হিমন্ত বিশ্ব শৰ্মা : বিত্ততেই অন্ত নেকি ?

6755
  • পাৰ্থ প্ৰতীম লহকৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ইণ্ডিয়ান এক্সপ্ৰেছ কাকতখনে প্ৰকাশ কৰা এটা সমীক্ষাত অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাৰতৰ শক্তিশালী ব্যক্তিৰ তালিকাখনত স্থান দিয়া হৈছে ৫৬ তম স্থানত । অমিতাভ বচ্চন , লোকসভাৰ অধ্যক্ষ ওম বিৰলা , তেলেংগাৰ মুখ্যমন্ত্ৰী চন্দ্ৰ শেখৰ ৰাও , ৰতন টাটা , বাবা ৰামদেৱ , শৰদ পাৱাৰ , ব্যৱসায়ী আজিম প্ৰেমজীকে আদি কৰি অজস্ৰজন নামী দামী ব্যক্তিৰ ওপৰত স্থান দিয়া হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । স্থান দিয়াৰ কাৰণ হিচাপে ইণ্ডিয়ান এক্সপ্ৰেছে উল্লেখ কৰিছে __ গোটেই উত্তৰ পুবত বিজেপিক শক্তিশালী কৰাত শৰ্মাৰ  অগ্ৰণী ভুমিকা  , লোকসভা নিৰ্বাচনত উত্তৰ পুবত  ১৭ টা সমষ্টিত বিজেপিক জয়ী কৰিব পৰাটো হিমন্ত বিশ্ব শৰ্মাৰ বৰঙণি । ইণ্ডিয়ান ইক্সপ্ৰেছে আকৌ লেখিছে যে হিমন্ত বিশ্ব শৰ্মাক ৱাটচএপ মেছেজ  দিলে তেওঁ খুব কম সময়ৰ ভিতৰত নিজেই ৰিপ্লাই দিয়ে ( হিমন্ত বিশ্ব শৰ্মাৰ ফোন নম্বৰ যিহেতু আমাৰ হাতত নাই সেয়ে ৱাটচএপ মেছেজৰ কথাটো জনাৰ উপায় নাই ) ।  এতিয়া মুল কথালৈ আহোঁ । হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ থকা সময়ত অসমৰ আটাইতকৈ দক্ষ মন্ত্ৰী আছিল ; যি দক্ষতা তেওঁ আজি বিজেপিত থকা সময়তো দেখুৱাইছে । বৰ্তমান অকল চৰকাৰতেই নহয় দলৰ সাংগঠনিক দিশতো তেওঁ দক্ষতাৰে কাম কৰি আছে । যাৰ বাবে অমিত শ্বাহে যোৱা লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী ঘোষণাৰ পিছত হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি টুইট কৰে । হয়তো দলৰ সভাপতিয়ে এজন ৰাজ্যিক নেতাৰ বিষয়ে কৰা টুইট সেয়েই প্ৰথম আছিল আৰু হয়তো সেয়াই শেষ হ’ব । তেজপুৰ সমষ্টিত প্ৰাৰ্থিত্ব কেন্দ্ৰীক বিবাদত ৰাম প্ৰসাদ শৰ্মাই কোৱা মতে পেনেলত একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম আছিল । আচলতে নিৰ্বাচনত টিকট পোৱা নোপোৱা সম্পুৰ্ণ গোপনীয় বুজাবুজি ; প্ৰমাণ উপনিৰ্বাচনত জনিয়াৰ পৰা তৌফিকুৰ ৰহমানৰ প্ৰাৰ্থিত্ব । ২০১৬ অসম বিধান সভাৰ নিৰ্বাচনত জয়ৰ প্ৰধান ফেক্টৰ আছিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰ আৰু মোদী মেজিক আৰু মোদী মেজিকত বাদ দি ব্যক্তি হিচাপে যদি নাম ল’ব লাগে তেন্তে প্ৰথম নাম ল’ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ । কংগ্ৰেছত থকা সময়ৰ  হিমন্ত বিশ্ব শৰ্মা আৰু আজিৰ বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্থক্য কি থাকিল ?  