বিখ্যাত ৰাজনেতাৰ কুখ্যাত যৌন কেলেংকাৰী

6447
  • বুবুল ঠাকুৰীয়া

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


এগৰাকী মহিলাই নগাওঁ সদৰ থানাত কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্রী ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰে । ইয়াৰ পিছতে গোহাঁইৰ পুত্র নবাৰুণ গোহাঁইয়ে  মহিলা গৰাকী তথা তেওঁৰ স্বামীৰ বিৰুদ্ধে ওলোটাকৈ ব্লেক মেইলিঙৰ গোচৰ ৰুজু কৰে । কেইদিনমান পিছত দুয়োটা গোচৰ উঠাই লোৱা হয় আৰু ইয়াৰ কাৰণ হিচাপে কোৱা হয় যে ধৰ্ষণৰ গোচৰতো হেনো ভুল বুজাবুজিৰ বাবেহে সংঘটিত হৈছিল । ৰাজেন গোহাঁই আজি আইনী ভাবে নিৰপৰাধী কিন্ত্ত বুজাই নিশ্চয় বুজিলে এয়া ভুল বুজাবুজি নে ভিতৰুৱা বুজাবুজি । মহিলাৰ স্বামী গৰাকীক ধমক দি থকা ৰেকৰ্ডিং বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈছিল । চৰকাৰে ইচ্ছা কৰিলে সেই ৰেকৰ্ডিংক ফৰেনচিক বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰি অনুসন্ধান অাৰম্ভ কৰিব পাৰে। যদিও মহিলা গৰাকীয়ে গোচৰ উঠাই লৈছে তথাপিও জন হিতাৰ্থজনীত চুঅ’ মত’ কেচ ৰুজু কৰাত চৰকাৰৰ কোনো বাধা নাই। কিন্ত্ত চৰকাৰখনে এনে সাহস দেখুৱাব পাৰিব বুলি ৰাইজ আস্বস্ত নহয় । এজন কেন্দ্ৰীয় মন্ত্রীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দিবলৈ সাহস কৰাতো সাধাৰণ কথা নহয়। বিৰোধী দল তথা সংবাদ মাধ্যমে দুদিনমান চিঞঁৰ বাখৰ কৰি নিটাল মাৰিলে। কংগ্ৰেছৰ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্রী সুস্মিতা দেৱেও এদিনৰ বাবে গুৱাহাটীত আহি বিৰোধ প্ৰদৰ্শন কৰি নিজৰ দায়িত্ব সামৰিলে।  মুঠতে কব গ’লে সত্যতাৰ সন্ধান ৰাইজে নেপালে। “no one killed Jessica” ৰ দৰে এই ঘটনাতোক কব পাৰি ‘ She misunderstood it as rape’ ।
  সময়ে সময়ে ৰাজনৈতিক নেতাবোৰৰ এনে যৌন কেলেংকাৰীৰ ঘটনা ওলাই থাকে । কিন্তু কোনবোৰ কাহিনী কিমানদূৰ সঁচা আৰু কোনবোৰক থাপে-থুপে থোৱা হয় আৰু সময়ৰ গতিত নোহোৱা হৈ যায় ৰাইজে কিন্তু জানে! আজি আমি এনে কেইটামান কাহিনীৰ বিষয়ে লিখিবলৈ ওলাইছোঁ।
বাবুলাল নাগাৰ

২০১৩ চনত তেতিয়াৰ ৰাজস্থানৰ মন্ত্ৰী নাগাৰৰ বিৰুদ্ধে জয়পুৰৰ মহিলা এগৰাকীয়ে অভিযোগ দিছিল যে চৰকাৰী চাকৰিৰ টোপ দি তেওঁৰ ওপৰত নাগাৰে শাৰীৰিক নিৰ্যাতন চলাইছিল আৰু মুখ বন্ধ ৰখাৰ ভাবুকি দিছিল।সেই অভিযোগৰ ভিত্তিত নাগাৰে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।

অভিষেক মনু সিংভি

২০১২ চনত ৰাজ্যসভাৰ সাংসদ আৰু কংগ্ৰেছৰ মুখপাত্ৰ সিংভি যি দেশৰ এগৰাকী আগশাৰীৰ অধিবক্তা ও আছিল তেওঁৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ তেওঁৰ ব্যক্তিগত চেম্বাৰত অসতর্ক মুহুৰ্তৰ চি ডি ৰাজহুৱা কৰাৰ ভাবুকি দিছিল তেওঁৰেই গাড়ীচালক মুকেশ কুমাৰ লালে আৰু তেওঁক ব্লেকমেইলিং কৰিছিল।ফলশ্ৰুতিত কংগ্ৰেছৰ মুখপাত্ৰ পদ আৰু সংসদীয় পৰিক্ৰমা কমিটিৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লবলগীয়া হৈছিল।

এন ডি তিৱাৰী

বর্ষিয়ান কংগ্ৰেছ নেতা তথা উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লগতে ২০০৯ বৰ্ষত উত্তৰাখণ্ড আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল হিচাপে দেশক সেৱা কৰা নেতাগৰাকীৰ বিৰুদ্ধে ২০০৮ চনত ৰোহিত শেখৰ তিৱাৰী নামৰ ব্যক্তি এগৰাকীয়ে এন ডি তিৱাৰীক তেওঁৰ জৈৱিক পিতৃ বুলি অভিযোগ আনিছিল।তিৱাৰীৰ বয়স তেতিয়া ৮৫ বছৰ।ন্যায়ালয়ে দুয়োজনৰে ডি এন এ টেষ্টৰ নিৰ্দেশ দিছিল।আৰু আশ্চৰ্যজনক ভাৱে ২০১২ চনৰ ২৭ জুলাইত দুয়োজনৰ ডি এন এ একে আৰু এন ডি তিৱাৰী অভিযোগকাৰীৰ জৈৱিক পিতৃ হয় বুলি প্ৰমাণিত হৈছিল। ২০১৩ চনত উত্তৰপ্ৰদেশৰ শ্বহীদৰ বাবে পতা সভা এখনত এগৰাকী টিভিৰ এংক’ৰৰ লগত নাচি তিৱাৰী আকৌ বিতৰ্কত সোমাই পৰিছিল।

সঞ্জয় যোশী 

২০০৫ চনত যেতিয়া গোটেই দেশত বি জে পি য়ে ৰূপালী জয়ন্তীৰ কাৰ্যসূচী বছৰ জুৰি পালন কৰি আছিল সেই বছৰৰ মাজ ভাগতে তেতিয়াৰ বি জে পি ৰ সাধাৰণ সম্পাদক সঞ্জয় যোশীৰ বিৰুদ্ধে ও যৌন আতিশয্যাৰ কাহিনী ওলাইছিল।যাৰ ফলত তেওঁ সাধাৰণ সম্পাদকৰ পদ হেৰুৱাইছিল।

সন্দ্বীপ কুমাৰ

২০১৬ চনত আম আদমী পাৰ্টীৰ চৰকাৰৰ শিশু কল্যাণ আৰু সামাজিক ন্যায় দপ্তৰৰ মন্ত্ৰী সন্দ্বীপ কুমাৰৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ টেপ ফাদিল হৈছিল আৰু ফলস্বৰূপে অৰবিন্দ কেজৰীৱালে তেওঁক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিছিল।

মণি কুমাৰ চুব্বা

২০১৩ চনত তেজপুৰৰ প্ৰাক্তন সাংসদ মণি কুমাৰ চুব্বা আৰু এগৰাকী ছোৱালীৰ হোটেলৰ বন্ধ কোঠাৰ নিবিড় মুহুৰ্তৰ ভিডিওই সমগ্ৰ অসম তোলপাৰ লগাইছিল।

উপসংহাৰ:

ওপৰোক্ত ঘটনা কেইটাৰ উপৰিও অলেখ এনেকুৱা ঘটনা আছে যি সঁচাকৈ ঘটে বা কাৰোবাৰ ৰাজনৈতিক মুনাফাৰ বাবে সজা হয় আৰু কালৰ সোঁতত হেৰাই যায়। কিন্তু ৰাইজৰ মনৰ পৰা সেইবোৰ ঘটনা কেতিয়াও পাহৰণীৰ গৰ্ভত হেৰাই নাযায়।নেতাই যদি এনেকুৱা হয় তেন্তে তেওঁলোকৰ পৰা সাধাৰণ জনতাই কি ভাল আশা কৰিব পাৰে!এইয়া ৰাইজলৈ এৰিলোঁ!