Saturday, May 18, 2024
Home Blog Page 63

চিপৰাং ৰাজনীতি মুল্যহীন হল…

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


প্ৰতিটো দলতেই চিপৰাং ৰাজনীতি আছিল আৰু সদায় থাকে । মন্ত্ৰী বিধায়ক প্ৰভাবশালী নেতা সকলো এই চিপৰাং মৰা ৰাজনীতিত স্বীকাৰ হয় । চিপৰাং শক্তিশালী হ’লে নিৰ্বাচনৰ ফলাফলেই সলনি হয় । চিপৰাং মৰা ৰাজনীতি কি আচলতে ? নিৰ্বাচন জিকি মন্ত্ৰী বিধায়ক হোৱাৰ  ইচ্ছা সকলোৰে থাকে । কিন্তু ৰাজনৈতিক দল এটাই এজন প্ৰাৰ্থীকহে টিকট দিব পাৰে , যদিও টিকট প্ৰত্যাশী অধিক থাকে । যিকেইজনে টিকট নাপায় তেওঁলোকে নিজৰ দলৰ প্ৰাৰ্থী জনক গোপনে বিৰোধ কৰে আৰু নিজৰ নিয়ন্ত্ৰণত থকা ভোটখিনি বিৰোধী দলৰ প্ৰাৰ্থীক দিয়াই । এইয়াই হৈছে চিপৰাং ৰাজনীতি । চচিয়েল মিডিয়া অহাৰ আগত বিধায়ক জন দিছপুৰলৈ যোৱা মাত্ৰকেই সমষ্টিৰ মানুহৰ লগত প্ৰতিনিধিজনৰ সংযোগ বিচ্ছিন্ন হৈছিল । মবাইল , মিডিয়া নথকা সময়ত একমাত্ৰ বাতৰি কাকত খনেই আছিল খৱৰ দাঁতা ।  সাংসদৰ ক্ষেত্ৰতটো আৰু অধিক বিপদ আছিল । বিধায়ক বা সাংসদৰ অনুপস্থিতিত জন্ম হৈছিল কিছুমান সয়ম্ভু প্ৰতিনিধি যিসকলে ৰাইজ আৰু প্ৰতিনিধিৰ সাঁকো হৈ কাম কৰিছিল । দালাল প্ৰকৃতিৰ মানুহৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰিছিল নেতাৰ জনপ্ৰিয়তা । কিন্তু যোৱা দহ বছৰত সময় সলনি হ’ল । মবাইল আহিল আৰু পিছে পিছে  আহিল ফেচবুক আৰু ৱাটচএপ । নেতা আৰু ৰাইজৰ মাজত সংযোগ সহজ হ’ল । নেতাৰ প্ৰতিটো মুহুৰ্তৰ খৱৰ ৰাইজে পাবলৈ সক্ষম হ’ল । চ’চিয়েল মিডিয়াৰ প্ৰভাবত আজিৰ পঞ্চায়ত নিৰ্বাচনো নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ বেনাৰত চলা হ’ল । ভোটাৰৰ প্ৰয়োজন বৃদ্ধি পালে । এখন গাঁৱত দুখন চাইকেল থকা অসমীয়া সমাজত এতিয়া ঘৰে ঘৰে মটৰ চাইকেল আৰু প্ৰতিটো চ’কত  গড় হিচাপত এখন চাৰিচকীয়া হ’ল । ৰাস্তা চাই ভোট দিয়া বৰ্ণ হিন্দু অসমীয়া সমাজেও চৰ অঞ্চলৰ ভোটাৰৰ দৰে প্ৰাৰ্থীৰ নাম চাই ভোট দিব শিকিলে । যিটো সময়ত চিপৰাং মৰা ৰাজনীতিয়ে দলক ক্ষতি কৰিছিল সেই সময়ত ভোটাধিকাৰৰ শতাংশ অতি কম আছিল । আজিৰ দিনত ভোটাধিকাৰ সাব্যস্ত কৰা মানুহৰ সংখ্যা প্ৰায় ৮০% ।  কংগ্ৰেছ , বিজেপি বা ইউডিএফ যি দলৰে নহওক বিসম্বাদ কৰি চিপৰাং মাৰিব গ’লে ফলাফল শুন্য । কাৰণ কংগ্ৰেছ ভোটাৰে ৰাহুল গান্ধীক চাই ভোট দিব , বিজেপি ভোটাৰে নৰেন্দ্ৰ মোদীক চাব আৰু ইউডিএফৰ ভোটাৰে বদৰুদ্দিন আজমলক চাইহে ভোট দিব । ২০১৬ ত যিদৰে চিপৰাং মৰা ৰাজনীতিয়ে কামত দিয়া নাছিল , একেদৰে ২০২১ চনতো চিপৰাং এ কাম নিদিয়ে । বৰঞ্চ চিপৰাং মাৰিব যোৱাজনহে বিপদত পৰিব ।

ৰাজনীতি : মহিমা বুজা টান

  • ৰাজেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ ৰাজনীতিৰ দুজন যোদ্ধাৰ মাজত তীব্ৰ বাকযুদ্ধই জমাই তুলিছিল বিটিছি নিৰ্বাচন। নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই তুলিছিল হাগ্ৰামা মহিলাৰীৰ ওপৰত বহু অভিযোগ। আনকি নিৰ্বাচনৰ পিছত হাগ্ৰামাক জেলত  পঠিওৱাৰ ধমকি দিছিল শৰ্মাই। হাগ্ৰামাৰ প্ৰত্যাক্ৰমনো আছিল তীব্ৰ।  নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনাই সকলো  সলনি হ’ল। হিমন্ত বিশ্ব শৰ্মাই ক’লে যে হাগ্ৰামাই দুৰ্নীতি কৰা নাই। দুৰ্নীতি কৰিছে হেনো অ’ফিছাৰ বোৰে। সকলো অবাক। দিনে নিশাই সভা কৰি, ৰোড শ্বো কৰি হাগ্ৰামাক গালি দিয়া মানুহজন হাগ্ৰামাৰ প্ৰতি দুদিন পিছতে নৰম হৈ পৰিল। হাগ্ৰামাৰো একে অবস্থা। ৰাজনীতিত অসম্ভব বুলি একো নাই তথাপিও কিন্তু ইমান সোনকালে নেতাৰ মুখৰ কথাৰ ইমান পৰিবৰ্তন ৰাইজে আশা কৰা নাছিল।
হাগ্ৰামা আৰু বিজেপি যদি মিত্রজোঁট বন্ধনত আবদ্ধ হৈ নিৰ্বাচন খেলিলেহেতেন তেতিয়া বিধ্বস্ত হ’ল হেতেন দুয়োটা দল। তেতিয়া নৱ শৰণীয়াই হয়তো ১৫ খন, প্ৰমোদ বড়োৱে ১৩ খন আৰু হাগ্ৰামাই ৮ খন মান আসন পালে হেতেন। নৱ শৰণীয়াৰ হাতত থাকিলেহেতেন মুছলমানকে ধৰি সকলো অবড়ো ভোট। হিমন্ত বিশ্ব শৰ্মাই যিমানে হাগ্ৰামাক গালি দিছে সিমানে মুছলমানৰ ভোট হাগ্ৰামালৈ গৈছে।  ফলত সকলোতকৈ ক্ষতিগ্ৰস্থ হ’ল নৱ শৰণীয়া আৰু কংগ্ৰেছ-আজমলৰ ,লাভবান হ’ল বিজেপি আৰু হাগ্ৰামা। একে ঠাইতে থাকি গ’ল প্ৰমোদ বড়ো। মন্ত্রীসভাৰ পৰা বিপিএফৰ তিনি মন্ত্রীয়ে পদত্যাগো নকৰিলে। সেয়েহে ক’ব পাৰি যে এয়া বিজেপি আৰু বিপিএফে জানি শুনি লোৱা এটা কেলকুলেটেট ৰিস্ক। নৱ শৰণীয়াই সন্মুখত অন্ধকাৰ দেখি বিজেপিৰ শৰনাপন্ন হৈছে। কংগ্ৰেছ এতিয়াও দোধোৰ-মোধোৰ অবস্থাত আছে। বিপিএফৰ লগত মিত্রতা কৰিলেও বিধানসভা নিৰ্বাচনত বড়োভুমিত এখনো আসন তেওঁলোকে এৰি নিদিব। নৈতিক সমৰ্থন দি বিপিএফক জিকাই আনিলেও নিৰ্বাচনৰ পিছত যে তেওঁলোক লুটিবাগৰ নামাৰিব তাৰ গেৰান্টি নাই। কাৰণ হাগ্ৰামাই নিজেই কয় যে তেওঁ সুবিধাবাদী। শাসক দলৰ লগত থাকি তেওঁ ভাল পায়। মুঠৰ ওপৰত কব পাৰি যে নেতা বিলাকৰ নিৰ্বাচনৰ সময়ত দিয়া ভাষনবোৰৰ কোনো গুৰুত্ব নাই। কেই ঘন্টামানৰ ভিতৰত সকলো সলনি হ’ব পাৰে।

