Sunday, May 5, 2024
Home Blog Page 66

শ্বেৰমান আলিক গালি পাৰি  জাতি ৰক্ষা জানো সম্ভৱ ?

  • সন্দিপ বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


মিঞা সকলৰ মাজত থকা অভিজাত শ্ৰেণীটোৰ সমস্যা হ’ল – ‘ মিঞা কবিতা ‘, মিউজিয়াম। সাধাৰণ মিঞা মানুহ এতিয়াও জীয়াই থকাৰ সংগ্ৰামত ব্যস্ত।  ৰাজনৈতিক নেতাৰ মিছা প্ৰলোভন আৰু ব্যৱসায়ী, মাতবৰ , মধ্যভোগীৰ শোষণৰ বলি প্ৰায় প্ৰতিজন খাটিখোৱা মিঞা মানুহ। চৰ-চাপৰিত প্ৰয়োজন শিক্ষা-স্বাস্থ্যৰ উন্নত পৰিকাঠামো, সংগঠিত কৃষি বজাৰ, যোগাযোগ ,আন্ত:গাথনিৰ উন্নয়ণৰ প্ৰয়োজন । তাত এই অভিজাত সকলে “মিঞা কবিতা”ৰ নামত, মিউজিয়ামৰ নামত অপ্ৰয়োজনীয় দাবী- বিতৰ্কৰ সৃষ্টি কৰি নিজৰ নিজৰ ৰাজনৈতিক এজেণ্ডাক শক্তিশালী কৰাৰ প্ৰয়াসহে কৰিছে ।
চেৰমান আলিয়ে অজন্তা নেওগ , আব্দুল খালেকক লগত লৈ ৰহিংইয়াক ভাৰতত সংস্থাপন কৰাৰ দাবীত অসম বিধানসভা চৌহদত  অনশন কৰা অসমৰ ৰাইজে দেখিছিল । ‘ কেব ‘ ৰ সময়ত ছাত্ৰ সন্থাৰ লগত আন্দোলন কৰাও অসমৰ ৰাইজে দেখিছে । বৰ্তমান সময়ত তেওঁ অসম চুক্তিৰ এজন গোড়া সমৰ্থক । ইমানৰ পিছত  তেওঁ অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰাৰ কাৰণেও দাবী জনাইছে ।  আজিৰ ৰাজনৈতিক পৰিবেশত তেওঁতকৈ অধিক জাতীয়তবাদী নেতা হয়টো বহু কম হ’ব ।
ইতিহাস আৰু ভূগোল – এই দুটা বিষয়ৰ ওপৰত আজিৰ প্ৰজন্মৰ সম্যক ধাৰণা নাই বাবেই সমাজত ইমান ভুল বুজাবুজি। নিজৰ দেশ, ৰাজ্যৰ বিষয়ে এটা সুস্থ ধাৰণা গঢ়ি তুলিবলৈ দেশ আৰু ৰাজ্যৰ ভৌগলিক অৱস্থান আৰু তাৰ অতীতৰ বিষয়ে বিজ্ঞানসন্মত জ্ঞান থকাটো জৰুৰী।  ইতিহাসবিদ সকলৰ ভূল তথ্য আৰু ৰাজনীতিৰ বাবে সুবিধাজনক নেৰেটিভ সৃষ্টি কৰি নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ হোৱা  তথাকথিত “ঐতিহাসিক” তথ্য সমুহে সমাজত কেৱল ভ্ৰান্ত ধাৰণাই বিয়পোৱা নাই, ঘৃণাও বিয়পাই আছে । শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় নহয় ঠিকেই, কিন্তু চৰ-চাপৰি মানেই যে মিঞা তাক আমি মানি ল’লো আৰু কলা লংপেণ্ট বগা চোলা পিন্ধি জাতিৰক্ষাৰ ভাওঁ নিদি মিঞা অধ্যূষিত অঞ্চলত উদয়াস্ত শ্ৰম কৰি সিহঁতক কামেৰে প্ৰত্যাহ্বান জনোৱা অসমীয়াখিনিৰ ত্যাগকো আমি অস্বীকাৰ কৰিলো৷ “শ্বেৰমান আলিয়ে চৰ-চাপৰি মানেই মিঞা বুলি কিয় ক’ব?” প্ৰতিবাদ এইটোলৈ হ’ব লাগিছিল৷ কিন্তু নহ’ল৷ অৰ্থ্যাৎ মানসিকভাৱে আমি চৰ-চাপৰিবোৰ মিঞাক গটাই দিলো! কিন্তু তাৰ অসমীয়া মানুহখিনিৰ শ্ৰমবোৰ? ত্যাগবোৰ? মিঞাই গ্ৰাস কৰা কৃষিখণ্ডত সমুখৰ পৰা যুঁজি অহা সেনানী তেওঁলোক৷ এইখিনি মানুহক অস্বীকাৰ কৰি, শ্বেৰমান আলিক গালি পাৰি  জাতি ৰক্ষা জানো সম্ভৱ ?

