মহম্মদ আজম খান __ নষ্ট চৰিত্ৰ

1609

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


প্ৰায় প্ৰতিমাহে ৰাষ্ট্ৰবিদ্বেষী আৰু নাৰী বিদ্বেষী মন্তব্য দি সমাজবাদী দলৰ সাংসদ আৰু  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী আজম খান বিতৰ্কৰ তুংগত থাকে । যোৱা লোকসভা নিৰ্বাচনৰ সময়ত প্ৰতিদন্দী  জয়া প্ৰদাৰ বিষয়ে মুকলি সভাত অতি ঘৃণনীয় মন্তব্য দিছিল । সেই ভাষণটোৰ অপমানজনক কথাবিলাক হিন্দী চি গ্ৰেড ফিল্ম এখনতকৈও ঘৃণনীয় । ‘ মুছলমান সৈনিকৰ কাৰণে ভাৰতে কাৰ্গিল যুদ্ধ জয়ী হৈছে ‘ , ‘ হিম্দুৰ ভগৱান  হনুমান বজৰং বলি নহয় বজৰং আলী  ‘ ,  ‘ভাৰতৰ আজিৰ মুছলমানে বিভাজনৰ সময়ত পাকিস্তানত গুছি যাব লাগিছিল ‘ , এনেকুৱা অজস্ৰ  ভাৰত বিদ্বেষী বক্তব্যৰ দ্বাৰা আজম খানে আবেগৰ ৰাজনীতি কৰি আহিছে আৰু তেওঁ সফলো হৈছে ।
কিন্তু এইবাৰ সকলো সীমা চেৰায় গৈ সংসদৰ ভিতৰতেই অধক্ষৰ আসনত  ‘ প্ৰটেম স্পীকাৰ ‘ হিচাপে সংসদৰ কাৰ্য্যবাহী চলাই থকা মহিলা সাংসদ ৰমা দেৱীক অপমান কৰে । কলেজৰ চেঙেলীয়াৰ দ্বাৰা থিক ছোৱালী জোকোৱাৰ দৰে আজম খানে মহিলা সাংসদজনৰ সন্মানক আঘাত কৰে । লগে লগে গোটেই সংসদত হাহাকাৰ লাগি যায় । চৰকাৰী পক্ষই আজম খানক বহিষ্কাৰৰ দাবী তুলিছে । একেসময়তে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিৰোধী দলৰ নেতাসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত লয় যে আজম খানে মহিলা সাংসদজনক ক্ষমা খুজিব লাগিব , অন্যথা কঠোৰ শাস্তিৰ সন্মুখিন হ’ব লাগিব আজম খান । তৃণমুলৰ সাংসদ মিমি চক্ৰবৰ্তীয়ে আজম খানৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে অধ্যক্ষক দাবী কৰে । বিজেপি নেত্ৰী আৰু প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজে আজম খানক মানসিক ৰোগী বুলি কৈছে । কিন্তু এই ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে এন চি পি নেতা তথা চুপ্ৰিম কোৰ্টৰ জেষ্ঠ অধিবক্তা মাজিব মেমনে আজম খানক সমৰ্থন কৰিছে ।
লক্ষনীয় কথাটো হ’ল এইজন আজম খানে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা তিনি তালাকৰ সপক্ষে লোকসভাত যুক্তি দিছে । নাৰীৰ অধিকাৰ হৰণ কৰা তিনি তালাকৰ সপক্ষে যুক্তি দি থাকোতেই খোদ অধ্যক্ষৰ আসনত বহা ৰমা দেৱীৰ প্ৰতি কৰা অশোভনীয় বক্তব্যই প্ৰমান কৰে আজম খানৰ মানসিকতা আৰু নাৰীৰ প্ৰতি তেওঁৰ ধাৰণা । শ্বোলেৰ গব্বৰ সিং আৰু আজিৰ আজম খানৰ জানো কিবা পাৰ্থক্য আছে । গহ্বৰ সিং চৰিত্ৰত অভিনয় কৰা আমজাদ খানে বসন্তীক বেয়া চকুৰে চাইছিল , গাওঁৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল ; আজম খানেও জয়া প্ৰদাক অপমান কৰিছে , উত্তৰ প্ৰদেশ চৰকাৰে আজম খানৰ ওপৰত ভুমি বেদখল কৰাৰ অভিযোগত কেচ ৰুজু কৰিছে । আজম খানৰ দৰে মানুহে বহু বছৰ ধৰি নাৰীৰ পৰা আৰম্ভ কৰি নিজৰ দেশ ভাৰতক অপমান কৰি গৈ আছে , কিন্তু আইনে এতিয়ালৈ শাস্তি দিব পৰা নাই আৰু সেই কাৰণেই আজম খানৰ দৰে ৰাস্তাত ছোৱালী জোকোৱা গুণ্ডাৰ দৰে কাম কৰা ব্যক্তিয়ে সংসদৰ মজিয়াত অভদ্ৰামী কৰিবলৈ সাহস পাইছে ।