Saturday, May 18, 2024
Home Blog Page 72

অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্রী কোন?

অসমত এতিয়ালৈকে ১৪ জন ব্যক্তি মুখ্যমন্ত্রীৰ পদত অধিষ্ঠিত হৈছে। এখেতসকলৰ ভিতৰত যোগেন হাজৰিকা, আনোৱাৰা টাইমুৰ,কেশৱ গগৈ আৰু ভুমিধৰ বৰ্মনৰ কাৰ্য্যকাল আছিল ৬ মাহতকৈও কম। বাকী দহজন মুখ্যমন্ত্রীৰ ভিতৰত আজিৰ প্ৰজন্মই প্ৰত্যক্ষ কৰিছে ৪ জন মুখ্যমন্ত্রীৰ কাম-কাজ। এইসকল হ’ল হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱাল। আমাৰ এইমাহৰ অ’পিনিয়ন প’ল হ’ল ‘ চাৰিজনৰ ভিতৰত আপুনি কাক অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্রী বুলি ভাবে?’ আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰকঃ
অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ তাৰিখ ২০ আগষ্ট ২০২০।

সাংঘাটিক অসমপ্রেমী হৈ পৰা কেইজনমান ঠিকাদাৰ: আভিজিৎ শর্মা

  • আভিজিৎ শর্মা, সভাপতি এ পি ডব্লিউ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সাম্প্ৰতিক পৰিস্হিতি, কোভিড আতংক আদিৰ বাবে বিগত কিছু দিন ধৰি অসমত চলি থকা কেতবোৰ বিয়াগোম বিসংগতি সম্পৰ্কে আমি মুখ খোলা নাছিলো যদিও এতিয়া আমি অনুধাৱন কৰিছো যে কথাবোৰ ৰাইজৰ দৃষ্টিগোচৰ নকৰিলে পলম হব।  কোভিড আতংক যদিও মাৰাত্মক হৈয়ে আছে তথাপি কেবল আতংকৰ দোহাই দিয়ে সময় অনুযায়ী যদি ৰাইজক প্রতিটো কথা সময়ত উনুকিয়াই দিয়া নহয় হয়তো হিতে বিপৰীত হব।
কোভিড আতংকত জনতা আতংকিত হৈ থকাৰ মাজতে অসম চৰকাৰৰ বিভিন্ন বিভাগত দুর্নীতিৰ বিভিন্ন কাণ্ড পুর্ণোদ্যমে চলিব ধৰিছে সচা কথা কবলৈ গলে দুগুণ উৎসাহত চলিব ধৰিছে।  কথাবোৰ গমি চালে এনে ভাব হয় যেন কোভিডৰ দোহাই দি কিছুমান বিষয়া ঠিকাদাৰৰ দুর্নীতি কেলেংকাৰীয়ে এক নতুন অধ্যায়ৰ সুচনা কৰিছে।
প্ৰথমেই জনাও অসমৰ সাম্প্ৰতিক পৰিস্হিতিত “হঠাৎ পেট্রিয়ট” হৈ পৰা অসমৰ ইতিহাসত নজিৰবিহীন দুর্নীতিৰে নিজৰ নাম সোণালী আখৰেৰে লিখিও কোভিড প্ৰেক্ষাপটত সাংঘাটিক অসমপ্রেমী হৈ পৰা কেইজনমান ঠিকাদাৰৰ কথা।  কোভিডত জনতাক লকডাউনত ৰখাৰ সময়তে ৰাজকোষৰ কৌটি কৌটি টকা উলিয়াই নিবলৈ সক্ষম হোৱা এনে ঠিকাদাৰসকলে কোভিড যুজৰ বাবে কৌটি কৌটি টকা চৰকাৰক দান দিলে।  তেনে এজন কোনো ধানুকা,  কোনো জৈন,  কোনো টেণ্ট হাউছৰ ব্যৱসায়ী,  কোনো দাস,  কোনো শৰ্মাই, কোনো দত্তই চমকপ্ৰদ বৰঙণিৰে বাতৰিৰ শিৰোনাম দখল কৰিলে। বৰঙণিৰ পৰিমাণ দেখি সকলো তেওলোকৰ ভক্ত হৈ পৰিল।  কিন্তু কাহিনীটো দেখাত যিমান সৰল আৰু সহজ প্ৰকৃততেই তেনেকুৱানে?  অসমৰ সহজ সৰল জনতাৰ আগত বিপদৰ ত্রাণকর্তাৰ ভুমিকাৰ অভিনয়ত অভিনয় কৰা এইকেইজন মুষ্টিমেয় তেজপিয়াই কোনো প্রভাবশালী মন্ত্রীৰ ঘনিষ্ঠ হোৱাৰ সুযোগ লৈ অসমত কেনেকৈ লুণ্ঠন চলাইছিল সেয়া অসমৰ ৰাইজ কিমান জ্ঞাত? এইকেইজন ঠিকাদাৰৰ এই দান দি মহান হোৱাৰ নাটকখন আৰু ভুমাফিয়াই বিহু পুজাত মোটা বৰঙণি দি সাংস্কৃতিক সন্ধিয়াত ফুলাম গামোচা পিন্ধা নাটকখন একেই।
অসম চৰকাৰৰ স্বাস্হ্য বিভাগৰ এন এইচ এমত দুই নম্বৰী ঔষধ দিও একমাত্ৰ মন্ত্রীৰ ঘনিষ্ঠ হোৱাৰ বাবেই ব্লেকলিষ্টেড হোৱাৰ পৰা ৰক্ষা পৰা কোনোবা ধানুকা নামৰ লুটি পুটি অসমৰ ৰাজকোষ শৰাধ কৰাজনেই এতিয়া খুদ চতিয়াই অসমৰ ইতিহাসত কবলৈ গলে লাচিত বৰফুকন হবলৈ ওলাইছে।   টেণ্ট আৰু  খাদ্যৰ মাফিয়াগিৰি কৰা কোনোবা “কি কি” আজি কোভিডৰ আগ শ্রেণীৰ ৰণুৱা।  কেনেকৈ এজন তেজপিয়া ৰত্নাকৰ বাল্মীকি হল l মাথো আদালতৰ মজিয়াত ৰত্নাকৰ বাল্মীকি হোৱাৰ কাহিনী প্ৰমাণ কৰিবলৈ কিছু সময় লাগিব।
কথাটো হল অসমৰ মুখ্যমন্ত্ৰীজন এইবোৰ বিষয় বা নাটক সম্পৰ্কে জ্ঞাত নে অজ্ঞাত?  যদি জ্ঞাত অথচ মনে মনে আছে তেন্তে কিয়?  আৰু যদি অজ্ঞাত তেও প্ৰকৃততে কৰি আছে কি?
কোভিডৰ নামত ৰাইজক ঘৰত তলা বন্ধ কৰি ৰাখি,  দিছপুৰত সাধাৰণ জনতাৰ প্রৱেশ নিষিদ্ধ কৰি বচা বচা এচাম ঠিকাদাৰক ধন মুকলি কৰি দিয়া হল।  সেইকেইজন ঠিকাদাৰেই কোভিড যুদ্ধত মুক্ত হস্তে দান আগবঢ়ালে।  আনহে নালাগে যুদ্ধকালীন ভাবে পি পি ই কীট চীনৰ পৰা অনা হল।  যুদ্ধকালীন প্রস্তুতি।  ইয়াতো সেইকেইজনেই ঠিকাদাৰ , যিসকলে কৌটি কৌটি টকাৰ দুই নম্বৰী ঔষধ যোগান দি ব্লেকলিষ্টেড হোৱাৰ পৰা একমাত্ৰ ৰাজনৈতিক প্রভাবত হাত সাৰি আহিছে।  অৱশ্যে চীনৰ পৰা অনা পি পি ই কীটক লৈ যি লম্ফ জম্ফ আৰু দম্ভ দেখুৱাইছিল পিচত জিভা পিচল খাইও সেই পি পি ই কীটৰ নাম নোলোৱা হল।
মূখ্যমন্ত্ৰী মহোদয়,  আজি বাতৰি কাকত মেলিব নোৱাৰা অৱস্হা।  চৰকাৰৰ কোনো যেন অস্তিত্বই নাই।
কোভিডে  অসুবিধা নকৰিলে অর্থাৎ সময়ৰ জোখাৰে যদি সঠিক সময়ত নিৰ্বাচন হয় তেন্তে আপোনাৰ হাতত মাত্র দহ মাহ আছে আৰু ভালকৈ চালে নিৰ্বাচনী অধিনিয়ম বাদ দিলে আঠমাহ মান আছে।  আপুনি সিদ্ধান্ত লৈ কিবা এটা কৰক , নহলে আগন্তুক নির্বাচনত দুর্নীতিও এটা ইছ্যু হব,  যিটো আপোনাক শাসনত আনিবলৈ ভোটদান কৰা কোনো ভোটাৰে কাস্মিনকালেও ভবা নাছিল।
শেষত মাননীয় মুখ্যমন্ত্ৰী  মহোদয় আপোনাৰ দৃষ্টিগোচৰ কৰিলো,  আপুনি ব্যৱস্হা লওক ।