য়ে চফৰ বহুত হে কঠিন মগৰ…

  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০২১ৰ নিৰ্বাচনত দলে দলে টিকট লাভৰ বাবে ইতিমধ্যে প্ৰতিযোগিতা আৰম্ভ হৈছে। নিৰ্বাচনৰ দিন ঘোষণা হ’ব; দলবোৰে টিকট দিব; নিৰ্বাচনী যুঁজ হ’ব, ই.ভি.এমত ভোট হ’ব আৰু শেষত বিজয়ী প্ৰাৰ্থীৰ নাম ঘোষণা হ’ব। ই এটা দিঘলীয়া প্ৰক্ৰিয়া। আজিৰ পৰা প্ৰায় ৭ মাহ পিছত অসমৰ প্ৰতিটো বিধানসভা সমষ্টিৰ  নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিক ভাবে প্ৰকাশ পাব যদিও তাৰ ভিতৰৰ কিছুমান সমষ্টিৰ ফলাফল কি হ’ব আজিয়ে কৈ দিব পৰা অবস্থাত আছে। উদাহৰণ স্বৰূপে মাজুলী, জালুকবাৰী, বাঘবৰ, জনিয়া, তিতাবৰ আদি সমষ্টিৰ ফলাফল জানিবৰ বাবে আনুষ্ঠানিক ঘোষণাৰ প্ৰয়োজন নাই। ৰাজনৈতিক ভাবে সচেতন যিকোনো ব্যক্তিয়ে অসমৰ কমেও ৪০-৫০টা সমষ্টিৰ ফলাফল আগতীয়াকৈ জানে। নিৰ্বাচন এক আনুষ্ঠানিকতাহে মাত্র। আজি আমি এনে কিছুমান নেতাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো যাৰ ২০২১ত জয়ী হোৱাৰ সম্ভাবনা তেনেই ক্ষীণ।
ববিতা শৰ্মাঃ কংগ্ৰেছৰ ভাল দিনত টিকট বিচাৰি  নিৰাশ হোৱা এগৰাকী উচ্চ শিক্ষিতা মহিলা শ্ৰীমতী ববিতা শৰ্মা। যিসময়ৰ পৰা অসমত কংগ্ৰেছৰ বেয়া দিন আৰম্ভ হ’ল তেতিয়াৰ পৰাই ববিতা শৰ্মাই টিকট লাভ কৰা আৰম্ভ কৰিলে। ২০১৬ত পূৱ গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেখেত পৰাজিত হয় প্ৰায় ৯৭ হাজাৰ ভোটত। ২০১৯ লোকসভাত তেখেতে গুৱাহাটী লোকসভাৰ পৰা প্ৰাৰ্থীত্ব পাই প্ৰায় ৩ লাখ ৪০ হাজাৰৰো অধিক ভোটা পৰাজিত হয়।  এতিয়া চৰ্চা হৈছে যে ২০২১ত ববিতা শৰ্মা পুনৰ গুৱাহাটী পূৱ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব। এই যুঁজ তেখেতৰ বাবে খুব কঠিন হ’ব। বৰঞ্চ এই কথা কব পাৰি যে গুৱাহাটী পূৱত ২০২‍১ত কংগ্ৰেছৰ জয় অসম্ভব। এতিয়া প্ৰশ্ন হয় পুনৰ কংগ্ৰেছে ববিতা শৰ্মাক জানি শুনি পৰাজিত হ’বলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দিব নেকি?
আঙুৰলতা ডেকাঃ ২০১৬ত কংগ্ৰেছ আৰু এআইউদিএফৰ ভোট বিভাজৰ বাবে ভাগ্যৰ বলত বটদ্ৰবাৰ পৰা জয়ী হৈছিল হৈছিল আঙুৰলতা  ডেকা। জয়ৰ  ব্যবধান আছিল প্ৰায় আঠ হাজাৰ। এ.আই.ইউ.দি.এফৰ প্ৰাৰ্থীজনৰ ভোট লগ লগালে কংগ্ৰেছ মিত্রজোট আগবাঢ়ে প্ৰায় ২৫ হাজাৰ ভোটত। কংগ্ৰেছ আৰু আজমলৰ মিত্রতা ইতিমধ্যে চুৰান্ত হৈছে তেনে ক্ষেত্রত আঙুৰলতাৰ এইবাৰ বটদ্ৰবাৰ পৰা ওলাই অহা প্ৰায় অসম্ভব। ফণী শৰ্মাৰ সহায়ত আঙুৰলতাই সমষ্টি সলনি কৰি নলবাৰীলৈ পলায়ণ কৰাৰ পৰিকল্পনা কৰিছিল যদিও আন শীৰ্ষ নেতৃত্বই তাত সন্মতি প্ৰকাশ কৰা নাই। আন জয়ী হ’ব পৰা সমষ্টিৰ পৰা টিকট নাপালে  আঙুৰলতা ডেকাই ২০২১ত বটদ্ৰবাৰ পৰা টিকট নিবিচাৰে বুলি জানিব পৰা গৈছে।
প্ৰদ্যুত ভূঞাঃ ২০১১ চনত কংগ্ৰেছ দলৰ পৰা নলবাৰী সমষ্টিত প্ৰাৰ্থীত্বৰ অন্যতম দাবীদাৰ আছিল প্ৰদ্যুত ভূঞা। কিন্তু টিকট পালে জয়ন্ত মল্ল বৰুৱাই। ২০১৬ চনত জয়ন্ত মল্ল বৰুৱা বিজেপিত যোৱাৰ লগে লগে প্ৰদ্যুত ভূঞাৰ বাট মুকলি হ’য়। ইতিমধ্যে প্ৰতিস্থান বিৰোধী ঢৌত জৰ্জৰিত হ’য় কংগ্ৰেছ দল। নলবাৰীত বিজেপিৰ অশোক শৰ্মাৰ বিৰুদ্ধে যুঁজ দি শোচনীয় পৰাজয় হয় ভূঞাৰ। ২০১৯ লোকসভা নিৰ্বাচনটো গোটেই মংগলদৈ লোকসভাৰ ভিতৰত নলবাৰী বিধানসভাৰ পৰা বিজেপিয়ে সৰ্বোচ্চ ভোট লাভ কৰে। ২০২১ত ফলাফল কি হ’ব সহজেই অনুমেয়। প্ৰাপ্ত খৱৰ অনুসৰি প্ৰদ্যুত ভূঞাৰ ২০২১ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা নাই। ভূঞাৰ বাহিৰে কংগ্ৰেছৰ নলবাৰীত কোনো শক্তিশালী নেতা নাই। সেয়েহে ভূঞাৰ ওপৰত দলে হেচা প্ৰয়োগ কৰিছে। দলৰ ভাল দিনৰ সময়ত টিকট বিচাৰি হাবাথুৰি খোৱা ভূঞাক দলে বেয়া দিনৰ সময়ত বলিৰ পঠা সজাবলৈ অকনো কুন্ঠাবোধ কৰা নাই।
কমলা কলিতাঃ এসময়ত অসমৰ প্ৰতাপী মন্ত্রী ডাঃ কমলা কলিতাৰ যোৱা নিৰ্বাচনত নিজ সমষ্টিতেই শেষ ৰক্ষা নহল। নিৰ্বাচনত জয়ী হ’লেই মন্ত্রীত্ব প্ৰায় নিশ্চিত আছিল। ছয়গাও সমষ্টিৰ পৰা ভবিষ্যতে কোনো বিজেপি বা অগপৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাবনা তেনেই ক্ষীণ। কলিতাৰ হাতত এটাই মাত্র বিকল্প; পলাশবাৰীত প্ৰতিদ্বন্দ্বিতা কৰা। বিজেপি দলে যদি সন্মতি দিয়ে তেন্তে পলাশবাৰীত অগপ-বিজেপিৰ ঐমৈহতিয়া প্ৰাৰ্থীৰূপে ডাঃ কলিতা জয়ী হৈ আহিব। ছয়গাওঁৰ পৰা মনোনয়ন পত্র দাখিল কৰিলে পৰাজয় নিশ্চিত কলিতাৰ।
ইয়াৰ উপৰিও নিৰ্বাচনী পথাৰত এতিয়া বহু নেতাৰ নাম ওলাইছে। কংগ্ৰেছ দলৰ পৰা পশ্চিম গুৱাহাটীত বাবু, ঢেকিয়াজুলিৰ পৰা অপূৰ্ব ভট্টাচাৰ্য্য, চামুগুৰিৰ পৰা বিজেপিৰ জিতু গোস্বামী, সৰুক্ষেত্রীৰ পৰা অগপৰ কল্পনা পাটোৱাৰী ইত্যাদি। কিন্তু এইসকল নেতাৰ নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাবনা তেনেই ক’ম। নিৰ্বাচনত নামি কিছু চমক দিয়াৰ বাহিৰে বিশেষ কিছু কৰিব পাৰিব বুলি মনে নধৰে।

অজিত ভুঞাক সমালোচনা কৰি কি পাব বা কি হেৰুৱাব ?

