কৌটি কৌটি টকাৰ চান্দা তোলা হ’ল বাংলাদেশীৰ নামত , এইবিলাক বন্ধ হ’ব লাগিব : আভিজিত শৰ্মা

9473

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত APWৰ সভাপতি আভিজিত শৰ্মা

সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ প্ৰতীম লহকৰ আৰু পাৰ্থ সাৰথি দত্তই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম:  APW সংগঠনটোৰ লক্ষ্য , উদ্দেশ্য আৰু কি পৰিস্হিতিত ইয়াৰ জন্ম হৈছিল, সেই বিষয়ে ৰাইজক ক’ব নেকি?

আভিজিত শৰ্মা:  আমি ৩৬ জন মানুহে APW আৰম্ভ কৰিছিলো ২০০০ চনৰ ২৪ নবেম্বৰত। আমি গোটেই কেইজন ব্যবসায়ী। আমাৰ প্ৰথম লক্ষ্য উদ্দেশ্য আছিল কৰ্ম সংস্কৃতি গঢ়ি তোলা। আজি আমি ৪০০ তকৈ বেছি অসমীয়া লৰাক কৰ্ম সংস্হান দিব পাৰিছো আমাৰ ব্যবসায়ৰ জৰিয়তে। আমি সংগঠন নহয় , চ’চিয়ো – ইকোনোমিক চ’চাইটি বুলিহে ক’ব পৰা যায় ।  আন সংগঠনবোৰে কয়  , ‘ আমি আপোনাৰ বিৰুদ্ধে কেছ কৰিম ‘ , আমি কওঁ , ‘ আমি আপোনাৰ বিৰুদ্ধে কেছ কৰিলো ‘ ___ That’s the differnce between us and others ………

ৰাজনীতি অসম: অপোনালোকে APW ৰ ফাণ্ড কেনেকৈ যোগাৰ কৰে?
আভিজিত শৰ্মা: আমি ৩৬ জন লগ হৈ  APW আৰম্ভ কৰিলো। সময়ে সময়ে আমি কিছুমান শুভাকাংক্ষী পালো। উদাহৰণস্বৰূপে ভূঞা দম্পতী আৰু প্ৰতিদিন কাকতৰ মালিক জয়ন্ত বৰুৱা । আমাৰ বেছি কাম নেথাকে নহয় ; ইনক্লাব জিন্দাবাদতহে টকা খৰছ হয়। আমাৰ খৰছবোৰ লিগেল কেছবোৰ খেলোতে হৈ আছে।
ৰাজনীতি অসম:  আলফাৰ বিৰুদ্ধে আপোনালোকে কঠোৰ স্হিতি গ্ৰহণ কৰি অহা দেখা গৈছে। ইয়াৰ কাৰণ কি?
আভিজিত শৰ্মা: যি ল’ৰাৰ হাতত হাল থাকিব লাগিছিল সেই ল’ৰাৰ হাতত আছে এ.কে ৪৭ । এই সন্ত্রাসবাদীবিলাকে মানুহ মাৰে , তাৰ বিৰুদ্ধে জনমত গঠন কৰাটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল। আহিব লগা প্ৰজন্মই যাতে হাতত অস্ত্র তুলি নলয় ; অস্ত্রৰ ঠাইত যাতে কৰ্ম সংস্কৃতি বাচি লয় সেয়াই আমাৰ লক্ষ্য আছিল। আমি আজি বাংলাদেশী খেদিব বিচাৰো কিন্তু আমাৰ অসমীয়া মানুহৰ মাজত কাম কৰিব বিচৰা মানুহৰ অভাব। আমি এটা চাৰ্ভে কৰিছিলো য’ত আমি পাইছিলো যে গোটেই বাংলাদেশী খেদিলে ২৬ লাখ অসমীয়াই কাম কৰিবলৈ ওলাই আহিব লাগিব। ৰিক্সা চলাব লাগিব, হাজিৰা কৰিব লাগিব, টিং-বটল উঠাব লাগিব, ড্ৰাইভাৰ হ’ব লাগিব, ডাক্তৰ হ’ব লাগিব, উকিল হ’ব লাগিব। কেবল চোৰ-ডকাইত নহ’লে হ’ল।
বাংলাদেশীবিলাক বহুতে by blood চোৰ ।আমি ৰাইজক বুজাইছো সন্ত্রাসবাদ কিমান বেয়া, নিৰীহক হত্যা কৰা কিমান বেয়া। তাৰ ফল আমি ২০০৮ চনত পাইছিলো যেতিয়া অৰবিন্দ ৰাজখোৱাহ’ত মূলসুঁতিলৈ ঘূৰি আহিছিল ।
ৰাজনীতি অসম:  আলফাৰ পৰা ভাবুকি পাইছিল নেকি?