ৰাজ্যিক নেতাই নৰেন্দ্ৰ মোদীৰ ইমেজ নষ্ট কৰিছে

  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱাল আৰু  হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনি বিজেপিক   ভোট দিয়া নাছিল । এই কথাষাৰ কোৱাৰ অৰ্থ এইটো নেকি যে বুদ্ধিজীবী সকলে  জনতাৰ মন যেনেকৈ পঢ়িব পাৰে বুলি দাবী কৰে তেনেকৈ আমিও জনতাৰ মন পঢ়িব পাৰিছো দাবী কৰিছোঁ । মুঠেই নহয় । বুদ্ধিজীবী সকলে জনতাৰ মনটোক  পঢ়াৰ চেষ্টা নকৰে , তেওঁলোকে জনতাৰ ওপৰত প্ৰভাব পেলাব হে বিচাৰে ।  বুদ্ধিজীবী সকলে জনতাৰ মন পঢ়িব আগতেও পৰা নাছিল আৰু এতিয়াও নোৱাৰে। তেওঁলোকে মাত্ৰ চেষ্টা কৰে কেনেকৈ জনতাৰ চিন্তা শক্তিত বিচ্ছিন্নতাবাদ আদৰ্শ সোমাই দিব পৰা যায় ।  আমি কোৱা কথাষাৰ কল্পনা নহয় , ই তথ্য  ভিত্তিক । সৰ্বানন্দ সোণোৱাল অগপৰ পৰা সাংসদ হৈছিল , জাতীয় নায়ক উপাধি এটাও আছে , তেনেস্থলত নায়কে কিন্তু দলত্যাগ কৰিব লগা হৈছিল।  দলৰ লগতে সংসদীয় সমষ্টিও সলনি কৰি বিজেপিৰ চিহ্নত সাংসদ হৈছিল । কংগ্ৰেছ আমোলৰ প্ৰবল প্ৰতাপী আৰু জনতাৰ হাৰ্টথ্ৰোব নেতা হিমন্ত বিশ্ব শৰ্মাই ২০১৬ নিৰ্বাচনৰ আগত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগ দিলে । পুৰ্বতে সাম্প্ৰদায়িক বুলি কটাক্ষ কৰা বা নৰেন্দ্ৰ মোদীক গুজৰাট কাণ্ডৰ কাৰণে সমালোচনা কৰা ব্যক্তিজনে বিজেপিক বাচি ল’লে । ৰাজনীতিৰ চানক্য জনৰ কাৰণে যদি সকলো সম্ভৱ তেন্তে অসম গণ পৰিষদত যোগদান কৰি চানক্য নীতিৰে নিৰ্বাচন জয়ী কৰায় অনাটো সাধাৰণ কথা আছিল  বা মহাভাৰতৰ যুদ্ধত কৃষ্ণ- অৰ্জুনৰ দৰে সৰ্বা- হিমন্ত হৈ নতুন দল জন্ম দি অসমত চৰকাৰ গঠন কৰিবলৈ কিয় চেষ্টা নকৰিলে ?  তৰুণ গগৈ চৰকাৰৰ পোন্ধৰ বছৰীয়া কাৰ্যকালত গুপ্ত হত্যা বন্ধ হৈছিল  ,  তৰুণ গগৈৰ পৰিয়ালত ফেচিষ্ট আচৰণ ৰাইজে এবাৰো অনুভৱ নকৰিলে । কংগ্ৰেছৰ দিনত ধৰ্মীয় সংখ্যালঘু মুছলমান তোষামোদ যিখিনি হয় সেই খিনিৰ কাৰণে অকল কংগ্ৰেছ দায়ী নহয় । এইক্ষেত্ৰত সংখ্যাগৰিষ্ঠ ভোটাৰো সমানে দায়ী । যিখিনি দুৰ্নীতি গগৈৰ দিনত হৈছিল সেই একে দুৰ্নীতিৰ অভিযোগ এতিয়াও উঠিছে । আগৰবাৰ যদি  এপিএছ চি কেলেংকাৰী  এইবাৰ আকৌ পিএনআৰডি । ৰাজনৈতিক দলত বিসম্বাদ সাধাৰণ কথা , বিসম্বাদ নথকাটোহে আচৰিত । কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া কাৰ্য্যকালত বিসম্বাদ আছিল কিন্তু কেন্দ্ৰত ক্ষমতাত থকা কংগ্ৰেছ হাইকামাণ্ডে অতি সহজে বিসম্বাদ নিয়ন্ত্ৰণ কৰিব পাৰিছিল ।  তৰুণ গগৈৰ তৃতীয় কাৰ্যকালৰ শেষৰ সময়ছোৱাত  বিসম্বাদে ডাঙৰ ৰূপ লৈছিল কাৰণ ২০১৪ ত কংগ্ৰেছ ক্ষমতাচ্চ্যুত হয় আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হয় ।  বিসম্বাদ দুৰ কৰাৰ বাবে চানক্য মষ্টিষ্কৰ প্ৰয়োজনো নাই । কাৰণ প্ৰতিটো বিসম্বাদৰ প্ৰধান কাৰণ ব্যক্তিগত স্বাৰ্থ , বিসম্বাদত ৰাষ্ট্ৰ ধৰ্ম বা অসম প্ৰেম মাত্ৰ লেবেল সদৃশ ।  কংগ্ৰেছৰ গছ ডাল হালিল আৰু হলা গছত বাগী কুঠাৰ মাৰে । একেই ঘটনা অসমত ঘটিল । একে ৰাতিত বহু চিণ্ডিকেট সম্ৰাটে খাকী হাফপেন্ট পিন্ধিলে ।  ছোনীয়া মাতা ধ্বনী দিয়া বহুতেই ভাৰত মাতা ধ্বনী দিলে । মুঠৰ ওপৰত মৌলবাদ আৰু বিচ্ছিন্নতাবাদৰ কাপোৰ সলায় ৰাষ্ট্ৰীয়তাবাদৰ পোচাক পিন্ধিলে । ২০১৬ ত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰা দলটোত আৰম্ভ হয় পুৰণি কৰ্মী আৰু নতুন কৰ্মীৰ মাজত শীতল যুদ্ধ । সাগৰ মন্থনৰ দৰে সম্পদ আৰু ধন মন্থনৰ এই প্ৰতিযোগীতা খনে এবছৰ পিছতেই ৰূপ সলনি কৰে । নতুন আৰু পুৰণিৰ ধাৰণা সলনি  হয় । চৰকাৰ গঠনৰ এবছৰ পিছতেই আৰম্ভ হয়  পাৰ্চেন্টেজৰ অংক ।  কংগ্ৰেছত যিমান জন মন্ত্ৰী সিমানটা ল’বি থাকে , তাতে আকৌ কোনোবা মন্ত্ৰী যদি ৰাহুল গান্ধীৰ ঘনিষ্ঠ তেন্তে আনজন আকৌ ছোনিয়া গান্ধীৰ ঘনিষ্ঠ । বিজেপিত স্পষ্ট ৰূপত লবি ৰাজনীতি দেখা দিছে সদ্য গঠন হোৱা জিলা সমিতি সমুহৰ পুনৰ গঠন হোৱাৰ পিছত । এতিয়া লবিৰ সংখ্যা মাত্ৰ দুটা । এটা লবি দাদা ব্ৰিগেদৰ আৰু আনটো নায়ক ব্ৰিগেদৰ । টিকট বিতৰণ , বিধায়ক নিৰ্বাচন ,সম্পদ আহৰণ আৰু মুখ্যমন্ত্ৰীত্ব __এই চাৰিটা ফেক্টৰে নিৰ্ধাৰণ কৰে লবিৰ ৰণকৌশল । কিন্তু ২০২১ ত ভোটাৰ ৰণকৌশলত লবি , মন্ত্ৰীত্ব ,মুখ্যমন্ত্ৰীত্ব এইবিলাক গুৰুত্বহীন ।  যোৱাবাৰৰ বিজেপি মিত্ৰজোঁটৰ ভোটাৰ খিনিয়ে  চাব যে নৰেন্দ্ৰ মোদীয়ে ২০১৬ ৰ নিৰ্বাচনী সভাত দিয়া প্ৰতিশ্ৰুতি সমুহ অসম চৰকাৰ খনে কিমান বাস্তৱৰূপ দিব পাৰিছে ; আনহাতে যোৱাবাৰৰ মোদী  বতাহ স্বত্তেও বিজেপিৰ বিৰুদ্ধে ভোট দিয়া ভোটাৰ খিনি এইবাৰ একত্ৰিত হৈ ইভিএমত যুদ্ধ দিব । ইভিএমৰ এটা চুইচে প্ৰতিনিধিত্ব কৰিব ধাৰা ৩৭০ প্ৰেম আৰু আন এটাই  প্ৰতিনিধিত্ব কৰিব অসম চৰকাৰৰ মন্ত্ৰী- বিধায়কৰ স্বজন তোষণৰ মাত্ৰা ।