  • ৰাজ কাকতি

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অজিত ভুঞাৰ আজিকালি খং উঠে । সাংবাদিকক গালি পাৰে ।  নতুন প্ৰজন্মৰ সাংবাদিকক সংবাদ মেলৰ মাজতে ৰঙা চকু দেখুওৱা অজিত ভুঞা এতিয়া এজন সাংসদ । কথা কথাই দিল্লীৰ শোষণ , নিৰ্যাতন আদি শব্দৰ দ্বাৰা বাতৰি কাকত গৰম কৰা এইজন প্ৰতিষ্ঠিত সাংবাদিকেই ভাৰতীয় গণতন্ত্ৰক ফেচিষ্ট আখ্যা দিছিল । হিতেশ্বৰ শইকীয়াক কাগজৰ বাঘ বুলি ইতিকিং কৰা অজিত ভুঞা আজিৰ সময়ত কংগ্ৰেছৰ সমৰ্থনত ৰাজ্যসভাৰ সাংসদ হ’ল । ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁ দিল্লীত শপত গ্ৰহণ ল’লে নে ক’ত ল’লে সেই খৱৰ হয়টো আশী- নব্বৈ দশকত শ্বহীদ হোৱা ডেকা তেজৰ আত্মাসমুহে লৈছে । এসময়ত জাতীয়তাবাদক বিচ্ছিন্নতাবাদলৈ ৰূপান্তৰ কৰা সাংবাদিকজনে আজি লগ হৈছে বদৰুদ্দিন আজমলৰ লগত । যদিও কংগ্ৰেছ , বামপন্থী , এআইইউদিএফৰ সমৰ্থনত সাংসদ হৈছে , তথাপি তেওঁ নিজাকৈ ৰাজনৈতিক দল এটা গঠন কৰিছে । নিৰ্ভেজাল জাতীয়তাবাদী চিন্তাৰ উত্তোৰণ তেওঁৰ দলৰ প্ৰধান উদ্দেশ্য বুলি ব্যক্ত কৰিছে । নাগৰিকত্ব সংশোধনী আইনে অসমীয়া ভাষাক নিশেষ: কৰিব বুলি তেওঁ বদৰুদ্দিন আজমলক আপোন কৰি লৈছে । অজিত ভুঞাৰ পুৰ্বতে অসম সাহিত্য সভাইও আজমলক বৰপীৰা পাৰি দিছে । কেবখন বিৰোধ কৰি বদৰুদ্দিন আজমল এতিয়া অসম সাহিত্য সভা আৰু বিভিন্ন জাতীয়তাবাদী সংগঠনৰ চকুৰ মনি । ২০২১ চনৰ বিধানসভাত চকুৰ মনিটোক শিৰত স্থান দিবলৈ অজিত ভুঞা  নিযুক্ত হৈছে । অজিত ভুঞাই বদৰুদ্দিন আজমলক ইমৰাণ শ্বাহ , চৈয়দ আব্দুল মালিকৰ লগত তুলনা কৰা বিষয়টোক লৈ বিজেপি আৰু একাংশ দল সংগঠনে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে । এই ক্ষেত্ৰত আছু বা আন জাতীয়তাবাদী দলসমুহেও প্ৰতিবাদ কৰিছে । অজিত ভুঞাক সমালোচনা কৰি কি পাব বা কি হেৰুৱাব ? তেওঁ যিদিনাই তৰুণ গগৈ , বদৰুদ্দিন আজমল , হেমেন দাসক লগত লৈ সাংসদ হ’ল সিদিনাই বুজিব লাগিছিল অসমৰ ৰাইজে যে অনাগত দিনত কি হ’বলৈ গৈ আছে ।২০১৯ ৰ সেই সময়ছোৱাত অজিত ভুঞা আছিল এটা ব্যক্তিগত নিউজ চেনেলৰ মুল ব্যক্তি । এতিয়া সেই একেটা চেনেলৰ মুখ্য ব্যক্তি প্ৰশান্ত ৰাজগুৰুৱে সভা সমিতিত মিঞা জনগোষ্ঠী বুলি এটা জনগোষ্ঠীক চিনাক্ত কৰি অসম ৰক্ষাৰ লগত মিঞাৰ কি অৱদান সেই কথা বাখ্যা কৰে । সেই একেটা চেনেলৰ ভগ্নী চেনেলত প্ৰচাৰ হয় আৰৱীয় সংস্কৃতিক প্ৰচাৰ কৰা ধাৰাবাহিক বেগমজান । অসমীয়া মুছলমান সমাজক বিপথে পৰিচালিত কৰিবলৈ অপ্ৰাণ চেষ্টাত ব্ৰতি এইসকল ।  অজিত ভুঞাৰ প্ৰাসংগিকতা বৰ্তমান এটাই । বংগীয় মুছলমানৰ ভোট কংগ্ৰেছ আৰু আজমলৰ মাজত বিভাজন নোহোৱা পৰিবেশ সৃষ্টি কৰি উজনিত জাতীয়তাবাদী ভোটাৰৰ ভোট নষ্ট কৰাটো হৈছে তেওঁৰ প্ৰধান লক্ষ্য । তীক্ষ্ণ বুদ্ধিৰ বুদ্ধিজীবীজনৰ কাৰণে কিন্তু এই উদ্দেশ্য কিছু পৰিমাণে সফল কৰাটো অতি সহজ কাম বুলি বিবেচিত হৈছে । কাৰণ নিৰ্বাচনৰ সময়ত অজিত ভুঞাৰ নিয়ন্ত্ৰণত থাকিব এটা বিশেষ নিউজ চেনেল ।

অভিভাষী মুছলমানে পাব খিলঞ্জীয়াৰ ৰক্ষাকবচ

  • ৰজত বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ সাহিত্য সমাজে মিঞা কবিতা আৰু মিঞা ভাষা শীৰ্ষক বিষয়বোৰক অসমীয়া ভাষা সাহিত্যৰ অংগ বুলি স্বীকৃতি দি থকা সময়তে অল ইণ্ডিয়া জমিয়ত উলেমা ই হিন্দে প্ৰকাশ কৰিছিল অসম শীৰ্ষক এটা নিবন্ধ । জমিয়তে প্ৰতিবছৰে প্ৰকাশ কৰা পুস্তিকাখনৰ অসম সম্পৰ্কীয় অনুচ্ছেদত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপন কৰা কথাটো অসমৰ ৰাষ্ট্ৰবাদী জনগণৰ চকুত পৰা নাছিল । সেই একে মানুহখিনিয়ে কিন্তু বদৰুদ্দিন আজমলৰ লগ লাগি কেব আন্দোলন কৰিলে । কেব আন্দোলন সমাপ্ত হোৱাৰ পিছত ‘ কা ‘ ৰ দোহাই দি নতুন নতুন জাতীয়তাবাদী শ্লোগান দিয়া জন্ম হ’ল আৰু একে সময়তে ‘কেব’ ক দোহাই দি কংগ্ৰেছ আৰু আজমলৰ দলে মুক্ত মিত্ৰতা কৰিলে । কংগ্ৰেছ আৰু আজমলৰ মিত্ৰতা নতুন নহয় । বদৰুদ্দিন আজমলে নিজৰ দলৰ এজন সাংসদক বলিদান কৰিও কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছিল ২০১৯ ৰ লোকসভা নিৰ্বাচনত । প্ৰদ্যুত বৰদলৈ আৰু গৌৰৱ গগৈয়ে এতিয়া এআইইউডিএফৰ ভাষাৰে ভাষণ দিয়ে । ৰিপুন বৰাই শ্বেৰমান আলীক সমালোচনা কৰিব নোৱাৰে একমাত্ৰ ভোটৰ আশাত । সাংবাদিক , শিক্ষাবিদে ‘ মিঞা ভাষী ‘ বুলি গোষ্ঠী এটাক অসমীয়া ভাষাৰ একমাত্ৰ প্ৰহৰী পাতিলে । এই একেখিনি সাংবাদিকে আশী আৰু নব্বৈৰ দশকত অসমীয়া ভাষীক সুকীয়া পৰিচয় দি একাংশ তেজাল যুবকক ভাৰতৰ বিৰুদ্ধে থিয় কৰাইছিল । অসমত শ্বেৰমান , অজিত ভুঞা, প্ৰশান্ত ৰাজগুৰু , গৌৰৱ গগৈ , প্ৰদ্যুত বৰদলৈ আদি জনপ্ৰিয় ব্যক্তিসকলে অসমীয়া নতুন তত্ত্ব সৃষ্টি কৰি প্ৰচাৰ চলাই থকাৰ সমান্তৰাল ভাবে  জমিয়তে নিৰ্ধাৰণ কৰি দিয়া খিলঞ্জীয়া সংজ্ঞাক মান্যতা প্ৰদান কৰি অসমত অসমীয়াৰ প্ৰভুত্ত্ব বিস্তাৰ কৰিব গৈ আছে একাংশ দল সংগঠনে । পুনৰ আহিছো জমিয়তৰ সুত্ৰলৈ । জমিয়তৰ সুত্ৰমতে অভিভাষী মুছলমান সমাজ হৈছে প্ৰকৃত আৰু প্ৰথম ভুমিপুত্ৰ অসমৰ । দ্ৰাবিড় মুলৰ এই গোষ্ঠীটোৱে  বাৰ্মিজ আৰু তীব্বতৰ মংগোলীয়সকলৰ আক্ৰমণৰ বলি হৈ বৰ্তমানৰ বাংলাদেশৰ অঞ্চলটোলৈ পলায় গৈছিল । দ্ৰাবিড় মুলৰ জনগোষ্ঠীটোৱে প্ৰাগজ্যোতিষপুৰ ত্যাগ কৰাৰ পিছত আন আন জনগোষ্ঠীসকলে বৰ্তমানৰ অসম ভুখণ্ডলৈ প্ৰব্ৰজন কৰে ।  ইংৰাজ উপনিবেশৰ সময়ত অসমলৈ  ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জাতি – গোষ্ঠীৰ লোকৰ প্ৰব্ৰজন আৰম্ভ হৈছিল । ফলত খাদ্য – শস্যৰ চাহিদা পুৰণ কৰাৰ বাবে বৃটিছে আমদানি কৰে অসম ভুখণ্ডৰ আদি জনগোষ্ঠীটোক । সেইমৰ্মেই অধিক খাদ্য উৎপাদনৰ লক্ষ্য আগতলৈ পুনৰ স্বভুমিলৈ অভিভাষী মুছলমানসকল ঘুৰি আহে ।  অগপৰ আমোলৰ মন্ত্ৰী , প্ৰাক্তন কংগ্ৰেছী আব্দুল মুহিব মজুমদাৰৰ ডাউন দ্যা মেমোৰিলেন গ্ৰন্থখনৰ উদ্ধৃতি দিয় জমিয়তে’  অসম চুক্তি ‘  আখৰে আখৰে পালন হোৱাটো বিচাৰে । এতিয়া অসম চুক্তিক দোঁহাই দি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধ কৰা জমিয়ত নেতা তথা সাংসদ বদৰুদ্দিন আজমলে মুক্ত মিত্ৰতা কৰিছে কংগ্ৰেছৰ লগত । আচলতে নিষ্ঠা সহকাৰে অসমক ভালপোৱা জনতাৰ অধিকাংশৰ হাতত নাই আচল তথ্য । বিপ্লৱ শৰ্মা পৰামৰ্শ কমিটিক বহু দল সংগঠন , সাধাৰণ ৰাইজে পৰামৰ্শ আগবঢ়াইছে । অধিকাংশ দল আৰু ব্যক্তিৰ সামাজিক মাধ্যমত দিয়া বক্তব্যই প্ৰমানিত কৰিলে যে খিলঞ্জিয়াৰ ৰক্ষাকবচ আমাক লাগে আৰু খিলঞ্জীয়াৰ সংযা হ’ব লাগে ১৯৫১ চনৰ ভিত্তিত ।
গৰিয়া , মৰিয়াৰ লগতে খুব কমসংখ্যক ব্যক্তি আৰু কিছু হিন্দু সংগঠনৰ মুখতহে শুনা যায় যে খিলঞ্জীয়া নিৰ্ধাৰণ চন -তাৰিখৰ ভিত্তিত হ’ব নালাগে । কিন্তু খিলঞ্জীয়া নিৰ্ধাৰণৰ নীতি কি হ’ব লাগে সেই কথা স্পষ্ট হ’ল অক্টোবৰ মাহত শ্বেৰমান আলিয়ে কৰা এটা ফেচবুক লাইভত । উক্ত লাইভত তেওঁ কৈছে যে পুৰ্ব বংগীয় মুছলমানেই অবৈধ নাগৰিক নহয় আৰু তেওঁৰ সমষ্টিৰ প্ৰায় ৯০% মানুহৰ ওচৰত ১৯৫১ চনৰ নথি আছে ।