আভিজিত শৰ্মা:সময়ে সময়ে আমাক ভাবুকি দি আহিছিল। ফোনত ধমকি দিছিল। মানসিক ভাবে কিছু সময়ত দুৰ্বল হৈ গৈছিলো , তথাপি আমি হাৰ মনা নাছিলো।
ৰাজনীতি অসম: যিখিনি সময়ত মানুহে আলফাক  ভয় কৰিছিল সেইখিনি সময়ত আপুনি আলফাৰ বিৰুদ্ধে মাত মাতিবলৈ ইমান শক্তি ক’ৰ পৰা পাইছিল ?

আভিজিত শৰ্মা:  God gift বুলি ভাবো। আমি প্ৰথম পৰেশ বৰুৱাৰ মুৰ্তি জলাইছিলো ২০০০ চনত দিঘলী পুখুৰীৰ পাৰত। তাৰ পিছত যেতিয়া আলফাৰ বিৰুদ্ধত গণতান্ত্রিক কাৰ্য্যসুচীবিলাক ল’লো , তেতিয়া আমাৰ ঘৰৰ মানুহেই আমাক বেয়া পোৱা হৈছিল। কিন্তু সংগ্ৰাম আমি চলাই গৈছিলো আৰু অবশেষত সফল হৈছিলো ।

ৰাজনীতি অসম:  এটা সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ  ৰাইজৰ সৰহভাগে আলফাক সমৰ্থন কৰিছিল । তাৰ কাৰণ কি বুলি ভাবে?
আভিজিত শৰ্মা: এটা সময়ত প্ৰায় ঘৰে ঘৰে আলফা আছিল । আমি কিন্তু আলফা বা কোনো ছাত্র সংগঠনৰ লগত নাছিলো। যেতিয়া ধেমাজী কাণ্ড হ’ল, ‘ স্বাধীন অসম ‘ টো এটা অবাস্তব সপোনত পৰিণত হ’ল, যেতিয়া আলফাৰ ল’ৰাই মূলসুতিলৈ ঘূৰি আহি ৱাইন শ্ব’প খুলিলে, মানুহ মৰা আৰম্ভ কৰিলে তেতিয়া ৰাইজে  বুজি পালে। আজি আলফাটো এটা ইন্টাৰনেটৰ বস্তু হৈ পৰিল। আলফা এতিয়া ই-মেইল। অসমত ইন্টাৰনেট এমাহৰ কাৰণে বন্ধ কৰি দিলে পৰেশ বৰুৱা নোহোৱা হৈ যাব ।
ৰাজনীতি অসম:  পৰেশ বৰুৱাই আপোনাক ফোন কৰে নেকি?
