অমিত শ্বাহৰ জীৱনৰ দুৰ্বিষহ সময়

6765
  • পাৰ্থ প্ৰতীম লহকৰ

  • ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


১৫ এপ্ৰিল , ভুৱনেশ্বৰ ,শনিবাৰ ২০১৭ । উত্তৰ প্ৰদেশত নিৰ্বাচন জয়ী হোৱাৰ এমাহ পিছত । ‘১৩ খন ৰাজ্য আৰু কেন্দ্ৰত আমাৰ চৰকাৰ থকা স্বত্তেও আমি আমাৰ সফলতা পোৱা নাই । প্ৰতিটো পঞ্চায়তৰ পৰা পাৰ্লিয়ামেন্ট , দক্ষিণৰ পৰা পুবলৈ প্ৰতিখন ৰাজ্যত আমাৰ দলৰ চৰকাৰ গঠন নোহোৱালৈকে আমি আৰাম কৰিব নোৱাৰো ‘, বিজেপি সভাপতি অমিত শ্বাহৰ ঘোষণা আছিল ।  অমিত শ্বাহৰ জন্ম বোম্বাই ( মুম্বাই) চহৰত ।  জন্ম মুম্বাই চহৰত হ’লেও অমিত শ্বাহৰ পৰিয়ালৰ মুল ঘৰ আছিল আহমদাবাদৰ ওচৰৰ এখন সৰু ঠাই ‘ মনচা ‘ ত । পৰিয়াল আছিল ৰজাৰ অৰ্থনৈতিক উপদেষ্টা । ডাঙৰ ৰাজপ্ৰসাদত অমিত শ্বাহৰ পৰিয়ালে বাস কৰিছিল । ঐশ্বৰ্য্যশালী পৰিয়াল এটাত জন্ম গ্ৰহণ কৰা অমিত শ্বাহ কিন্তু ৰাজপ্ৰসাদত ডাঙৰ দীঘল
নহ’ল । হিন্দুস্তান টাইমৰ সাংবাদিক পেট্ৰিক ফিন্সক দিয়া এটা ইনটাৰভিউত অমিত শ্বাহে কৈছিল যে তেওঁৰ ককাকৰ ইচ্ছা আছিল নাতিজন
গাওঁৰ সাধাৰণ পৰিবেশ এটাত ডাঙৰ হ’ব লাগিব । সৰুৰ সময়ছোৱাত তেওঁ স্কুলীয়া শিক্ষাক গুুৰুত্ব দিয়া নাছিল । ৰাষ্ট্ৰীয় স্বয়ংসেৱবক সংঘৰ শাখাত গৈছিল আৰু তাত হোৱা খেল ধেমালি , বৈঠক , ভক্তিমুলক আৰু সংস্কাৰমুলক কাম কাজতেই দিনৰ বেছি ভাগ সময় ব্যস্ত আছিল । ১৫-১৬ বছৰ বয়সত আহমদাবাদত বাইও কেমেষ্ট্ৰীত নামভৰ্তী কৰে আৰু পৰিয়ালৰ ব্যৱসায়ত সোমাই পৰে । সেই সময়ছোৱাতে ব্যৱসায়তকৈ তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত বেছিকৈ জড়িত হয় আৰু পিছলৈ বিজেপিত যোগ দিয়ে ।


