আদৱানীৰ যুগত বাজপেয়ী কেনেকৈ প্ৰধান মন্ত্রী হৈছিল !

3205
  • পাৰ্থ সাৰথি দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


১৯৯৬ চনত ভাৰতৰ প্ৰধানমন্ত্রীৰ পদত শপত লৈছিল বহু মানুহে নাম নুশুনা দেৱেগৌড়াই। এজন সাংবাদিকে এই বিষয়ে প্ৰশ্ন কৰাত দেৱেগৌড়াই  নিজৰ কপালখন দেখাই দি কৈছিল ,”ইয়াত যি লিখা আছে কোনেও খণ্ডাব নোৱাৰে।”  এই দেশত দেৱেগৌড়া , ইন্দৰ কুমাৰ গুজৰালৰ দৰে নেতা অপ্ৰত্যাশিত ভাবে দেশৰ প্ৰধান মন্ত্রী পদত উপবিষ্ট হৈছে ; সেই দেশতে সকলো যোগ্যতা থকা স্বত্বেও লাল কৃষ্ণ  আদৱানী এই পদ লাভৰ পৰা বঞ্চিত হয়।
১৯৭৩ চনত লালকৃঞ্চ আদৱানী জনসংঘৰ সভাপতি ৰূপে নিৰ্বাচিত হয়। আদৱানীৰ লগত আছিল তেখেতৰ বিশ্বাসভাজন  অটল বিহাৰী বাজপেয়ী। ১৯৭৭ চনত জনসংঘৰ জনতা পাৰ্টীৰ লগত বিলয় হয় আৰু নিৰ্বাচনত অবতীৰ্ণ হয়। মোৰাৰ্জী দেশাই দেশৰ প্ৰধান মন্ত্রী হয়। জনসংঘৰ পৰা অহা গোটৰ তিনিজনক কেবিনেট মন্ত্রীৰ মৰ্য্যাদা দিয়া হয়; বাজপেয়ী, আদবানী আৰু ব্ৰীজলাল শৰ্মা। নিজৰ আভ্যন্তৰিন কন্দলৰ ফলত জনতা পাৰ্টীৰ চৰকাৰৰ পতন হয়। ১৯৮০ চনৰ অধিবেশনত জনসংঘৰ পৰা অহা নেতাসকলক পাৰ্টীৰ পৰা বাহিৰ কৰাৰ নিৰ্ণয় লোৱা হয় ১৭-১৪ ভোটত। এনেকৈ গঠন হয় বৰ্তমান বিশ্বৰ সকলোতকৈ বেছি সদস্য থকা দল ভাৰতীয় জনতা পাৰ্টীৰ। দলৰ প্ৰথম অধ্যক্ষ আছিল অটল বিহাৰী বাজপেয়ী। ১৯৮৪ চনত প্ৰচণ্ড ঢৌ আছিল ইন্দিৰা গান্ধীৰ সপক্ষে। বিজেপিয়ে প্ৰথমবাৰ নিৰ্বাচনত নামি আসন পালে মাত্র ২খন। বাজপেয়ী নিজে গোৱালীয়ৰৰ পৰা হাৰি থাকিল। সেইবাৰ সংঘই( RSS) বিজেপিৰ হৈ কাম কৰা নাছিল। শুনামতে তলে তলে সংঘই ইন্দিৰা গান্ধীক ভোট দিবলৈ আবেদন কৰিছিল। তাৰ কাৰণ আছিল ইন্দিৰা গান্ধীয়ে কৰা কিছুমান কামৰ ফলত তেখেতৰ হিন্দুবাদী ছবিৰ সৃষ্টি হৈছিল। অটল বিহাৰী বাজেপেয়ীৰ নৰমপন্থী চৰিত্রৰ বাবে তেখেত সংঘৰ প্ৰিয়ভাজন নাছিল। বাজপেয়ীয়ে পদত্যাগ কৰিলে ; আদবানী দলৰ সভাপতি হয়। ৰাজীব গান্ধীৰ নৰম হিন্দুত্ববাদ আৰু আদৱানীৰ ৰামমন্দিৰ নিৰ্মানৰ বিষয়লৈ ১৯৮৯ চনৰ নিৰ্বাচন হয়। বিজেপিয়ে নিজৰ আসনৰ সংখ্যা