আভিজিত শৰ্মা:  ফোন আহি থাকে। আগতে খুব গালি পাৰিছিল, আজিকালি কিন্তু গালি নেপাৰে। পৰেশ বৰুৱাই বুজি উঠিছে যে আলফাৰ ভুলটোহে আমি দেখুৱাই দিছিলো । আমিটো আৰ্মী-পুলিছৰ লগ লাগি আলফা মাৰিব যোৱা নাই ।
পৰেশ বৰুৱাক মই সদায় কওঁ __ আপুনি মূলসূঁতিলৈ ঘূৰি আহক। তেওঁ কিন্তু আমাৰ কথা শুনিব নোখোজে ; নিজৰ কথাখিনি কেবল কৈ যায়। তেখেতে কিন্তু আমাক নিৰীহ মানুহ নেমাৰো বুলি কথা দিছিল আৰু আজি ‘ ৰাজনীতি
অসম ‘ ৰ জৰিয়তে পৰেশ বৰুৱাক কথা ৰখা বাবে মই ধন্যবাদ জনাইছো।
কিন্তু পৰেশ বৰুৱা বা আন যিকোনো উগ্ৰপন্থী সংগঠনেই হ’ল একো একোটা হত্যাকাৰীৰ দল । তেওঁলোকৰ কামেই হ’ল মানুহ হত্যা কৰা, অপহৰণ কৰা আৰু ধন দাবী কৰা।
ৰাজনীতি অসম:   চুপ্ৰিম কোৰ্টে NRC ৰ  পুন:ভেৰিফিকেছন নাকচ কৰিলে  , এতিয়া আপুনি  কিমান আশাবাদী ?

আভিজিত শৰ্মা:আশা – নিৰাশাৰ কথা ক’ব যোৱাৰ আগত দুটামান কথা কওঁ যিখিনি আপোনালোকৰ ই – আলোচনী ‘ৰাজনীতি অসমৰ ‘ ৰ  যোগেদি ৰাইজে জানিব পাৰিব । প্ৰথম কথা অসম চুক্তিত NRC ৰ কথা উল্লেখ  নাছিল। NRC আহিল ত্রিপাক্ষিক বৈঠকৰ পিছত। সংবাদ মাধ্যমে কৈ থকা ভুঞা দম্পতীক আচলতে আমি বৰতা আৰু বৰমা বুলি সম্বোধন কৰো ।  বৰতা – বৰমাই লগ পাই এদিন মোক ক’লে , ‘আমি কিবা এটা কৰিব লাগে , আমি এটা কেচ কৰিম চুপ্ৰিম কৰ্টত, তুমি যদি পেটিছনাৰ হোৱা। ‘ মই টকা পইছাৰ কথা চিন্তা কৰাত মোক আশ্বাস দি কৈছিল, ‘ আমি আছো নহয়..কিয় চিন্তা কৰিছা?’….. বৰতাই আমাক এফিদেফিটখন ড্ৰাফ্ট কৰি দিলে আৰু আমি তেনেকৈ  ট্ৰেইনত উঠি চুপ্ৰিম কৰ্ট গ’লো । আমাক মানুহে চিৰিয়াছলি লোৱা নাছিল। প্ৰেছ মিট দিলে সাংবাদিকে আমাক ঠাট্টাৰ সুৰত সুধিছিল ,  “আপোনালোকৰ কেচটোৰ কি হ’ল?”  আমি গামোছা পিন্ধিব নাযাওঁ , আই মাতৃৰ হৈ যিখিনি পাৰো কাম কৰি গৈছো। এতিয়া ৰিভেৰিফিকেছনৰ কথা কৈছো। ৩৫ বছৰ ৰ’লো আৰু দুটা বা তিনিটা মাহ ৰোৱাত কি আপত্তি? সকলোৱে জানে সন্দেহজনক বিদেশীৰ নাম এন.আৰ.চিত সোমাইছে। কিন্তু ষ্টেট ক’অৰডিনেটৰে ক’লে ৰি ভেৰিফিকেছনৰ প্ৰয়োজন নাই । যদি এজনো বাংলাদেশীৰ নাম ওলায় সেয়া দেশদ্ৰোহীতাৰ কাম হ’ব। তেতিয়া কিন্তু  হাজেলাৰ বিৰুদ্ধে কেছ কৰিম।

ৰাজনীতি অসম: এতিয়া কি কৰিব?