মুখ্যমন্ত্রী: ৪৩% ৰাইজৰ প্ৰথম পচন্দ হিমন্ত বিশ্ব শৰ্মা

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


‘ অসমৰ পৰবৰ্তী মুখ্যমন্ত্রী হিচাবে কাক বিচাৰে ? ‘ ,  এই প্ৰশ্নটো যোৱা দুই বছৰত কেইবাবাৰো ৰাইজক কৰা হৈছিল ।  এই ক্ষেত্রত সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা ২০১৯ত সকলোতকৈ অধিক আছিল। ‘কা’ আন্দোলনৰ সময়ত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু লুৰিণজ্যোতি গগৈয়ে ৰাইজৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হয়। তাৰ পিছত আহিল ক’ৰোনা। দিন-ৰাতি একাকাৰ কৰি অসমৰ ৰাইজৰ সেৱাত ব্ৰতী হৈ পৰিল স্বাস্হ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ক’ৰোনা প্ৰতিৰোধৰ ক্ষেত্রত ভাৰতৰ ভিতৰতে অসম অন্যতম শ্ৰেষ্ঠ ৰাজ্য ৰূপে পৰিগণিত হ’ল। পি.পি.ই কিট, হাস্পতাল , কোৱাৰেন্টাইন কেন্দ্ৰ আদি সকলো ব্যৱস্থা পৰিকল্পিত ভাবে চলাই নিয়াৰ ক্ষেত্রত স্বাস্হ্য মন্ত্রীৰ ভুমিকাক সকলোৱে স্বীকাৰ কৰিছে ।  ড° হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ  গ্ৰাফডাল এই সময়ত উৰ্দ্ধমুখী। ইয়াৰ প্ৰমান পোৱা যায় ‘ৰাজনীতি অসম’ ৰ জুন মাহৰ অপিনিয়ন প’লত। অসমৰ পৰবৰ্তী মুখ্যমন্ত্রীৰ বাবে ৪২.৬% ৰাইজৰ প্ৰথম পচন্দ ড° হিমন্ত বিশ্ব শৰ্মা। এই তালিকাত দ্বিতীয় স্হান অধিকাৰ কৰিছে বৰ্তমানৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে। ২৪.৩% ৰাইজে সোণোৱালৰ সপক্ষে ৰায়দান কৰিছে। উল্লেখযোগ্য যে বিজেপিৰ দুই নেতাই অসমৰ ৬৭% ৰাইজৰ সমৰ্থন পাবলৈ সক্ষম হৈছে। ইয়ে প্ৰমাণ কৰে যে ২০২১ত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বিজেপি এতিয়ালৈকে আগবাঢ়ি আছে।
নগাওঁৰ সাংসদ প্ৰদ্যুত বৰদলৈ ৬.৫% ভোটেৰে কংগ্ৰেছৰ নেতাসকলৰ ভিতৰত শীৰ্ষত আছে। ১৫ বছৰ কাল অসমক শাসন কৰা বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈক ৫.৯% ৰাইজে পুনৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাটো বিচাৰে। বৰ্তমানৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই লাভ কৰে ১.৮% ভোট। ছাত্র নেতা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু লুৰিণজ্যোতি গগৈ দুয়োজনে লাভ কৰে ৪.৭%কৈ ভোট। বদৰুদ্দিন আজমলক সমৰ্থন কৰে ১.৮% ৰাইজে। ৭.৭% ৰাইজে আমাৰ তালিকাত নথকা অন্য লোকহে মুখ্যমন্ত্রীৰ বাবে যোগ্য বুলি ভাবে।
এতিয়া লক্ষণীয় হ’ব অহা বিধানসভা নিৰ্বাচনৰ সময়ত ড° হিমন্ত বিশ্ব শৰ্মাৰ ভুমিকা কি হয় ? বিধানসভা নিৰ্বাচনত প্ৰচাৰ কৰিলে ৰাইজক প্ৰতিশ্ৰুতি দিব লাগিব। আৰু প্ৰতিশ্ৰুতি দি জিকি আহিলে মন্ত্রী পদ ল’ব লাগিব।  অৰ্জুনে যুদ্ধ জয় কৰি যুধিষ্ঠিৰক ৰজা পতাৰ দৰে হিমন্ত বিশ্ব শৰ্মাই ২০০৬ চনৰ পৰা প্ৰতিটো নিৰ্বাচনত নিজে সন্মুখৰ পৰা যুদ্ধ কৰি আনক মুখ্যমন্ত্ৰী পাতি আহিছে । কংগ্ৰেছৰ সময়ত তৰুণ গগৈৰ পুত্ৰ স্নেহ , ৰাহুল গান্ধীৰ আভিজাত্য ,কংগ্ৰেছ চৰকাৰৰ পতন আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ সাংগঠনিক দুৰ্বলতাৰ বাবে বদৰুদ্দিন আজমলৰ কাষ চাপিবলৈ বাধ্য হোৱা পৰিঘটনা বোৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক সিদ্ধান্ত লোৱাত সহায় কৰিব । হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ দাদা ব্ৰিগেদৰ আচৰণ কিছু হ’লেও নিৰ্ণায়ক হ’ব । অহাবাৰ বিধান সভাত যদি পুনৰ বিজেপি চৰকাৰ হয় তেন্তে অসমৰ ভৱিষ্যতৰ ৰাজনীতিৰ স্বাৰ্থত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিকোনো এজনক দিল্লীলৈ নিবলৈ বাধ্য হ’ব । ৰাজনীতিৰ পৰা সমাজ নীতিলৈ সৰ্বানন্দ সোণোৱালৰ ইমেজ অতি নিকা আৰু ফেচিষ্ট শব্দৰ পৰা বহু আঁতৰত । যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় তেন্তে সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰাৰ বাট মুকলি হ’ব ।

