পাগলদিয়াত ৰক্তস্ৰোত

2351
ৰমণী বৰ্মন, প্ৰাক্তন শিক্ষা মন্ত্ৰী , অসম চৰকাৰ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


পাগলদিয়া নদীৰ সোণকুৰিহা ঘাটত বিয়লি বেলা হালি যোৱা সূৰ্যৰ কিৰণত সোন বৰণেৰে জিলমিলাই উঠা শীতল নীলা পানীখিনি হঠাৎ তপত তেজেৰে ৰাঙলি হৈ পৰিল। আকৌ এবাৰ আতংকিত হৈ পৰিল পাগলদিয়া নদীৰ দুয়োপাৰৰ জীয়ৰী-বোৱাৰী , ডেকা-বুঢ়া অগণন জনসাধাৰণ।
নলবাৰী চহৰৰ পূব প্ৰান্তেৰে উত্তৰ-দক্ষিণ মুৱাকৈ বৈ যোৱা পাগলদিয়া নদী। নদীখনৰ দুয়োপাৰে সহজ-সৰল খেতিয়ক, সৰু-সুৰা ব্যৱসায়ী, চাকৰিজীৱী লোকৰে ঘন বসতিপূৰ্ণ অসংখ্য গাওঁ । বাৰিষা বতৰত প্ৰত্যেক বছৰে গাৱঁৰ মানুহখিনি আতংকিত হৈ উঠে পাগলদিয়া নদীৰ বলিয়া বানৰ বলিয়ালিত। বাঢ়নি পানীৰ প্ৰবল স্ৰোতে খেতি- বাতি নষ্ট কৰি ঘৰ-বাৰী উটুৱাই নি অসংখ্য লোকক গৃহহীন কৰি তোলে। পানী শুকুৱাৰ লগে লগে অৱশ্যে পাগলদীয়া নদীয়ে দি যায় প্ৰকৃতিৰ অকৃত্ৰিম অৱদান পলসুৱা খেতিপথাৰ আৰু বানপানীৰ কৰালগ্ৰাসত আক্ৰান্ত লোকসকলক নতুন কৰ্মপ্ৰেৰণা। লগে লগে আৰম্ভ হয় পলসুৱা মাটিয়ে আবৰি ধৰা খেতিপথাৰত নতুনকৈ বাচি থকাৰ জীৱন সংগ্ৰাম।
কিন্তু অকস্মাতে এইবাৰ (১৯৯২) আতংক অতিকৈ ভয়াবহ বিভীষিকাময় । এই ভয়াৱহতা বৰ্ণনাতীত। সমগ্ৰ নলবাৰী জিলাৰ শ শ গাৱঁৰ লগতে পাগলদিয়া নৈৰ দুয়োপাৰৰ জীয়ৰী-বোৱাৰী আতংকিত হৈ উঠিল নিজৰ সন্মান লাঘবৰ আশংকাত।ডেকা-বুঢ়া , কিশোৰ-কিশোৰী আতংকিত শাৰীৰিক অত্যাচাৰৰ ভয়াৱহতাত।
১১ এপ্ৰিল ১৯৯২। আবেলি সোণকুৰিহা ঘাটৰ দলঙৰ কাষত এক বোমা বিস্ফোৰণৰ ছয়জন সামৰিক জোৱানক কঢ়িয়াই নিয়া গাড়ীখন ধূলিস্যাৎ হৈ যায়। লগে লগে সোণকুৰিহা ঘাটৰ সোণ বৰণেৰে জিলমিলাই থকা শীতল পানীখিনি তপত তেজেৰে ৰাঙলি হৈ পৰে। সেইবাবেই এই আতংক। বানপানীৰ কৰালগ্ৰাসৰ সন্মুখীন হোৱা ভয়াবহতাতকৈয়ো বৰ্ণনাতীতভাৱে অধিক ভয়াৱহ। মুহূৰ্তৰ ভিতৰতে দুৰ্ঘটনাৰ নিকটৱৰ্তী গাঁওসমূহত উগ্ৰপন্হী বিচৰাৰ নামত জঁপিয়াই পৰিল সামৰিক বাহিনীৰ লোক। লগে লগে আৰম্ভ হৈ গ’ল সামৰিক বাহিনীৰ এক নিৰ্মম নিষ্ঠুৰ আক্ৰমণ আৰু এই আক্ৰমণৰ বলি হ’ব লগা হ’ল এক বিস্তৃত অঞ্চলৰ সহজ-সৰল নিৰীহ জনগণ। তাহানিৰ মানৰ আক্ৰমণৰ দিনৰ দৰে এক ভয়াবহ নিষ্ঠুৰ অত্যাচাৰ চলিল সেই গাওঁসমূহৰ ডেকা-গাভৰু, পুৰুষ-মহিলা আৰু শিশুৰ ওপৰত। ক্ৰমাগতভাৱে এই আক্ৰমণ বিয়পি পৰিল সমগ্ৰ নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অসংখ্য গাঁৱৰ জনসাধাৰণৰ ওপৰত। সমগ্ৰ জিলাখনতে তালাচী চলোৱাৰ নামত যাত্রীবাহী বাছ ৰখাই যাত্রীসকলকো ঠায়ে ঠায়ে লাঠীৰে কোবাই আক্ৰান্ত কৰা হ’ল। শাৰীৰিক অত্যাচাৰত জৰ্জৰিত গাঁৱ-ভূইৰ লোকেৰে নলবাৰী চহৰ ভৰি পৰিল। আতংকিত জীয়ৰী-বোৱাৰী, পুৰুষ-মহিলাৰ একমাত্র এটাই প্ৰশ্ন : এই অত্যাচাৰৰ বলি আমি আমি হ’ব লগা হ’ল কিয়? ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্হা কৰিব নোৱাৰে নেকি? চকুৰ পানীৰে উত্তৰ দিয়াৰ বাহিৰে সিদিনা ভাষা বিচাৰি পোৱা নাছিলো। কাৰণ জিলা প্ৰশাসন অপৰাগ আৰু ক্ষমতাহীন।