আভিজিত শৰ্মা: আমি আৰু এখন এফিদেফিট ফাইল কৰিম , ৰিভেৰিফিকেছনৰ কাৰণে । ৮ তাৰিখে আকৌ শুনানি আছে ।
ৰাজনীতি অসম: চুড়ান্ত এন.আৰ.চিত কিমান মানুহৰ নাম কটা যাব বুলি অনুমান কৰিছে?
আভিজিত শৰ্মা: কিমান সংখ্যা ওলাব সেইটো আমি ক’ব নোৱাৰিম কিন্তু ৰি ভেৰিফিকেৱচনটো দৰকাৰী। আমি ২২ খন জিলাত ৰিভেৰিফিকেছনৰ কথা কৈছো । ৮০ লাখ মানুহৰ ৫%ৰ কথা কৈছে , তাতেই ৰি ভেৰিফিকেছন কৰকছোন। নহ’লে আমি আকৌ ক’ৰ্টলৈ যাব লাগিব।
ৰাজনীতি অসম: হাজেলাৰ কামক লৈ সন্ত্তষ্ট নহয় নেকি? বিজেপি চৰকাৰৰ আইন উপদেষ্টা আৰু হাজেলাৰ মতানৈক্যৰ বিষয়ে কিবা ক’ব বিচাৰিব নেকি?
আভিজিত শৰ্মা: হাজেলাই যথেষ্ট কষ্ট কৰিছে। তেওঁৰ বিৰুদ্ধে একো ক’ব বিচৰা নাই। কিন্তু এটা কথা যে চৰকাৰে বিচাৰে ভেৰিফিকেছন আৰু অফিছাৰে নিবিছাৰে । কাৰণটো খুব সাধাৰণ । এজন ফুড ইনষ্টপেক্টৰ, এজন অভিযন্তাই যদি  চাৰি বছৰ এন.আৰ.চিৰ কামত লাগি থাকে তেতিয়া বাহিৰা টকা ক’ৰ পৰা পাব ? অসম চৰকাৰৰ আধা কৰ্মচাৰীয়ে দুৰ্নীতিগ্ৰস্ত । আইন উপদেষ্টাই যিখিনি কৈছে সম্পূৰ্ণ শুদ্ধ কথা কৈছে । এজনো বাংলাদেশীৰ নাম এন.আৰ.চিত থাকিলে সেইটো ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি।
ৰাজনীতি অসম:  এনে লাগিছে আপুনি চুপ্ৰিম কৰ্ট যাবলৈ আকৌ সাজু হ’বৰ হ’ল ?
আভিজিত শৰ্মা: ১ তাৰিখে পুনৰ ফাইল কৰিমেই । ৩১ আগষ্টত এনআৰচি প্ৰকাশ পালেও আমি আইনৰ ওচৰত যোৱা বাট খোলা থাকিব। যিখিনি মানুহে শুদ্ধ এন.আৰ.চি বিচৰা নাই তেখেতসকলক মই আহ্বান জনাম নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে এটা জাতিক ধ্বংস নকৰিব। জাতিৰ অভিশাপ এটা ডাঙৰ অভিশাপ ।
ৰাজনীতি অসম:  এন.আৰ.চিৰ হৈ কাম কৰি থাকোতে কিবা বাধা বিঘিনি পাইছিল নেকি?