বৃদ্ধি কৰে দুখনৰ পৰা ৮৫। ১৯৯১ চনত ৰামমন্দিৰ আন্দোলনৰ তীব্ৰতা বৃদ্ধি পায় আৰু আদৱানীয়ে প্ৰথমবাৰৰ বাবে বিজেপিক ১০০ৰ পাৰ কৰি লৈ যায়। আদৱানীক সংঘই বিৰোধী দলৰ নেতাৰ বাবে নিৰ্বাচিত কৰে। আদৱানী বিবুধিত পৰিল। যিজন অটল বিহাৰী বাজপেয়ীক আদৱানীয়ে গুৰু মানিছিল সেই বাজপেয়ীৰ নেতা হ’ব আদৱানী। সেই সময়ত বাজপেয়ী বিজেপিৰ পৰা পদত্যাগ কৰিব বুলি খবৰ ওলাইছিল। দুৰ্নীতিৰ অভিযোগৰ বাবে দেশত ইতিমধ্যে নৰসিংহ ৰাওৰ বিৰুদ্ধে বতাহ বলিছিল। ১৯৯৬ সাধাৰণ নিৰ্বাচনৰ আগে আগে বিজেপিৰ ৰাষ্ট্ৰীয় অধিবেশনত আদৱানীয়ে অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী ৰুপে ঘোষণা কৰিলে। ‘অব কি বাৰী..অটল বিহাৰী’ বুলি আদৱানীয়ে শ্লোগান দিছিল। সকলো আচৰিত হ’ল। বাজপেয়ীয়ে আচৰিত হৈ সভাৰ পিছত আদৱানীক ক’লে আপুনি অন্ততঃ মোক এবাৰ ক’ব লাগিছিল। “আপোনাক সুধিলে জানো মানিলেহেতেন?” আদৱানীৰ উত্তৰ আছিল। সংঘ ,এই সিদ্ধান্তক লৈ সিমান সুখী নাছিল। গোবিন্দাচাৰ্য্যই খংত আদৱানীৰ সন্মুখত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।
আদৱানীয়ে কিয় বাজপেয়ীক প্ৰধানমন্ত্রীৰ আসনখন এৰি দিছিল? এই প্ৰশ্নৰ উত্তৰ কংগ্ৰেছ নেতা মাখন লাল ফোটেদাৰে নিজৰ আত্ম জীবনীত ব্যক্ত কৰিছে। মাখন লাল ফোটেদাৰ বিজেপি নেতা কে.এল শৰ্মাৰ ঘনিষ্ঠ  আছিল। শৰ্মা আদৱানীৰ বিশ্বাসভাজন আছিল আৰু আদৱানীক প্ৰধানমন্ত্রীৰ ৰূপত চাব বিচাৰিছিল। কিন্ত ফোটেদাৰে শৰ্মাক বুজাইছিল যে বাজপেয়ীহে সকলোতকৈ উৎকৃষ্ট প্ৰাৰ্থী হ’ব ।  আদৱানী আছিল সিন্ধি আৰু ভাৰতত সিন্ধিৰ সংখ্যা বহুত কম। বাকপতুতাত বাজপেয়ী আদৱানীতকৈ বহু আগত। বহু দিন পিছত শৰ্মাও বুজি পালে  যে বাজপেয়ী প্ৰধানমন্ত্রী পদৰ বাবে সৰ্বোত্তম প্ৰাৰ্থী হ’ব। শৰ্মাই আদৱানীক বুজালে আৰু আদৱানীয়ে মন সলনি কৰিলে।
এনেকৈয়ে আদৱানীয়ে বাজপেয়ীক প্ৰধানমন্ত্রী আসনখন আগবঢ়াই দিলে। পিছত যেতিয়া ২০১৪ চনত সুযোগ আহিল তেখেতৰ নিজৰ শিষ্যৰ হাততেই উপেক্ষিত হ’ল। ভাৰতৰ ৰাজনীতিৰ ইতিহাসৰ এইটো এটা উল্লেখযোগ্য ঘটনা। আদৱানী মহোদয়ৰ কপালত ৰাজযোগ নাই হেনো।