সচেতন নাগৰিক নে আইছিছ চিম্পেথাইজাৰ ?

1692
/

■ নয়ন বৰ্মন


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


আকবৰ উদ্দিন ওৱচি , জমিয়তৰ মেহমুদ মাদানিয়ে আইছিছক স্পষ্ট ভাবে বিৰোধ কৰে  । ওৱচিয়ে যদি পাকিস্তানত গৈ পাকিস্তানৰ ভাৰত বিৰোধী মন্তব্য দিয়া নেতাক পাকিস্তানৰ ভুমিত গালি দিব পাৰে বা মাদানিয়ে যদি  মুচাৰফক ভাৰত বিদ্বেষী আৰু ভাৰতীয় মুছলমানক সুৰক্ষাৰ দিয়াৰ মন্তব্যক মুখৰ আগত প্ৰতিবাদ কৰিব পাৰে ,তেনেস্থলত  অসমৰ এচাম তথাকথিত সচেতন নাগৰিকে বুৰহান ৱানিক গ্লোৰিফাইদ কৰে । সচেতন নাগৰিক বা নিউজ চেনেলত শুনিবলৈ পোৱা চিভিল চোচাইটি কি বস্তু ?  এটা কথা থিক যে এইসকল ব্যক্তি  অলপ বয়সীয়াল আৰু শিক্ষাদীক্ষাই আগবঢ়া ।  এইসকলৰ বহুতেই ছাত্ৰ অবস্থাত একান্ত বাধ্য ছাত্ৰ আছিল ,  দিনে ১২ – ১৪ ঘন্টাকৈ পঢ়িছিল ।  বৰ্তমান তেওঁলোকৰ পৰিয়ালবিলাকত এতিয়াও পঢ়া- শুনাৰ পৰিবেশ আছে । যিসকলৰ আযুস ৭০ বা ৬৫ বছৰৰ উৰ্ধত তেওঁলোকৰ সন্তানবিলাক চৰকাৰী বিদ্যালয়তেই পঢ়ি এতিয়া ডাঙৰ মানুহ হৈছে আৰু যিসকলৰ বয়স ৫০ বছৰৰ ওচৰাওচৰি তেওঁলোকৰ সন্তানবিলাক ইংৰাজী মাধ্যমৰ স্কুলত পঢ়ি আছে বা গুৱাহাটীৰ কোনোবা প্ৰাইভেট ক’চিং প্ৰতিষ্ঠানত মেডিকেলৰ ক’চিং কৰি আছে । যিসকল বৃদ্ধ হ’ল তেওঁলোকৰ কাৰণে আজিৰ সময়বোৰ বৰ এটা ভাল নহয় । ঘৰ থাকিলেও  এলচিচিয়ান কুকুৰটোৱেই সংগী আৰু বাহিৰত থাকিলেও আগৰ দৰে সম্বৰ্ধণা আৰু গামোচা নোপোৱা হ’ল । এনেকুৱা নহয় যে তেওঁলোক গামোচা পোৱাৰ যোগ্য নহয় , কিন্তু সম্বৰ্ধণাৰ পেটেন্ট থকা সংগঠনবিলাকৰ কালেকচন  আগৰ দৰে ভাল নহয়  ।  আনহাতে যিসকল ৫০ বছৰ বয়সৰ আশে পাশে আছে , তেওঁলোকৰ প্ৰায় ভাগেই এতিয়া হীনমান্যতাত ভুগিছে । কাৰণ তেওঁলোকৰ পুৰ্বসুৰীসকলে  ডেকা অৱস্থাত চৰকাৰী বা ভাষা- জাতি ৰক্ষাকাৰী সংগঠনৰ পৰাই হওঁক , সন্মান আৰু বঁটা কিন্তু উভয়নদী হাৰত পাইছিল ।  অসমতেই নহয় গোটেই ভাৰতত এচাম চিভিল চোচাইটি ওলাইছে , যিসকলে ৰাষ্ট্ৰক আৰু ৰাষ্ট্ৰীয়তাবাদক উপলুঙা কৰিবলৈ কুন্ঠানবোধ নকৰে ।  তেওঁলোকৰ বিদ্বেষ হৈছে চৰকাৰ আৰু বৰ্তমানৰ সময়ৰ ৰাষ্ট্ৰনীতিৰ বিৰুদ্ধে ।চৰকাৰ আৰু বিজেপি বিদ্বেষৰ তাড়নাত তেওঁলোক ভাৰত বিদ্বেষী হৈছে নেকি ?  বিগত সময়ছোৱাৰ পঞ্চবাৰ্ষিক , বাৰ্ষিক বা দৈনিক কোনো পৰিকল্পনা  প্ৰস্তুতি আলোচনাত এইধৰণৰ ব্যক্তিয়ে নিমন্ত্ৰণ নোপোৱা হ’ল ।  