আজমল মুখ্যমন্ত্রী হবনে?

এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কজিত ভূঞা নামৰ মানুহজনে আজমলক মুখ্যমন্ত্রী হব লাগে বুলি কোৱা বাতৰি প্ৰকাশ পালে। লগে লগে খঙত টিঙিৰি-তুলা মানুহজন। তেওঁৰ কথা খিনি হেনো কাটি মাজে মাজে দেখাইছে। তেওঁ হেনো তেনেকৈ কোৱা নাছিল। এটা বাতৰি চেনেলে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰিছে। নিজৰ চাফাই গাবলৈ ভূঞা উপস্হিত হ’ল বিভিন্ন চেনেলৰ দূৱাৰে দূৱাৰে।
কতনু ভূঞাঃ এজন ভূঞাই যাচিছো আন এজন ভূঞাক প্ৰণাম।
কজিত ভূঞাঃ ভূঞাই হওক বা আজমলে হওক ; মই সকলোকে জনাও প্ৰণাম। শংকৰ আজান ভাই ভাই; ভূঞা আজমল ভাই ভাই।
কতনু ভূঞাঃ আপুনি আজমল মুখ্যমন্ত্রী হ’ব লাগে বুলি কিয় ক’লে?
কজিত ভূঞাঃ অসভ্য কিছুমানে এনেই এইবিলাক দেখাই আছে। কিন্তু আজমল মুখ্যমন্ত্রী হ’লে অসুবিধা ক’ত?
কতনু ভূঞাঃ তাৰমানে আজমল মুখ্যমন্ত্রী হ’লে আপোনাৰ আপত্তি নাই।
কজিত ভূঞাঃ মইটো তেনেকে কোৱা নাই। কিন্তু মুছলমান সকলক লঠিয়াব নালাগে। তেওঁলোকে নিজৰ ভাষা অসমীয়া বুলি কৈছে। আজমল মুখ্যমন্ত্রী হ’লে অসুবিধা কি?
কতনু ভূঞাঃ তাৰমানে আজমল মুখ্যমন্ত্রী হ’লে আপোনাৰ অসুবিধা নাই।
কজিত ভূঞাঃ কথাটো তেনেকুৱা নহয়। তেওঁ আমাতকৈ কম অসমীয়া নহয়। কিয় মাত্র মুছলমান হোৱা বাবে তেওঁক আক্ৰমণ কৰি থাকে? তেওঁ ভাৰতীয় নাগৰিক। মই তেওঁ মুখ্যমন্ত্রী হোৱাৰ পক্ষপাতী নহয়  কিন্তু মই প্ৰশ্ন কৰিব খোজো আমি কিয় তেওঁক মুখ্যমন্ত্রী পাতিব নোৱাৰো।
কতনু ভূঞাঃ বুজিলো যে আপুনি আজমলক মুখ্যমন্ত্রী পাতিব নোখোজে কিন্তু পাতিব নোখোজাসকলক প্ৰশ্নও কৰিব খোজে। আপুনি আজমলক কিয় ইমৰাণ শ্বাহ আৰু আব্দুল মালিকৰ লগত তুলনা কৰিছিল?
কজিত ভূঞাঃ এই বিলাক মিছা কথা। টিভিত মোৰ মাতটো দি কাৰোবাৰ দ্বাৰা দাবিং কৰাইছে। ই এটা মোৰ বিৰূদ্ধে ষড়যন্ত্র।
কতনু ভূঞাঃ তাৰমানে আপুনি আজমলক শ্বাহ বা মালিকৰ সমকক্ষ বুলি নাভাবে।
কজিত ভূঞাঃ মই তেনেকৈ কোৱা নাই। শ্বাহ আছিল অসম সাহিত্য সভাৰ সভাপতি। কিন্তু আজমলো হোজাই সাহিত্য সভাৰ অধিবেশনত সভাপতিৰ কাষৰ চকীতে বহিছে।
কতনু ভূঞাঃ আজমলৰ আৰবী ভাষাৰ বেনাৰকলৈ কি হ’ব?
কজিত ভূঞাঃ এইটো একো ইছুৱেই নহয়। আৰবী ভাষাটো অলপ অধ্যয়ন কৰিব ছোন। ইমান মিঠা ভাষা পৃথিবীৰ কতো বিচাৰি নাপাব।
কতনু ভূঞাঃ এই ঘটনাটোৰ পৰা আপোনাৰ ইমেজ নষ্ট হোৱা নাই যানো?
কজিত ভূঞাঃ এটা নিউজ চেনেলে অহৰহ মোৰ ইমেজ নষ্ট কৰিবলৈ উঠি পৰি লাগিছে। তেওঁলোকে পাহৰি গৈছে সাংবাদিকতাৰ ধৰ্ম।
কতনু ভূঞাঃ তেখেতসকলে আপোনাৰ পৰাই টিউচন লৈছিল নেকি?
কজিত ভূঞাঃ এই ভূঞাই আজিলৈকে কাকো টিউচন দিয়া নাছিল এতিয়া বাধ্যত পৰি বিজেপিক উৎখাত কৰিবলৈ আজমলক টিউচন দিয়া আৰম্ভ কৰিছো।
কতনু ভূঞাঃ আপোনাৰ আজমল প্ৰেমৰ আৰৰ ৰহস্য কি?
কজিত ভূঞাঃ আচলতে ক’ব গলে মই জাতিয়তাবাদ কৰিছিলো। জাতি গঠন কৰিবলৈ গৈ মই সংসাৰ গঠন কৰিবলৈ পাহৰি গলো। বিনিময়ত পালো কি? কি অগপ কি বিজেপি কোনেও মোক মৰম নকৰে। আজমলৰ জহতহে মই দিল্লী দেখা পালো। আজমলক ভাল নেপাই মই কি মোদীক ভাল পাম নেকি?
কতনু ভূঞাঃ ধন্যবাদ ভূঞা দা। আশাকৰো প্ৰতি ৬ বছৰৰ মুৰে মুৰে আপুনি এনেদৰে আজমলৰ মৰমত দিল্লী যাত্রা কৰি থাকক।