দলীয় দায়িত্ব হিচাপে তেওঁ প্ৰথম দায়িত্ব পায় এজন প’লিং এজেন্ট , আহমদাবাদৰ নাৰপাৰা অঞ্চলত । ১৯৮৯ চনৰ পৰাই লালকৃষ্ণ আডবানিৰ নিৰ্বাচনত ক’অৰ্দিনেটৰ হিচাপে দায়িত্ব লয় ।
৯০ ‘ দশকৰ মাজ ভাগত অমিত শ্বাহে কংগ্ৰেছৰ দখলত থকা গুজৰাটৰ ডায়েৰী ফাৰ্ম সমবায় সমিটি , গুজৰাটৰ ক্ৰিকেট এছোচিয়ে্চন , কোঅপাৰেটিভ বেংক আদি প্ৰতিটো গ্ৰাছ ৰুটৰ লগত জড়িত সন্থাত বিজেপিৰ আধিপত্যত আনে । এইয়াই আছিল গুজৰাটৰ বিজেপি দলৰ প্ৰথম আৰম্ভণী । লাহে লাহে বিজেপিয়ে সৰু সৰু নিৰ্বাচনবিলাক জিকাৰ সোৱাদ পায় । ১৯৯৭ চনৰ পৰা একেৰাহে ২০১২ লৈ বিধানসভা নিৰ্বাচনত অমিত শ্বাহ  জয়ী  হৈছে আৰু প্ৰতিবাৰ জয়ী হৈছে অধিক ভোটৰ ব্যৱধানত । প’লিং এজেন্টৰ পৰা আৰম্ভ কৰি ২০০২ ত গুজাৰটৰ গৃহ মন্ত্ৰী হোৱা অমিত শ্বাহ কিন্তু নিজৰ ৰাজ্যতে জেলত সোমাব লগীয়া হ’ল । ২০১০ চনত চহৰাবূদ্দিন মাৰ্দাৰ কেচত অমিত শ্বাহ গ্ৰেপ্তাৰ হয় । লষ্কৰ ই তৌবা গোটৰ সদস্য বুলি দাবী কৰা  ঘটনাটোত চিবিআই অমিত শ্বাহৰ পিছত লাগে । যিটো সময়ত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিল । গ্ৰেপ্তাৰৰ তিনি মাহ পিছত জামিন পালেও আদালতে অমিত শ্বাহক গুজৰাটত থকাৰ অনুমতি নিদিলে । কোৰ্ট বন্ধ থকা স্বত্তেও জাষ্টিষ আফতাব আলমে নিজৰ বাসগৃহত এখন পেটিচনৰ শুনানি লৈ অক্টোবৰ মাহৰ বন্ধৰ দিনটোত অমিত শ্বাহক গুজৰাটৰ পৰা বিতাৰণ কৰা এটা নিৰ্দেশ বাহিৰ কৰে । এইয়াই আছিল অমিত শ্বাহৰ নিজ গৃহৰ পৰা বিতাৰণ । ২০১০ চনৰ পৰা ২০১২ চনলৈ দিল্লীৰ গুজৰাট ভৱনৰ কোঠা এটাত অমিত শ্বাহ আৰু তেওঁৰ পত্নীয়ে দিন কটায় । নিজৰ সন্তান আৰু পৰিয়ালৰ আন সদস্যক আহমদাবাদত এৰি থৈ গুজাৰটৰ প্ৰাক্তণ গৃহ মন্ত্ৰী দুই বছৰৰ বাবে গৃহহীন দিন কটায় । পিছলৈ উচ্চতম ন্যয়ালয়ৰ হস্তক্ষেপত সকলো দোষৰ পৰা দোষমুক্ত হৈ পুনৰ ২০১২ চনত গুজৰাট বিধান সভা নিৰ্বাচনত বিপুল ভোটত জয়ী হৈ পুনৰ বিধান সভা কক্ষত প্ৰবেশ কৰে ।


সকলো অভিযোগৰ পৰা কোৰ্টে মুক্ত কৰিলেওঁ অমিত শ্বাহৰ ওপৰত চলা  ষড়যন্ত্র উন্মোচিত কৰে এটা ভয়ংকৰ ঘটনাই । ২০০৮ ত মুম্বাই চহৰত হোৱা আক্ৰমণত অভিযুক্ত ডেভিদ হেডলি ওৰফে ডাউদ ছৈয়দ গিলানীয়ে যেতিয়া স্পষ্ট ভাবে স্বীকাৰ কৰে যে ইছৰাট জাহাই  হেডলিক লষ্কৰৰ বিভিন্ন কামত সহযোগ কৰিছিল ।  এই দুটা বছৰেই আছিল অমিত শ্বাহৰ জীৱনৰ আটাইতকৈ দুৰ্দিন আৰু এই দুটা বছৰতেই অমিত শ্বাহৰ মুৰত গজালি মেলিছিল কংগ্ৰেছ ধ্বংসৰ ৰণকৌশল আৰু প্ৰতিশোধ ।

