অজন্তা নেওগ অপ্ৰতিৰোধ্য

1786

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


কংগ্ৰেছৰ দুৰ্গ গোলাঘাট বিধানসভা সমষ্টিত ১৯৯৬ চনত জয়ৰ ধ্বজা উৰাইছিল বৰ্তমান অগপৰ সভাপতি অতুল বৰাই। ২০০১ তথা ২০০৬ চনত বৰা পৰাজিত হৈছিল কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী অজন্তা নেওগৰ হাতত। উপায় নাপাই গোলাঘাটৰ পৰা বোকাখাটলৈ গুছি গৈছিল বৰা। ২০১১ চনত শ্ৰীমতী নেওগে অগপৰ অমিয় বৰাক ৪৬০০০ ৰো অধিক ভোটত পৰাজিত কৰিছিল। ২০১৬ চনত বিজেপিৰ চুনামিত বহু কংগ্ৰেছৰ ৰথী মহাৰথী ৰণত পৰিছিল। অজন্তা নেওগে কিন্তু নিজৰ দুৰ্গ সুৰক্ষিত ৰাখিছিল। বিজেপিৰ প্ৰবল প্ৰত্যহ্বান নেওচি তেখেতে বিতুপন  শইকীয়াক পৰাজিত কৰিছিল প্ৰায় ৫০০০ ভোটত।
প্ৰাক্তন গড়কাপ্তানী মন্ত্রী অজন্তা নেওগৰ গোলাঘাটত সুনাম আছে। মন্ত্রীত্বৰ কালত তেখেতে কৰা ভাল কামৰ এতিয়াও ৰাইজে গুণ গান কৰে। লোকসভা নিৰ্বাচনটো গোলাঘাট বিধানসভাত নেওগ ডাঙৰীয়ানী আগবাঢ়ি থাকে। ৰাজনীতি অসমে যোৱা মাহত কৰা অ’পিনিয়ন প’লত ৰাইজে এই ক্ষেত্রত সহমত প্ৰকাশ কৰে। ৫৯.১% লোকৰ মতে আগন্তুক ২০২১ চনত হ’ব লগা বিধানসভা নিৰ্বাচনত গোলাঘাটৰ পৰা বিজয়ী হ’ব অজন্তা নেওগ। বাকী ৪০.৯% লোকে গোলাঘাটত অহাবাৰ বিজেপি জয়ী হ’ব বুলি ভাবে। ৪ টা বিধানসভা নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিলে যে অসনত কংগ্ৰেছৰ স্তিতি খুব দুৰ্বল। এনে ক্ষেত্রত লক্ষণীয় হ’ব বিজেপিয়ে গোলাঘাটৰ পৰা কাক প্ৰাৰ্থীত্ব দিয়ে। বিজেপিয়ে শক্তিশালী প্ৰাৰ্থী দিলে যুঁজখন তীব্ৰ হ’ব যদিও শেষ হাঁহি অজন্তা নেওগে মৰাৰ সম্ভাবনা আছে।