সাম্প্ৰদায়িক সম্প্ৰীতিৰ হেঙাৰ লাভ জেহাদ ……

  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


নিকিতা তোমৰ নামৰ যুৱতীক প্ৰথমে জোৰ কৰি গাড়ীত তোলাৰ চেষ্টা বিফল হোৱাৰ পিছত গুলীয়াই হত্যা কৰা হয়। ঘটনাটো হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ  বল্লভগড়ত সংঘটিত হয়। কলেজীয়া ছাত্ৰী গৰাকীক চিকিৎসালয়লৈ  নিয়া হৈছিল মৃত্যু ৰোধ কৰিব পৰা নগল। ইয়াৰ পিছতে চিচিটিভি ফুটেজৰ পৰা মূল অভিযুক্ত তৌসিফক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পৰিয়ালৰ দাবী লাভ জেহাদৰ বলি হৈছিল  নিকিতা। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবেই গুলী কৰি হত্যা কৰিছে তৌসিফে । স্থানীয় বাসিন্দাই প্ৰতিবাদত ফৰিদাবাদ মথুৰাৰ পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে।ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী দল  ( SIT)গঠন কৰি  তদন্তৰ নিৰ্দেশ দিছে হাৰিয়ানা চৰকাৰে  । চিচিটিভিৰ ফুটেজত দেখা অনুসৰি, মৃত নিকিতাই  অন্য এগৰাকী যুৱতীৰ লগত ৰাস্তাৰে গৈ আছিল। সেই সময়তে দুজন যুৱক গাড়ীৰ পৰা নামে আৰু এগৰাকীক জোৰ কৰি  গাড়ীত তোলাৰ চেষ্টা চলায়।  যুৱতীগৰাকীয়ে পলাবলৈ বহু চেষ্টা কৰে ।  আনহাতে, অলপ পিছতে যুৱকজনে গুলী কৰি দিয়াৰ দৃশ্য দেখিবলৈ পোৱা যায় ফুটেজ টোত । লগে লগে ঘটনাস্থলীতে বাগৰি পৰে নিকিতা । ঘটনা সংঘটিত কৰি যুৱক দুজন দৌৰি গাড়ীত উঠি পলায় । এই সন্দৰ্ভত আৰক্ষীয়ে জনায় যে, পৰীক্ষা দিবলৈ কলেজলৈ  গৈছিল নিকিতা । তাৰ পৰা উভতি অহাৰ পথতে সংঘটিত হয় ঘটনাটো।
লাভ জেহাদৰ বিৰুদ্ধে গোটেই ভাৰত বৰ্ষত ৰাজনৈতিক দল বিজেপি আৰু হিন্দুত্ববাদী সংগঠনসমুহে মাত মাতি আহিছে । অলপতে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ জেহাদিৰ বিপক্ষে তীব্ৰ বাক্যবান কৰিছে আৰু লগতে অহবাৰ পুনৰ যদি বিজেপি চৰকাৰ অসমত গঠন হয় তেন্তে লাভ জেহাদিক কঠোৰ শাস্তি দিয়া আইন প্ৰনয়ণ কৰিব বুলি হুংকাৰ দিছে । কিন্তু সমান্তৰাল ভাবে কংগ্ৰেছ আৰু বাওঁপন্থী দল সমুহে লাভ জেহাদৰ প্ৰসংগটোক অবাস্তৱ আৰু ৰাজনৈতিক ভাবে উদ্দেশ্য প্ৰণোদিত বুলিহে দাবী কৰে । লাভ জেহাদ কি ? ইংৰাজী শব্দ লাভ মানে প্ৰেম আৰু আৰৱি শব্দ জেহাদৰ অসমীয়া সমাৰ্থক শব্দ হ’ব পাৰে ধৰ্ম যুদ্ধ । ধৰ্ম যুদ্ধৰ লগত প্ৰেমৰ কি সম্পৰ্ক ? হিন্দুত্ববাদী দল সংগঠনে দাবী কৰা মতে দাৰুল ইছলাম ( সংখ্যাগৰিষ্ঠ ইছলাম ৰাষ্ট্ৰ)  প্ৰতিষ্ঠা কৰিবলৈ আন ধৰ্মৰ মানুহক ইছলামলৈ ধৰ্মান্তৰ কৰাটো হৈছে লাভ জেহাদৰ মুখ্য কাম । পৰিচয় গোপন ৰাখি বা ভুৱা পৰিচয়ৰে আন ধৰ্মৰ নাৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি নিকাহ কৰাটো হৈছে দুষ্কাৰ্যৰ মুল উপাদান ।  হিন্দুত্ববাদী সংগঠন সমুহে দাবী কৰা লাভ জেহাদে হিন্দু সমাজকেই ক্ষতি কৰা নাই । এই বিচাৰধাৰাই ক্ষতি কৰিছে মুছলমান সমাজকো । দুয়োটা গোষ্ঠীৰ মাজত অবিশ্বাসৰ বীজ ৰোপন কৰাত লাভ জেহাদে বিশেষ ভুমিকা লোৱা বুলি  দুয়োখন সমাজৰ ধাৰ্মিক ব্যক্তিসকলে ধাৰণা । আইন শৃংখলা , সম্প্ৰীতি – সদভাব , শান্তি – উন্নয়নত  লাভ জেহাদ হেঙাৰ হৈ থিয় দিয়াৰ আগতেই হিন্দু – মুছলমান উভয় পক্ষৰ ধাৰ্মিক ব্যক্তিসকলে চিন্তা কৰাৰ সময় আহি পৰিছে ।

লণ্ডনত বৰ্ণ বৈষম্য আৰু পুনৰ লকডাউন

  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


(১)
লণ্ডৰ ষ্টেটফৰ্ড ৰেলৱে ষ্টেচনত অক্টোবৰ মাহৰ এটা সন্ধিয়া। ট্ৰেইনৰ বাবে ৰৈ আছো। এনেতে কিছু চিঞৰ বাখৰ শুনিলো। ওচৰলৈ গৈ দেখিলো এটা মানুহৰ জুম। এগৰাকী শ্বেতাংগ মহিলা আৰুএজন কৃঞ্চাংগ ডেকা লৰাৰ মাজত  কিবা কথাক লৈ কাজিয়া লাগিছে। হঠাৎ মহিলা গৰাকীয়ে ক’লে “How can you talk like that to a white woman?” কথাশাৰ শুনি অবাক হ’লো। কলা- বগাৰ ভেদাভেদ আমি কিতাপত পঢ়িছিলো যিতো অতীতত আছিল। বৰ্তমান যুগত লণ্ডনৰ নিচিনা এখন বিকশিত চহৰত এনে ঘটনা সংঘটিত হ’ব বুলি আমি কেতিয়াও ভবা নাছিলো। আমাক শিকোৱা হৈছিল যে ইয়াত বৰ্ণ বৈষম্য কেতিয়াবাই সমাপ্ত হৈছে। কিন্তু সেই ঘটনাটোৰ পিছত অনুভব হ’ল সেইবোৰ এনেয়ে কোৱা  কথা। হাতীৰ দেখুওৱা দাত বেলেগ আৰু খোৱা দাত বেলেগ। উচ্চ-নীচ, কলা-বগা আদিক লৈ মানুহৰ মাজত যি ভেদাভেদ সেয়া এতিয়াও আতঁৰ হোৱা নাই। বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আইন বনোৱাৰ পিছত মানুহ এই ক্ষেত্রত কিছু সচেতন হ’ল। কিন্তু শ্বেতাংগ মানুহৰ অন্তৰত লুকাই থকা অহংকাৰ এতিয়াও সম্পূৰ্ণ মষিমুৰ হোৱা নাই।
                    (২)
আমি লণ্ডনত এটা নতুন টেকন’লজিৰ বিষয়ে ক্লায়েন্টৰ কৰ্মচাৰী সকলক এটা প্ৰশিক্ষণ দি আছো। প্ৰশিক্ষণৰ কাৰণে দিনে ৩-৪ টা গ্ৰুপ আহে। এটা গ্ৰুপত থাকে ১০-১৫ জন লোক। প্ৰতিটো গ্ৰুপক এঘন্টাৰ প্ৰশিক্ষণ দিব লাগে। এটা গ্ৰুপৰ প্ৰশিক্ষণ শেষ হোৱাৰ লগে লগে জেক উপস্থিত হয় হাতত চেনিটাইজাৰ লৈ।  প্ৰতিখত মেজ আৰু চকী পৰিস্কাৰ কৰে। এইটো হ’ল কোভিডৰ নতুন গাইডলাইন। খুব নিষ্ঠাৰে জেকে কাম কৰে তেওঁ। এনেদৰে জেকক প্ৰায় এমাহ দেখাৰ পিছত তেওঁৰ লগত কথা পাতিবৰ মন গ’ল। জেক লণ্ডনলৈ আহিছে স্পেইনৰ পৰা। তেওঁৰ মাতৃভাষা স্পেনিছ। লণ্ডনলৈ আহি প্ৰায় এবছৰ তেওঁ ইংৰাজী অধ্যয়ন কৰিছে। তাৰ পিছত তেওঁ  ইয়াত চাফাই কৰ্মচাৰীৰ চাকৰি পাইছে। ৰাতিপুৱা প্ৰায় ৭ বজাত উঠি নিজৰ কৰ্মৰ আৰম্ভনি কৰে আৰু দৈনিক ১২-১৩ ঘন্টা কাম কৰে। বাবদ পায় ভাৰতীয় মুদ্ৰাৰ হিচাপত দুইৰ পৰা আঢ়ৈ লাখ টকা। জেকে কোনো কাম সৰু বুলি নাভাবে। তেওঁ কামৰ লগতে পঢ়া শুনা অব্যাহত ৰাখিছে আৰু ভবিষ্যতে আৰ্মিত যোগদান কৰিব বিচাৰে। যিসময়ত কোভিডৰ বাবে বহু মানুহে চাকৰি হেৰুৱাইছে সেই সময়ত  কোভিডৰ বাবে  চাকৰি পাইছে।
(৩)
লণ্ডন তথা গোটেই ইউনাইটেড কিংডমত কৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। এদিনত প্ৰায় ২০ -২৫ হাজাৰ মানুহ কৰোণাৰ চিকাৰ হৈছে। ই প্ৰথম ৱেভতকৈও ভয়ংকৰ। উপায়হীন হৈ প্ৰধানমন্ত্রী বৰিছ জনচনে ৩১ তাৰিখৰ পৰা দেশত দ্বিতীয় লকডাউন ঘোষণা কৰিছে। ৪ নৱেম্বৰৰ পৰা বলবৎ হবলগা এই লকডাউন চলিব এক মাহৰ বাবে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ বাহিৰে সকলো বন্ধ থাকিব। পাব, ৰেষ্টুৰেন্ট, জিম, ধাৰ্মীক স্থান  আদি খোলাৰ অনুমতি নাই। অৱশ্যে বিদ্যালয়, মহাবিদ্যালয় সমূহ খুলা থাকিব। ফাৰ্লো আইনৰ সহায়ত চৰকাৰে ব্যবসায়ীসকলক সাহায্য আগবঢ়াব। দেশৰ হাস্পতাল বিলাক কৰোণা আক্ৰান্ত লোকেৰে ভৰি পৰিছে। হাস্পতালত বিচনা একেবাৰে কমি গৈছে। লকডাউনৰ বাহিৰে চৰকাৰৰ হাতত আন বিকল্প নাছিল।

