বিজেপিৰ মিছন-১০০ অসম্ভব নহয়

2437

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


‘ৰাজনীতি অসম’ৰ জুলাই ২০১৯ৰ অ’পিনিয়ন প’লৰ জৰিয়তে আমি জানিব বিচাৰিছিলো অহা ২০২১ৰ বিধানসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱালক কোনে প্ৰত্যাহ্বান জনাব পাৰিব। বিকল্প সমূহ আছিল ক্ৰমে তৰুণ গগৈ, গৌৰৱ গগৈ, বদৰুদ্দিন  আজমল, ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈ, ৰিপুন বৰা আৰু অখিল গগৈ। ৰাইজে যদি ভাবে যে ইয়াৰ এজনেও সোণোৱালক প্ৰত্যাহ্বান জনাবলৈ সক্ষম নহয় তেন্তে শেষ বিকল্প আছিল ‘অন্য’ । ১ জুলাইৰ পৰা ২০ জুলাইলৈ চলা আমাৰ অ’পিনিয়ন প’লত ভাগ লয় অসমৰ সকলো প্ৰান্তৰ ৰাইজে। আশ্চৰ্যজনক ভাবে সকলোতকৈ বেছি ৪৬.২% ৰাইজৰ মতে এইসকলৰ এজনেও সৰ্বানন্দ সোণোৱালক প্ৰত্যহ্বান জনাবলৈ সক্ষম নহ’ব। আমাৰ তালিকাত থকা ৬ জন নেতাৰ ভিতৰত সৰ্বাধিক ২৩.১% ভোট লাভ কৰে প্ৰদ্যুত বৰদলৈয়ে। অখিল গগৈয়ে পায় ১১.৫% আৰু তৰুণ গগৈয়ে পায় ৯.৬% ভোট। এই অ’পিনিয়ন প’লৰ পৰা এটা কথা স্পষ্ট হৈছে যে কংগ্ৰেছৰ কোনো এজন নেতাই বিজেপিক ২০২১ত প্ৰত্যহ্বান জনাব পৰা অবস্হাত নাই। সভাপতি হিচাপে ৰিপুন বৰাৰ ব্যৰ্থতা, কেন্দ্ৰত নেতৃত্বহীনতা, ৰাজ্যিক নেতৃত্বৰ যুঁজ বাগৰে কংগ্ৰেছৰ কামিহাৰ ভাগি দিছে। সেইবাবে বিজেপিয়ে ২০২১ত ১০০ খন আসনত জয়ী হোৱাৰ সপোন দেখিছে। এই সপোন কিমান বাস্তবসন্মত? এই বিষয়ে আমাৰ এক প্ৰতিবেদন।
বিজেপিৰ মিছন-১০০ অসম্ভব নহয়
২০১৬ লোকসভা নিৰ্বাচনত বিজেপি মিত্রজোঁটে পোৱা আসনৰ সংখ্যা আছিল ৮৬। ইয়াৰে বিজেপিয়ে অকলে ৬০ খন, অগপই ১৪ খন আৰু বিপিএফে পাইছিল ১২ খন আসন। পিছত মনসিং ৰংপিয়ে কংগ্ৰেছৰ পৰা ইস্তফা দি বিজেপিৰ টিকটত জয়ী হয়। গণশক্তিৰ ভুবন পেগুৰ আসনখনো লগ লগালে বিজেপি মিত্রজোটৰ মুঠ আসনৰ সংখ্যা হয় ৮৮। ২০২১ত ১০০ খন আসন পাবলৈ হ’লে মিত্রজোঁটে নিজৰ ৮৮ খন আসন ধৰি ৰখাৰ লগতে বিৰোধীৰ পৰা কাঢ়ি আনিব লাগিব ১২ খন আসন। বিজেপি মিত্রজোঁটে ২০১৬ৰ বিধানসভা আৰু ২০১৯ৰ লোকসভাৰ ভোটবিন্যাস বিশ্লেষণ কৰি বিৰোধীৰ দখলত থকা ১৫ খন আসন টাৰ্গেট কৰি লৈছে বুলি খবৰ পোৱা গৈছে। এই ১৫ খন আসন হৈছে কৰিমগজ্ঞ উত্তৰ, হাইলাকান্দি, কাটলিচেৰা, লক্ষীপুৰ, অভয়াপুৰী উত্তৰ, অভয়াপুৰী দক্ষিণ , গোৱালপাৰা পূব, ভবানীপূৰ, ছয়গাওঁ, সৰুপথাৰ, গোলাঘাট, তিতাবৰ, মৰিয়নি , নাজিৰা, শিৱসাগৰ, নাওবৈচা আৰু ডুমডুমা। ইয়াৰ ভিতৰত তিতাবৰ, নাজিৰা আৰু গোলাঘাট সমষ্টিকেইটাত জয়ী হোৱা ইমান সহজ নহ’ব। ডুমডুমা, মৰিয়ণি আৰু কৰিমগজ্ঞ উত্তৰত বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান নাই। বাকী ৯ টা সমষ্টিত যথেষ্ট সংখ্যক সংখ্যালঘু ভোটাৰ আছে। নিৰ্বাচনৰ সময়ত হোৱা প’লাৰাইজেছনৰ মাত্রাৰ উপৰতে নিৰ্ভৰ কৰিব এই ৯টা সমষ্টিৰ জয় পৰাজয়।
এই ১৫টা সমষ্টিৰ ১২ টাত জয়ী হ’ব পাৰিলেই বিজেপি মিত্রজোটে নিজৰ লক্ষ্য মিছন ১০০ ত উপনীত হ’ব। কিন্তু মিত্রজোঁটে নিজৰ ৮৮ টা সমষ্টি ধৰি ৰাখিব লাগিব। এই ৮৮ টা সমষ্টিৰ ভিতৰত বৰখোলা, গোলকগজ্ঞ, বিলাসীপাৰা পূব, বৰপেটা, হাজো, বৰক্ষেত্রী, বিজনী, চাপাগুৰী, বতদ্ৰৱা, আমগুৰি আৰু থাৱৰা এই ১১টা সমষ্টিত বিজেপি মিত্রজোটে জয়ৰ বাবে সংগ্ৰাম কৰিব লগীয়া হব । মুঠৰ ওপৰত ক’ব গলে আগতে উল্লেখ কৰা ১৫ আৰু এই ১১ মুঠ ২৬টা সমষ্টিত নিৰ্বাচনী যুঁজ তীব্ৰ হ’ব। বিজেপিয়ে মিত্রজোটৰ  মিছন ১০০ সম্ভব হ’বলৈ হ’লে এই ২৬ টাৰ ভিতৰত কমেও ২৩ টাত জয়ী হ’ব লাগিব। লক্ষ্য খুব কঠিন কিন্তু অসম্ভব নহয়। সকলো নিৰ্ভৰ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰণকৌশল আৰু সৰ্বানন্দ সোণোৱালৰ অহা দুই বছৰৰ কাম কাজৰ ওপৰত।