আভিজিত শৰ্মা: আগৰ দুয়োখন ৰাজ্য আৰু কেন্দ্ৰীয় কংগ্ৰেছ চৰকাৰে আমাক শত্ৰু  জ্ঞান কৰিছিল। কিছুমান প্ৰভাবশালী কংগ্ৰেছী মন্ত্রী-বিধায়কে এনেদৰে প্ৰচাৰ চলাব বিচাৰিছিল যে APW মুছলমানৰ শত্ৰু। চৰ অঞ্চলত আমাৰ বিৰুদ্ধে মিটিং কৰা হ’ল। এটা কথা ভাল লাগিল যে বৰ্তমান চৰকাৰখনে কিবা সুবিধা দিয়ক নিদিয়ক খবৰখিনি লৈছে। সদিচ্ছা দেখুৱাইছে , আমাৰ পৰা দিহা লৈছে। আগতে কোৱাৰ দৰে ভূঞা দম্পতী আৰু জয়ন্ত বৰুৱাৰ পৰা সহায় পাইছো। আৰু কিছুমান মানুহ আছে যিসকলে নাম ল’ব মানা কৰিছে। মিডিয়াৰ পৰা চাপ’ৰ্ট পাইছো। বহুতে আমাক বুজি পাইছে। হোমেন বৰগোহাঁই দেবক ধন্যবাদ দিছো। মোক কথা বাৰ্তাত দুবাৰকৈ মাতিছে। আমি ‘ ৰাজনীতি অসম ‘ ৰ জৰিয়তে অসমৰ ৰাইজক কব খোজো যে আমি জাতিটোক নঠগাও । আমাৰ লোভ নাই, পাবলগীয়া বিশেষ একো নাই হেৰাবলগীয়াও নাই, আমি ৰাজনীতিও নকৰো ।
ৰাজনীতি অসম:  মন্ত্রী-বিধায়ক হোৱাৰ সপোন নাই নেকি?
আভিজিত শৰ্মা: ব্যক্তিগত কাৰণত মই ৰাজনীতিত যাব নিবিচাৰো । মোৰ পত্নী আৰু মোৰ ছোৱালীয়ে মোক ৰাজনীতিত যাব নিদিয়ে । মোৰ ছোৱালীয়ে মোক ইতিমধ্যে  ৱাৰ্নিং দি দিছে ।
ৰাজনীতি অসম: আজিৰ পৰিস্থিতিত অসমখন অবৈধ বিদেশী শুন্য হ’বনে ?
আভিজিত শৰ্মা: আমি ইতিমধ্যে প্ৰমাণ কৰি দিলো যে অকল ৰাস্তাৰ আন্দোলনে একো বস্তু সফল কৰিব নোৱাৰে। মই ফেচবুকত এটা আপদেট দিছিলো ‘অসমে এদিন কান্দিব অসম চুক্তিৰ নিচিনাকৈ । ‘ আন্দোলন দৰকাৰ কিন্তু আন্দোলনৰ নামত বেপাৰ কৰিব গ’লে উদ্দেশ্য সফল নহয় ।  আন্দোলন , শ্লোগানে সমস্যা সমাধান নকৰে , বৃদ্ধিহে কৰে। কিছুমানৰ বাবে নেতা বনোৱাৰ দোকান এই আন্দোলন। উদাহৰণস্বৰুপে কেব বিৰোধিতা কৰা বহুতে আজি বিজেপিত যোগ দিছে। আজি অগপৰ অবস্হা চাওক।
ৰাজনীতি অসম: বাস্তৱ সমাধান সুত্ৰ কি ?