যদিও যোৱা চাৰে তিনিবছৰত তেওঁৰ কৰ্মৰ দ্বাৰা বিজেপি দল আৰু বিজেপিৰ হাজাৰ হাজাৰ কৰ্মী আৰু নেতাৰ  জীৱন সলনি হৈ গ’ল সেই হিমন্ত বিশ্ব শৰ্মাৰ কি পৰিৱৰ্তন হ’ল ? অসমৰ জনতাই নাম নুশুনা বহু ব্যক্তি মন্ত্ৰী হ’ল , পঞ্চায়ত প্ৰতিনিধি হ’বলৈ সাহস নথকা ব্যক্তি বিধায়ক হ’ল , ৰাজনৈতিক জীৱনৰ শেষ বিন্দুত থিয় দি থকা নেতাই নিকায় আৰু বোৰ্ডৰ চেয়াৰমেন হ’ল , একেৰাতিৰ ভিতৰত বেমাৰী  মুৰ্গীৰ দৰে টোপনিয়াই থকা সয়ম্ভু নেতাই দিছপুৰত বগা চোলাৰে হিৰো এন্ট্ৰী মাৰিলে , এটা উশাহত অজস্ৰজন জাতীয়তাবাদীয়ে হিন্দুত্বৰ চোলা পিন্ধিলে । জীৱনত দিছপুৰৰ এম এল এ হোষ্টেল দেখা নোপোৱা ব্যক্তি সংসদ ভৱন পালে । এনেকুৱা হাজাৰ হাজাৰ নেতা – পালিনেতাৰ জীৱনৰ গতি আৰু দিশ সলনি কৰিবলৈ সক্ষম হোৱা ব্যক্তিজন হৈছে হিমন্ত বিশ্ব শৰ্মা । বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰতিজন প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমষ্টিত হিমন্ত বিশ্বৰ সভাৰ কাৰণে উত্ৰাবল হৈ থকা নিজ চকুৰে প্ৰত্যক্ষ কৰিছিলোঁ । আজি সেইসকল বিধায়ক হ’ল , মন্ত্ৰী হ’ল । কিন্তু হিমন্ত বিশ্ব শৰ্মাই কি পালে ___  একমাত্ৰ বিত্ত বিভাগটোৰ বাহিৰে ২০১৬ ৰ আগৰ আৰু ২০১৬ ৰ পিছৰ ব্যক্তিজনৰ জীৱনত   একো পাৰ্থক্য অহা নাই ; স্পষ্ট কথা । কংগ্ৰেছত থকা সময়ত তৰুণ গগৈৰ পুত্ৰ স্নেহ আৰু ৰাহুল গান্ধীৰ ঈৰ্ষাৰ স্বীকাৰ হৈছিল । কিন্তু বিজেপিলৈ অহাৰ পিছত গ্লেমাৰ অক্ষুণ্ণ থাকিল । যদিও অঘটনে পিছ এৰা নাছিল । ২০‍১৯ লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব নেপালে বা নিদিলে যিয়েই নহওঁক , এটা কথা সকলোৰে মনত আছে যে নিৰ্বাচনৰ  আগে আগে তেওঁ কৈছিল যে ২০২১ ৰ অসম বিধান সভাৰ নিৰ্বাচনত অবতীৰ্ণ হ’বলৈ ইচ্ছ্যুক নহয় । হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ স্থিতি আৰু ভেটি  আন হাজাৰজনৰ কাৰণে ঈৰ্ষনীয় কিন্তু যোগ্যতাৰ মাপকাঠিৰে চালে এটা কথা স্পষ্ট ৰূপত ওলায় পৰে যে অসমৰ  ৰাইজে এইজন ৰাজনৈতিক ব্যক্তিৰ পৰা আৰু বহুত আদায় কৰিবলৈ বাকী আছে । কিন্তু ৰাইজতকৈ দলেহে অধিক আদায় কৰি থকাটো পৰিলক্ষিত হৈছে ।  অসমত সৰ্বানন্দ সোণোৱাল দক্ষ আৰু নিকা ভাবমুৰ্তীৰ ব্যক্তি , যিদৰে কেন্দ্ৰত নিতীন গাদকাৰী । দক্ষতা আৰু মন্ত্ৰী হিচাপে কিন্তু নৰেন্দ্ৰ মোদীৰ তুলনাত গাদকাৰী  কোনোপধ্যে পিছ পৰা  নহয় , তথাপি ভাৰতত বিজেপিৰ যি বতাহ সৃষ্টি হৈছে, সেই বতাহ সৃষ্টি কৰা ব্যক্তিজন একমাত্ৰ নৰেন্দ্ৰ মোদী ।  