ৰিপুণ বৰাৰ বি প’জিটিভ

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পালে ৯ খন আসন আৰু কংগ্ৰেছে পালে ৩ খন। নিৰ্বাচনৰ পিছত যেতিয়া অসম প্ৰদেশৰ সভাপতি ৰিপুণ বৰাক এই বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে গোটেই ভাৰতৰ ভিতৰত তেওঁৰ প্ৰদৰ্শন হেনো তিনি নম্বৰত। কংগ্ৰেছে সকলোতকৈ বেছি আসন পাইছে কেৰেলাত আৰু তাৰ পিছত পঞ্জাৱত। অসমত কংগ্ৰেছে ৩ খন আসন পাই গোটেই ভাৰতৰ ভিতৰত কংগ্ৰেছৰ প্ৰদৰ্শনৰ ক্ষেত্রত তিনি নম্বৰ স্থানত আছে। ৰিপুণ বৰাই যেতিয়া ইয়াৰ কৃতিত্ব ল’ব বিচাৰিলে তেতিয়া আমাৰ বোধগম্য ন’হল আচলতে তেওঁ কৃতিত্ব লৈছে নে ৰাহুল গান্ধীক উপহাস কৰিছে। ‍বিটিছিৰ নিৰ্বাচনতো এখন আসন পাই আনন্দৰ সীমা নাই সভাপতি মহোদয়ৰ। জীৱনত বি প’জেটিভ থকা ভাল কিন্তু সকলোৰে এটা সীমা থকা উচিত। যি সময়ত বিজেপিয়ে নিজৰ সাংগঠনিক বিস্তাৰৰ বাবে দিনে নিশাই কষ্ট কৰি আছে, সেই সময়তে ৰিপুণ বৰা যুদ্ধক্ষেত্র এৰি পলায়ন কৰিছে। বিটিছি নিৰ্বাচনত দুদিনমান প্ৰচাৰ কৰিয়ে তেখেতে দায়িত্ব সামৰিলে। কোনো ৰকম সংখ্যালঘু ৰাইজৰ কৃপাত কংগ্ৰেছৰ চৰকাৰ কৰি মুখ্যমন্ত্রী হ’ব পাৰিলেই হ’ল। কিন্তু তেখেতে পাহৰিছে যে আজিৰ ৰাজনীতি সলনি হ’ল। টিভি , পেপাৰ, চচিয়েল মিডিয়া আদিৰ যোগেদি ৰাইজে আপোনাক প্ৰতি মুহুৰ্ততে লক্ষ্য  কৰি আছে। কষ্ট কৰিব নোৱাৰিলে , ৰাইজৰ ইছু বুজিব নোৱাৰিলে আজিকালি কোনো দলে ক্ষমতা গঠন কৰিব নোৱাৰে। প্ৰফুল্ল মহন্ত-হিতেশ্বৰ শইকীয়াৰ দিনৰ কথা আছিল সুকীয়া। আজি কালি ৰাজ্যত শতাধিক নিউজ চেনেল আৰু পৰ্টেল। প্ৰতিখন সভা, প্ৰতিটো কথা লাইভ হয়। জীৱনত পজিটিভ থকাটো ভাল। কিন্তু ইমানো বেছি প’জিটিভ কথা ক’ব নালাগে যাৰ দ্বাৰা আপুনি হাহিয়াতৰ পাত্র হয়। সময় থাকোতে আত্ম সন্তুষ্টিৰ পৰিবৰ্তে আত্ম সমালোচনা কৰক। নহ’লে ভবিষ্যত অন্ধকাৰ।

নতুন বছৰত মামা ভাগিন

এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কৰোণাই কোঙা কৰা ২০২০ চনটোৱে অবশেষত বিদায় মাগিলে। আহিল নতুন বছৰ; লৈ আহিছে নতুন আশা। নতুন বছৰত অসমৰ ৰাজনেতাসকলৰ শুভেচ্ছাবাণী কেবল ৰাজনীতি অসমৰ পাঠকৰ বাবেঃ
সুদৰ্শন সোণোৱালঃ নতুন বছৰত নাৰী শক্তিয়ে মোগোলক প্ৰতিহত কৰিব লাগিব। তাৰ বাবে মই সকলোকে ৰঙা ৰঙা স্কুটী দিছো। তোমালোকে হেলমেট পৰিধান কৰি যুজিবলৈ যাবা নহ’লে মোগোলে মুৰ ফালি দিব।
বিমন্ত বিশ্ব শৰ্মাঃ ভাগিন সকলক নতুন বছৰৰ শুভেচ্ছা দিলো। নতুন বছৰত মাছ খোৱা, মাংস খোৱা, নাছা, বাগা। কেবল মদ খাই মোক ৱাটছাপ নকৰিবা। ফোনটোৰে আজিকালি একো শুনা নোপোৱা হৈছো। সিদিনা দিল্লীৰ পৰা মোটা ভাইয়ে ফোন কৰি আছিল; ভুলতে শুকুৰ বুলি ভাবি যা তা কৈ দিলো।
আগ্ৰামা মহিলাৰীঃ ২০২১ত ময়ো সকলোৰে লগত কব খোজো: পৰিবৰ্তন দৰকাৰ; আগ্ৰামা চাৰখাৰ..
কিপুন বৰাঃ নতুন বছৰৰ আগে আগে মাহীজনী গুছি গ’ল। আন আন মাহী-মহাসকলক ক’ব খোজো যে সেইফালে গ’লে টিকট নাপাব। আমাৰ ইয়াত টিকটৰ লগতে দিম B + ৰ টেবলেট।
হামাৰা আজমলঃ মাদ্ৰাছা বন্ধ কৰি এওলোকে নতুন বছৰটো খাৰাপ কৰি দিছে। খং উঠি গ’লে নিজৰ টকা খেৰছ কৰি গৰে গৰে মাদ্ৰাছা খুলিম।
লেনিন গগৈঃ নিজকে এতিয়াও ছাত্র ছাত্র লাগি আছে দেখোন। আমাৰ পুৰণা সন্থাৰ লৰাবোৰক দেখি ভাব হৈছে কোনেও চাকৰি নাপাব। সেয়ে বাপ্পেকে ৫ হাজাৰকৈ দিম।

জাতীয়তাবাদৰ ভয়ংকৰ বিকৃতকৰণ

  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ভাৰতীয় অর্থনীতিৰ ইতিহাসত শেহতীয়া দশককেইটাৰ বিশ্লেষণ গুৰুত্বপূর্ণ। বিশ্বায়নৰ প্ৰভাৱত
মুক্ত অর্থনীতিৰ পোষকতা কৰা ৰাষ্ট্ৰখনত ইতিবাচক অর্থনৈতিক সম্ভাৱনা থকা সত্বেও যেন কৰবাত সূত্রগত ভুল আৰু
গাঁথনিগত ভাৰসাম্যহীনতাই ক্রিয়া কৰিছে। সমান্তৰাল ভাৱে কৃষিপ্রধান দেশখনত কৃষিজীৱি মানুহখিনিৰ স্বাৰ্থ বিঘ্নিত
নোহোৱাকৈ সমান্তৰাল ঔদ্যোগীকৰণৰ নৈষ্ঠিক প্রয়াসৰ ক্ষেত্ৰত বিগত দশকসমূহত প্ৰতিখন চৰকাৰৰ ভূমিকা অতি
নিষ্ক্রিয় দেখা গৈছে। বিশেষকৈ বিগত সময়ছোৱাৰ অধিক কাল শাসনত অতিবাহিত কৰা কংগ্ৰেছ চৰকাৰৰ ভ্ৰষ্টাচাৰ
আৰু দুর্নীতিয়ে এনে এক পর্যায় পাইছিল যে কার্যত তেওঁলোকে বিশ্বায়নৰ সুপ্ৰয়োগে আহৰণত ব্যর্থ হৈ পৰে যাৰ ফলত
নিৰীহ জনতাৰ বাবে ই হৈ পৰিছিল হামাল সদৃশ। ভোট বেংকৰ মোহত পৰি ৰাষ্ট্ৰস্বার্থক জলাঞ্জলি দিয়া আৰু মেকলেৰ ভৱিষ্যত্বাণী অনুসৰিয়েই একাংশ বুদ্ধিজীৱিৰ কু অভিসন্ধিৰ ফলত বিশ্বৰ বৃহত্তম ৰাষ্ট্ৰখন প্ৰচুৰ প্ৰাকৃতিক আৰু মানৱ সম্পদৰ অধিকাৰী হৈও মহাশক্তিত পৰিণত হ’ব পৰা নাই। স্বৰাজোত্তৰ কালত দেশত সর্বত্র ঘণীভূত হোৱা সাংস্কৃতিক সংকট আৰু ক্ষোভ কেন্দ্রিক বিচ্ছিন্নতাকামী ক্ষুদ্র গােষ্ঠী চেতনা ক্রমশঃ দেশৰ অখণ্ডতাৰ ক্ষেত্ৰত আভ্যন্তৰীণ প্রত্যাহ্বানত পৰিণত হৈছে। ইয়াৰ পূর্ণ সুযােগ লৈছে চুকত সােমাই বুকুত কামােৰ দিয়া কু অভিসন্ধি ৰচনাকর্তা সকলে। দেখা গৈছে যে ভাৰতবৰ্ষৰ
অখণ্ডতা ৰক্ষা আৰু সৰ্বভাৰতীয় ঐক্য সাধনৰ দিশত বহু প্রত্যাহ্বান বিয়পি পৰিছে। কার্যত এই দিশসমূহ চালিজাৰি
চোৱাৰ সময় সমাগত।
প্রসংগক্রমে ভাৰতত ক্রমশঃ মুক্ত সমাজখনত যুক্তি আৰু বাস্তৱমুখীতাই গুৰুত্ব লাভ কৰাতাে আশাপ্রদ
সংঘটন। লাহে লাহে যেন তত্ত্বগত সীমাৱদ্ধতাৰে ন সমাজ গঢ়াৰ আস্ফালনৰ বিপৰীতে যৌক্তিক আৰু সুচিন্তিত
প্রক্রিয়াৰে বিভিন্ন মাধ্যমত চেতনা আৰু চিন্তাৰ আদান প্রদানৰ এক কচৰং আৰম্ভ হৈছে। ক্রমশঃ যেন সম মানসিকতাৰ
ব্যক্তিসকলৰ চিন্তাবােৰৰ গুণগুণনি অন্ততঃ শুনিবলৈ পােৱা গৈছে। যেন পৰিৱৰ্তনমুখী এইজাক বতাহৰ খুউব সন্তর্পনে
আগমন হৈছে। প্ৰতিটো পদক্ষেপতেই যেন অসম্ভৱ সচেতন আৰু আবেগ সংযমী এক পৰিক্ৰমা। এই গতি হয়তাে
মন্থৰ নতুবা সময় খৰচী কিন্তু নিশ্চিত ভাৱেই আগন্তুক সময়ত দেশ আৰু দহৰ স্থিতিত এক ইতিবাচক আৰু নিৰ্ণায়ক
ভূমিকা ল’বলৈ সক্ষম হব বুলি আমি বিশ্বাসী। তাহানিতে ভূপেনদাই লিখিছিল “যুৱতী অনামিকা গােস্বামী আৰু যুৱক
প্রশান্ত দাসে/বিয়াত হেনাে কিছু বাধা পালে/ৰাম বাধা পালে/ সেয়ে কাকো নজনাই কামাখ্যা ধামত দুয়াে দুয়ােকো
আহি মালা পিন্ধালে/এয়া প্রশান্ত অনামিকাৰ জাত কুল নেওঁচা হােমাগ্নিৰ যুগ।” সেই দিন আহিব। একেটা নামঘৰতে
খেল ভেদে ভিন্ন সৱাহৰ দিনাে উকলিব। জাত পাতৰ উৰ্ধত সামাজিক সংস্কৃতিৰ প্ৰমূল্যৰ প্ৰতি নিষ্ঠাৱান হ’বলৈ শিকিব
লাগিব আমিবােৰে। ন ন ব্ৰেণ্ডৰ দামী সাজ-সজ্জাৰ পিন্ধনৰ নতুন ধাৰাক অথবা আধুনিকতাক অস্বীকাৰ নকৰাকৈ
সমান্তৰাল ভাৱে কওঁ যে, প্রকৃত ৰুচিবােধ সমাহিত হৈ থাকে প্রগতিশীল যৌক্তিক সংস্কাৰযুক্ত মানসিকতাৰ চৰ্চা আৰু
উত্তৰণত। হয়তাে বহু বিষয় আৰু কথাবােৰ নতুনকৈ আলােচিত হােৱাৰ সময় সমাগত। এই ক্ষেত্ৰত নতুন পুৰুষৰ মত
আৰু চিন্তাৰ ভূমিকা হ’ব অন্যতম। “The sea is symbol of eternity” ভার্জিনিয়া উৰ “ To the
Lighthouse”অত এই কথাষাৰ আছে। সাগৰত সাগৰৰ পানীৰ গতি আৰু ঢৌবােৰে একাকাৰ হৈ পৰে। ঢৌৱেই
সাগৰৰ গতি। আজি এই ঠাইৰ টৌ কাইলৈ আন ঠাইলৈ গতি কৰিছে। এনেদৰেই সঞ্চাৰিত হয় জনচেতনা। গঠন হয়
জনমত। চিন্তাৰ বিনিময় ঘটে আৰু মানসিকতাৰ উত্তৰণ হৈ পৰে প্ৰগতিৰ সােপান। “Take the camera out
into the street” নব্য বাস্তৱবাদৰ শৈল্পিক আদৰ্শৰে অনুপ্রাণিত হৈ অস্থিৰ ৰাজনৈতিক প্রেক্ষাপটতাে ইটালীত
মানৱীয় মূল্যবােধক মুখ্য বিষয় কৰি বিভিন্ন পৰিচালকে চিত্রনাট্য ৰচনা কৰি দেশৰ দৰিদ্ৰ নিপীড়িত মানুহখিনিৰ
দুর্দশাৰ ছবি পােহৰলৈ আনিছিল। এয়াও আছিল এক ৰুচিসম্মত আন্দোলন। জনমত সৃষ্টিকাৰী যুগান্তকাৰী পদক্ষেপ।
চেজাৰাে জাত্তাভিনি আৰু ভিত্তৰিও ডি চিকাৰ দ্বাৰা ১৯৫১ চনত নির্মিত “মিৰাকল ইন মিলান” ছবিখনে কান ছবি।
মহােৎসৱত গ্ৰেণ্ড প্রাইজ পাইছিল আৰু লগতে ছবিখনৰ বিষয়বস্তু বিশ্ব জুৰি সমাদৃত হৈছিল। প্রসংগক্রমে উল্লেখনীয়
যে ৰাজপথত বহি দি, চিঞৰি অথবা টায়াৰ টিউব জ্বলালেই ৰাইজ জাগি উঠিব বুলি ভবাটো বৰ সুবিধাজনক নহ’ব।