বকখালিৰ অলপ অভিজ্ঞতা

  • প্ৰদীপ কুমাৰ পাটোৱাৰী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ পৰা কলিকতালৈ গ’লে আৰু বঙ্গোপ সাগৰৰ কাষৰীয়া ঠাই এডোখৰত দুই এদিন ফুৰি আহিবলৈ মন কৰিলে বাচি লব পাৰে মন্দাৰমনি আৰু দীঘা অথবা বকখালি সাগৰৰ পাৰ। মই আজি বকখালিৰ অলপ কথা আৰু অভিজ্ঞতাৰ কথা লিখিবলৈ ওলাইছো;  দীঘা – মন্দাৰমনিৰ কথা পিছলৈ ৰাখিলোঁ।
            কলিকতা মহানগৰীৰ ব্যস্ততাৰ পৰা আতৰি দুই এদিন সাগৰৰ পাৰৰ নিৰিবিলি অঞ্চল  এটিত ফুৰি আহিবলৈ মন কৰিলে বাচি লব পাৰে – বকখালি । সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য্যৰে  ভৰপূৰ বৃহত্তৰ সুন্দৰবন  এলেকাৰ অন্তৰ্ভুক্ত আৰু মেনগ্ৰোভেৰে ( Mangroves ) ভৰপূৰ বঙ্গোপসাগৰ পাৰৰ হুগলি   নদীৰ এটি ডাঙৰ ডাঙৰ সুতিৰ আৰু আন দুটা নদীৰ মোহনাৰ একেবাৰে দক্ষিণৰ ঠাই- – বকখালি বা Bakkhali নামৰ মাছমৰীয়া গাওঁ ।
        পশ্চিম বংগ ৰাজ্যৰ দক্ষিণ ২৪ পৰগণা জিলাৰ একেবাৰে দক্ষিণে জোঙা হৈ বহুভূমি বঙ্গোপসাগৰৰ মাজলৈ ওলাই গৈছে , সাগৰ তীৰৰ  তেনেই এটি সৰু মাছ মৰিয়া অঞ্চল ( আজিকালি সৰু চহৰ বুলিও কোৱা হয় ) বকখালি,  সাগৰ তীৰৰ গ্ৰামাঞ্চল , পৰ্য্যটকৰ কাৰণে সাধাৰণ প্ৰয়াস চলোৱা সৰু অঞ্চল এটা। কেইবছৰমান আগতে মূল ভূখণ্ডৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা  ডাঙৰ নাওঁৰে নদী পাৰ হৈ যাব লাগিছিল , এতিয়া নামখানা নামৰ ঠাইত হাটানিয়া-দাওনিয়াদলং নিৰ্মাণ হোৱাৰ পিছত কলিকতাৰ পৰা যাতায়তৰ সু-ব্যৱস্থা হৈছে , ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে। এচপ্লেনেদ বা ধৰ্মতলাৰ পৰা বাছেৰে বা সৰু গাড়ীৰে যাব পাৰি । ৰাষ্ট্ৰীয় ঘাইপথ যদিও দ্বি-বিভক্ত ৰাস্তা নহয়, মাজত ভিভাজক বা ডিভাইদাৰ নাই কাৰণে আৰু যানবাহন বেছি হোৱাৰ ফলত গাড়ীৰ গতিবেগত কিছু সমস্যা হয় । মহানগৰীৰ মাজৰ পৰা তিনি চাৰি ঘণ্টা মানৰ প্ৰায় ১৩০ কি: মি: মান দূৰত্ব। ধৰ্মতলা বা এচপ্লেনেদৰ চাহিদ মিনাৰ বা পিয়াৰলেচ বিল্ডিঙৰ ওচৰৰ পৰা সকলো সময়তে যাতায়তৰ সু-ব্যৱস্থা আছে- বাতানুকুল বাছেৰে আগতীয়াকৈ টিকট কাটি গ’লে ভাল , বৰ্তমান ভাড়া ২৫০/- টকা ( Redbus website- Rs 250/-), সৰু গাড়ীৰে কম সময় লাগে, ৰাতিপুৱাতে গৈ ঘুৰি আহিবও পাৰি।
          কলিকতা মহানগৰী পাৰ হলে ৰাস্তাৰ দুয়োকাষে গাঁৱৰ সেউজীয়া পৰিবেশ , মাজে মাজে ধানৰ খেতি, নাৰিকল , আম , চজিনাৰ গছ , গাওঁ আৰু সৰু সৰু চহৰ। আৰু ঠাইয়ে ঠাইয়ে মাছৰ পুখুৰী আৰু বাৰিষাত জলাশয় দেখিবলৈ পোৱা যায়।
       বকখালিত পৰ্য্যটকৰ কাৰণে থকা মেলাৰ হোটেল আৰু পশ্চিম বংগ চৰকাৰৰ অতিথিশালা আছে । এদিন এৰাতি সাগৰৰ পাৰৰ সৰু ঠাই এডোখৰত  নিৰিবিলি নিৰ্মল বাতাবৰণত কটায় মনপ্ৰান ভাল লগাই আহিব পাৰি। ইয়াত সৰু সৰু কেবাটাও সাগৰ পাৰ বা সি-বিচ্ আছে , সন্ধিয়া বা ৰাতিলৈ বহি কটাব পৰা বিচ খনেই হ’ল- বকখালি ( Bakkhali Beach) , ইয়াৰ দৈৰ্ঘ্য প্ৰায় সাত কি: মি:। দিনৰ ভাগত ভূমি ভাগৰ পৰা সাগৰ বহু দূৰত ( প্ৰায় ৫০০ মিটাৰ মান ) যেন লাগে , বহুদূৰলৈ সেমেকা বালিৰ সমতল, কিন্তু সন্ধিয়া হৈ অহাৰ লগে লগে আৰু সাগৰৰ জোৱাৰ-ভাটাৰ কাৰণে সাগৰৰ ঢৌ আৰু পানী পাৰৰ দোকান পোহাৰৰ প্ৰায় ওচৰলৈ আহিবলৈ ধৰে। ইয়াৰ সাগৰৰ পাৰত সূৰ্যাস্তৰ সময়ত ফুৰিবলৈ , সময় ভালদৰে কটাবলৈ ভাল লাগে । সাগৰ তীৰত ( ঘন্টাত ১০ টকাকৈ ভাৰা কৰা ) চকীত সন্ধিয়া বহি জুৰ মলয়াৰ আমেজ লৈ কল্লোলিত সাগৰৰ ঢৌ আৰু দূৰৰ পৰা অহা জাহাজৰ পোহৰে  সাগৰৰ লগত কৰা জলকেলিৰ নান্দনিক দৃশ্য উপভোগ কৰি মনপ্ৰান আনন্দৰে ভৰাই তুলিব পাৰে । সন্ধিয়াৰ সময়কণ ভালদৰে কটাবলৈ পুষ্কা , পাওঁ ভাজি , আইচক্ৰীম , মূৰীমচলাৰ ( জালমুড়ী ) পৰা , সাগৰীয় মাছৰ বহুতো সৰু সৰু দোকান আছে । আৰু আছে শঙ্খ , পাৰ্ল , মনিমুক্তাৰ বহুতো দোকান , আন ঠাইতকৈ দাম কম , ঠগ বাজি নাই যেন লাগে। ইয়াৰ সাগৰীয় মাছৰ সোৱাদ অতুলনীয় । মাছৰ দোকানত ধুনীয়া কৈ সজাই থোৱা থাকে কেঁচা সাগৰীয় মাছ  বা কেঁকোৰা আদি । নিজৰ পচন্দ মতে দেখুৱাই দিব লাগে আৰু লগে লগে কাটি বাচি গৰম গৰম ভাজি বা পকোৰা আদি চাফ চিকুনকৈ বনাই দিয়ে – যেনেকৈ খাব খোজে – এনেয়ে ভজা, বেচনত ভজা , পিয়াঁজী (কচ্চা) , কাচুন্দী দিয়া , সৰিয়হত দিয়া , নানান সুস্বাদু ভাবে বনোৱা , বেছি সময়ো নালাগে। ইয়াত উৰিষ্যাৰ পুৰীৰ সাগৰৰ পাৰত আগতীয়াকৈ বনাই থোৱাৰ দৰে ভজা মাছ দোকান বোৰত দেখা নাপালোঁ। আন ঠাইতকৈ সস্তা , চাফ চিকুন।  