২০১২ ত বিজেপিয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গুজৰাটত পুনৰ চৰকাৰ গঠন কৰে । বিজেপি আৰু ভাৰতৰ কাৰণে সেইয়া আছিল টাৰ্ণিং পইন্ট ।  গুজৰাটত চৰকাৰ গঠনৰ পিছতেই ২০১৩ চনত দায়িত্ব লয় উত্তৰ প্ৰদেশৰ প্ৰভাৰী হিচাপত । লক্ষ্য আছিল সংগঠন ভাঙি যোৱা বিজেপি দলক উত্তৰ প্ৰদেশত শক্তিশালী কৰা আৰু ২০১৪ ত কেন্দ্ৰত চৰকাৰ গঠন কৰা । গুজৰাট চৰকাৰত কোনো দায়িত্ব নলৈ অমিত শ্বাহৰ উত্তৰ প্ৰদেশ প্ৰবেশ আছিল সম্পুৰ্ণ পৰিকল্পিত আৰু মিডিয়াৰ পৰা বহু দুৰত । উত্তৰ প্ৰদেশক অকণো চিনি নোপোৱা অমিত শ্বাহক প্ৰয়োজন হৈছিল কেইজনমান বিশ্বাসী কৰ্মীৰ ।  আৰ এছ এছে যোগান ধৰিলে এজন ৪৪ বছৰীয়া যুবক সুনিল বাঞ্চাল । এবিভিপিত কাম কৰি থকা বাঞ্চাল সেইসময়ত দিল্লীত কৰ্মৰত আছিল । উত্তৰ প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাদক আৰ এছ এছ স্বয়ংসেৱক সুৰেশ চোনীয়ে বাঞ্চালক ফোন কৰে আৰু বেগ এটাত কাপোৰ
কানি বান্ধি হাইদৰাবাদলৈ আহিবলৈ নিৰ্দেশ দিয়ে । ১৫ জানুৱাৰী ২০১৪ , সুনিল বাঞ্চাল আৰু অমিত শ্বাহৰ প্ৰথম দেখা দেখি হয় দিল্লীত ; আৰম্ভ  হয় কংস বধৰ ভাওঁনা । অমিত শ্বাহে উত্তৰ প্ৰদেশৰ ৰাজনীতিক অংকৰ খেল হিচাপে নধৰিলে , তেওঁ উত্তৰ প্ৰদেশত আৰম্ভ কৰিলে ৰসায়নিক বিক্ৰিয়াৰ খেল । ৰাজনীতিৰ হাইড্ৰজেন আৰু অক্সিজেনৰ খেলখনক তেওঁ লেব’ৰেটৰিলৈ লৈ গৈ নিজৰ ইচ্ছা অনুযায়ী কেতিয়াবা পানী কৰিলে আৰু কেতিয়াবা হাইড্ৰজেনক হাৱা কৰি উৰুৱাই দিলে । উত্তৰ প্ৰদেশত ২০১৪ ৰ নিৰ্বাচনত বিজেপিৰ সফলতাৰ কাৰণ আছিল অমিত শ্বাহৰ জাত-পাত  একাকাৰ কৰা কেমেষ্ট্ৰী আৰু আৰ এছ এছৰ কৰ্মী যোগান । ২০১৪ ৰ পৰা ২০১৯ লৈ প্ৰতিবাৰেই নিউজ চেনেলৰ জ্যোতীষীসকলক আচৰিত কৰা প’লিং এজেন্টজন আজি হৈছে ভাৰতৰ গৃহমন্ত্ৰী আৰু সৰ্ববৃহৎ ৰাজনৈতিক দল এটাৰ সভাপতি ।