কেৱল নষ্টালজিৰে কটনৰ অৱক্ষয় ৰোধ কৰিব নোৱাৰি

  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ঐতিহ্যমণ্ডিত কটন কলেজ (বৰ্তমান বিশ্ববিদ্যালয়) ৷ কটন মানেই উন্মাদনা কটন মানেই চিৰ যৌৱনা ৷ কটনক লৈ সকলোৰে আশা ৷ আৰু সেই আশাতেই কেতিয়াবা মানুহে ক্ষোভো প্ৰকাশ কৰে, হয়তো সেই ক্ষোভত লুকাই থাকে অকৃত্ৰিম এসোপা ভালপোৱা ৷
কটনৰ গৌৰৱক লৈ সকলোৰে কম বেছি পৰিমাণে চিন্তা থাকে, সেই চিন্তাক কোনে কি নামেৰে মাতে সেইয়া গুৰুত্বপূৰ্ণ নহয়, সেই চিন্তাহে গুৰুত্বপূৰ্ণ ৷ এশ বছৰৰ দিন গৰকি অহা এই অনুষ্ঠান কেৱল তাত পঢ়ি থকা বা পঢ়ি অহাসকলৰেই আপোন নহয় এই অনুষ্ঠান অসমৰ যেন প্ৰত্যেকজন মানুহৰেই হৃদয়ৰ মাজত বাজি থকা এক ঝংকাৰ ৷
সেই কাৰণেই অসমৰ প্ৰত্যেকজন মানুহৰেই মৰম এই অনুষ্ঠানৰ প্ৰতি ৷ প্ৰত্যেকেই যেন কিবা এক প্ৰকাৰে এই অনুষ্ঠানৰ লগত জড়িত হব পাৰিলে গৌৰৱেৰে তাক গ্ৰহণ কৰিছিল ৷ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ সকলোৱে ঢপলিয়াইছিল কটনত স্থান পালে পঢ়িবলে ৷সেইয়া লাগিলে উচ্চতৰ মাধ্যমিকৰ বাবেই হঁওক বা স্নাতক বা স্নানত্তোকৰ বাবেই হঁওক ৷ গৌৰৱ জড়িতহৈ আছিল তাত ৷
এতিয়া আহো কটনক লৈ বৰ্তমান চলি থকা কথা বতৰাক লৈ ৷ কটনক লৈ নানা কথা পঢ়িয়েই আছো ৷ বিশেষকৈ উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ পাছৰ পৰা, আৰু বেছিভাগ লিখাই কটনৰ এসময়ৰ গুণগাঁথা ৷ কটনৰ পৰা অমুক হৈছিল তমুক লৈছিল ৷ কটনত পঢ়ি জীৱন শিকাৰ কথা ৷ কটনে নম্বৰ পাবলৈ নিশিকাই, কটনে মানুহ হবলৈহে শিক্ষা দিয়ে ৷ এই দৰেই নানা আত্মগৌৰৱৰ কথা শুনিয়েই আছো সেইদিনাৰ পৰা ৷
এই যে নম্বৰৰ পাছত দৌৰিব নালাগে বুলি বাৰে বাৰে সোঁৱৰাই দি আছে ৰাইজে, কিন্তু কথা হল তাহানিতে কটনত ছিট পাবলৈও নম্বৰৰ প্ৰতিযোগীতাই হৈছিল ৷ নম্বৰ কম পাই জীৱনৰ গান গোৱাৰ কাৰণে কাৰোবাক কটনত ছিট দিয়া হৈছিল ( খেল,কলা আদিৰ বাবে সংৰক্ষিতৰ বাহিৰে) যদি নাজানিছিলো ৷ কটনত ছিট পাবলৈ তাহানিতেও নম্বৰৰ যুঁজ হৈছিল, কিমানজনে কটনত ছিট লাভ নকৰি বিমৰ্ষ মনেৰে ঘুৰি গৈছিল আপোন ঘৰখনলৈ ৷
এই যে কটনত পঢ়া মানে বেলেগ চিন্তা ধাৰাৰ এক প্ৰাণী হৈ যায়, এই ধাৰণাটো বেয়া কথা ৷ এই চিন্তাবোৰে সামগ্ৰিক উন্নতি আনিব নোৱাৰে ৷ এই যে বাৰে বাৰে কোৱা হৈছে নম্বৰৰ পাছত কটনৰ লৰা ছোৱালীয়ে দৌৰি নুফুৰে, তাৰ মানে এইয়া নেকি বাকী জুনিয়ৰ স্কুল কলেজৰ পৰা স্থান প্ৰাপ্তসকলে কেৱল নম্বৰৰ পাছত দৌৰি ফুৰে ? এই কথাবোৰৰ অৰ্থ হল কটনেহে যেন সমাজখন আগবঢ়াই নিছে, সমাজখনক গতি দিছে ৷ এই ধাৰণাবিলাক শুদ্ধ নে ?  একেবাৰে সাধাৰণ অৰ্থত কেইজন মূখ্যমন্ত্ৰী কটনৰ পৰা ওলোৱা ?
এই যে জুনিয়ৰ কলেজৰ পৰা ভাল ফলাফল ওলোৱাৰ লগে লগে জুনিয়ৰ কলেজ সমুহে মানুহ নগঢ়ে বুলি ধাৰণা দিয়া হয়, কিহৰ ওপৰত ভিত্তি কৰি এই ধাৰণা ?  নে ইয়াৰ কিবা পৰিসংখ্যা আছে ? আছে যদি তাক প্ৰকাশ কৰা উচিত ৷কেৱল নষ্টালজিৰে এখন বিদ্যালয় বা মহাবিদ্যালয়ৰ অৱক্ষয় ৰোধ কৰিব নোৱাৰি ৷ কথাটো হৈছে কটনলৈ আজিৰ দিনত মফচলীয়া ঠাইবোৰৰ পৰা পঢ়িবলৈ আহিবলৈ কমকৈ লৈছে নেকি সেইবোৰৰ ওপৰত আলোচনা হোৱা কতো মানে এটা লিখাটো মন নকৰিলো, তাৰ ঠাইত কেৱল আত্মগৌৰৱ ৷
কটনৰ ৰিজাল্ট আগতেও বেয়া হয়, আকৌ ভাল হয় ৷ কিন্তু এতিয়া লাহে লাহে কটনতকৈ বাকীবোৰে ভাল ৰিজাল্ট কৰিব, সেইটো বাস্তৱ ৷ আজিকালি  ডিব্ৰুগড় আদিৰ দৰে সৰু টাউনবোৰৰ লৰা ছোৱালী খুব কমেইহে মেট্ৰিকৰ পাছত কটনত পঢ়িবলৈ আহে ৷ সেইবোৰৰ কাৰক কি সেইবোৰ বুদ্ধিজীৱি আদিয়ে বিশ্লেষণ কৰিব পাৰিব ৷
কিন্তু সত্য কথাটো হল এইদৰে চলি থাকিলে  কটনো এদিন চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ দৰে হয়তো হৈ পৰিব ৷ হয়তো অলপ সময় লাগিব কিন্তু হবগৈ ৷ তাতে, আন্দোলনকাৰী,আন্দোলন আদিৰ যদি ঘাটি ৰূপে জনাজাত হয় সৰু সৰু টাউনৰ মাক দেউতাকেনো কি সাহসত পঠাব লৰা ছোৱালী ৷
কটনত পঢ়িলে কি হব বা  নপঢ়িলে কি হব,  সেইবোৰ অভিজ্ঞতাৰ কাৰণে লৰা ছোৱালীক জানো অভিভাৱকে আজিৰ দিনত পঠাব ৷ সময়ে সলনি কৰে সকলো ৷ কটনেও বাস্তৱক লৈ চিন্তা কৰিব লাগিব, নতুবা এদিন চৰকাৰী স্কুলৰ গতি কোন সময়ত কেনেকৈ লবগৈ সেইয়া তৰ্কিবই নোৱাৰিব কোনেও ৷ কাৰণ আমাৰ দিনত চৰকাৰী স্কুলত চিট পাবলৈ চিট পৰীক্ষা দিব লগা হৈছিল, তাৰ পৰা চৰকাৰী স্কুলত লৰা ছোৱালীৰ অভাৱ দেখালৈকে কিন্তু সকলো চকুৰ আগত হোৱা ঘটনাই ৷
উচ্চতৰ মাধ্যমিক বাদেই আজিৰ দিনত বিশ্ববিদ্যালয় হিচাবে কটনে কি ধৰণেৰে সমাজলৈ সেৱা আগবঢ়াইছে?  কিমান গৱেষক আছে ?  কি ধৰণৰ পাঠ্যক্ৰম চলি আছে ? গতানুগতিক পাঠ্যক্ৰমে প্ৰতিভাক কিমান দিনলৈ আকৰ্ষিত কৰিব ?  এইবিলাক কথাৰ ওপৰত আলোচনা চলিছে নে ?
আজিৰ দিনত কটনৰ আত্মগৌৰৱৰ গাঁথা লিখা কেইজনে নিজৰ সন্তানক কটন পঢ়াবলৈ পঠিয়াব তাক লৈয়ো সন্দেহ নথকা নহয় ৷ এই যে ধাৰণা, নম্বৰ পোৱা লৰা ছোৱালীবোৰৰ সমাজৰ প্ৰতি দায়বদ্ধতা নাথাকিব, আন্দোলন কৰিব নিশিকিব,আন্দোলন কৰিব নিশিকিলে সমাজৰ প্ৰতি দায়বদ্ধ নহব, এই ধাৰণাবোৰ সলাব হল ৷ কিন্তু এইবোৰ কথাৰ আলোচনা কতো দেখা নগল এইকেইদিনৰ লিখা মেলা বা আলোচনাত, তাৰ ঠাইত যেন কটনত পঢ়াসকলৰ প্ৰতি মানুহৰ হিংসা বা আত্মগৌৰৱতেই সীমাবদ্ধ থাকিল কথাবিলাক ৷
আজিৰ কটনিয়ানে ভবা কথা কাইলৈ অসমে ভাবিব, এইয়া জানো কথাবিলাকত কৰবাত প্ৰতিফলিত হৈছে নে বাৰু  ?

