পি চিদাম্বৰম-নিজৰ জালত নিজেই বন্দী…

1643

■ বুবুল ঠাকুৰীয়া


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


“আনলৈ হুল পুতি নিজেই ফুটি মৰা”-কথাষাৰ হুবহু দেখিবলৈ পোৱা গ’ল দেশৰ ৰাজনৈতিক ক্ষেত্ৰ খনত। আন্ত:ৰাষ্ট্ৰীয় অপৰাধী থাকিব পৰাকৈ দেশৰ কেন্দ্ৰবিন্দুত বনোৱা জেল খন যিজন ব্যক্তিয়ে উদ্ধোধন কৰিছিল সেইজন ব্যক্তিয়েই যোৱা ২১ আগষ্টত সেইখন জেলৰ(লোধী ৰোড, চি বি আইৰ মুখ্য কাৰ্যালয়) আলহী হব লগা হ’ল।এইয়াই নিয়তিৰ বিধান ।এসময়ত বৰ্তমানৰ গৃহ মন্ত্ৰী অমিত শ্বাহক বন্দী কৰি সেইখন জেলত সুমাই থোৱা অৱস্থাত চিদাম্বৰম ডাঙৰীয়া আছিল দেশৰ গৃহ মন্ত্ৰী। আৰু এতিয়া চিদাম্বৰম জেলত সোমোৱাৰ সময়ত দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ। ইয়াকে লৈ চ’চিয়েল মেডিয়াত তামাম কৌতুকৰ সৃষ্টি হৈ আছে। এসময়ত দপদপাই থকা কেন্দ্ৰীয় মন্ত্ৰী গৰাকী (বিত্ত আৰু গৃহ দপ্তৰৰ) এতিয়া চি বি আই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰৰ বেহুত বন্দী।খবৰ মতে তেওঁৰ সকলো অন্তৰৱৰ্তী কালীন জামিন আবেদন নাকচ কৰিছে ছুপ্ৰীম ক’ৰ্টে ।আৰু ছেপ্টেম্বৰৰ ২ তাৰিখ পৰ্যন্ত চি বি আইৰ জিম্মাতেই থাকিব লাগিব।
আই এন এক্স মেডিয়া গোচৰত বন্দী পি চিদাম্বৰম ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰোঁতেও এখন নাটকেই হৈছিল।এখন সংবাদ মেল সম্বোধন কৰাৰ পিছত চি বি আই আৰু ই ডি ৰ বিষয়াই গৈ গ্ৰেপ্তাৰ কৰে তেওঁক। বাহিৰত অসংখ্য কংগ্ৰেছ কৰ্মীয়ে এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰি এইয়া যেন এক ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপিত কৰিছিল। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি চি বি আই আৰু ই ডি য়ে তেওঁক বন্দী কৰি লৈ গৈছিল। তেওঁৰ বিত্ত মন্ত্ৰীত্বৰ কালত বিদেশী পুঁজিৰ(প্ৰায় ৩০৫ কোটি) ব্যৱহাৰেৰে আই এন এক্স মেডিয়া হাউচক দেশত খোপনি পোতাৰ সুযোগ দিছিল।এই অভিযোগ উত্থাপিত কৰি কেচ দাখিল কৰিছিল স্বয়ং চি বি আই ২০১৭ চনৰ ১৫ মে’ত।যিটো ঘটালা ঘটিছিল ২০০৭ চনত।
নিজৰ জীয়েক শ্বীনা বৰা হত্যাকাণ্ডত সাঙোৰ খাই বন্দীত্বৰ জীৱন কটাই থকা ইন্দ্ৰানী মুখাৰ্জীৰ বক্তব্যৰ ভিত্তিত এই গোচৰে চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমকো সুখত ভাত খাবলৈ দিয়া নাই। ইন্দ্ৰানী মুখাৰ্জীৰ স্বামী পিটাৰ মুখাৰ্জীৰ মধ্যস্থতাত বিদেশী বিনিয়োগৰ সৰ্বোচ্চ নীতি নিয়মক ভৰিৰে মোহাৰি ৰঙা দলিছা পাৰি দিয়া আই এন এক্স মেডিয়া হাউচৰ বাবে ৰঙা ঘৰৰ আলহী হবলগীয়া হল চিডাম্বৰম ডাঙৰীয়া।বিত্ত মন্ত্ৰী হৈ যি দেশৰ বিত্তীয় অৱস্থাৰ ওপৰত আইন বনাব পাৰে তেৱেঁই এন্টি মানী লনডাৰিংৰ দৰে অভিযোগত বন্দী হবলগীয়া ঘটনাটো দেশৰ ইতিহাসত বিৰল। ইয়াৰ আগতেও এয়াৰচেল-মেক্সিছ গোচৰত তেওঁ বিচৰাধীন।
কিন্তু তেওঁৰ এই দুষ্কাৰ্যৰ সপক্ষে যুক্তি আগবঢ়াই দেশৰ বিখ্যাত আইনজ্ঞ কংগ্ৰেছ নেতা কপিল চিবাল আৰু অভিষেক মনু সিংভিয়ে।বাৰে বাৰে আবেদন কৰি,যুক্তি দৰ্শাই মুখ থেকেছা খাই আছে চুপ্ৰীম ক’ৰ্টত।একালৰ সংগী জনৰ বিপদৰ সময়ত তেওঁলোকে তেওঁক উচিত সংগই দিব খুজিছে যদিও পৰা নাই,বিচৰা ধৰণে।
বৰ্তমান মহাৰাষ্ট্ৰৰ ৰাজ্যসভাৰ সাংসদ গৰাকীৰ এই দুৰ্দিনে এটা কথাই প্ৰতীয়মান কৰিছে যে মানুহে অসৎ উপায়েৰে ধন সংগ্ৰহ কৰিব খুজিলে আইনে কাকো ৰেহাই নিদিয়ে।।