বৌদ্ধিক তৈলমর্দন, শ্রেণী আনুগত্য

জাতি আমাৰ ভেটি আমাৰ। ইয়াক ভাল পাবলৈ আমাক কাৰাে অনুমতি আৰু আনুগত্য নালাগে বা আমি
কোনাে প্রমাণ দিয়াৰ প্ৰয়ােজন অনুভৱনকৰাে। জাতীয় প্রগতি ৰাষ্ট্রীয় স্বার্থৰ পৰিপুৰকহে অন্তৰায়নহয়। জাতীয়তাবাদৰ
ভয়ংকৰ বিকৃতকৰণহে জাতিটোক থানবান কৰাৰ লক্ষণ।
কোনাে কর্ণই নিদিয়ে অন্যায়ৰ প্রত্যুত্তৰত মহা দান। গুৰু স্থানীয়ৰ
ভুলক দাঙি ধৰি সন্মান সহ অপতৃণক অস্বীকাৰ নকৰিলে আজিৰ যুৱ সমাজ ভীৰু আৰু নৈৰাজ্যৰ অন্ধ পৃষ্ঠপােষক
বুলি জগতে হাঁহিব। অসম আন্দোলনৰ সময়ত চচিয়েল মিডিয়া নাছিল। কিন্তু কেব আন্দোলনৰ সময়ত ইলেকট্ৰনিক
মিডিয়া , ফেচবুক, ৱাটচএপৰ ফলত নতুন প্ৰজন্মই বুজি পালে বুদ্ধিজীৱীৰ ৰণকৌশল । হিৰেণ গোঁহাই,ময়ূৰ বৰা, প্ৰশান্ত ৰাজগুৰু আদি বুদ্ধিজীৱীৰ মুখাৰ আঁৰৰ মুখ চিনাক্ত হ’ল।অজিত
ভুঞাই আজমলৰ হাতত হাত ধৰি দিল্লী পালে ।বুজাই বুজি পালে ।  ই অসহনীয়।

লো -ষ্টেণ্ডাৰ্ড বেমাৰ

ড ০ সুশান্ত কুমাৰ কাশ্যপ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


দেহৰ মূৰৰ পৰা ভৰিৰ আঙুলিৰ নখলৈকে – ক’ত বেমাৰ নাই । দেহৰ প্ৰতিটো অংগতেই বেমাৰ । মূৰৰ চুলি সৰাৰ পৰা আৰম্ভ কৰি চকু, কাণ, নাক, দাঁত, মুখ , গাল -চবতে বেমাৰ হোৱাৰ সম্ভাৱনা । বাকী দেহৰ মেইন মেইন পাৰ্টচ্ বোৰতো আছেই । বেমাৰবোৰৰ কিছুমান হাই -ষ্টেণ্ডাৰ্ড , কিছুমান লো -ষ্টেণ্ডাৰ্ড। হাই -ষ্টেণ্ডাৰ্ড বেমাৰ হলেতো কামেই শেষ ।
লো -ষ্টেণ্ডাৰ্ড বেমাৰবোৰেও কম জ্বলা নিদিয়ে । ইহঁতে মাৰিব নোৱাৰিলেও পুৰা কাহিল কৰি দিয়ে অৱস্থা । এই লো -ষ্টেণ্ডাৰ্ড বেমাৰ বোৰ হলে কোনেও পাট্টা, গুৰুত্ব নিদিয়ে , চিমপেথিও নেদেখায় , কৰ্মক্ষেত্ৰতো ৰেহাই পোৱা নাযায়, ঘৰুৱা কামবোৰো কৰি থাকিব লগা হয় , মুঠতে ৰক্ষা নাই । এই যে লো -ষ্টেণ্ডাৰ্ড বেমাৰবোৰ, ধৰক -ককালৰ বিষ, পিঠিৰ বিষ, দাঁতৰ বিষ, আঠুৰ বিষ -এইবোৰ কম অসুবিধাজনক নে ! অথচ বিষ হোৱা বুলি ক’লে কোনেও পাট্টাও নিদিয়ে , আনকি ডাক্তৰেও । ‘এহ্, বিষ হে….চবৰে হয়েই; কি নো এনে নোহোৱা বেমাৰটো হ’ল;’ চবেই এনেকৈয়ে কয় ! নতুন বোৱাৰী এজনীয়ে যদি ককালৰ বিষ বুলি শুই থাকে , খেলাই খতম । বিশ্বাসো নকৰে, যিহেতু এই বেমাৰ বোৰ কোনেও দেখা নাপায় ! সচাকৈয়ে বৰ দুখ লগা কথা ।
আজিকালি এই লো -ষ্টেণ্ডাৰ্ডৰ বেমাৰ বোৰ হ’লে কাকো নকওঁ । কিদাল হ’ব কৈ ! কেবল পজিটিভ ভাৱে লওঁ; যদি দাঁতৰ বিষ হয় ভাৱো দাঁতকেইটা অন্তত: আছে, সোলা (দাঁত নথকা) হোৱা হ’লে কত বিষ হ’লহেতেন ! চুলি সৰিছে, পকিছে ; আছে কাৰণেই সৰিছে, পকিছে ; তপা হোৱা হ’লে চুলিৰ বেমাৰ নহলহেতেন ! পিঠিৰ বিষ, তাৰমানে নেদেখা পিঠিখন আছে ঠিকে ঠাকে ; ককালৰ বিষ , তাৰমানে ধুনীয়া লাহি ককাল এখন আছে ; হাৰ্টৰ অসুখ- মানে হৃদয় এখন আছে । মুঠতে চব পজিটিভ । যেতিয়া এই বেমাৰবোৰক পজিটিভলি ট্ৰিট কৰিব, দেখিব সিহত পলাই পত্ৰং দিব ।
মুঠতে থকা কেইদিন be positive ….
সন্ধি‌য়াৰ পৰা দাঁতৰ বিষত ভুগি আছোঁ, দাত নাথাকিলে ক’ত দাঁতৰ বিষ হলহেতেন, আছে কাৰণেহে….