নতুন সমষ্টিৰ সন্ধানত ৰঞ্জিত দাস

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত দাস নিজৰ সমষ্টি সৰভোগত গভীৰ সংকতৰ সন্মুখিন হৈছে । ২০১১  আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত সৰভোগ সমষ্টিত শেষ হাঁহি মাৰিছিল ৰঞ্জিত দাসে । বিৰোধীৰ ভোট বিভাজন আৰু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ কৃত্ৰিম প্ৰাৰ্থী থিয় কৰাই বিজেপি জয়ী
হৈছিল । অসমৰ বিভিন্ন প্ৰান্তত সংঘটিত  নিৰপৰাধী ব্যক্তিৰ  হত্যাকাণ্ড আৰু সমষ্টিত নিবনুৱা বৃদ্ধিৰ বৰ্ধিত হাৰে অসমীয়া ভাষী আৰু বড়ো ভাষী বিজেপি ভোটাৰৰ মনত অসন্তুষ্টিৰ ভাব সৃষ্টি কৰিছে ।  এফালে নিজৰ ভোট বেংকত খহনীয়া আৰু অন্যহাতে বিজেপি বিৰোধী শক্তিবোৰৰ মিত্ৰতা । এইবাৰ কংগ্ৰেছ , এআইইউডিএফ আৰু বাওঁপন্থী দলৰ বুজাবুজিয়ে ৰঞ্জিত দাসক নিশ্চিত বিপদত পেলাব ।   সৰভোগ সমষ্টিৰ জনগাঁঠনিৰ অংকই আগন্তুক নিৰ্বাচনত বিজেপিক পৰাজিত কৰি এজন অবিজেপি বিধায়ক নিৰ্বাচিত কৰি পঠোৱাত বিশেষ ভুমিকা ল’ব বদৰুদ্দিন আজমলে । অবিজেপি প্ৰাৰ্থীৰ জয় নিশ্চিত কৰাৰ স্বাৰ্থত এই সমষ্টিত এ আই ইউ ডি এফ  আৰু কংগ্ৰেছে   দুৰ্বল প্ৰাৰ্থী থিয় কৰাই বাওঁপন্থী প্ৰাৰ্থীৰ জয় নিশ্চিত কৰিব  । ইয়াৰ বিনিময়ত বৰপেটা আৰু জনীয়াত আজমলৰ দলে প্ৰাৰ্থিত্ব বিচাৰিব  । আনহাতে বাঘবৰ,সৰুক্ষেত্ৰী আৰু ভৱানীপুৰত আজমল আৰু বাওঁদলে কংগ্ৰেছক সমৰ্থন দিব ।  বৰপেটা জিলাৰ অন্তৰ্গত বাঘবৰ , জনীয়া , সৰভোগ , ভৱানীপুৰ , সৰুক্ষেত্ৰী,বৰপেটা  এই গোটেই কেইটা সমষ্টি বিজেপি মিত্ৰজোঁট  শুন্য হোৱা প্ৰায় খাটাং ।  ৰঞ্জিত দাসৰ কাৰণে সুৰক্ষিত সমষ্টি হৈছে পাটাছাৰকুছি ।পাটাছাৰকুছিত অগপৰ লগত বন্ধুত্বপুৰ্ণ প্ৰতিদন্দিতা হ’লেও বিজেপিৰ কাৰণে সমষ্টি দখল কঠিন নহ’ব ।
যদিহে ৰঞ্জিত দাসে সমষ্টি সলনি নকৰে তেন্তে ২০২‍১ চনৰ নিৰ্বাচনত  বিজেপি দলৰ সভাপতিৰ পৰাজয় আসন্ন ।
২০১১ ৰ নিৰ্বাচনত বিজেপিয়ে পাইছিল ৪০,৭১৬ টা ভোট আৰু ইয়াৰ বিপৰীতে  কংগ্ৰেছৰ আব্দুল চেলিম , এ আই ইউ ডি এফৰ আব্দুচ চামাদ আৰু নিৰ্দলীয় আয়াদ আলীয়ে ভোট পাইছিল ক্ৰমে ২১, ৫৩৪ টা  , ২১০৯৯ টা আৰু ২০৫১৬ টা । ধৰ্মীয় সংখ্যালঘু প্ৰাৰ্থীয়ে বিজেপিত কৈ প্ৰায় ২২ হাজাৰ ভোট অধিক পাইছিল ।  আনহাতে সৰভোগ সমষ্টিৰ অতি  চিনাকী প্ৰাৰ্থী চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰে পাইছিল ২০৬০৯ টা ভোট । বিজেপিক সাম্প্ৰদায়িক দল বুলি  কেব আন্দোলনত এখন মঞ্চত থিয় হৈ বিৰোধ বিৰোধী দলৰ মুঠ ভোট ৰঞ্জিত দাসে লাভ কৰা ভোটৰ প্ৰায় দুগুণ ।
২০১৬ চনৰ নিৰ্বাচনটো একেই সমীকৰণত বিজেপিৰ ৰঞ্জিত দাস জয়ী হৈছিল ।  বিজেপিৰ ভোট শ্বেয়াৰ আছিল ৩৩.৩৩% আৰু বিৰোধীৰ মুঠ ভোট শ্বেয়াৰ আছিল ৬০% ৰ অধিক । কিন্তু ২০২‍১ ত পুৰণি সমীকৰণ নচলে । এইবাৰ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছে ১২৬ টা সনষ্টিত মিত্ৰতা কৰি বিধানসভা দখল কৰাৰ ব্লুপ্ৰিন্ট বনায় আছে অজিত ভুঞাই । যিবিলাক সমষ্টিত ( উজনি আৰু মধ্য অসমত) ধৰ্মীয় সংখ্যালঘু ভোটাৰ ৩০ % ৰ কম সেই সমষ্টি বিলাকত অজিত ভুঞাৰ নেতৃত্বত নতুনকৈ জন্ম পোৱা দলৰ পৰা  কেব আন্দোলনত জড়িত নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰি বিজেপিৰ ভোটত সিন্ধি খান্দিব আৰু কংগ্ৰেছ প্ৰাৰ্থী জয়ী হোৱাত সুবিধা কৰি দিব । কাৰণ ধৰ্মীয় সংখ্যালঘু ভোটাৰে ব্লক হিচাপত কংগ্ৰেছক ভোট দিব ।