আভিজিত শৰ্মা: নিজক যদি আপুনি ঠগাব বিচাৰে তেন্তে কওঁক ‘ খেদ ঐ খেদ বাংলাদেশী খেদ  ‘। কিন্তু বাস্তবত সকলো বাংলাদেশী গুছি গ’লে আমি খাব নাপাই মৰিম। বিতাৰণ এটা আন্ত: ৰাষ্ট্ৰীয় ইচ্ছ্যু । ইমান লক্ষ লক্ষ মানুহ বাংলাদেশে নিজৰ মানুহ বুলি ক’বনে ? বহুত দীঘলীয়া আৰু কুটনৈটিক প্ৰচেছ হ’ব ।   ৱ’ৰ্ক পাৰ্মিট দিব লাগিব, ভোটৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব লাগিব। যিদিনা অসমীয়া ল’ৰা কাম কৰিবলৈ ওলাোই আহিব সিদিনা এওঁলোকক যাবলৈ কওঁক । জন্ম নিয়ন্ত্রন আইনী প্ৰক্ৰিয়াৰ যোগেদি কৰিব লাগিব। আমি তাৰ বাবে লাগি আছো। নিজে কাম নকৰো, চান্দাৰ বহী পকেটত লৈ ঘূৰি ফুৰো আৰু কওঁ যে বিদেশী যাব লাগিব।
ৰাজনীতি অসম:  ২০ বছৰ পিছত অসমীয়া ভাষীসকল ৰাজনৈতিক ভাবে কিমান সুৰক্ষিত বুলি ভাবে?
আভিজিত শৰ্মা: ২০ বছৰ পিছত অসমীয়া ভাষা নোহোৱা হ’ব, জাতিটো নোহোৱা হ’ব। অসমীয়া মানুহখিনি বাহিৰলৈ ওলাই গৈ আছে , ঘূৰি অহাৰ চিন্তা  নকৰে। আমি আজিকালি এটা সন্তানতে সন্ত্তষ্ট হৈছো। শিক্ষাৰ ক্ষেত্রত আমি তললৈ গৈ আছো । আমাৰ কিমানজন  ভাল আই.এ.এছ অ’ফিছাৰ ,  ভাল ডাক্তৰ , ভাল উকিল আছে ? যিখিনি আছিল সেইখিনি বাহিৰলৈ গৈ আছে। এইটো এক বিৰাট চিন্তাৰ বিষয়। ড্ৰাফ্ট এন.আৰ.চি ত কিছুমান মানুহৰ নাম সোমোৱাৰ পিছত অসমীয়া ছোৱালীক উলংগ হৈ নৃত্য কৰিবলৈ আহ্বান জনালে ; ইমান সাহস পালে ! ৰিভেৰিফিকেছন নোহোৱাকৈ এন.আৰ.চি ওলালে তেওঁলোক ঘৰত সোমাব। আজিৰ পৰা দহবছৰ আগতে এটা কথা কৈছিলো যে অসমীয়া মানুহে গাত খান্দি সোমাই থাকিব লাগিব,  ৰাতিহে ওলাব পাৰিব মিঞা নথকা সময়ত ।
ৰাজনীতি অসম:  অসম চুক্তিয়ে  কি দিলে জাতিৰ সুৰক্ষাৰ দিশটোত ?
আভিজিত শৰ্মা: আমি ধোৰাসাপ ;  ই ফোচফোচাব জানে , হুংকাৰ দিব জানে আৰু এখন চুক্তি কৰে, চুক্তিখনৰ ফল কিন্তু একো নহয়। অসম চুক্তিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকখন চুক্তিয়ে বিফল হৈছে , বিটিচি চুক্তিখনক বাদ দি।
ৰাজনীতি অসম:  আপুনি সততে কয় নিজৰ মানুহেই আমাক টুপি পিন্ধাই আছে , তাৰ কাৰণ কি?
আভিজিত শৰ্মা: আমাৰ কিছুমান অসম চৰকাৰৰ কৰ্মচাৰীয়ে টকাৰ বিনিময়ত বাংলাদেশীৰ নাম ভোটাৰ লিষ্টত সোমাইছিল, এন.আৰ.ছিতো সোমাইছে। দুজন ইতিমধ্যে ধৰা পৰিল। বাকী আন্দোলনৰ নামত দোকান, বাংলাদেশীৰ নামত দোকান চলিয়েই আছে।কৌটি কৌটি টকাৰ চান্দা তোলা হ’ল বাংলাদেশীৰ নামত ১৯৮৫ চনৰ পৰা আজিলৈকে। এতিয়াও তুলি আছে। এইবিলাক বন্ধ হ’ব লাগিব।
ৰাজনীতি অসম:  আপুনি এতিয়ালৈকে কিমানটা কেছ কৰিছে ?