সকলোবোৰ মাছৰ নাম মনত নাই যদিও , ইলিচ , পাভ (পাভ্ দা), ডাঙৰ শিঙৰা , সৰু ডাঙৰ মিচামাছ ( শিংৰী) ,  টাইগাৰ প্ৰন , স্টিংৰে , পাৰ্চে , স্কুইদ, টপচী , লৱস্টাৰ , পমফ্ৰেট , ভেটকি , অক্টোপাচ,  ইত্যাদি। জুৰ মলয়াত ভজা মাছৰ সোৱাদ লৈ থাকোঁতে কেতিয়াওনো সাগৰৰ ঢৌ আহি ওচৰ পালেহি ধৰিবই নোৱাৰিলোঁ।
         সৰু চহৰ হ’লেও ভাত-মাছ আদিৰ বহুতো দোকান , হোটেল আদি আছে। মাজে মাজে ইয়াৰ বিখ্যাত ভজা মাছ আৰু সাগৰীয় মাছৰ সোৱাদ লৈ পেট পুৰাই খাবলৈ হোটেল, ৰেষ্টোৰেন্ট বোৰত সোমাব পাৰি , আন ঠাইতকৈ কম দামৰ , চাফ চিকুন ,  সোৱাদ ও ।  অথবা নিজৰ থকা হোটৈলত কৈ আহিলে খোৱা লোৱাৰ ব্যৱস্থা কৰি ৰাখে ।
           চহৰৰ মাজমজিয়াত আছে সৰু চিৰিয়াখানা বা হৰিণা গৃহ ( Deer Park ), য’ত আছে হৰিণা (Spotted Deer) আৰু ঘৰিয়ালৰ ( Crocodile Breeding centre) প্ৰাকৃতিক ভাবে বংশবৃদ্ধি কৰিব পৰা সুব্যৱস্থা , কম সময়ৰ ভিতৰতে, দহ টকাৰ টিকট কাটি চাই আহিব পাৰি । এই আটাইবোৰ ফ্ৰেচাৰগঞ্জ ব্লকৰ ইকো টুৰিজিমৰ অন্তৰ্গত আৰু কোষ্ট গাৰ্ডৰ ৰক্ষণশীল অঞ্চল।
          চহৰৰ পৰা প্ৰায়  ছয় কিলোমিটাৰ মান দূৰত্বত -হেনৰি দ্বীপ , ই-ৰিক্সাৰে যাব পাৰি (চহৰৰ গোটেই ৫ খন চাবলগীয়া ঠাইৰ বাবে ৩ ঘন্টা সময় লাগে আৰু ভাড়া ২০০ টকা মাত্ৰ , ৪ জন যাত্ৰীৰ ) । এই এলেকাও সামুদ্ৰিক পুলিচ বা কোষ্ট গাৰ্ডৰ ৰক্ষণশীল অঞ্চল।। কোনোবা হেনৰি নামৰ ইংৰাজ চাহাব এজনে প্ৰথমে বসবাস কৰিছিল বাবে এই সৰু দ্বীপ টোৰ নাম হেনৰি দ্বীপ , প্ৰধান ভূখণ্ডৰ পৰা কাঠৰ সৰু দলং খোজ কাঢ়ি পাৰ হৈ যাব লাগে। সাগৰৰ পানীত আধা বুৰ গৈ থকা হেনৰিৰ ঘৰ এতিয়াও বিদ্যামান- যাৰ দ্বাৰা অনুমান কৰিব পাৰি যে সাগৰৰ পানীৰ উচ্চতা কেনেকৈ বাঢ়ি যাবলৈ ধৰিছে আৰু নিত্য নতুন সাগৰৰ উপকূলীয় অঞ্চল বুৰাই পেলাইছে । পৃথিৱীৰ প্ৰাকৃতিক বাতাবৰণ গৰম ( Global warming & Arctic ice melting) হৈ বাঢ়ি যোৱাৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সাগৰীয় উপকুল ক্ষয় ক্ষতিৰ ইয়াৰ পৰাই গম পোৱা যায়।  ইয়াতো দূৰ দূৰণিলৈ চাব পৰা ওৱাট্চ টাৱাৰৰ ( ওখ ঘৰ ) ব্যৱস্থা আছে, ৫ টকাৰ টিকট। ইয়াত সাগৰ বৰ উত্তাল, সাৱধানতাৰ বাণী লিখা আছে , স্নান কৰাৰ অনুপযোগী , ৰাতিপুৱা ০৮৩০ বজাৰ পৰা সন্ধিয়া ০৫৩০ বজালৈ সোমোৱাৰ অনুমতি দিয়ে। হেনৰি দ্বীপৰ ৰেন্জ অফিচৰ আৱাসিক এলেকাতও থকা মেলাৰ বাবে ব্যৱস্থা আছে।  ইয়াৰ সাগৰৰ নাতিদূৰত সাগৰৰ মাজত জাম্বোদ্বীপ, বছৰৰ বেছি ভাগ সময় পানীৰ তলত বুৰ গৈ থাকে , মানুহৰ বসতি নাই । ৰাষ্টাৰ দাঁতিত বাৰিষাত মিছামাছ পোহা, অক্সিজেনৰ যোগান ধৰিবৰ বাবে ব্যবস্থা থকা বহুতো জলাশয়, পুখুৰী , উইন্দমিল দেখা পোৱা যায়। সাগৰৰ লুণীয়া পানীত মিছামাছ নাথাকে হেনো, পুখুৰীৰ পানীত পোহা হয় মানে বৰষুণ বা মিঠা পানীত ( Fresh water ponds) মিছামাছৰ ব্যৱসায় ভাল হয়। দূৰৰ পৰাই ফ্ৰেচাৰগঞ্জ অঞ্চলৰ উইন্দ মিল কিছুমান দেখিবলৈ পাইছিলো। ইচ্ছা কৰিলে পূৰণি হিন্দু ধৰ্মাৱলম্বীৰ লক্ষ্মীমন্দিৰ চাই আহিব পাৰি।
          সাগৰৰ সৰু জাহাজ বা মাছমৰীয়া নাওঁৰ ঘাট বেনফিচ মাছ বজাৰ – ফ্ৰেজাৰগঞ্জ ফিসিং হাৰবাৰ- চৰকাৰৰ অধীন , সাগৰীয় মাছ কিনাবেছা কেন্দ্ৰ , য’ত মাছমৰীয়াৰ নাওঁ বোৰ সাগৰৰ মাছ মৰাৰ অন্তত ঘাটলৈ আহে আৰু পাইকাৰী হাৰত মাছ বিক্ৰী কৰে, ইয়াতো ১০ টকাৰ টিকট কাটি  সাগৰৰ ধৰি অনা মাছৰ পয়োভৰ আৰু প্ৰজাতি চাব পাৰি , ৰাতিপুৱা গ’লে ভাল। বাটত আহোতে কাৰগিল নামৰ চি বিচ্ – বা সাগৰৰ পাৰ চাই ভাল লাগে।
( প্ৰদীপ কুমাৰ পাটোৱাৰী ,
  কলিকতা, ২৯/০৯/২০১৯)
# ভুল বোৰ শুধৰাই লব/দিব #