আজমলেৰে মিত্রতা কংগ্ৰেছৰ ঐতিহাসিক ভুল

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


এটা ব্যক্তিগত টি.ভি চেনেলত অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনত আজমলেৰে হাত মিলোৱাৰ পোষকতা কৰে। এসময়ত “হু ইজ বদৰুদ্দিন ” বুলি কৈ অসমৰ মুলসুতিৰ মানুহৰ সমৰ্থন আদায় কৰা তৰুণ গগৈয়ে পৰিবৰ্তিত ৰাজনৈতিক পৰিবেশত আজমলৰ লগত মিত্রতা কৰাটো একো অস্বাভাবিক নহয়। ৰাজনীতিত শত্ৰুৰ শত্ৰুক সদায় মিত্র বুলি গণ্য কৰা হয়। গগৈ আৰু আজমলৰ দুয়োজনৰে যিহেতু প্ৰধান শত্ৰু  বিজেপি সেয়ে এই মিত্রতা দেখাত খুবেই স্বাভাবিক। কিন্তু প্ৰশ্ন হয় এই মিত্রতাৰ ফলত কোন লাভবান হ’ব? এই মিত্রতাই সকলোতকৈ বেছি লাভ দিব আজমলক। আজমলে হয়টো প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ২০-৩০ টা সমষ্টি পাব আৰু ৯০% সমষ্টিত তেওঁলোক জয়ী হ’ব। কিন্তু ইয়াৰ বাবে চিৰকাললৈ অসমত ক্ষতিগ্ৰস্হ হ’ব কংগ্ৰেছ দল। এই দাগ মছিবলৈ  কংগ্ৰেছ দলক বহু বছৰ লাগি যাব। এই চেগতে বিজেপিয়ে অসমত মেৰু বিভাজন কৰিবলৈ সক্ষম হ’ব। ইতিমধ্যে বিজেপিয়ে চ’চিয়েল মিডিয়াত কংগ্ৰেছক ঘেৰাৰ ব্যাপক  পৰিকল্পনা কৰিছে। ফেচবুক -হোৱাটছাপত কংগ্ৰেছ নেতাক আজমলৰ লগত মিত্রতাৰ বাবে কৰিব তীব্ৰ আক্ৰমন।। একেদৰে আজমলক গৃহমন্ত্রী দি বাংলাদেশী অনাৰ চেষ্টা চলিব বুলিও প্ৰচাৰ কৰিব বুলি জনা গৈছে। । কংগ্ৰেছ- অজমলৰ মিত্রতাৰ ফলত হ’বলগীয়া মেৰুকৰণৰ সুফল ভোগ কৰিব বিজেপিয়ে। যেতিয়াই কোনো নিৰ্বাচনত মেৰুকৰণ হয় তেতিয়াই লাভান্নিত হয় বিজেপি।সেয়েহে আজমলৰ লগত মুকলি মিত্রতাতকৈ গোপন মিত্রতা কংগ্ৰেছৰ বাবে লাভজনক। ৰাইজক দেখাকৈ আজমলক গালি পাৰি তলে তলে মিত্রতা কৰিলেহে কংগ্ৰেছৰ কিছু আশা আছে। আসন এৰি দিয়াতকৈ দুৰ্বল প্ৰাৰ্থী দি কংগ্ৰেছে ২০২১ত বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিব পাৰে।