আভিজিত শৰ্মা: আমাৰ বৰ্তমান ১৫০ টা মান কেছ চলি আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল এন.আৰ.চি আৰু সুতা-কম্বল।
ৰাজনীতি অসম:  সুতা-কম্বলৰ কেচটো সিমান নজৰত অহা নাই ইয়াৰ বিষয়ে অলপ জনাব নেকি?
আভিজিত শৰ্মা: আমি বহুত কাম মনে মনে কৰো । আদালতে ইতিমধ্যে নিৰ্বাচনৰ সময়ত সুতা কম্বল বিতৰণ কৰা বন্ধ কৰিছে। ২০১৬ত অসমত বিজেপি জয়ী হোৱাত এইটোৱে কিছু পৰিমাণে অৰিহণা যোগাইছে ।
ৰাজনীতি অসম:   আপোনালোকে কেবল আইনী যুঁজত বিশ্বাস কৰে ?
আভিজিত শৰ্মা: আলফাৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলো, আমি সফলো হৈছিলো। তাৰপিছত আমি আন্দোলন কৰা বন্ধ কৰিলো। আন্দোলনটো সময় নষ্ট বা মানুহক দিকদাৰ দিয়াৰ বাহিৰে একো নহয়। আন্দোলন কৰিব খুজিলে বন্ধৰ দিনত ( দ্বিতীয় শনিবাৰ , চতুৰ্থ শনিবাৰ আৰু ৰবিবাৰ) কৰক।
ৰাজনীতি অসম:  মন্ত্রী ভবেশ কলিতাৰ লগত আপোনালোকৰ কিবা সংঘাত হৈছিল ?
আভিজিত শৰ্মা: তেওঁৰ ডিপাৰ্টমেন্টৰ কেলেংকাৰী ধৰিব গৈছো । নীলমনি সেন ডেকাই যি ভুল কাম কৰিছিল ভবেশ কলিতা ডাঙৰীয়াও সেই একে ভুল কৰিব বিচাৰিছিল। যেতিয়া মন্ত্রী আৰু সংগঠনৰ মাজত কাজিয়া লাগে তেতিয়া ডিপাৰ্টমেন্টে ভাল পায়। তেওঁলোকে দুৰ্নীতি কৰিবলৈ সুবিধা পায়  । মই মুখ্যমন্ত্রী ডাঙৰীয়াক ধন্যবাদ জনাইছো। তিনিখন প্ৰেছ মিট দিছিলো, তিনিটা তথ্য মুখ্যমন্ত্রীক দিছিলো  আৰু তিনিটাৰে ইনকুয়াৰি দিছে ।
ৰাজনীতি অসম:  বৰ্তমান বিজেপি চৰকাৰখনে দুৰ্নীতি ৰোধ কৰিব পাৰিছে বুলি ভাবে নেকি?
আভিজিত শৰ্মা: সৰ্বানন্দ সোণোৱালৰ সদিচ্ছা আছে। কিন্তু এজনে অকলে কিমান কৰিব?
ৰাজনীতি অসম:  কোন কোন মন্ত্রী আপোনাৰ হিট লিষ্টত আছে?
আভিজিত শৰ্মা: মন্ত্রী নাই। ডিপাৰ্টমৱন্ট আছে। কৃষি আছে, জলসিঞ্চন আছে। কৃষি এটা এনে বিভাগ যত নৱকি ভগবান আহি চলালেও দুৰ্নীতি হ’ব। মুখ্যমন্ত্রী মহোদয়ৰ ওপৰত আমাৰ এটায়ে ক্ষোভ থাকি গ’ল যে কংগ্ৰেছৰ দিনৰ দুৰ্নীতিগ্ৰস্হ বিষয়াসমূহ থাকি গ’ল।
ৰাজনীতি অসম:  মন্ত্রীজন ঠিক থাকিলে বিষয়াবোৰে কেনেকৈ দুৰ্নীতি কৰিব?