‘২০১৬ ত হাৰি ভাল হ’ল’, ৰাজনীতি অসমৰ সৈতে তৰুণ গগৈৰ শেষ সাক্ষাৎ

  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


আজিৰ পৰা দুই বছৰ আগত আমি প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈদেৱক তেখেতৰ কইনাধৰাৰ বাসভবনত দেখা কৰো। উদ্দেশ্য আছিল অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ হৈ তেখেতৰ সাক্ষাৎকাৰ গ্ৰহণ। আমি তেখেতৰ লগত প্ৰায় ডেৰ ঘন্টা কথা পাতিছিলো। আজি তেখেতৰ মহা প্ৰয়াণৰ পিছত তেখেতক সুৱৰি প্ৰকাশ কৰিছো সম্পূৰ্ণ  সাক্ষাৎকাৰটো।
ৰাজনীতি অসমঃ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ক সময় দিয়া বাবে আপোনাক ধন্যবাদ জনালো ।
তৰুণ গগৈঃ আপোনালোককো ধন্যবাদ ।
ৰাজনীতি অসমঃ আপুনি একেলেথাৰিয়ে অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্রী হৈছিল । আপুনি অসমৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে থকা মুখ্যমন্ত্রী লগতে জনপ্ৰিয় মুখ্যমন্ত্রী । আপোনাৰ ১৫ বছৰীয়া কালচোৱাৰ প্ৰথম দহ বছৰ অসমৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ সময় বুলি কলেও বঢ়াই কোৱা নহব।কিন্তু শেষৰ ৫ বছৰ চৰকাৰখন সফল নহল। তাৰ কাৰণ কি ?
তৰুণ গগৈঃ বিসম্বাদ বাঢ়ি যোৱাটোৱে ইয়াৰ কাৰণ । বিসম্বাদ যেতিয়া দলৰ ভিতৰত বাঢ়ি যায় তেতিয়া Team spirit টো কমি যায়। যিকোনো কাম যেনে খেল , ৰাজনীতি যিয়েই নহওঁক Team spirit  লাগিবই । সেইটোত ঘূনে ধৰিলে শক্তি অলপ কমি যোৱাতো স্বাভাবিক । তেনেকুৱা এটা সময়ত Bureaucracy য়েও  অলপ সুবিধা লব বিছাৰে । তেওঁলোকে চিন্তা কৰে তেওঁলোক কাৰ লগত থাকিব ? তেওঁলোকক মই দোষ নিদিওঁ কাৰণ তেওঁলোকে যাৰ চৰকাৰ হব বা ভবিষ্যতৰ মুখ্যমন্ত্রীৰ লগত থাকিব বিছাৰে । সেই কাৰণে সেই সময়ত কামৰ কিছু অসুবিধা নোহোৱাতো নহয় ।  সেয়ে মই বিষম্বাদটোকে মূল কাৰণ বুলি ভাবো ।
ৰাজনীতি অসমঃ বিগত দুটা বছৰত নতুন চৰকাৰ খনে আগৰ চৰকাৰৰ দিনত আৰম্ভ হোৱা কাম কিছুমানৰ কৃতিত্ব লোৱা বুলি আপুনি ভাবে নেকি?
তৰুণ গগৈঃ বিজেপি কৃতিত্ব লোৱাত পাকৈত কিন্ত্ত চাব লাগিব কাম কাৰ দিনত আৰম্ভ হৈছিল বা কাৰ দিনত বেছি কাম হৈছিল । এতিয়া আনকি মহাত্মা গান্ধীকো তেওঁলোকে হাইজেক কৰে যি মহাত্মা গান্ধীৰ লগত তেওঁলোকৰ আদৰ্শ তেল আৰু পানীৰ নিচিনা । মহাত্মা গান্ধীয়ে সকলো ধৰ্মৰ মানুহক সমান চকুৰে চাবলৈ আৰু সন্মান দিবলৈ কৈছিল । মহাত্মা গান্ধীয়ে গাইছিল ঈশ্বৰ- আল্লা তেৰে নাম সবাকো সন্মতি দে ভগবান । এওঁলোকৰ হিন্দুত্বৰ নীতি অাৰু মহাত্মা গান্ধীৰ ধৰ্ম-নিৰপেক্ষতাৰ নীতিৰ মাজত ক’ত তুলনা হয়? চৰ্দাৰ পেটেলৰ দৰে নেতা যিয়ে মহাত্মা গান্ধীৰ হত্যাৰ পিছত আৰ এছ এছক ban কৰিছিল , সেই চৰ্দাৰ পেটেলকো এওঁলোকে হাইজেক কৰিব খুজিছে ।  সেইহে মই কওঁ যে এই আচনি বোৰ আমি আৰম্ভ কৰাই নহয় ৮০% কাম আমি কৰিছো । ঘৰতো আমি কৰিলো, তেওঁলোকে হয়তো টিংখিনি দি  বাঃ বাঃ লৈছে। কিন্ত্ত আজিৰ মানুহ ইমান মূৰ্খ নহয় । এখন দলং কৰিবলৈ কিমান দিন লাগে এইটো সকলোৱে জানে । এতিয়া বগীবিলৰ কথাও কয়। বগীবিল কাৰ আচনি আছিল ? এতিয়া বাজপেয়ী ডাঙৰীয়াৰ নাম দিব বিচাৰে যদিও এইটো বাজপেয়ীৰ দিনৰ নহয় । বগীবিল আমাৰ আচনি , দেবগৌড়াৰ ঘোষনাৰ আগতে ই আৰম্ভ হৈছে । প্ৰফুল্ল মহন্তৰ দিনতো ই হোৱা নাই,  মই বাজপেয়ীক কোৱাৰ পিছতহে কাম আৰম্ভ হ’ল। কিমান টকা দিছে সেইটো উলিয়াই দিলে হ’ল । বহুখিনি আমি কৰিলো এওঁলোকে শেষৰ খিনি কৰিছে । থিক একে হৈছে শৰাইঘাতৰ দলংখনৰ লগতো । বিজেপিৰ মতে ৭০ বছৰ একোৱেই কৰা নাই । ৭০ বছৰে যদি একো কৰা নাই বাজপেয়ীও একো কৰা নাই । অসমতে আমাৰ দিনত যিমান কাম হৈছে তাৰ তুলনাত এওঁলোকে দুবছৰত কি কৰিছে ? ৰাস্তাৰ অবস্হা বেয়া, হস্পিতালৰ অবস্হা বেয়ালৈ গৈছে, শিক্ষানুস্হানৰ অবস্হা বেয়ালৈ গৈছে । তেওঁলোকে ছয় জাতিৰ জনজাতীকৰণৰ আশ্বাস  দিছিল,  বাংলাদেশী খেদিব বুলি কৈছিল । এতিয়াতো তেওঁলোকে বাংলাদেশীক ৰঙা দলিচাহে পাৰি দিছে citizen amendment bill  আনি । এওঁলোক কথা চহকী চৰকাৰ , কামৰ নহয় ।
ৰাজনীতি অসমঃ ৰাজনীতি অসমে কৰা সমীক্ষা মতে আপুনি এতিয়াও অসম কংগ্ৰেছৰ আটাইতকৈ জনপ্ৰিয় নেতা। গতিকে ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ কথা চিন্তা কৰি দলে যদি আপোনাক সভাপতিৰ দায়িত্ব দিয়াৰ কথা কয় , আপুনি এই দায়িত্ব স্বীকাৰ কৰিবনে ?
তৰুণ গগৈঃ মই সভাপতিৰ দায়িত্ব লোৱাত ইমান আগ্ৰহী নহয় । এইতো নহয় যে মই কোনো দায়িত্ব  লব খোজা নাই , কিন্ত্ত বয়সৰো এটা কথা আছে । অসমৰ চুকে কোণে যদি আমি যাবই নোৱাৰো, কৰ্মকৰ্তা সকলৰ লগত সংগঠনয়েই কৰিব নোৱাৰো , তেতিয়া হলে মই ভাবো মোক দিয়া দায়িত্বতো মই সঠিক ভাবে পালন কৰিব পৰা নাই । সেইখিনি কৰিবৰ বাবে যিমান শক্তি লাগে সেইখিনি মোৰ আছে বুলি মই নাভাবো ।
ৰাজনীতি অসমঃ অসম কংগ্ৰেছৰ সভাপতিৰ বাবে কাৰোবাৰ নাম   প্ৰক্ষেপ কৰিব নেকি ?
তৰুণ গগৈঃ Recommend  নকৰো । এয়া এক গণতন্ত্ৰিক পদ্ধতি । সকলোৰে লগত আলোচনা কৰি এই বিষয়ত সিদ্ধান্ত লব লাগে । মই জনা মতে AICC এ কাকো প্ৰজেক্ট নকৰে ।  কিন্ত্ত এনেকুৱা নহয় যে একপক্ষীয় সিদ্ধান্ত লয়, সকলোৰে লগত আলোচনা কৰিহে সিদ্ধান্ত লয় ।
ৰাজনীতি অসমঃ ৰাজনীতি অসমৰ আন এটা অ’পিনিয়ন প’ল মতে গৌৰৱ গগৈ অসমৰ সকলোতকৈ জনপ্ৰিয় সাংসদ । দলে যদি তেখেতক আৰু অধিক দায়িত্ব দিব বিচাৰে, তেন্তে তেখেত তাৰ বাবে প্ৰস্ত্তত বুলি ভাবেনে?
তৰুণ গগৈঃ তেওঁক অভিজ্ঞতা অাৰু অলপ লাগিব ।  কেন্দ্ৰত কিছুদিন থকা ভাল বুলি মই
ভাবো । কেন্দ্ৰৰ অভিজ্ঞতা নাথাকিলে ভাৰতবৰ্ষৰ নিচিনা এখন জটিল দেশক বুজাটোও টান । অসমৰ নিচিনা ৰাজ্যখনক বুজিবলৈও অলপ সময় লাগিব । ভবিষ্যতৰ কথা মই নকও কিন্ত্ত আজিৰ দিনত তেওঁ যিমান অভিজ্ঞতা লাভ কৰে সেইটোৱে long runত তেওঁক সহায় কৰিব । সেইটো তেওঁৰ কাৰণেও ভাল, ৰাজ্যখনৰ বাবেও ভাল  ।
ৰাজনীতি অসমঃ এই সময়ত দেবব্ৰত শইকীয়া , গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী বুলি ভাব হয় নেকি?
তৰুণ গগৈঃ নহয় । ৰাজনীতিত কিহৰ প্ৰতিদ্বন্দ্বী আছে ? যেতিয়া সময় আহিব কোনে ৰাখিব পাৰে ? এইবোৰ মিছা মিছিহে কৈ থাকে । মইনো ক’ত বিচাৰিছিলো ? এইবোৰ চুটি বুদ্ধি বুলি মই কওঁ । আমাৰ দিনতো এইবিলাক তুলনা হৈছিল । যাৰ ভাগ্য আছে, গুণ আছে সময়ত সি হবই । তাক কোনে বাধা দি ৰাখিব পাৰিব  ।
ৰাজনীতি অসমঃ ক্ষমতাত থকা দল এটাত বিসম্বাদ প্ৰায়ে দেখা যায়। কিন্ত্ত কংগ্ৰেছ দল আজি ক্ষমতাত নাই তথাপিও কংগ্ৰেছ দল কেইবাটাও ভাগত বিভক্ত। তাৰ কাৰণে আপুনি চিন্তিত নহয়নে?
তৰুণ গগৈঃ সেইটো বিৰোধী দলৰো থাকে। মানুহে দেখিছে যে কংগ্ৰেছ দল ক্ষমতা পাও পাও হৈছে সেই কাৰণে ইয়াত বেছিকৈ হৈছে । যিবিলাক দলত আশাই নাই (যেনে চিপিআই) তাত বিসম্বাদ নাই । চিপিএম তো নাই । এতিয়া এজিপিতো অবশ্যে অলপ হৈছে ।  যেতিয়া আশাতো বেছি হয় তেতিয়া groupism অলপ হয় । এইটোলৈ আমি মূৰ ঘূৰাব নালাগে বুলি মই ভাবো । এইটো আজিৰ নহয় , আগেও আছিল । চলিহা আৰু বিঞ্চু মেধিৰ দিনতো এইবিলাক আছিল ।
ৰাজনীতি অসমঃ বিসম্বাদ ৰোধ কৰাত কেন্দ্ৰীয় নেতৃত্ব বিফল হৈছে নেকি?
তৰুণ গগৈঃ নাই হোৱা । এইবিলাক নেহেৰু, ইণ্ডিৰা গান্ধী বা ৰাজীব গান্ধীৰ দিনতো আছিল। এইবিলাক অকল ৰাহুল গান্ধীৰ দিনত যে সৃষ্টি হৈছে তেনে নহয় । অলপ বিসম্বাদ থকাতো ভাল লক্ষন । ইয়ে দলৰ জনপ্ৰিয়তাৰ উমান দিয়ে ।  সেইকাৰণে কৈছো ৰাজনৈতিক দলত অলপ চলপ বিসম্বাদ থাকিবই । বিজেপিতো আছে । আৰ এছ এছে বিসম্বাদ নিয়ন্ত্ৰণ কৰিব পাৰিছে নেকি?   মুৰুলী মোনোহৰ যোশী,যচোবন্ত সিং  আদৱানী,  আদি নেতা সকলৰ মন্তব্যবোৰে জানো বিসম্বাদকে নুসুচায় …
ৰাজনীতি অসমঃ আমাৰ আন এটা অ’পিনিয়ন প’ল মতে ৰিপুন বৰাৰ জনপ্ৰিয়তা খুব কম। তেনে ক্ষেত্রত তেখেতে কেনেকৈ দলতো অাগুৱাই নিব পাৰিব?
তৰুণ গগৈঃ মইতো নাজানো । আমাৰ ৰিপোৰ্টত সেইটো নাই , ৰিপুন বৰাৰ জনপ্ৰিয়তা প্ৰমাণ কৰিব ভবিষ্যতে অসমত হ’ব লগা নিৰ্বাচন বোৰে । পঞ্চায়ত বা লোকসভাৰ নিৰ্বাচনত কি হয় তাৰ  ওপৰত নিৰ্ভৰ কৰিহে এই বিষয়ত ফলাফল দিব পৰা যাব ।
ৰাজনীতি অসমঃ ৰিপুন বৰাই এতিয়ালৈকে দলতো যেনেকে চলাই আছে তাৰ ওপৰত ভিত্তি কৰি তেখেতক আপুনি সফল বুলি ভাবেনে ?
তৰুণ গগৈঃ কামতো চলি আছে । অকল এজনে নোৱাৰে নহয় । মইতো নকও আমাৰ দিনত অকল ময়ে কৰিছিলো । হয় এজনে নেতৃত্ব দিব লাগে কিন্ত্ত সকলো কাম এজনে নোৱাৰে । কেন্দ্ৰতো অকল ৰাহুল গান্ধীয়ে পাৰিব নেকি ?  তেওঁ নেতৃত্ব দিব লাগিব, inspiration যোগাব লাগিব । অসমতো যদি আমি কোনোৱে কাম নকৰো অকল ৰাহুল গান্ধীৰ সবল নেতৃত্বৰে হ’ব নেকি ? সবল নেতৃত্ব হ’ল মানুহক inspire কৰিব পৰাতো বা যাৰ ওপৰত মানুহৰ আস্হা  থাকে।
ৰাজনীতি অসমঃ বৰ্তমানৰ সোনোৱাল চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শুন্য সহনশীলতাৰ কথা কৈ থাকে। দুৰ্নীতি ৰোধ কৰাত তেওঁলোক কিমান সফল হোৱা বুলি ভাবে?
তৰুণ গগৈঃ তেওঁলোক যদি সফলেই হৈছে বস্ত্ত বাহানীৰ দাম কিয় বাঢ়িছে? তেওঁলোকৰ বিধায়ক সকলৰ বিৰুদ্ধে চিণ্ডিকেটৰ অভিযোগ কিয় উঠিছে? আমাৰ ১৫ বছৰত কোনো এজন বিধায়কৰ বিৰুদ্ধে demonstration  হোৱা নাছিল। তেওঁলোকৰ বিধায়ক ফুকন আৰু ভাস্কৰৰ নামত  demonstration  চলিছে । চিণ্ডিকেট চলোৱাৰ অভিযোগত demonstration  হোৱাতো কিমান ডাঙৰ কথা। মুখ্যমন্ত্রীয়ে জিৰো টলাৰেন্স বুলি কৈ থকাৰ পিছতো তেওঁলোকৰ মন্ত্রী বিধায়কৰ বিৰুদ্ধে অভিযোগ উঠিছে। হিমন্ত বিশ্ব আমাৰ দিনত মন্ত্রী হৈ থাকোতে তেওঁৰ বিৰুদ্ধে বিজেপিৰ সকলোতকৈ বেছি অভিযোগ আছিল। আমাৰ তাত চোৰ ডকাইট আৰু তেওঁলোকৰ তাত গ’লে  ঋষি-মুনি হৈ যায় 
ৰাজনীতি অসমঃ এপিএছচিৰ সংস্কাৰৰ ক্ষেত্রত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি আপুনি নাভাবেনে?
তৰুণ গগৈঃ কৰিছে হয় কিন্ত্ত ২০১৬ চনতো নধৰে কিয়? আচল ঘটনাতো ২০১৬ চনৰ পৰাহে ওঁলাইছে। ২০১৬ চনত যাৰ পৰা টকা  লৈছিল সেই ছোৱালীজনী কোন চনত পৰীক্ষা দিয়া ? আজি দুৰ্নীতিৰ অভিযোগত কেবল lower  লেভেলৰ মানুহক ধৰি আছে। দুবছৰৰ পিছততো দুৰ্নীতি বন্ধ হৈ যাব লাগিছিল কিন্ত্ত  আজিও হৈ আছে। সকলোতে দেখিছো কেবল lower leverৰ মানুহক ধৰিছে, higher level ৰ ধৰা নাই। দুৰ্নীতি কি অকল  lower level ত হৈছে নেকি? IAS  ক’ত ধৰিছে? local officer অাৰু সৰু সৰু  officer  বোৰ ধৰি আছে খালি। কেবল পুঠি মাছ ধৰি আছে ৰৌ বৰালিতো ধৰিব পৰা নাই। নধৰে কিয়?