টি আৰ পি আৰু ৰাজনীতিৰ কাৰণে আৰক্ষী বদনামী

  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


চেনেলৰ টি আৰ পি , ভোট বেংক ৰাজনীতি আৰু  একাংশ জনতাৰ অজ্ঞতা বাবেই আৰক্ষীক চফ্ট টাৰ্গেট হয়  । বেংকৰ চাকৰি , চৰকাৰী স্কুলৰ শিক্ষক এজনৰ চাকৰীৰ দৰে আৰক্ষী ও এটা চাকৰি । বেংকৰ সুতৰ হাৰ কম বেছি হোৱাৰ লগত বেংকৰ কেচিয়াৰ জনৰ একো সম্পৰ্ক নেথাকে  বা স্কুলৰ পাঠ্যক্ৰম সলনি কৰাত শিক্ষক এজনৰ একো সম্পৰ্ক নেথাকে ।গণতান্ত্ৰীক দেশ এখনত আৰক্ষী স্বতন্ত্ৰ অনুষ্ঠান নহয় । ৰাজ্য চৰকাৰ অধীন ; ৰাজ্য এখনৰ অধীন , একমাত্ৰ দিল্লী আৰক্ষী কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকে । দিল্লীৰ কথা যিহেতু আহিছে তেন্তে সকলোৱে পুনৰ মনত ৰখা উচিত যে  ২০০৮ চনৰ দিল্লী জামিয়া নগৰত পুলিচৰ হাতত দুইজন ইণ্ডিয়ান মুজাহিদিনৰ সন্ত্ৰাসবাদী নিহত হোৱাৰ পিছত বিভিন্ন ৰাজনৈতিক দলে আৰক্ষীক ভুৱা সংঘাত কৰা বুলি দোষাৰোপ কৰিছিল । বহুজন সমাজ পাৰ্টি , সমাজবাদী পাৰ্টিয়ে ন্যায়িক তদন্তৰ দাবী তুলিছিল । পিছলৈ ৰাষ্ট্ৰীয় মানব অধিকাৰ  আযোগৰ অধীনত চলা গোচৰত পুলিচক নিৰ্দোষী বুলি ৰায় দিয়া হয় । উক্ত সংঘৰ্ষত এজন আৰক্ষী মোহন শৰ্মা নিহত হৈছিল কিন্তু মোহন শৰ্মাৰ বলিদানক একো গুৰুত্ব দিয়া নহল । কংগ্ৰেছৰ প্ৰাক্তণ আইন মন্ত্ৰী  চলমান খুৰচিদে এখন জনসভাত ঘোষণা কৰিছিল যে , ” বাটলা হাউচ এনকাউন্টাৰ ফটো যেতিয়া ছোনীয়া মেডামক দেখুৱাইছিলোঁ তেতিয়া তেওঁ কান্দি উঠিছিল । ”  অসমত কি হৈছিল ১৯৮৩ ত ?  আন্দোলনৰ সময়ত বাওঁপন্থী আৰু কংগ্ৰেছী আদৰ্শৰ বহু ব্যক্তিৰ জীৱন আৰু যৌবন কাঢ়ি লৈ গৈছিল একাংশ আন্দোলনকাৰীয়ে । আৰক্ষীৰ হাতত বহু আন্দোনকাৰী প্ৰশমিত হৈছিল বা গ্ৰেপ্তাৰ  হৈছিল । কিন্তু মাত্ৰ দুই বছৰ পিছতে সেই একেই আৰক্ষীয়ে আন্দোলনৰ নেতাক ‘ ছাৰ ‘ বুলি সম্বোধনো কৰিব লগা হৈছিল । শিক্ষক এজনে মদ খাই স্কুলত গ’লে গোটেই শিক্ষা ব্যৱস্থাটো দায়ী নহয় বা বেংকৰ মেনেজাৰটো ঘোচখোৰ হ’লে গোটেই বেংকিং ব্যৱস্থা দায়ী নহয় । আৰক্ষীৰ লোক এজনৰ দুষ্কাৰ্যৰ কাৰণে গোটেই আৰক্ষী ব্যৱস্থাটোক দায়ী কৰিব পাৰি জানো  ?? মিডিয়াই টি আৰ পি আৰু ৰাজনীতিৰ কাৰণে আৰক্ষীক বদনাম কৰাটো অতি সাধাৰণ কথাত পৰিণত হৈছে । কেইদিনমান আগত অসম চৰকাৰে বংগৰ কোনোবা গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে কেচ ৰুজু কৰিছে । কিন্তু দুই দিন পিছতেই অসমৰ নিউজ চেনেলত প্ৰচাৰ কৰিলে ___ গৰ্গ চেটাৰ্জীক কৰায়ত্ব কৰিব নোৱাৰি অসম আৰক্ষীয়ে মুখ থেকেচা খাই ঘুৰি আহিল । আৰক্ষীৰ দলটোত থকা আৰক্ষী কেইজন জানো তেজ মঙহৰ মানুহ নহয় , তেওঁলোকৰ পৰিয়াল নাই ? আৰক্ষীৰ মানুহ কেইজনৰ সন্তানে জানো নিজকে অসহায় বোধ নকৰিব ? আৰক্ষীয়ে দায়িত্ব পালন কৰিছে অসম চৰকাৰ নিৰ্দেশত আৰু সেই মৰ্মে বংগলৈ গৈছিল । কিন্তু বংগত মমতা বেনাৰ্জীৰ চৰকাৰৰ অধীনত থকা বংগ আৰক্ষীয়ে সেই ৰাজ্যৰ চৰকাৰৰ নিৰ্দেশ অনুযায়ী যদি অসম আৰক্ষীক সহযোগীতা কৰা নাই তেন্তে দোষ জানো অসমৰ পৰা যোৱা আৰক্ষীৰ দলটোৰ ?
মিডিয়া আৰু ৰাজনৈতিক ব্যক্তি সকলে এইবিলাক সকলো কথা জানে কিন্তু একমাত্ৰ নিজস্ব স্বাৰ্থৰ কাৰণে আৰক্ষীক টাৰ্গেট কৰি লয় । ইয়াৰ ফলত সমাজত বেয়া মেচেজ এটা যায় , আৰক্ষীয়ে মিছাতে বদনামৰ বোজা সহ্য কৰিব লগা হয় আৰু শেষত লাভ হয় অপৰাধীৰ । গুলজাৰ হুছেইন , ভাস্কৰ কলিতাৰ দৰে শ শ জন শ্বহীদ হৈ গ’ল একমাত্ৰ নিজে কৰা চাকৰিটোৰ দায়িত্ব পালন কৰি । চোৰ, ডকাইত ,সন্ত্ৰাসবাদী , আইন ভংগকাৰীৰ বিৰুদ্ধে যিদৰে আৰক্ষীয়ে দায়িত্ব পালন কৰিব লগা হয় , সেই একেখিনি আৰক্ষী মহামাৰী কৰ’নাৰ বিৰুদ্ধেও যুঁজিব লগা হয় । কৰ’না মহামাৰীৰ সময়ত ভাৰতত আৰক্ষীৰ লোকৰ মৃত্যু পৰ্যন্ত হৈছে । কৰ’নাৰ পিছে পিছে অসমত বানপানীৰ দুৰ্যোগতো আৰক্ষী নামি পৰিব লাগিব ।যিদৰে সীমান্তত বিদেশী শত্ৰুৰ বিৰুদ্ধে নিজৰ দেশক ৰক্ষাৰ কৰা দায়িত্ব লৈ থকা সেনাক মানসিক ভাবে দুৰ্বল কৰাৰ চক্ৰান্ত দেশৰ একাংশ ৰাজনীতিবিদ সকলে কৰি আছে সেইদৰে দেশৰ অভ্যন্তৰীণ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীক ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে দুৰ্বল কৰাৰ প্ৰয়াস চলি থাকে । আৰক্ষীৰ দোষ গুনৰ বিচাৰ মিডিয়া  বা নেতাৰ কাৰ্যলয়ত হোৱাতো বন্ধ হ’বনে ?  সংবিধানে দিয়া অধিকাৰ অনুসৰি প্ৰতিখন আৰক্ষী চকী যিহেতু এজন এজন জুদিচিয়েল মেজিষ্ট্ৰেটৰ সন্মুখত জৱাবদাহী সেয়ে কিবা অভিযোগ থাকিলে ন্যায়ালয়ৰ সহায় লোৱা হওক ।  নিউজ চেনেল বা বুদ্ধিজীবী বা নেতাই কেতিয়াও নকয় যে ব্যক্তিগত সুৰক্ষা আৰু ষ্টেটাছ চিম্বোলৰ বাবে কিমান জন আৰক্ষীক ব্যৱহাৰ কৰা হয় ? চৰকাৰ যি দলৰে নেথাকক আৰক্ষীক যদি  মানসিক আৰু আৰ্থিক ভাবে শক্তিশালী কৰাৰ চিন্তা দেশৰ জনতাই এতিয়াই নকৰে তেন্তে অনাগত ভৱিষ্যতত দেশদ্ৰোহীৰ সহজ টাৰ্গেট হ’ব সাধাৰণ জনতা  ।

কিয় অসমীয়াক সুৰক্ষা দিব পৰা নাই ?

  • বুবুল ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


“অসমীয়া” বুলিবলৈ এতিয়া কোন কোন বাকী থাকিল বুলি সুধিলে আপুনি একেকোবেই ক’ব নোৱাৰে!গোটেই অসম খন বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি।তাতে কোনোবা খিলঞ্জীয়া, কোনোবা বহিৰাগত আৰু পূর্ববংগীয় চামৰ যেনিবা কথা নকলোৱেই!পূর্ববংগীয় মূলৰ সৰহ সংখ্যকৰ অৱদান বিভিন্ন অপৰাধ মূলক কাৰ্য-যেনে ধৰ্ষণ, হত্যা, অপহৰণ, ড্ৰাগছৰ বেপাৰ, এ টি এম চুৰ ইত্যাদি ইত্যাদি ।এতিয়া নতুনকৈ দেখা দিছে লাভ জেহাদ।এই লাভ জেহাদৰ ফলত বহুতো হিন্দু ছোৱালী ধৰ্মান্তৰিত হ’ল,বহুতো নিঃশেষ হৈ গ’ল ইত্যাদি ইত্যাদি।আজিকালি সহজে পোৱা ফেচবুকৰ প্ৰেমত হাবু দাবু খাই নিজৰ জীৱন,নিজৰ পৰিয়াল পাহৰি ক্ষন্তেকীয়া সুখত বিভোৰ এচামে পাহৰি যায় নিজৰ অস্তিত্ব।শেষত বাই প্ৰডাক্ট হিচাপে জেলৰ ভাত খাই ৰোমিও ৰূপী ধুৰন্ধৰ মুখা পিন্ধা সকল।যিয়ে নিজৰ পৰিচয় গোপন কৰি জাল পাতে প্ৰেমৰ।মোগলেও পৰাভূত কৰিব নোৱাৰা জাতিটো যেন এতিয়া চাৰিওফালৰ পৰা নিশকতীয়া হবলৈ ধৰিছে।
ইয়াত ভুল কাৰ?চৰকাৰৰ নে জনসাধাৰণৰ?অলপ আগলৈকে উভতি গ’লে দেখিম গোপীনাথ বৰদলৈ দেৱৰ নিৰ্ভীক আৰু অসমক ভাল পোৱা মানসিকতাৰ বাবে অসম খন অসম হৈ ভাৰতৰ মাজত সোমাই থাকিল!ইয়াৰ পিছৰ কাহিনী বোৰ সকলোৱে জানে।আজি জাতি-মাটি-ভেঁটি সংকটৰ গৰাহত।বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ দুখন এই ক্ষেত্ৰত সফল হ’ব পৰা নাই বুলি আমাৰ মনে কয়।আমাৰ এতিয়া চাৰিওফালে নিৰাপত্তাৰ অভাৱ।গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত বিফল।কিয় “অসমীয়া”ক সুৰক্ষা দিব পৰা নাই প্ৰয়োজন মতে।সৌ সিদিনা দিন দুপৰতে দুটাকৈ হত্যাকাণ্ড হৈ গ’ল খোদ মহানগৰীত আৰু দাঁতিকাষৰীয়া অঞ্চল এটাত।কি হ’ল-উত্তৰ শূণ্য।এতিয়া ব্যৱসায় আমাৰ হাতত নাই!সকলো মুষ্টিমেয় এচাম বহিৰাগতৰ হাতত।অসমীয়াই কিবা কৰিব ওলালে হয় প্ৰাণ নাশৰ ভাবুকি নহলে সম্পত্তি হেৰুৱাই পেলোৱাৰ ভয়।বিভিন্ন সামগ্ৰীৰ ছিণ্ডিকেটৰ সাম্ৰাজ্যৰ একো একোটা একছত্ৰী সম্ৰাটৰ কিৰীতি বিৰাজমান সেই চাম মুষ্টিমেয় বহিৰাগতৰ হাতত।কাৰণ সিহঁতৰ টকা আছে।আমাৰ অসমীয়াৰ টকা নাই।খেতি কৰা মাটি কম দামত বিক্ৰী কৰিছে সেইচামৰ হাতত আৰু পুতেক হতৰ হাতত তুলি দিছে বাইক বা স্কুটিৰ চাবি।তাৰ পিছত গৌৰৱ-আমাৰ আপাই কালি বাইকখানেদি কোনোবাক খুন্দিয়ে আহছি টাইপৰ কথা।হায় মোৰ কপাল!
মহামাৰী কোৰোনাই ঘূৰাই অনা শ্ৰমিক খিনিক চৰকাৰ খনে কিবাকৈ কামত লগোৱাৰ চেষ্টা কৰক নহ’লে আফটাৰ কোৰোনা ইট ৱিল বি এন এনাদাৰ ডিজেষ্টাৰ ফৰ এছাম।
অকলে এজন মন্ত্ৰীয়ে কি কৰিব,কোনফালে চাব সদৃশ পৰিবেশৰ সৃষ্টি হৈছে অসমত।ভাবিব নোৱাৰি অসমীয়া জাতি ক’ত গৈ আছে-কলিতা, শৰ্মা,দাস,ডেকা,লহকৰ কৰি থাকোতে আমাৰ নাক কাটি মূৰৰ ওপৰত বহি আমাকে লগুৱা বনাই এচামে হাঁহি হাঁহি জহা চাউলৰ ভাত খাব সাৰ আৰু কীটনাশক নিদিয়াকৈ কৰা খেতিৰ শস্যৰে। আৰু আমি খাম আমাৰ বাবে নিলগাই কৰা ভয়ংকৰ কীটনাশকেৰে ভৰপূৰ শস্য।
এনেকৈ থাকিলে অসমীয়া সৰ্ব হাৰা নহৈ সৰ্ব-বিজয়ী হ’ব বুলি ভবাটো মূৰ্খৰ স্বৰ্গত বাস কৰাৰ লেখীয়াহে হ’বগৈ!!

