃ ৯০%
খুমটাইঃ মৃণাল শইকীয়াঃ ১০০%
দেৰগাঁওঃ ভবেন ভৰালীঃ ৯০%
যোৰহাটঃ হিতেন্দ্ৰ নাথ গোস্বামীঃ ৯০%
মাজুলীঃ সৰ্বানন্দ সোণোৱালঃ ১০০%
তিতাবৰঃ হেমন্ত কলিতাঃ ৬০%
মৰিয়ণিঃ ৰমণী তাঁতীঃ ৯০%
টীয়কঃ ৰেণুপমা ৰাজখোৱাঃ ৮০%
আমগুৰিঃ অংকিতা দত্তঃ ৬০%
নাজিৰাঃ ময়ুৰ বুঢ়াগোহাঁইঃ ৬০%
মাহমৰাঃ যোগেন মহনঃ ৯০%
সোণাৰিঃ ধৰ্মেশ্বৰ কোঁৱৰ: ৯০%
থাওৰাঃ সুশান্ত বুঢ়াগোহাঁইঃ ৬০%
শিৱসাগৰঃ সুৰভি ৰাজকুমাৰীঃ৫%
বিহপুৰীয়াঃ অমিয় ভূঁঞা: ৭০%
নাওবৈচাঃ ভৰত নৰহঃ ৮০%
লখিমপুৰঃ মানব ডেকাঃ ৯০%
ঢকুৱাখানাঃ নৱ দলেঃ ৯০%
ধেমাজিঃ ৰণোজ পেগুঃ ৮০%
জোনাইঃ ভূৱন পেগুঃ ১০০%
মৰাণঃ চক্ৰধৰ গগৈঃ ৯০%
ডিব্ৰুগড়ঃ প্ৰশান্ত ফুকনঃ ১০০%
লাহোৱালঃ বিনোদ হাজৰিকাঃ ৮০%
দুলীয়াজানঃ তেৰছ গোৱালাঃ ৯০%
টিংখংঃ বিমল বৰাঃ ১০০%
নাহৰকটীয়াঃ তৰংগ গগৈঃ ৯০%
চাবুৱাঃ পোণাকন বৰুৱাঃ ৮০%
তিনিচুকীয়াঃ সঞ্জয় কিশানঃ ১০০%
ডিগবৈঃ সুৰেণ ফুকনঃ ১০০%
মাৰ্ঘেৰিটাঃ ভাস্কৰ শৰ্মাঃ ১০০%
ডুমডুমাঃ ৰূপেশ গোৱালাঃ ৯০%
শদিয়াঃ বলিন চেতীয়াঃ ৮০%