ৰাজনীতি অসমঃ কেইদিনমান আগতে অসমীয়া সাপ্তাহিক বাতৰি কাকত এখনত প্ৰকাশ পাইছিল যে আৰক্ষী বিষয়া মুকুল শইকীয়াই গৃহ বিভাগক ৰাকেশ পালৰ বিৰুদ্ধে প্ৰতিবেদন দিছিল। কিন্ত্ত আপোনাৰ চৰকাৰে তাৰ ওঁপৰত গুৰুত্ব নিদিলে। কথাটো সচা নেকি?
তৰুণ গগৈঃ মিছা কথা। মোৰ ওঁচৰলৈ অহা নাই। প্ৰতিবেদন দিবলৈ তেওঁ কোন? DG য়ে দিব লাগিছিল। মোলৈ কাগজখন কাৰ পৰা আহিব? তেওঁৰ পৰাতো নাহে, DG ৰ পৰাহে আহিব। অাৰু এটা কথা.. দুৰ্নীতিৰ বিৰুদ্ধে শুন্য সহনশীলতা থকা চৰকাৰখনে তেওঁক কিয় গুছালে? মই তেওঁক সৎ বিষয়া  নহয় বুলি কোৱা নাই কিন্ত্ত ইমানেই যদি সৎ তেন্তে এই চৰকাৰখনে তেওঁক কিয় গুছালে? আমি তেতিয়া অনুসন্ধান নকৰাও নহয়। সুভাষ চন্দ্ৰ বৰাই অনুসন্ধানো কৰিছিল। আমি ৰাকেশ পালৰ বিৰুদ্ধে CBI লৈকে গৈছিলো কিন্ত্ত supreme court ৰ পৰা তেওঁ stay  কৰাই ললে। ইয়াৰ কাৰণ তেওঁৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণ নাই। এইবাৰ সুবিধা হল কাৰণ প্ৰত্যক্ষ প্ৰমাণ পাই গ’ল ছোৱালী জনীৰ জৰিয়তে। আমাৰ দিনতো কেছ হৈছিল যদিও প্ৰমাণ নাছিল।
ৰাজনীতি অসমঃ বহুতে কব খোজে আপোনাৰ চৰকাৰখন দুৰ্নীতি ৰোধৰ ক্ষেত্রত উদাসীন অাছিল। কথাটো হয় নেকি?
তৰুণ গগৈঃ উদাসীন কেনেকৈ হ’ব? সকলো অভিযোগৰ ভিত্তিতহে হয়।কোনোবাই অভিযোগ কৰাৰ পিছত যদি আমি কাম নাই কৰা তেতিয়া কথাটো বেলেগ। মই যদি উদাসীন  আছিলো লোকায়ুক্ত বা ভিজিলেন্সক কেছ নিদিলে কিয়?  লোকায়ুক্তটো ন্যায়াধীষ এজনে কৰে। তেওঁৰ তাত  কেলেই ন’গল? তেওঁৰ তালৈ যাব লাগিছিল। কোনোৱেতো যোৱা নাই। এইবিলিকাত যোৱাৰ পিছতো যদি কয় মই বাধা দিছো তেতিয়াহে মই responsible.
ৰাজনীতি অসমঃ এই চৰকাৰখনে বিভিন্ন ধৰণৰ আচনিৰ কথা ঘোষণা কৰি আছে যেনে বিভিন্ন জিলাত কেঞ্চাৰ হস্পিটাল, প্ৰত্যেক গাওঁত ট্ৰেক্টৰ, সকলো কাঠৰ দলং পকীকৰণ ইত্যাদি। এইবোৰ কামৰ বাবে চৰকাৰক কৃতিত্ব দিবনে?
তৰুণ গগৈঃ আজি দুবছৰে কি কৰিলে? কৰিব বুলিহে কৈছে মোক কৰি দেখুৱাক। প্ৰতিশ্ৰুতি ঢেৰ দিলে । কেঞ্চাৰ হস্পিটালৰ কিছু কিছু হয়তো হব পাৰে কাৰণ এইটো টাটাই কৰিব। এইটো চৰকাৰৰ ফালৰ পৰাতো নহয় , তেওঁলোকে credit কিয় পাব? GMC ৰ  টাটখনত ডাক্তৰ নাই। যেনিবা টাটাই টকাই দিলে ডাক্তৰ নাথাকিলে কেনেকৈ কাম হ’ব? মডেল হস্পিটাল বোৰতো ডাক্তৰ দিব পৰা নাই, ঔষধো নাই । এওঁলোকে আচনিৰ কথা কৈ থাকে কিন্ত্ত আমি চাব লাগিব মানুহৰ আগতকৈ সুবিধা হৈছে নে নাই। আমি উন্নয়ন এটা লেভেললৈ কৰি  গ’লো। এই দুবছৰত বেছিহে উন্নয়ন হ’ব লাগিছিল । মইতো পিছলৈ যোৱাহে দেখিছো। আগুৱাই যোৱাতো মই দেখা নাই।
ৰাজনীতি অসমঃ এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ কথা কৈ থকা হৈছে । সেইখনক লৈ আমি আপোনাৰ দলৰ মাজতো দ্বিমত এটা দেখা পাইছো বৰাকত এটা মত দিছে, ব্যক্তিগত ভাৱে, দলীয় ভাৱে নহয় । ইয়াতে অাপুনি অাৰু ৰিপুন বৰা ডাঙৰীয়াই সেইখনৰ বিৰোধিতা কৰিছে । এনেক্ষেত্ৰত যদি বিলখন সংসদত উত্থাপন হয় তেতিয়া কেন্দ্ৰীয় নেতৃত্বই কি কৰিব ?
তৰুণ গগৈঃ মই বিৰোধিতা কৰিছো আৰু মই ভাৱো কেন্দ্ৰীয় নেতৃত্বই বিৰোধীতা কৰিব ।
ৰাজনীতি অসমঃ ২০১৯ চনৰ নিৰ্বাচন আহি আছে । ৰাজনীতি অসমৰ ফালৰ পৰা জুলাই এটা অ’পিনিয়ন প’ল কৰা হৈছিল আৰু তাত ইণ্ডিয়া টুডে আৰু আমাৰ যি অ’পিনিয়ন প’ল দুয়োটাতে প্ৰায় এনে এটা অ’পিনিয়ন দিছে যে নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ তুলনাত ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বহু কম । এই ক্ষেত্ৰত কংগ্ৰেছ অকনমান বিপদত পৰিব পাৰে নেকি ?
তৰুণ গগৈঃ কেনেকৈ পৰিব ? এতিয়াটো সকলোতে আমাৰ কংগ্ৰেছৰ উত্থানহে দেখুৱাইছে । যদি ইউ.পি.এৰ উত্থান হৈছে, ৰাহুল গান্ধী কেনেকৈ কমিলে ? এন.ডি.এ অাৰু আমাৰ আসনৰ পাৰ্থক্য অলপহে দেখুৱাইছে । যিবিলাকে চাৰ্ভে দেখুৱাইছে তাত এফালে কৈছে ইউ.পি.এ বেছি আসন পাব, আনফালে কৈছে ৰাহুল গান্ধীৰ জনপ্ৰিয়তা কমি গৈছে । এইটো টো Full of contradiction.
ৰাজনীতি অসমঃ ২০১৯ চনৰ নিৰ্বাচনত আসন কিমান মান পাম বুলি ভাৱে অসম তথা গোটেই ভাৰতবৰ্ষত ?
তৰুণ গগৈঃ অসমতটো আমি আগতকৈ বেছি পাম বুলি ধৰি লৈছো । আমাৰ লাহে লাহে improve হৈ গৈ আছে । গোটেই ভাৰতবৰ্ষতে দেখুৱাই আছে  আমি লাহে লাহে ওপৰলৈ আগুৱাই গৈ আছো। এতিয়া তেওঁলোক অাৰু আমাৰ মাজত আসনৰ অলপ পাৰ্থক্য । সকলোতে এতিয়া আমাৰ উত্থান দেখুৱাই আছে । তাৰ কৃতিত্বটো ক’ত যাব ? ৰাহুল গান্ধিলৈ নগৈ কলৈ যাৱ ? ৰাহুল গান্ধীৰ নেতৃত্বত আজি দুয়োটা পাৰ্টী ওচৰ পালেগৈ । সেইবোৰ আমাৰ চাৰ্ভে নহয় । সেইবোৰ আন আন চেনেলবোৰে কৰা চাৰ্ভে । ৰাহুল গান্ধী আজি পাৱাৰতো নাই, সেইবোৰ মেনুপুলেটো কৰিব নোবাৰে । মেনুপুলেট কৰাৰ কেপাচিতি কেৱল মোডী ডাঙৰীয়াৰহে আছে ।
ৰাজনীতি অসমঃ মহাজোঁটৰ কথা কৈ আছে কংগ্ৰেছে । বিজেপিৰ বিপক্ষে অকলে যুজ দিয়াত কিবা শংকা আছে নেকি ? নে অকলে নোৱাৰিব কংগ্ৰেছে ?
তৰুণ গগৈঃ আজিকালি সকলোতে অলপ নহয় অলপ মিত্ৰতা আছেই । আমিও বিচাৰো ঠায়ে ঠায়ে মিত্ৰতা  । মহাজোঁট অবিহনেই ইউ.পি.এ.ক এন.ডি.এ.ৰ ওচৰ দেখুৱাইছে  আৰূ কেইমাহ মান আছেই । এতিয়া যিটো সমীক্ষা দেখাই আছে এইটোৱে ইউ.পি.য়েক অকলে জিকাৰ সম্ভৱনা দেখাইছে ।
ৰাজনীতি অসমঃ এন.আৰ.চি.ক লৈ গৃহযুদ্ধৰ কথা কৈছিল মমতা বেনাৰ্জীয়ে । তেখেতৰ সৈতে  মিত্ৰতা কিবা ভাৱিছে নেকি ?
তৰুণ গগৈঃ মিত্ৰতাৰ কথা মই নাজানো । সেইটো দিল্লীয়ে জানে । কিন্তু মমতাৰ লগত আমাৰ পাৰ্থক্য আছে ।  মমতাই হয়তো NRC নিবিচাৰে বেলেগ কথা, আমি বিচাৰো । অসমৰ ৰাজনীতি অাৰু বেংগলৰ ৰাজনীতি একে নহয় ।  তাৰ কাৰণে আমি মত প্ৰকাশ কৰিম ।  তেওঁৰ স্বাৰ্থ বেলেগ হ’ব আৰু আমাৰ স্বাৰ্থ বেলেগ হ’ব । এক হলে ভাল । এক নহলেও আমি  ৰিজোনেল অনুভুতিটো আগতেও বাদ দিয়া নাই আৰু এতিয়াও বাদ নিদিও ।
ৰাজনীতি অসমঃ আমি দেখিছো বিজেপি চোচিয়েল মিডিয়াত যথেষ্ট এক্টিভ হৈ পৰিছে আৰু প্ৰচাৰৰ সুবিধা হৈছে । এই ক্ষেত্ৰত কংগ্ৰেছ কিদৰে আগবাঢ়িছে ?
তৰুণ গগৈঃ এইটো ঠিক যে মোডি ডাঙৰীয়া প্লাব্লিচিতিতে হওক, চোচিয়েল মিডিয়া হওক, মাৰ্কেটিংত হওক, চেলচত হওক আমাতকৈ বহু  এক্সপাৰ্ত । চেলচমেনটো বেছি কেতিয়া দৰকাৰ হয় ? যেতিয়া বস্তুটো বেয়া হৈ থাকে । মোৰ বস্তু ভাল, এইটো কিনক । ভাল বস্তু মানুহে এনেয়ে কিনে ।  সেই কাৰণে তেওঁলোকে মাৰ্কেটিং, চোচিয়েল মিডিয়াত বেছি যোৰ দিছে  ।  তেওঁলোকে  আমাতকৈ আগত আছে হয়, কিন্তু আমিও সমানে আগুৱাই যোৱাতো দৰকাৰ আজিৰ যুগত ।
ৰাজনীতি অসমঃ আপুনি অসমৰ একমাত্ৰ এনে এজন ৰাজনৈতিক নেতা যিজনে এসময়ত কৈছিল “হু ইজ বদৰুদ্দিন আজমল ?”  গতিকে আপোনাৰ সেই স্থিতি আজিও আছেনে ?
তৰুণ গগৈঃ   ইয়াত বদৰুদ্দিন বুলি কথা নাই । বদৰুদ্দিন আজমল মোৰ কাৰণে ব্যক্তিগত শত্ৰু নহয় । মই বিৰোধ কৰিছো তেওঁৰ সাম্প্ৰদায়িক নীতিটোক । দিল্লীয়ে মোক বহুবাৰ তেওঁৰ লগত মিত্ৰতা কৰিবলৈ 
কৈছিল , কিন্তু মই কৰা নাই আৰু নকৰো ।
ৰাজনীতি অসমঃ  তেখেতসকলৰ লগত মিত্ৰতাৰ আপুনি কোনো পোষকতা নকৰে নেকি ?
তৰুণ গগৈঃ নাই মই নকৰো ।
ৰাজনীতি অসমঃ আপোনাক যোৰহাটৰ পৰা লোকসভাৰ টিকত দিয়াৰ কিবা কথা আলোচনা হৈছে নেকি ?
তৰুণ গগৈঃ নাই তেনে কোনো হোৱা নাই আৰু হলেও মই নকৰো ।
ৰাজনীতি অসমঃ অলপ বেলেগ প্ৰসংগলৈ আহিছো, বিজেপিৰ ত্ৰিপুৰা জয়ৰ পিছত হিমন্ত বিশ্বৰ ছবি ৰাষ্ট্ৰীয় স্তৰত যথেষ্ট জনপ্ৰিয় হৈছে । তেখেত কৃতৃত্বটো বুটলিছে । সেয়েহে তেখেত যদি ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ গুছি যায় তেন্তে অসমত বিজেপিক প্ৰতিহত কৰা আপোনালোকৰ বাবে সহজ হব নেকি ? বহুতে কৈ আছে তেখেতক এতিয়া চেণ্টাৰলৈ লৈ যাব ।
তৰুণ গগৈঃ একো নাই । তেখেত এজন ইনডিভিজুৱেল মাত্ৰ । তেওঁতো আমাৰ লগতে আছিল  লোকসভাত । তেওঁৰ সমষ্টিতে কিয় হাৰিলে ? তেতিয়া তেওঁ আনকি কৈছিল “মোডীৰ পাইপত ……, মোডীক কেজৰিৱালৰ নিচিনাকৈ ….” । ইমানলৈকে গৈছিল, আমি তালৈকে নাযাওঁ । আমি সেইটো লেভেললৈ নাযাওঁ । তেওঁ কিমান কংগ্ৰেছী আছিল? তৰুন গগৈতকৈ এখাপ বেছিহে কংগ্ৰেছী আছিল। সেইজনে জাপ মাৰি যোৱা নাই জানো ?
ৰাজনীতি অসমঃ বহুতে ভাৱে তেখেতে কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰিলে অসমৰ ভাল হব । আপুনি কি ভাৱে ?
তৰুণ গগৈঃ মোডীয়ে একো এটা কৰিব পৰা নাই, হিমন্ত বিশ্বই কেন্দ্ৰলৈ গৈ অসমৰ কি উন্নতি কৰিব? তেওঁ দুবছৰ ধৰি ফাইনেঞ্চ মিনিষ্টাৰ । কি কৰিলে ? স্বাস্থ্য বিভাগৰ তেওঁ মোৰ দিনৰ পৰা মিনিষ্টাৰ । এতিয়া আগতকৈ ভাল হৈছেনে কি হৈছে খবৰ ললে হ’ল । আগেয়েটো ফাইনেঞ্চৰ বাবে মোৰ ওচৰলৈ আহিব লাগিছিল । এতিয়াটো আহিবও নালাগে । তেওঁ নিজে চেংচন কৰিব পাৰে । সেইটো কেপাচিতি আছে । শিক্ষা বিভাগটো নিজে নোৱাৰি আনক দি থৈ গৈছে । বহুত কিবা কিবি প্ৰতিশ্ৰুতি দি এতিয়া দেখিছে যে তেওঁৰ দ্বাৰা নহ’ব । এতিয়া ৰাস্তাৰ কথা কয়, কেতিয়া হ’ব ৰাস্তা? এই বছৰত কিমান হ’ব তাৰ Target দিয়ক ।
ৰাজনীতি অসমঃ এখন কিতাপৰ কথা কৈছো “The Last Battle of Saraighat” । কিতাপখনত কৈছে যে ২০১১ চনৰ নিৰ্বাচনৰ পিছত আপোনালোকৰ জেষ্ঠ্য  নেতা দিগ্বিজয় সিং এ বিচাৰিছিল যে হিমন্ত বিশ্ব শৰ্মা মূখ্যমন্ত্ৰী হওক । কথাটো সচাঁ নেকি ?
তৰুণ গগৈঃ হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছিলে আৰু বহু নেতাই এনকাৰেজ কৰিছিল । মই তেওঁক ডিপুতি মূখ্যমন্ত্ৰী দিছিলো । হিমন্ত বিশ্ব শৰ্মাৰ বিসম্বাদীৰ গুৰিতে কংগ্ৰেছৰ বহু নেতা আছিল । কিন্তু হাই কামাণ্ডৰ মোৰ ওপৰত আস্থা আছিল, সেয়ে মই থাকিলো ।
ৰাজনীতি অসমঃ আপুনি এতিয়া কংগ্ৰেছ  ৱৰ্কিং কমিতিৰ সদস্য অাৰু বহু বছৰ ধৰি প্ৰত্যক্ষ ভাৱে ৰাজনিতিত জড়িত । ১৯৭১ চনৰ পৰা আপিুনি এম.পি. হ’ল, মিনিষ্টাৰ হ’ল । যদি ২০১৯ চনৰ নিৰ্বাচনৰ বাবে ৰাহুল গান্ধীয়ে আপোনাৰ পৰা কিবা পৰামৰ্শ বিচাৰে কি পৰামৰ্শ দিব ?

