বিজেপিৰ দৰ্পচূৰ্ণ , কংগ্ৰেছৰ ট্ৰেজেডি

1682
  • নয়ন বৰ্মন

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


২৪ অক্টোবৰত প্ৰকাশ পালে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ বিধানসভাৰ ফলাফল। মাত্র ছয়মাহ আগতে হৈ যোৱা সাধাৰণ নিৰ্বাচনত এই দুয়োখন ৰাজ্যত বিজেপিৰ ফলাফল আছিল চমকপ্ৰদ। হাৰিয়ানাৰ দহখনৰ ভিতৰত দহখন আসনত জয়ী হৈ বিজেপিয়ে বিধানসভা নিৰ্বাচনত শ্লোগান দিছিল ‘অব কি বাৰ পচট্টৰ পাৰ’। আনফালে মহাৰাষ্ট্ৰত বিজেপি-শিৱসেনাই পাইছিল ৪৮ৰ ভিতৰত ৪১ খন আসন। সেইবাবে সকলোৱে ধৰি লৈছিল যে বিধানসভাটো এই দুয়োখন ৰাজ্যত বিজেপিয়ে অনায়াসে জয়লাভ কৰিব। কিছুমান এগজিট প’লে আনকি  বিজেপিয়ে দুই তৃতীয়াংশ আসন লাভ কৰিব বুলি ভবিষ্যতবাণী কৰিছিল।
ফলাফল প্ৰকাশ পালে। হাৰিয়ানাত ৭৫ টো দূৰৰে কথা নিজৰ বলত সংখ্যাগৰিষ্ঠতা পাবলৈও বিজেপি সমৰ্থ নহ’ল। মাত্র ৪০ খন আসনত থমকি ৰোৱা বিজেপিয়ে দুস্যন্ত চৌতালাৰ সহায় লৈ চৰকাৰ গঠন কৰিব লগা হ’ল। মহাৰাষ্ট্ৰত বিজেপি-শিৱসেনা মিলি সংখ্যগৰিষ্ঠতা পালে যদিও আসনৰ সংখ্যা যোৱা বিধানসভা নিৰ্বাচনতকৈ হ্ৰাস পাইছে। মনোবল বৃদ্ধি পাই শিৱসেনাই ৫০-৫০ ৰ দাবী আৰম্ভ কৰিছে।
৬ মাহত কি পৰিবৰ্তন হ’ল?
সকলোৰে মনত প্ৰশ্ন হৈছে যে যোৱা ছয়মাহত এনে কি পৰিবৰ্তন হ’ল যে বিজেপিৰ আসনৰ সংখ্যা লোকসভাৰ তুলনাত ইমান বেছি হ্ৰাস পাইছে। ৩৭০ ধাৰা বাতিল কৰাৰ ফলত ৰাইজৰ মনত ৰাষ্ট্ৰীয়তাবাদ বৃদ্ধি পাব লাগিছিল? ফলাফল বিজেপিৰ অনুৰুপে নহাৰ কাৰণ হিচাপে কব লাগিব অৰ্থনৈতিক স্তবিৰতাঁ। মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা দুয়োখন ৰাজ্যতে বহুটো সৰু-বৰ উদ্যোগ আছে। অৰ্থনৈতিক মন্দাবস্তাৰ বাবে মানুহে চাকৰি হেৰুৱাইছে। তাৰ প্ৰভাব ই.ভি.এম মেচিনত পৰিছে। হাৰিয়ানাত জাটসকলেও বিজেপিৰ বিৰুদ্ধে চতুৰ ভাবে ভোটদান কৰিছে। বহু বছৰ বিৰতিৰ মূৰত বিজেপিয়ে এজন অনা জাটক হাৰিয়ানাত মুখ্যমন্ত্রী পাতিলে। ফলত জাটসকল এনেয়ে বিজেপিৰ ওপৰত খৰ্গহস্ত।   জাটৰ ভোট কংগ্ৰেছ আৰু চৌতালাৰ দলৰ মাজত বিভাজিত হৈ বিজেপি লাভবান হ’ব বুলি ভবা হৈছিল যদিও কাৰ্য্যতঃ এনে নহ’ল। মহাৰাষ্ট্ৰত শৰদ পাৱাৰে বহুত কষ্ট কৰিলে। তেখেতে বৰষুণৰ মাজতো ভাষন দি থকা দৃশ্য চ’চিয়েল মিডিয়াত ভাইৰেল হয়। এই প্ৰচেষ্টাৰ ফলতে তেখেতৰ দলে কংগ্ৰেছতকৈ বেছি আসন পাবলৈ সক্ষম হ’ল।
কংগ্ৰেছৰ ট্ৰেজেদিঃ
এই নিৰ্বাচনৰ আগত কোনোবা এজন বিজেপি নেতাই মন্তব্য কৰিছিক যে কংগ্ৰেছ প্ৰকৃততে ৰাম ভক্ত দল। ৰামৰ ভৰসাত তেওঁলোকে নিৰ্বাচনত অবতীৰ্ণ হৈছে। দলৰ নেতাসকলৰ মাজত অৰিয়া অৰি, ৩৭০  আৰু সাৱৰকাৰৰ ওপৰত সকলোৰে নিজা নিজা পক্ষ, কেন্দ্ৰীয় নেতৃত্বৰ দুৰ্বলতা আদিৰ মাজতে দলটোৱে নিৰ্বাচন খেলিছিল। হাৰিয়ানাত ভূপিন্দৰ সিং হুদাক নিৰ্বাচনী কমিতিৰ অধ্যক্ষ বনোৱা হৈছিল মাত্র তিনিমাহ আগত। তথাপি হুদাই দলক ৩১ খন আসনত জিকাই দিয়ে। মহাৰাষ্ট্ৰতো দলে আশা কৰাতকৈ বেছি আসন লাভ কৰে। কংগ্ৰেছে নিশ্চয় এতিয়া অনুশোচনা কৰিছে। যদি জয়ী হোৱাৰ মনোভাব লৈ অলপ কষ্ট কৰি নিৰ্বাচন খেলিলেহেতেন তেতিয়া হয়তো দুয়োখন ৰাজ্যতে জয়ী হোৱাৰ সুযোগ আছিল!
ভাৰতৰ ভবিষ্যত ৰাজনীতিত ইয়াৰ প্ৰভাব
কেইমাহমান পিছত ঝাৰখণ্ড আৰু দিল্লী বিধানসভাৰ নিৰ্বাচন আছে। মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনা কৰি বিজেপিয়ে আৰ্থিক নীতিৰ সংশোধন নকৰিলে দুয়োখন ৰাজ্যতে পৰাজয়ৰ মুখ দেখিব পাৰে। ইতিমধ্যে অৰবিন্দ কেজৰিৱাল আৰু হেমন্ত চোৰেনৰ  আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাইছে।