কংগ্ৰেছৰ ফাইটাৰ অধীৰ ৰঞ্জন চৌধুৰী

1941

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


‘ অধীৰ দা Fighter ‘ , ১৭ জুনত সংসদৰ  কনফাৰেঞ্চ হ’লত ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অধীৰ ৰঞ্জন চৌধুৰীৰ পিঠিত ঠপৰিয়াই এনেকৈ কৈছিল। সেই সময়ত তাত উপস্হিত আছিল গুলাম নবী আজাদৰ দৰে  নেতা । উৎফুল্লিত হৈ চৌধুৰীয়ে সাংবাদিকক কৈছিল যে তেওঁ মনত খুব আনন্দ পাইছে। ব্যক্তিগত ভাবে এজন ৰাজনেতা আন এজনৰ শত্ৰু  নহয় । সকলো হ’ল ৰাইজৰ প্ৰতিনিধি ।
১৮ জুন তাৰিখে এইজন অধীৰ ৰঞ্জন চৌধুৰী কংগ্ৰেছ সংসদীয় দলৰ নেতা নিৰ্বাচিত হ’য়। যদিও বিৰোধী দলৰ নেতা পদ লাভৰ বাবে কংগ্ৰেছৰ পৰ্যাপ্ত  সংখ্যা নাই তথাপিও প্ৰধান বিৰোধী দলৰ নেতা ৰুপে তেওঁৰ কান্ধত গুৰু দায়িত্ব অৰ্পন কৰা হৈছে।
৬৩ বছৰীয়া কংগ্ৰেছী নেতাজন পশ্চিম বংগৰ বেহৰমপুৰ সমষ্টিৰ পৰা প্ৰধমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছিল ১৯৯৯ চনত।
একেৰাহে ৫ বাৰ এই সমষ্টিৰ পৰা বিজয়ী হোৱা চৌধুৰী পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, মনমোহন চৰকাৰৰ ৰাজ্যিক ৰেলমন্ত্রী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল। বংগত ক্ৰমে নিশ্চিহ্ন হোৱা কংগ্ৰেছৰ চাকিটো তাত জ্বলি আছে মাত্র চৌধুৰীৰ বাবে। এসময়ত বাম দল আৰু এতিয়া তৃণমূলৰ প্ৰবল প্ৰচেষ্টাৰ পিছতো তেওঁক পৰাজিত কৰিবলৈ সক্ষম হোৱা নাই। বহুবাৰ এই দুই দলৰ নেতা কৰ্মীৰ আক্ৰমনৰো সন্মুখীন হৈছিল। তথাপিও যুঁজি আছে আৰু জিকি আছে অধীৰ ৰঞ্জন চৌধুৰী আৰু সেইবাবে প্ৰধানমন্ত্রীয়ে তেওঁক চাব্বাচি দি নাম দিলে Fighter।
অধীৰ ৰঞ্জন চৌধুৰীয়ে কিয় পালে কংগ্ৰেছ সংসদীয় দলৰ নেতাৰ পদঃ
ৰাহুল গান্ধীয়ে এই পদ গ্ৰহণ নকৰাটো স্পষ্ট হোৱাৰ লগে লগে তিনিটা নাম বিবেচনালৈ আহিছিল। তিনিজনৰ ভিতৰত পঞ্জাবৰ পৰা সাংসদ মনিশ তিৱাৰী আছিল সকলোতকৈ যোগ্য। মনীষ হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাই খুব সুন্দৰকৈ কব পৰাৰ লগতে তেওঁৰ ৰাজনীতিৰ জ্ঞানো আছিল অপৰিসীম। গান্ধী পৰিয়ালৰ পৰা যাতে নিয়ন্ত্ৰণ গুছি নাযায় সেই কথা লক্ষ্য কৰিয়েই ছোনীয়া গান্ধীয়ে মনীষ তিৱাৰীক এই পদ নিদিলে বুলি খবৰ পোৱা গৈছে। দ্বিতীয়জন ব্যক্তি আছিল শশী থৰুৰ। কেৰেলাৰ পৰা ইতিমধ্যে বহুকেইজন নেতা যেনে এ.কে এন্থনী, ভেনুগোপাল আদি কংগ্ৰেছৰ শীৰ্ষ পদত বিৰাজমান। তাৰ উপৰিও ৰাহুল গান্ধী এতিয়া কেৰেলাৰ সাংসদ। সেয়েহে থৰুৰৰ নাম বাদ পৰিল।  অধীৰ ৰঞ্জন চৌধুৰী হ’ল তৃণমূলৰ নেতা। চৌধুৰীক নিৰ্বাচন কৰি কংগ্ৰেছে বুজাই দিব খোজে তৃণমূলৰ নেতাক তেওঁলোকে কিমান গুৰুত্ব দিয়ে। তাৰোপৰি বংগত ক্ৰমে দুৰ্বল হ’ব ধৰা মমতাই কংগ্ৰেছক যোগাইছে নতুন আশা। Figher চৌধুৰীলৈ আমাৰ ফালৰ পৰা All the best ।