তৰুণ গগৈঃ মই যেতিয়াই যাওঁ, মোৰ লগত ৰাহুল গান্ধীয়ে কথা পাতে । অকল অসমৰ ৰাজনীতি নহয় গোটেই ভাৰতবৰ্ষৰ কথা পাতে । ৰাহুল আৰু ছোনীয়া গান্ধী দুয়ো মোৰ কথাত গুৰুত্ব দিয়ে। মই CWC ৰ সদস্য হোৱাৰ আগতো মোৰ লগত কথা পাতিছিল তেওঁলোকে ।  তেওঁ নিজেও বিভিন্ন বিষয়ত মোৰ মতামত গ্ৰহণ কৰে। আগতে মোক তেওঁ কেতিয়াবা কিবা দায়িত্ব দিব খুজিলে মই উপদেষ্টা হিচাপেহে থকাৰ সন্মতি দিছিলো কাৰণ  tour  কৰাত মোৰ অসুবিধা আছিল। যোৱাবাৰ নিৰ্বাচনৰ আগেয়ে মই ৰাহুল গান্ধীক কৈছিলো যে আমি এইবাৰ নিজিকো আৰু ময়ো যোৱাবাৰ হাৰিবলৈ বিচাৰিছিলো । মই এই কথাটো গৌৰৱকো কৈছিলো । মই জানিছিলো যে এইবাৰ মই জিকিলে অলপ দিনৰ কাৰণে মানুহে মোৰ গুণ গাব, তাৰ পিছত মোক  condemn কৰিব। মানুহে আমাক প্ৰতিশ্ৰুতী পুৰণ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিব। এতিয়া মোৰ ৰাজনীতি ভাল  , এই চৰকাৰখনৰ লগত আমাৰ চৰকাৰৰ  তুলনা কৰিলে পাৰ্থক্যটো ৰাইজে গম পাব । ২০১৬ ত হাৰি ভাল হ’ল বুলি মই ভাবো । It was blessing in disguise.