চীন দেশৰ কৃষি কৰ্মৰ ওপৰত গৱেষণা কৰি মানপত্ৰ পোৱাসকলৰ পৰিৱৰ্তে আচল কৃষকে নিমন্ত্ৰণ পোৱা হ’ল । নাৰী সৱলীকৰণৰ আচঁনি প্ৰস্তুতৰ কাৰণে ইংৰাজী থেচিচ লেখা বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপকজনে নিমন্ত্ৰণ নোপোৱা হ’ল , সেই ঠাই ল’লে গাওঁৰ শিপিনীজনে , বিধবা মহিলাজনে ইত্যাদি । সমস্যাটোৰ উদ্ভৱ হ’ল এইখিনিতেই । তেওঁলোকৰ প্ৰধান শত্ৰু মোদী আৰু আৰ এছ এছ । কাৰণ মোদী আৰু সংঘই কেতিয়াও এইধৰণৰ মানুহক প্ৰাধান্য নিদিয়ে । সেয়ে নিজৰ মৰ্য্যদাৰ ঢোল বজাই থাকিবলৈ এইচাম মানুহক লাগিব মোদী বিৰোধী এজন নেতা , এটা ৰাজনৈতিক দল । এনেকুৱা দলৰ নাম গোট্ৰ বিচাৰ্য্য বিষয় নহয় , মাত্ৰ হব লাগিব মোদী বিৰোধী আৰু সংঘ বিৰোধী । আজিকালি এনেকুৱা আচৰিত দৃশ্যও অসমৰ জনতাই দেখিবলৈ আৰম্ভ কৰিছে য’ত একোজন কমৰেডৰ স্মৃতি সভাত মুখ্য বক্তাজন বিদেশী বহিষ্কাৰৰ দাবীত আন্দোলন কৰা সংগঠনৰ নতুন প্ৰজন্মৰ নেতা , মুখ্য অতিথিৰ লিষ্টত থাকে ৮৩’ ত ঘৰ পোৰাত নেতৃত্ব লোৱা তেতিয়াৰ চফল ডেকা  । মঞ্চ আৰু মঞ্চৰ সন্মুখৰ মানুহবিলাকৰ কৰমৰ্দনত  বাওঁপন্থী আৰু সুবিধাপন্থী একাকাৰ হৈ যায় ।  মোদীৰ ৰাজনৈতিক শত্ৰু আৰু দেশৰ শত্ৰুৰ মাজত সেতুঁবন্ধনৰ কাৰ্য্যসুচী হাতত লয় এচাম তথাকথিত সচেতন নাগৰিকে ।  ৰাজনৈতিক  স্বাৰ্থত সন্ত্ৰাসবাদীকো গ্লোৰিফাইড কৰিবলৈ উৎসাহী হৈ উঠে । কাশ্মিৰৰ সন্ত্ৰাসবাদী ‘ বুৰহান ৱানি’ ক নায়ক বনাই বাতৰি কাকতৰ পৃষ্ঠা ভৰায় । ক্ষতি হয় মোডী বিৰোধী ৰাজনৈতিক দলবোৰৰ , কাৰণ এনেধৰণৰ নিবন্ধই এশজনৰ ভিতৰত ৫ জনক মৌলবাদী কৰি তোলে আৰু সুপ্ত হৈ থকা ৯৫ জনক দেশপ্ৰমীক  কৰি তোলে । যি বুৰহান ৱানিৰ মৃত্যুৰ প্ৰতিবাদত শ্ৰীনগৰ , অনন্তনাগৰ ৰাজপথত আইছিছৰ পতাকা উৰে সেই বুৰহানক গ্লোৰিফাইড কৰি সচেতন নাগৰিকৰ একাংশই  চকুলো নিগৰায় বাতৰি  কাকতৰ পৃষ্ঠাত আৰু ফেচবুকত দিয়া কাকতৰ লিংটোত  তথ্য আগবঢ়াই ।  আইছিছ এনেকুৱা এটা সংগঠন যিটো সংগঠনক ভাৰতৰ কুখ্যাত মুছলমান মৌলবাদী দলবোৰেও স্পষ্টকৈ বিৰোধ কৰে । মাদানি , ওৱেচিৰ দৰে ৰাজনৈতিক নেতাসকলেও আইছিছৰ বিৰুদ্ধে ফটোৱা দিয়ে ।   তেন্তে আমাৰ অসমৰ সচেতন নাগৰিকৰ একাংশই বুৰহানক কিয় সমৰ্থন কৰে ? ব’ল বোমৰ দৰে ধৰ্মীয় অনুষ্ঠান এটাক বহিৰাগত বুলি কিয় তাচ্চিল্য কৰে ? শংকৰদেৱক মন্দিৰ বিৰোধী বুলি কিয় প্ৰতিষ্ঠা কৰিব খোজে ? নামঘৰ আৰু মন্দিৰৰ মাজত কিয় প্ৰভেদ আনে ?  আইছিছে যিদৰে তেলৰ মুনাফাৰ প্ৰতিযোগিতাক  চিয়া – চুন্নিৰ সংঘাত নাম দি সমগ্ৰ  ইছলামকে বদনাম কৰিছে ,ক্ষতি কৰিছে ;  সেই একদৰে এচাম তথাকথিত সচেতন নাগৰিকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে হিন্দুৰ মাজত বিভেদ আনি ৰাষ্ট্ৰদ্ৰোহী বুৰহান ৱানীক  গ্লোৰিফাইদ কৰাই ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিব নেকি ?