কি হ’ব তিনি সভাপতিৰ? অ’পিনিয়ন প’ল নৱেম্বৰ ২০২০

তিনিটা প্ৰধান ৰাজনৈতিক দল বিজেপি, কংগ্ৰেছ আৰু অগপৰ সভাপতি তিনিজনেই এইবাৰ বিধানসভা নিৰ্বাচনত নিজৰ নিজৰ সমষ্টিত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি খবৰ ওলাইছে। সেইবাবে তেওঁলোকে নিৰ্বাচন নেখেলা বা সমষ্টি সলনিৰো গুণা গথা কৰি আছে। আপোনালোকে কি ভাবে? ৰঞ্জিত দাস সৰভোগ, ৰিপুণ বৰা গহপুৰ আৰু অতুল বৰা বোকাখাতৰ পৰা জয়ী হ’ব পাৰিবনে? আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন ২৫ নবেম্বৰ ২০২০।

ব্যক্তি প্ৰথম ৰাষ্ট্ৰ গৌণ

  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


দুৰ্নীতি আৰু প্ৰৱঞ্চনা  কৰি ধৰা পৰিছিল আনুষ্ঠানিক শিক্ষাগত অৰ্হতা থকা বহু  ল’ৰা ছোৱালী , পুৰুষ মহিলাৰ লগতে বিয়াগোম বিষয়া । মাক বাপেকৰ টকা বা প্ৰভাৱ খটুৱাই  বহুজনে এপি এচ ছি ৰ চাকৰি লৈছিল কংগ্ৰেছৰ দিনত  । চৰকাৰ সলনি হ’ল ।  সৰ্বানন্দ সোণোৱালৰ নেতৃত্ব, চোচিয়েল মিডিয়াৰ বহুল প্ৰয়োগ ,  আৰ টি আই  আইন  ,  আৰক্ষীৰ কৰ্মদক্ষতা ,   দন্ত চিকিৎসক গৰাকী সমন্বিতে  সমুহ অসমবাসীৰ তীক্ষ্ণ নজৰৰ ফলত কেলেংকাৰী পোহৰলৈ আহিল ।  অনৈতিক উপায়েৰে চাকৰিলৈ ধৰাত পৰিল একাংশ আৰু বহুতেই ধৰাত নপৰাকৈ চাকৰিৰ সোৱাদো লৈ নথকা নহয় ।
দুৰ্নীতিৰ অভিযোগত সংবাদ জগতৰ শিৰোনামা দখল কৰা  বিষয়াসকলক ৰাইজে  মঞ্চত  গলত গামোচা পিন্ধায় আৰু তেওঁলোকক অতিমানৱৰ স্তৰলৈ লৈ যায় । নতুন প্ৰজন্মই নিৰৱে লক্ষ্য  কৰি যায় এই অতিমানৱক কৰা পুজা পদ্ধতি আৰু ভিতৰি ভিতৰি  নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি পেলায় এটা চৰকাৰী চাকৰি  । আৰু সেইবাবেই নতুন দুৰ্নীতিৰ দুৱাৰ মুকলি হয় ।  আৰম্ভ হ’ল পিএনআৰডি আৰু আৰক্ষী নিযুক্তি বিতৰ্ক । নিবনুৱাক চৰম প্ৰতাৰণা কৰাৰ উদাহৰণৰ শেষ নাই । ক্ষমতাত থকা দলৰ  আত্মীয়ই সুপ্ত হৈ থকা মেধা উদ্ধাৰ কৰে । নিলমনি সেন ডেকাৰ পৰা আৰম্ভ কৰি দিবন ডেকালৈ বিতৰ্কৰ দীঘল লিষ্ট খনৰ শেষ নাই । মুখ্যমন্ত্রী সোণোৱালে যিমানে তদন্তৰ কথা কওক ৰাইজ কিন্তু আস্বস্ত হ’ব পৰা নাই। তেওঁৰ দিনতে সংঘটিত হৈছে এটাৰ পিছত আনটো নিযুক্তি কেলেংকাৰী। সচৰাচৰ কোৱা হয় যে সকলো দুৰ্নীতিৰ মুলত নতুনকৈ যোগদান কৰা বিজেপিৰ নেতাসকল। দিবন ডেকা কিন্তু ২২ বছৰে বিজেপিৰ লগত জড়িত। ২০১১ চনত বৰক্ষেত্রী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আছিল। শিলাদিত্যই কোৱা আন এজন দুৰ্নীতিৰ মহানায়ক (মোনা লোৱা মানুহজন) ১৬ বছৰ ধৰি বিজেপিত আছে। ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি শেষত বুলি জানো এই দলটোৱে আনক জ্ঞান নিদিয়ে? নতুনকৈ অহা লোকসকল যদি ক্ষমতাৰ বাবে আহিছে তেনেহলে পি.এন.আৰ.দি, জনসংযোগ, পুলিছৰ চাকৰিৰ নিযুক্তিৰ ক্ষেত্রত  ১৬ -২০ বছৰ দলত থকা মহাপুৰুষ সকলৰ নাম সাঙোৰ খাইছে কিয়? আচলতে ক্ষমতাৰ ৰাগীত মতলীয়া হৈ সকলোৱে পাহৰি গৈছে দলৰ নীতি- আদৰ্শ। BJP is not a party with difference any more. দলটোৰ নেতাবোৰে একে আচৰন কৰিছে যিটো কংগ্ৰেছ বা অগপৰ শাসনৰ কালত দেখা গৈছিল। মুখ্যমন্ত্রীৰ সোপাধিলা নীতিকো সমালোচনা নকৰাকৈ থাকিব নোৱাৰি। তেখেতৰ দায়িত্ব হ’ল পৰীক্ষা যাতে সুকলমে হয় তাৰ ব্যবস্থা কৰা। বিষয়াসকলৰ ওপৰত সকলো এৰি দিয়া কাৰ্য্য মুঠেও সমৰ্থন যোগ্য নহয়। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত চোৰ ধৰিবলৈ উচ-পিছ লগোৱাতকৈ এনে পৰিস্থিতি যাতে সৃষ্টি নহয় তাক সুনিশ্চিত কৰাৰ দায়িত্ব আছিল মুখ্যমন্ত্রীৰ। মুখ্যমন্ত্রীক নিকা বুলি এতিয়াও সৰহ সংখ্যক অসমীয়াই বিশ্বাস কৰে। ইয়াত দাগ লাগিবলৈ নিদিব! পুলিছ, জনসংযোগ, পি.এন.আৰ.দি যতেই অভিযোগ উঠিছে সকলো অনুসন্ধানৰ দায়িত্ব চি.বি.আইক অৰ্পন কৰক।