দেশক ভাল নোপোৱা কিছুমান মানুহ

1448
  • জিতেন কলিতা

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


চিনেমা হ’লত গলে আমি ৰাষ্ট্ৰীয় গাণত ঠিয় দিও, ক্ৰিকেটত ভাৰত জিকিলে ফটকা ফুটাই আনন্দ কৰো, পাকিস্তানৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক কৰিলে ফেচবুকত আনন্দ কৰো। এই সকলোবোৰ দেশপ্ৰেমৰ বহিঃ প্ৰকাশ। কিন্তু প্ৰশ্ন হয় এই সকলোবোৰ আমি দেখাবলৈ কৰো নে অন্তৰৰ পৰা কৰো? অহাকালি যদি আপুনি ব্ৰিটেইন, আমেৰিকা বা অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব পাবলৈ যোগ্যতা অৰ্জন কৰে তেন্তে কি কৰিব? ভাৰতবৰ্ষক বাদ দি অন্য দেশক নিৰ্বাচিত কৰিব নেকি? হয়তো কৰিব কাৰণ সেই দেশবোৰত সা সুবিধা বহু বেছি। আপোনাৰ মোৰ কথা বাদ দিয়ক বহু কৌটি টকাৰ মালিক অক্ষয় কুমাৰেও কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰিছে। কিহৰ অভাব অক্ষয় কুমাৰৰ? টকা পইছা, সন্মান সকলো থকাৰ পিছতো কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ ৰহস্য আমি নুবুজিলো। হয়তো ষ্টেটাছ চিম্বোল।
কেইদিনমান আগতে মোৰ চিনাকি, এসময়ত আমাৰ অফিছত কাম কৰা ছোৱালী এজনীও আনন্দত আত্মহাৰা হৈ পৰিছে। কাৰণ তেওঁ অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব পাব। অষ্ট্ৰেলিয়াৰ পাছপৰ্টৰ ফটো, নাগৰিকত্ব প্ৰদান কৰাৰ দিনৰ ফটো আদি ফেছবুকত আপলোড কৰি তৰণি পোৱা নাই। এসপ্তাহ মান পোষ্ট দিয়ে আছে। “Oye Oye Australian Citizen ” যেন আমাৰ দেশ ভাৰতবৰ্ষৰ পৰা মুক্তি পাই স্বৰ্গত পদাৰ্পণ। সেয়েহে ক্ৰিকেটত ভাৰত জিকিলে ফটকা মৰাৰ আগত আমিও নিজকে সুধি চাব লাগে “আমি আচল ভাৰতীয় নে নকল ভাৰতীয়?”