ছোনীয়া গান্ধী, পশুপতি নাথ কাণ্ড আৰু নেপাল – ভাৰত সম্পৰ্ক

  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ডিচেম্বৰ ১৯৮৮ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ নেপাল ভ্ৰমণ  ,  লগত পত্নী ছোনিয়া গান্ধী  । ৰাজীৱ গান্ধীৰ ভ্ৰমণ  কালছোৱাত  পশুপতি নাথ মন্দিৰ দৰ্শনৰ কাৰ্য্যসুচী হাতত লোৱা হৈছিল ।  কিন্তু মন্দিৰ সমিতিয়ে নেপাল চৰকাৰক জনায় যে ৰাজীৱ গান্ধীৰ পত্নী ছোনীয়া গান্ধীক  মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব । কাৰণ এই মন্দিৰত অহিন্দুক প্ৰৱেশ কৰিবলৈ দিয়া নহয়, যিটো পৰম্পৰা তাহানিৰে পৰা চলি আহিছে । সমগ্ৰ পৃথিৱীৰ লাখ লাখ পৰ্য্যটক আহে যদিও নেপালৰ পশুপতিনাথ মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয় । কিন্তু গান্ধী এই কথাত ক্ৰোধিত হৈ পৰে  । ১৯৮৯ চনত নেপালৰ বিৰুদ্ধে ৰাজীৱ গান্ধী চৰকাৰে  অৰ্থনৈতিক অৱৰোধ কৰে আৰু সীমা ছিল  কৰি দিয়ে ।  অত্যাৱশ্যকীয় সামগ্ৰী ভাৰতৰ পৰা ৰপ্তানি হোৱা সম্পূৰ্ণ বন্ধ হৈ যায় ।  নেপালৰ আভ্যন্তৰীণ বিষয়ত প্ৰত্যক্ষ হস্তক্ষেপৰ পৰিণাম স্বৰূপে  নেপালৰ  শাসকে  ভাৱে চীনৰ শৰণ লৈছিল ।
পুৰ্বৰ ইন্দিৰা গান্ধী চৰকাৰৰ নীতি কিন্তু নেপালৰ ৰজাৰ সপক্ষে আছিল , ইয়াৰ বিপৰীতে  ৰাজীৱ গান্ধীয়ে নেপালৰ ৰজাক ঘৃণা কৰিছিল । নেপালৰ মাওবাদী  উগ্ৰপন্থী নেতা পুষ্প কমল দহল ওৰফে প্ৰচণ্ড আৰু বাওঁপন্থী ৰাজনৈতিক গোট সমুহক ঐক্যবদ্ধ হৈ ৰজাৰ  শাসনক উফৰাই পেলাবলৈ অভিযান চলায় । এই অভিযানত ৰাজীৱ গান্ধীৰ ভুমিকাক লৈ বিভিন্ন মহলত চৰ্চা হৈছিল  । তাৰ পৰিমাণ ১৯৯১ চনত বামপন্থী দল নেপালত  শক্তিশালী বিপক্ষ হিচাপে থিয় দিয়ে আৰু ১৯৯৪ চনত সকলোতকৈ শক্তিশালী দল হিচাপে সংসদ দখল কৰাই নহয় নেপালৰ ক্ষমতা হস্তগত কৰে ।
লগে লগে ৰাজনৈতিক ভাৱে মাওবাদী সংগঠন সমুহো সক্ৰিয় হৈ উঠে ।   আজিৰ অৱস্থা এনে যে নেপালৰ ২৭৫ সংসদীয় সদস্যৰ সংসদত ১৭৪ জন সদস্যৰে সংখ্যাগৰিষ্ঠ নেপাল কমিউনিষ্ট পাৰ্টি ক্ষমতাধীন ।
পশুপতিনাথ মন্দিৰত ছোনিয়া গান্ধীক সোমাবলৈ নিদিয়া ঘটনাৰ পিছতেই ৰাজীৱ গান্ধী চৰকাৰে নেপালৰ ৰজাৰ শাসন বিৰোধী কৰ্মসূচীত বাওঁপন্থীক সহায় কৰাৰ পৰা আৰম্ভ হোৱা প্ৰতিটো কূটনৈতিক সিদ্ধান্তৰ পিছত আজি ভাৰত – নেপাল সম্পৰ্কই মানচিত্ৰ বিবাদ লৈ ৰূপান্তৰ হ’ল ।  অৱশ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে নেপাল আৰু ভাৰতৰ সম্পৰ্ক যে যুগ যুগ ধৰি বৰ্তী থকা সম্পৰ্ক সেই  কথা দুয়োখন দেশে বুজিবলৈ এলানি কাৰ্যসূচীও লৈছিল । ৰাম জন্ম ভুমি অযোধ্যা আৰু সীতাৰ পিতৃগৃহ নেপালৰ  জনকপুৰক ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস কৰিছে ।  চীনে তীব্বত আক্ৰমণ কৰাৰ পিছত , যিখন নেপালে চীনৰ পৰা ৰক্ষা পাবলৈ ১৯৫০ চনত ভাৰতৰ লগত  মিত্ৰতাৰ চুক্তি কৰিছিল সেই নেপালৰ আজিৰ চৰকাৰ চীনৰ কাষ চপাটো ভাৰতৰ কাৰণে চিন্তাৰ বিষয় আৰু কূটনৈতিক  বিফলতা বুলিবও পাৰি । নৰেন্দ্ৰ মোদী চৰকাৰে বিগত ৭০ বছৰৰ বিফলতাক আগন্তুক চাৰি বছৰত কেনেদৰে মোকাবিলা কৰে সেয়া সময়ে বিচাৰ কৰিব ।