পুত্ৰ স্নেহত মাতৃ ছোনীয়া

1736

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


  ল’ৰাজনে মেট্ৰিক পৰীক্ষাত ফেল কৰিলে । তাৰ পিছত ল’ৰাজনে  এটা ৰুমত নিজকে আবদ্ধ কৰি ৰাখিলে । ওচৰ চুবুৰীয়া, আত্মীয়সকলে খবৰ ল’বলৈ আহিল। লৰাজনে কাকো দেখা নকৰে। লৰাজনৰ মাকে সকলোৰে লগত কথা পাতিলে। পৰীক্ষাত ফেল হোৱাৰ বিভিন্ন কাৰণ বিভিন্নজনৰ আগত ব্যাখ্যা কৰিলে। স্কুলৰ শিক্ষকসকলে ভালকৈ নপঢ়ায়, বিজুলীৰ লুকাভাকু, লগৰ বন্ধু দুজনমান ,  আনকি গৰম বতৰকো দোষাৰোপ কৰিলে মাকে। কিন্তু এবাৰো ভুলতে নোলাল নিজৰ সন্তানজনক দোষ দি কৰা এটা শব্দ। হয়তো এয়াই মাতৃশ্নেহ। সেয়েহে কোৱা হয় ‘আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন?’
নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছত ছোনীয়া গান্ধীয়ে নিজৰ সমষ্টি ৰাইবেৰেলি ভ্ৰমণ কৰিলে। তাত তেখেতে কংগ্ৰেছৰ পৰাজয়ৰ বিভিন্ন কাৰণ ব্যাখ্যা কৰা দেখা গ’ল। বিজেপিয়ে নিৰ্বাচনৰ সময়ত সৈন্য বাহিনীৰ নাম ব্যবহাৰ কৰা, টকা পইছা বেছিকৈ খৰছ কৰা আনকি ই.ভি.এমৰ ওপৰতো কিছু সন্দেহ কৰিলে। কিন্ত তেখেতৰ সন্তান ৰাহুল গান্ধীৰ ওপৰত অলপো সন্দেহ নাই। দুটা নিৰ্বাচনত একেলেঠাৰিয়ে শোচনীয় ভাবে পৰাজিত হোৱা কংগ্ৰেছক নেতৃত্ব দিছিল ৰাহুল গান্ধীয়ে। ২০১৪ চনত প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে কংগ্ৰেছ পৰাজিত হোৱা বুলি বহুতে কব খোজে । সেইবাবে সেই পৰাজয়ৰ বাবে ৰাহুলক দোষ দিব বিচৰা নাই। কিন্তু ২০১৯ত ৫ বছৰ চৰকাৰ চলোৱাৰ পিছতো মোদীয়ে কেনেকৈ ২০১৪তকৈ বেছি আসন পালে? যোৱা ৫ বছৰত দেশত সকলো ভাল হৈ আছিল নেকি? বিৰোধীৰ হাতত কোনো ইছু নাছিল নেকি? সচা কথা কব গলে বিৰোধীৰ বাবে ইছুৰ অভাব নাছিল। দেশৰ GDP  নিম্নগামী হৈ আহিছিল, যোৱা ৪০ বছৰত দেশৰ নিবনুৱাৰ হাৰ সৰ্বাধিক আছিল, কৃষক আত্মহত্যা বৃদ্ধি পাইছিল, কাশ্মীৰত জোৱানৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছিল। কিন্তু এইবিলাকৰ কোনো এটাকে ইছু কৰি ৰাইজৰ বিশ্বাস জয় কৰিব নোৱাৰিলে ৰাহুলে। কেবল চিঞৰি থাকিল ‘চৌকিদাৰ চোৰ হ্যায়’। যি ৰাফেলৰ কথা দেশৰ ৯০% মানুহে ভালকৈ বুজিয়ে নাপায় সেই কথাটোকে লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিলে ৰাহুলে। যদিহে তেওঁ ৰাফেলত দুৰ্নীতি হোৱা বুলি নিশ্চিত আছিল তেন্তে ৰাইজে বুজি পোৱা ধৰণে বিষয়টো উপস্হাপন কৰিব লাগিছিল। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আনকি ৰাহুলে বছৰি ৭২ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিলে। ভাৰতৰ নিচিনা দৰিদ্ৰ দেশ এখনত ঘৰত বহি মাহে ৬ হাজাৰ টকা পোৱা আচনিৰ কথা শুনি ৰাইজে কংগ্ৰেছক ব্যাপক সমৰ্থন জনাব লাগিছিল। কিন্তু ইয়াৰো কোনো প্ৰভাব নপৰিল। ইয়ে প্ৰমাণ কৰে ৰাইজৰ মাজত কংগ্ৰেছৰ বিশ্বাসযোগ্যতা কিমান।
সময় সলনি হ’ল। ডিজিটেল মিডিয়াৰ যুগত ৰাজনৈতিক নেতাবোৰৰ দোষ গুণ ৰাইজৰ সন্মুখত স্পষ্টকৈ ধৰা পৰে। বহুতে কয় ভাৰতত হিন্দুত্বৰ উত্থান হৈছে। কিছু নোহোৱাও নহয়। কিন্তু ৰাইজে এতিয়া ভাল বেয়া জনা হৈছে। ৰাইজে জানে কাক বিশ্বাস কৰিব লাগে। কোনে তেওঁলোকৰ বাবে কাম কৰিব পাৰিব। নহলে ২০১৪ লোকসভাত ৭ খনৰ ভিতৰত ৭ খন আসন পোৱা বিজেপিয়ে দিল্লীত কিছুমান পিছত হোৱা বিধানসভা নিৰ্বাচনত মাত্র তিনিখন আসন নাপালেহেতেন। কেইমাহমান আগতে চৰকাৰ গঠন কৰা ৰাজস্হানত কংগ্ৰেছে লোকসভাত এখনো আসন নাপালে। ৰাহুল গান্ধী সভাপতি হৈ থকালৈকে মোদী তথা বিজেপিৰ চিন্তা নাই। যি দেখা গৈছে ২০২৪ ৰ নিৰ্বাচন আনুষ্ঠানিকতা মাত্র।