ৰাজনীতি অসমঃ আপোনাৰ লগত কথা পাতি ভাল লাগিল। আমাক বহু সময় দিলে , তাৰ বাবে ‘ৰাজনীতি অসম’ৰ ফালৰ পৰা ধন্যবাদ  লগতে আপোনাৰ সুস্বাস্হ্য কামনা কৰিছো।

তৰুণ গগৈঃ ধন্যবাদ।

বীৰে সদায় বীৰৰ দৰে বিদায় ল’ব লাগে

  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সমুজ্জ্বল ভট্টাচাৰ্য্যৰ বৰ্তমান বয়স প্ৰায় ৫৫ বছৰৰ ওচৰা ওচৰি। যিবিলাক ছাত্রক তেখেতে নেতৃত্ব দি আছে সেই ছাত্রবিলাকৰ  গড় বয়স  প্ৰায় ১৬ বছৰ।  যিহেতু ‘আছু’ ইমান বছৰে তেখেতৰ নিয়ন্ত্ৰণত আছে ,  তেখেত থকালৈকে সভাপতি, সম্পাদকৰ  ক্ষমতা  সীমিত ।অতি আমোদ জনক কথা এটা হ’ল যে সমুজ্জ্বল ভট্টাচাৰ্য্যই সম্পাদক পদ ত্যাগ কৰাৰ পিছত যিকেইজন নেতাই সভাপতি আৰু সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল তাৰ প্ৰতিজনেই এতিয়া বিভিন্ন দলৰ একো একোজন নেতা । বিধায়ক সাংসদ মন্ত্ৰী সকলো আছে । প্ৰবীন বড়ো, অমিয় ভুঞা , শংকৰ প্ৰসাদ ৰয় , তপন গগৈ সকলো এতিয়া ৰাজনৈতিক দলৰ সদস্য । সমুজ্জ্বল ভট্টাচাৰ্য্যৰ সহকৰ্মী মুখ্যমন্ত্ৰী পৰ্যন্ত হল ।  সমুজ্জ্বল ভট্টাচাৰ্য্য আছুৰ মজিয়াৰ এজোপা বট গছ।যি ডাল গছে সকলোকে আশ্ৰয় দিয়ে । পক্ষী কুল , প্ৰাণী কুল আৰু উদ্ভিদ কুলৰ আশ্ৰয় আৰু জীৱন । কিন্তু এইয়াও সত্য __ বট গছৰ ওচৰত  আন গছে কেতিয়াও বৃক্ষৰ আকাৰ ল’ব নোৱাৰে ।
ভট্টাচাৰ্য্য ডাঙৰীয়াই অসমৰ বাবে বহুত কৰিছে আৰু বহুত কৰাৰ থল আছে। আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটত আছুৰ মজিয়াখন তেখেতৰ বাবে সৰ্বোত্তম বিকল্প নহয় বুলি বহুতে ধাৰণা কৰে। কাৰণ দুলিয়াজান অধিবেশনত লুৰিণ জ্যোতি গগৈৰ ভাষণত আগতে কেতিয়াও নোহোৱা নেতিবাচক ঘটনাৰ ঘটি গ’ল । ” অসমীয়াভাষী জাতীয়তাবাদ তিনি চকীয়া অটো এখন । চকা কেইটা হৈছে আলফা , অগপ আৰু আছু ”। আছুক আলফা আৰু অগপৰ পৃথক চিনাকী দিবলৈ সক্ষম হোৱা ব্যক্তি গৰাকী আছিল সমুজ্জ্বল ভট্টাচাৰ্য্য । তেনেস্থলত বৰ্তমানৰ অসম জাতীয়  পৰিষদ দল গঠন তেওঁৰ ভুমিকা সহজেই অনুমেয় । বৰ্তমান সময়ত অগপ বা আলফাৰ বা স্থিতি সৰ্বজন বিদিত ।  সেয়ে উচিত সময়ত উচিত সিদ্ধান্ত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ পৰা সকলোৱে আশা কৰে । ৰাইজে ভাবে যে  সমুজ্জ্বল ভট্টাচাৰ্য্যৰ পৰা এতিয়াও বহু পাবলৈ বাকী আছে এটা জাতিয়ে । কিন্তু স্থান সলনি কৰাটো সময়ৰ আহ্বান । সমুজ্জ্বল ভট্টাচাৰ্যই আছুৰ পৰা অবসৰ লোৱা-নোলোৱাৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব নিজৰ বিবেকৰ ওপৰত এৰি দিছে। আমাৰ বিবেকৰ মতে ইতিমধ্যে বহুত দেৰি হৈ গ’ল। তেখেতে আজিৰ পৰা কমেও দহ বছৰ আগতেই আছুৰ পৰা অবসৰ ল’ব লাগিছিল। পদবীত নাথাকিলেও আছুক সেৱা কৰিব পৰা যায়। লুৰিণে ঠিক কথা কৈছে “সকলো বস্তুৰে এটা সময় থাকে।” ৫৫ বছৰৰ পিছতো ছাত্র সন্থাত থাকি গ’লে ভট্টাচাৰ্য ডাঙৰীয়া বহুতৰে সমালোচনাৰ সন্মুখিন হ’ব লাগিব যি আমি নিবিচাৰো। বীৰে সদায় বীৰৰ দৰে বিদায় ল’ব লাগে।

