কাৰ নিৰ্দেশত ৰূপজ্যোতিৰ বিস্ফোৰণ ?

6059

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক অসমৰ নিউজ চেনেল চোৱা প্ৰতিজন মানুহে চিনি পায় । ভ্ৰাম্যমানৰ মঞ্চত প্ৰস্তুতি পৰাশৰে কষ্টিউম আৰু ৰূপ সলোৱাৰ দৰেই ৰূপজ্যোতি কুৰ্মীক বিভিন্ন ৰূপত অসমৰ মানুহে দেখা পাইছে ।  ১২৬ জন বিধায়কৰ ভিতৰত অকল বিধায়ক হিচাপে ৰূপজ্যোতি কুৰ্মীৰ জনপ্ৰিয়তা সৰ্বাধিক ।  স্পষ্টবাদী বিধায়ক হিচাপে তেওঁৰ টিআৰপি কিন্তু ইৰ্ষনীয় । সংবাদ মাধ্যমত স্বকীয় স্থান দখল কৰি থকা বিধায়কজনে ২০১৯ ৰ আটাইতকৈ গৰম ডাইলগ দিলে , ” মই কংগ্ৰেছত থকা কাৰণে এইকেইবছৰ মৰিয়নীৰ উন্নয়ন কৰিব পৰা নাই । ‘ এই মন্তব্য আছিল জুলাইৰ প্ৰথম সপ্তাহত আৰু মাত্ৰ  ১৫ দিন পিছতেই  সুৰ সলাই মৰিয়নীত সংবাদমেল সম্বোধন কৰি বিধায়কগৰাকীয়ে কয় , ‘ মই শুভাকাংক্ষী, শিক্ষাবিদ, সমাজ কৰ্মী আৰু ভিন্নজনৰ সৈতে কথা পাতিছো, ২০২১ ত কেতিয়াও বিজেপি চৰকাৰ নাহে আৰু নিজৰ মাতৃৰ দল ত্যাগ তেওঁ নকৰে । “

যিজন বিধায়কে কিছুদিন আগত আৰ এছ এছ ক ফাল্টু সংগঠন বুলি মন্তব্য দিছিল, সেইজনেই আকৌ এতিয়া বিজেপি প্ৰেমৰ কথা কোৱাটো হাস্যকৰ । বিশেষ সুত্ৰই প্ৰকাশ কৰা মতে বিজেপিৰ  প্ৰভাবশালী মন্ত্ৰী এজনৰ নিৰ্দেশত ৰূপজ্যোতি কুৰ্মীয়ে এই বক্তব্য দাঙি ধৰিছিল । ৰূপজ্যোতিৰ কান্ধত বন্দুক থৈ  ৰকিবুল হুছেইন , প্ৰদ্যুত বৰদলৈহতঁক লক্ষ্য কৰি ৰচনা কৰা হৈছিল এই গোটেই নাটকখন । কংগ্ৰেছ ত্যাগ কৰি আহিও কংগ্ৰেছৰ আভ্যন্তৰৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব পৰা এইজন মন্ত্ৰীৰ ছত্ৰছায়াত ৰাজনীতি কৰা ৰূপজ্যোতিৰ কাৰণে সকলো পৰিস্থিতিতেই তেওঁ নিৰাপদ ।

নাটকৰ পিছত নাটক । অসম বিধানসভাৰ অধিবেশনৰ আগত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত ৰকিবুল হুছেইনৰ সৈতে তীব্ৰ বাকযুদ্ধত লিপ্ত হয় ৰূপজ্যোতি কুৰ্মী ।  দলীয় সূত্রই জানিবলৈ দিয়া মতে, বিধানসভাৰ মজিয়াত দলে গ্ৰহণ কৰিবলগীয়া ৰণকৌশল আলোচনাৰ সময়ত  বিধায়ক ৰকিবুল হুছেইনে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুমীয়ে কিছুদিন পুর্বে বিজেপিত যােগদানৰ বাবে আগ্রহ প্রকাশ কৰি সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যৰ কথা  উল্লেখ কৰি কয় যে , তেনেধৰণৰ মন্তব্যই দলৰ ক্ষতি কৰে ।  লগে লগে বিধায়ক কুৰ্মীয়ে দলত সম্প্রতি বিৰাজ কৰা অস্থিৰতাৰ বিষয়ে প্ৰশ্ন কৰে ।  কিছুদিন পূর্বে ৰকিবুল হুছেইনকে  ধৰি একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়ক নতুন দিল্লীলৈ গৈ বিৰােধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে প্রদেশ কংগ্রেছৰ পর্যবেক্ষক হৰি ৰাৱাটৰ কাষ চপাৰ বিষয়টো উত্থাপন কৰে । এনে মন্তব্যৰ কৰাৰ লগে লগে বিধায়ক ৱাজেদ আলী চৌধুৰী, আব্দুল  আলম আদি জাঙুৰ খাই উঠে যদিও পৰৱৰ্তী সময়ছোৱাত আন সদস্যসকলৰ মধ্যস্থতাত পৰিবেশ শান্ত হয় । মুঠৰ ওপৰত প্ৰসংগ বিজেপি , কংগ্ৰেছ , বানপানী , কেব যিয়েই নহওঁক ৰূপজ্যোতি কুৰ্মিৰ উপস্থিতিত ৰাজনীতিৰ ‘ পাৰা ‘ ৰ দৌৰা দৌৰি কৰিবই ।