অধীৰ চৌধুৰী ! তুমি কি কৰিলা?

1343

■ ৰুপম কলিতা


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


জন্মু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰাৰ লগতে মোদী চৰকাৰে ইয়াক দুটা ভাগত বিভক্ত কৰিলে। লাডাখৰ বহু দিনীয়া দাবীক সন্মান জনাই ইয়াক জন্মু কাশ্মীৰৰ পৰা পৃথক কৰি কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মৰ্য্যাদা দিয়া হ’ল। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই সকলোকে হতবাক কৰিলে। বি.এছ.পি তথা আম আদমী পাৰ্টীৰ নিচিনা দলে ইয়াক সমৰ্থন জনালে। মোদী চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্তৰ প্ৰতি প্ৰচুৰ জন সমৰ্থন দেখি বিজেপিৰ শত্ৰু  দলেও এই বিলক সমৰ্থন জনাবলৈ বাধ্য হ’ল। উদাহৰণ স্বৰুপে বিএছপি আৰু আপ। এই সিদ্ধান্তৰ ফলত আগন্তুক দিনত সকলোতকৈ লাভবান হ’ব বিজেপি আৰু ক্ষতিগ্ৰস্হ হ’ব কংগ্ৰেছ দল।
সংসদত বিলখন অহাৰ লগে লগে বিবুধিত পৰিল কংগ্ৰেছ দল। বিল খন সমৰ্থন কৰিব নে বিৰোধ কৰিব তাক লৈ দ্বিধাগ্ৰস্থ কংগ্ৰেছ দল। এনে এক পৰিস্থিতিত কংগ্ৰেছৰ লোকসভাৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কৰিলে এটা মহাভুল। চৰকাৰৰ সিদ্ধান্তক ভুল প্ৰমাণিত কৰিবলৈ কাশ্মীৰক আখ্যা দিলে দ্বিপাক্ষিক সমস্যা বুলি। লগতে ক’লে যে ৰাষ্ট্ৰসংঘই কাশ্মীৰক পৰ্য্যবেক্ষণ কৰি আছে। চৌধুৰীয়ে ভাষণ দি থকা সময়ত যথেষ্ট অসহজ হৈ পৰিছিল চোনীয়া গান্ধী। বিজেপিয়েও সুযোগ বুজি কংগ্ৰেছৰ এই মন্তব্যৰ তুমুল সমালোচনা কৰে।
অবশ্যে কংগ্ৰেছ দলৰ হৈ মনীষ তিৱাৰীয়ে সুন্দৰ ভাষন ৰাখে। এই ঘটনাক্ৰমে কংগ্ৰেছ দলৰ আন এক চৰিত্র পোহৰলৈ আনে। যি সময়ত কংগ্ৰেছ দলত মনীষ তিৱাৰী আৰু শশী থৰুৰৰ দৰে যোগ্য নেতা আছে তেনে ক্ষেত্ৰত অধীৰ ৰঞ্জনৰ দৰে এজন আধাপকা নেতাক দলৰ নেতা বনোৱাৰ যুক্তি কি? ৰাহুল গান্ধীক সুৰক্ষিত কৰিবলৈ যোগ্য নেতাবোৰক উপেক্ষা কৰা হৈছে নেকি? কংগ্ৰেছ দলৰ আত্মসমালোচনাৰ দৰকাৰ।