ৰঞ্জিত-ৰিপুণ-অতুল পৰাজিত হ’ব

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ৰাজনীতি অসমৰ নৱেম্বৰ মাহৰ অ’পিনিয়ন প’ল আছিল অসমৰ তিনিটা প্ৰধান দলৰ সভাপতি সকলৰ ২০২১ৰ নিৰ্বাচনত জয়ৰ সম্ভাবনীয়তাৰ বিষয়ে। আমি জানিব বিচাৰিছিলো ২০২১ত বিজেপিৰ সভাপতি ৰঞ্জিত দাস সৰভোগৰ পৰা, কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা গহপুৰৰ পৰা আৰু অতুল বৰা বোকাখাতৰ পৰা জয়ী হ’ব পাৰিবনে? ১ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ চলা আমাৰ অ’পিনিয়ন প’লৰ ফলাফল আছিল এনেধৰণৰঃ
সৰভোগত ৰঞ্জিত দাস
জয়ৰ সম্ভাবনাঃ ৪৭.৪%
পৰাজয়ৰ সম্ভাবনাঃ ৫২.৬%
গহপুৰৰ পৰা ৰিপুণ বৰা
জয়ৰ সম্ভাবনাঃ ৪২.১%
পৰাজয়ৰ সম্ভাবনাঃ ৫৭.৯%
বোকাখাতৰ পৰা অতুল বৰা
জয়ৰ সম্ভাবনাঃ ৩৬.৮%
পৰাজয়ৰ সম্ভাবনাঃ ৬৩.২%
আমাৰ অ’পিনিয়ন প’লৰ পৰা এইকথা স্পষ্ট হ’ল যে তিনিজন সভাপতিয়ে ২০২১ৰ বিধানসভা নিৰ্বাচনত প্ৰবল প্ৰত্যহ্বানৰ সন্মুখীন হ’ব। ৰিপুন বৰা ৰাজ্যসভাৰ সাংসদ। সেয়েহে নিশ্চিত পৰাজয়ৰ কথা জানি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সম্ভাবনা অধিক। ৰঞ্জিত দাস আৰু অতুল বৰা বৰ্তমান বিপাঙত পৰিছে। সমষ্টি সলনি কৰিলে ভুল বাৰ্তা যাব নকৰিলেও উপাই নাই। সেয়েহে অন্তিম সময়ত এই দুজন নেতাই কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ’ব। ২০২১ত বিজেপি মিত্রজোঁটৰ চৰকাৰ হ’লে দুয়োজন নেতাৰ কেবিনেটত স্থান প্ৰায় নিশ্চিত। তেনেস্থলত এওলোকে কেনেকৈ বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ কৰে সেইটোহে ডাঙৰ প্ৰশ্ন।

তৰুণ গগৈৰ পিছত অসমৰ ৰাজনীতি

  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


১৯৯৬ চনৰ পৰা ২০০১ চনৰ অসম। মুখ্যমন্ত্রীৰ আসনত আছিল প্ৰফুল্ল কুমাৰ মহন্ত। ৰাতিপুৱা বাতৰি কাকত খুলিলেই গুপ্তহত্যাৰ খৱৰ। চৰকাৰী কৰ্মচাৰীয়ে দৰমহা নাপায়, ঠিকাদাৰে লাভ নকৰে বিল। তাৰ মাজতে কেবিনেট মন্ত্রী নগেন শৰ্মাক হত্যা। মুঠতে সন্ত্রাসবাদীয়ে দপ দপাই থকা এখন ৰাজ্য। সচেনত অসমৰ ৰাইজে ২০০১ চনত  চিৰদিনৰ বাবে অগপক দিছপুৰৰ পৰা বিদায় দিলে। তৰুণ গগৈৰ নেতৃত্বত অসমত আৰম্ভ হ’ল শান্তি আৰু বিকাশৰ এক নতুন যাত্রা। ২০০৪ চনত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ পিছত বেছি সুবিধা হ’ল গগৈৰ। কেন্দ্ৰৰ বিভিন্ন আচনি সফল ভাবে ৰূপায়নৰ লগতে আৰম্ভ কৰিলে তিনিখন মেডিকেল কলেজ। ছাত্র ছাত্রীয়ে পালে কম্পিউটাৰ, কলেজ শিক্ষকে পালে পেনচন। মাহৰ এক তাৰিখে কৰ্মচাৰীয়ে দৰমহা পোৱা হ’ল। ৰাইজেও তৰুণ গগৈ ডাঙৰীয়াক দিলে হিয়া ভৰি আশীৰ্বাদ। ২০০৬ আৰু ২০০৯ চনৰ নিৰ্বাচনত জয়ী হৈ ৰচিলে দীৰ্ঘতম সময়ৰ বাবে মুখ্যমন্ত্রী হৈ থকাৰ অভিলেখ। আজি সেইজন মহান নেতাৰ প্ৰয়াণত শোকস্তদ্ধ সমগ্ৰ ৰাজ্য। তেখেতক শেষ শ্ৰদ্ধা জনাই ৰাজ্যবাসীয়ে তেখেতক বিদায় জনালে।
বিচক্ষণ ৰাজনীতিবিদ তৰুণ গগৈ
এজন হোজা মানুহো যে ৰাজনৈতিক ভাবে ইমান বিচক্ষণ হ’ব পাৰে সেয়ে তৰুণ গগৈক নেদেখিলে অনুমান কৰিব নোৱাৰি। তেখেতে জানিছিল যে কংগ্ৰেছক দিছপুৰত বৰ্তাই ৰাখিবলৈ হ’লে ৰাইজৰ উন্নয়ন সাধিবই লাগিব। অসমীয়া মুলসুতিৰ মানুহৰ অন্তৰ জয় কৰিছিল তেখেতে ‘who is Badaruddin’ বুলি কৈ। তেখেতে নিজৰ মন্ত্রীসভাত স্থান দিছিল কিছুমান উপযুক্ত নেতাক। অজন্তা নেওগ আৰু প্ৰয়াত অঞ্জন দত্তই নিজৰ বিভাগত সফলতাৰ পৰিচয় দিছিল। ড° হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ পৰাই পাইছিল কাম কৰাৰ প্ৰেৰণা। নিজৰ কামৰ জড়িয়তে শৰ্মা তৰুণ গগৈৰ সকলোতকৈ বিশ্বাসভাজন হৈ পৰিছিল। ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দি ২০১১ চনৰ নিৰ্বাচনত সেনাপতিৰ দায়িত্ব দিছিল শৰ্মাক।  ৰাজনৈতিক ভাবে ইমান পৰিপক্ক নেতাজনে এটা মাত্র ভুল সিদ্ধান্ত লৈ পেলালে। তৰুণ গগৈয়ে ভাবিছিল যে বিজেপিয়ে হিমন্ত বিশ্বক দলত নলয়। সেয়েহে শৰ্মাৰ লগত মত বিৰোধ হোৱাৰ পিছত তেওঁৰ লগত বুজা পৰা কৰাৰ প্ৰচেষ্টা নকৰিলে। তেওঁ ধৰি লৈছিল যে হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছত থকাৰ বাদে গত্যন্তৰ নাই। একসময়ত নিজৰ সকলোতকৈ আপোন মানুহজনেই তৰুণ গগৈৰ পৰাজয়ৰ কাৰণ হ’ল। নহ’লে হয়তো চতুৰ্থবাৰৰ বাবে তৰুণ গগৈ অসমৰ মুখ্যমন্ত্রীৰ আসনখন শুৱনি কৰিলেহেতেন।
তৰুণ গগৈৰ পিছত অসমৰ ৰাজনীতি
তৰুণ গগৈৰ দেৱৰ মৃত্যুৰ পিছত অসমৰ ৰাজনীতি আগৰ দৰে নাথাকে। নকলেও হ’ব যে সকলোতকৈ ক্ষতিগ্ৰস্থ হ’ল কংগ্ৰেছ দল।অসমত দলটোৰ সকলোতকৈ প্ৰভাবশালী নেতা আছিল তেখেত। ৰাইজৰ মাজতো তেখেতৰ জনপ্ৰিয়তা আছিল সৰ্বাধিক। মৃত্যুৰ আগতে তেখেতে নিজৰ পুত্রক ৰাজনৈতিক পথাৰখনত সংস্থাপিত কৰি থৈ গ’ল। গৌৰৱ গগৈয়ে লোকসভাৰ মজিয়াত ভাল ভাষণ দিয়ে যদিও তেওঁ কেতিয়াও তৰুণ গগৈৰ সমকক্ষ হ’ব পাৰিব বুলি মনে নধৰে। বহুদিন অসমৰ বায়ু পানীৰ লগত তেখেতৰ সম্পৰ্ক নাছিল। নেতা হ’ব লগিলে অকল নিৰ্বাচনৰ সময়ত আহিলে নহ’ব। সকলো সময়তে ৰাইজৰ মাজত , ৰাইজৰ হৈ থাকিব লাগিব। তৰুণ গগৈ ৰাইজৰ অন্তৰত আছিল আৰু সদায় থাকিব। সেইবাবে কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছে। এসময়ত তৰুণ গগৈৰ লগত ছাৰ দৰে লাগি থকা হিমন্ত বিশ্বই কৈছে যে গগৈ এজন জাতীয়তাবাদী নেতা আছিল , ১৯৫১ চন সমৰ্থন কৰিছিল, আই.এম.দি.টিৰ বিপক্ষে বিল অনাত বাধা দিছিল। অনাগত দিনত বিজেপিয়ে বল্লভভাই পেটেলৰ নিচিনা তৰুণ গগৈকো সন্মান দি নিজৰ কৰি পেলাব বিচাৰিলে আচৰিত হ’ব লগীয়া নাই। কংগ্ৰেছে জিলাই জিলাই তৰুণ গগৈৰ চিতা ভস্ম নিব , ৰাইজৰ মাজত গগৈক জীয়াই ৰাখিব। তৰুণ গগৈৰ লগত আটাইটাইকৈ বেছি সময় অতিবাহিত কৰা ৰাজনীতিবিদ এতিয়া ৰাজ্যত মাত্র দুজন আছে। এজন পুত্র গৌৰৱ গগৈ আৰু আনজন মন্ত্রী হিমন্ত বিশ্ব শৰ্মা। এতিয়া দেখাযাওক অনাগত দিনত এওঁলোক দুজনে তৰুণ গগৈ দেৱৰ বিষয়ে আৰু কি নতুন কথা ৰাইজৰ মাজলৈ লৈ আহে আৰু ইয়ে ৰাজ্যৰ ৰাজনীতিক কিদৰে প্ৰভাব পেলায়।