ৰিপুন আউট , প্ৰদ্যুত ৰিটায়াৰ্ড হাৰ্ট ….২০২৬ ত সগৌৰৱে গৌৰৱ

4087

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল প্ৰায় নিশ্চিত আছিল । জনিয়াত প্ৰাৰ্থী ঘোষণাৰ আগমুহুৰ্তলৈ কংগ্ৰেছৰ বিজয় নিশ্চিত আছিল কিন্তু  উপনিৰ্বাচনত কংগ্ৰেছ শুন্য হ ‘ল । বিধানসভাত বিধায়কৰ সংখ্যা আৰু এজন কমিল । দায়িত্বৰ কঁঠাল ভঙা হ’ব ৰিপুন বৰাৰ মুৰত । ৰিপুন বৰাৰ পিছত জেষ্ঠ্য কংগ্ৰেছী এজনক নতুন সভাপতি পতা হ’ব । কিন্তু তৰুণ গগৈয়ে দলৰ সভাপতিৰ দৌৰত নিজ পু্ত্ৰক দুৰত ৰাখিব বুলি বিভিন্ন মহলত চৰ্চা হৈছে । ৰামেশ্বৰ  তেলীৰ হাতত পৰাস্ত হোৱা পৱন সিং ঘাটোৱাৰৰ এতিয়া দুৰ্বল , ভুৱনেশ্বৰ কলিতাই ইতিমধ্যে দল ত্যাগ কৰিছে , শৰৎ বৰকটকীৰ বয়সে তেওঁক সহায় নকৰে , গৌতম ৰয় বিজেপিত । বাকী থাকিল প্ৰদ্যুত বৰদলৈ , দেৱব্ৰত শইকিয়া , ৰকিবুল হুছেইন । নেতৃত্বত কোন থাকিব সেয়া বিশেষ প্ৰভাব নেপেলায় কাৰণ, ২০২১ ৰ নিৰ্বাচন বিজেপিৰ কাৰণে আজিৰ তাৰিখত একপক্ষীয় ।মুছলমান ভোটাৰে শ্বুইং কৰিব পৰা বটদ্ৰবা , বৰক্ষেত্ৰীৰ দৰে কেইটামান সমষ্টি বিজেপিৰ হাতৰ পৰা গ’লেও উজনি অসমৰ কংগ্ৰেছৰ হাতত থকা সমষ্টি বিজেপিৰ হাতলৈ যাব । অৰ্থাৎ ২০২১ ৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰিব লাগিব আগন্তুক প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে । ২০২১ ৰ পিছত এন্টি ইনকামবেঞঞ্চি  আৰু  জনবিন্যাস পৰিৱৰ্তনে এ বিজেপিক ক্ষতি কৰিব ; ২০২৬ ত পৰিৱৰ্তনৰ ঢৌত গৌৰৱ গগৈ এ দলৰ দায়িত্ব ল’বলৈ সাজু হ’ব । এইক্ষেত্ৰত তৰুণ গগৈৰ ভাগ্যৰ ওপৰতো কিন্তু গৌৰৱ গগৈ আগন্তুক সময়ৰ ৰাজনীতিত প্ৰভাৱ পৰিব ।