আভিজিত শৰ্মা: কৃষি বিভাগৰ মন্ত্রীজনে দেশ কেনেকৈ চলাব আমাৰ জনা আছে। যিজনে কেবৰ কাৰণে জাতিটোক ঠগালে ,  তেওঁ বিভাগ কেনেকৈ চলাব ? তেখেতে খুব সোনকালে বিজেপিত যোগদান কৰিব বুলি খবৰ পাইছো । অগপৰ বেছিভাগ নেতাই বিজেপিত যোগদান কৰিব ।
ৰাজনীতি অসম:  এটা বাক্যত  _____
  • প্ৰফুল্ল কুমাৰ মহন্তঃ নিজৰ আগৰ কিছুমান ভুলৰ বাবে আজি তেখেতে পস্তাই আছে ।
  • পৰেশ বৰুৱাঃ এজন হত্যাকাৰী যাৰ কামেই হ’ল হত্যা- অপহৰণ কৰা, বৰ্তমান এজন ই-মেইল সন্ত্রাসবাদী।
  • হিতেশ্বৰ শইকীয়াঃ এজন চতুৰ ৰাজনীতিবিদ ।
  • হিমন্ত বিশ্ব শৰ্মাঃ পলিটিকেল  বেপাৰী ,  বহুত জানে , বহুত কৰিব পাৰে কিন্তু  নিজৰ ভুলৰ বাবে উঠিব পৰা নাই।
  • হাগ্ৰমা মহিলাৰীঃ আচল নেতা , যি সচাই জাতিক ভাল পায়। জাতিৰ বাবে অস্ত্র তুলি লৈছিল , কিন্তু আলফাৰ দৰে বিদেশত লুকোৱা নাছিল ।
  • তৰুণ গগৈঃ বয়সীয়াল নেতা । আজি এটা কালি এটা ।
  • অগপঃ ৮৫৫ জন শ্বহীদৰ তেজ খোৱা জাতিক ঠগোৱা সংগঠন ।
  • কংগ্ৰেছঃ বাংলাদেশীৰ হৈ ওকালতি কৰা এটা দল ।
  • আছুঃ আন্দোলনৰ মাজেদি আগবঢ়া সংগঠন কিন্তু আমি বিচাৰিম আছুৱে কৰ্ম সংস্কৃতিৰ প্ৰতি গুৰুত্ব দিয়ক।
  • অমিত শ্বাহঃ বিদেশীমুক্ত ,সন্ত্রাসবাদ মুক্ত অসমৰ শেষ ভৰষা ।
  • বিজেপি : :জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি দলে বেছি  হিন্দু হিন্দু নকৰি অসমীয়া জাতি ৰক্ষাৰ কাৰণে চিন্তা কৰক ।
ৰাজনীতি অসম: শেষত  উল্লেখযোগ্য কেচকেইটাৰ তথ্য ৰাইজক জনাব বিচাৰিব নেকি?
আভিজিতঃ মই ৯টা উল্লেখযোগ্য কেচৰ বিবৰণ ৰাইজৰ জ্ঞাতাৰ্থে আগবঢ়ালোঃ
  1. 274/2009 NRC
  2. 1262/2016 –   CM special package scheme of Assam (Suta kambol)
  3. 359/2012 – Subansiri big dam
  4. 346/2013 – NGT New Delhi
  5. High court 125/2015 –  CM special package sceem of Assam
  6. CID 56/2014  – Agriculture 700 Cr scam
  7. Special judge court Assam  – 56/2014 agriculture 700 Cr SCA
  8. Special judge court asap – 3/2015 – 28 crore lime scam
  9. Ed  – 1/2015 – Agriculture scam