নিৰ্বাচনত মোদীয়ে যিমানখন জনসভাত অংশগ্ৰহণ কৰে তাৰ আধা সংখ্যক  জনসভাও কিন্তু গাদকাৰীয়ে নকৰে । পাৰ্থক্য এইখিনিতেই আৰু সেইকাৰণেই নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ।  ভাৰতৰ ৰাজনীতিত নৰেন্দ্ৰ মোদী সাগৰ আৰু হিমন্ত বিশ্ব শৰ্মা সাগৰৰ এটা বিন্দু । কিন্তু অসমত আন ৰাজনৈতিক ব্যক্তিৰ তুলনাত সেই বিন্দুটো কিন্তু সাগৰ সদৃশ ।  প্ৰতিজন ৰাজনেতাই বিভিন্ন ঘাত – প্ৰতিঘাতৰ মাজেৰে ৰাজনীতি কৰে । শৰৎ চন্দ্ৰ সিংহৰ লগতেই সেই সৰল ৰাজনীতিয়ে বিদায় ল’লে । ভোটাৰৰ চৰিত্ৰ পৰিৱৰ্তনৰ লগে লগে নেতাৰ চৰিত্ৰও পৰিৱৰ্তন হৈছে । যদিও সাৰদা , লুইচ বাৰ্জাৰ ইত্যাদি শব্দ বিৰোধী দলৰ নিৰ্বাচনী ইচ্ছ্যু হৈ থাকিব কিন্তু  বিৰোধী দলৰ বিৰোধীৰো যদি দৰদামৰ ইচ্ছ্যু এই শব্দবিলাক হয় তেন্তে বিপদ ।   ৰাজনৈতিক দল মানেই ৰাজনীতি , ৰাজনীতি মানেই ইলেকচন আৰু ইলেকচন মানেই ভোট । নিৰ্বাচনত ভোট বৃদ্ধি কৰিব পৰা ব্যক্তিজনেই মুখ্য আৰু নিৰ্বাচনৰ মুখ্যজনেই চৰকাৰৰ মুখ্য হয় । প্ৰণৱ মুখাৰ্জীক বাদ দি মনমোহন সিং মুখ্য হ’ল । আৰু তাৰ ফলত ভাৰতত কংগ্ৰেছ গৌণ হ’ল ।
যোৱা লোকসভাত কেন্দ্ৰীয় চৰকাৰে কেব উত্থাপন কৰিছিল লোকসভাৰ মজিয়াত । অসম কেব বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিলে । আছুকে ধৰি বহু সংগঠনে কেবক বিৰোধ কৰিলে । আনহাতে অসম চৰকাৰৰ ফালৰ পৰা  কেবৰ সমৰ্থনত সবল ভাষণ ৰাখিছিল  একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই । বিভিন্ন মহলত তেওঁৰ জনপ্ৰিয়তা হ্ৰাস পালে , কিন্তু বিজেপিৰ ৯৯% শতাংশ নেতাই নিৰাপদ দুৰত্ব ল’লে । অৱশেষত ৰাজ্যসভাত কেব নুঠিল আৰু কেব বিৰোধী জয়ী হ’ল । কিন্তু হিমন্ত বিশ্ব শৰ্মা বদনামী হ’ল আৰু তপন গগৈৰ দৰে মৌনতা অৱলম্বন কৰি থকা  প্ৰাক্তন আছু বিজেপি নেতাই  দিচপুৰৰ পৰা দিল্লী পালে  । হিমন্ত বিশ্ব শৰ্মাই নেডাৰ দায়িত্ব লৈ থাকিব । নেডাৰ দায়িত্ব মানে একেবাৰে উত্তৰ পুৰ্বাঞ্চলৰ দায়িত্ব __ শুনিবলৈ ভাল কিন্তু আচলতে বাহিৰে ৰং চং ভিতৰ কোৱাভাটুৰী । পাহাৰ ৰাজনীতি হৈছে ক্ষমতা আৰু ধনবলৰ ৰাজনীতি । আজি কেন্দ্ৰত বিজেপি আছে সকলোৱে বিজেপিৰ লগত আছে , কেতিয়াবা কংগ্ৰেছ আহিলে একেৰাতিত সকলো কংগ্ৰেছী হৈ যাব । কৰ্ণাড চাংমা নিজৰ ৰাজনীতিত অটল । নাগেলেণ্ডত হিমন্ত বিশ্ব শৰ্মা গুৰুত্বহীন , আচলতে হিমন্ত বিশ্ব শৰ্মা কিয় আন আন দিল্লীৰ নেতাৰো দাম নাই নাগালেণ্ডত । অলপ যদি কিবা ক্ষমতাৰ ব্যৱহাৰ কৰিব পৰা ৰাজ্য আছে একমাত্ৰ ত্ৰিপুৰা । আগন্তুক সময়ত স্পষ্ট হ’ব অসমৰ উন্নয়নৰ ভৱিষ্যত আৰু লগতে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উত্থান