অসমত স্বচ্ছতা মিচনৰ আৰম্ভনি কৰিছিল অম্বিকাগিৰীয়ে

3264
  • হেমন্ত কুমাৰ দত্ত, প্ৰাক্তন মুৰব্বী অধ্যাপক, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


এজন সিংহৰ কথাই ইয়াত তুলি ধৰিব খোজা হৈছে। তেজোদ্দীপ্ত ভাষণ, দেশপ্ৰেমমূলক কবিতা আৰি বিশাল ব্যক্তিত্বৰ বাবে অসমৰ সমাজে তেখেতক অসম কেশৰী উপাধি হি থৈছে। হয়, সেই গৰাকী অম্বিকাগিৰীৰ কথাকেই ক’ব বিচাৰিছো। ১৮৮৮ খৃঃত অসমৰ শ্ৰীক্ষেত্ৰ স্বৰুপ বৰপেটা ধামত জন্মগ্ৰহণ কৰা এইজনা পুৰুষে জীৱনত বহুতো ঘাট প্ৰতিঘাতৰ মাজতো ‘চিৰ উন্নত শিৰ’ প্ৰকট কৰি সকলোৰে নমস্য ব্যক্তিত পৰিণত হৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এইজন বীৰ সৈনিকে পৰিয়ালৰ স্বাৰ্থক তুচ্ছ জ্ঞান কৰি নিৰৱচ্ছিন্ন ভাৱে প্ৰথমতে বৃটিছ চৰকাৰৰ বিৰুদ্ধে আৰু পৰবৰ্তী সময়ত দেশীয় চৰকাৰৰ অন্যায়মূলক কাৰ্যৰ বিৰুদ্ধে হাতে কামে সংগ্ৰাম কৰি গৈছিল। ১৯৬৭ খৃঃৰ জানুৱাৰী মাহত মৃত্যুবৰণ কতা এইজন তেজস্বী অসমীয়াক স্মৰণ কৰি ডঃ ভূপেন হাজৰিকাই তেওঁৰ গীতৰ মাজেৰে এইদৰে অসমীয়া জাতক সোঁৱৰাই দিছিলঃ
‘ আজি অম্বিকাগিৰী নাই
দেশ গ’ল গ’ল বুলি
অহৰ্নিশে চিঞৰিব।’
অসমক কেনেকৈনো এখন উন্নত সংস্কৃতি সম্পন্ন ৰাজ্যত পৰিণত কৰিব পাৰি সেই চিন্তাই অহৰহ তেওঁৰ ধমনিত প্ৰবাহিত হৈ আছিল। তেজস্বী বক্তৃতাৰে অসমীয়াক সচেতন কৰা এই গৰাকী মহান ব্যক্তিয়ে সাহিত্য, কৃষ্টি বা সংস্কৃতিৰ সাধনাত দৃঢ় ভাবে লাগি থাকিও অসমৰ সমাজ জীৱন স্বচ্ছ আৰু সুন্দৰ কৰাৰ বাবে হাতে কামে লাগি গৈছিল। আজিৰ দিনত সমগ্ৰ দেশতে ‘স্বচ্ছ ভাৰত মিছন’ নামত জনসাধাৰণক নিকা এখন দেশ গঢ়ি তুলিবলৈ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সুখৰ কথা যে জনগণেও ইয়াৰ প্ৰতি সহাৰি জনাইছে। কিন্তু স্বচ্ছ ভাৰত গঢ়ি তোলাৰ অভিযান দৰাচলতে মহাত্মা গান্ধীৰ নেতৃত্বত মুক্তি আন্দোলনৰ সময়তে গঢ়ি উঠিছিল। আমাৰ অসমত এই ক্ষেত্রত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল অম্বিকাগিৰী ৰায় চৌধুৰীদেৱে। তেওঁ লিখা কবিতাৰ মাজেৰে এই ভাৱনা প্ৰকট হৈ পৰিছেঃ
ধৰ ঝাৰু ধৰ ভাই চাবৰ সময় নাই
চাই থাকোতে মুখত কেৱল , ভৰিত কাজল ছাই।
কবিতাটিৰ অন্তৰালত যদিও তেওঁৰ কঠিন জেল জীৱনৰ ঝাৰুদাৰৰ ভূমিকা নিহিত হৈ আছে, এই কবিতাটিৰ জৰিয়তে তেওঁৰ সমাজমুখী চেতনাৰ বলিষ্ঠ ৰুপ বিৰিঙি উঠিছে। তেওঁৰ আন এটা কবিতাৰ শিৰোনামা হৈছে – ‘গঢ়া কৰি মোক ঝাৰুদাৰ’। কবিতাটিৰ মাজেৰে ৰায়চৌধুৰীদেৱে ব্যক্ত কৰিছে যে দেশখনৰ কু-সংস্কাৰ , অপৰিচ্ছন্নতা আদি দূৰ কৰিবৰ বাবে দেশমাতৃয়ে যেন তেওঁক ঝাৰুদাৰ ৰুপে ব্যৱহাৰ কৰে আৰু তাতেই আছে তেওঁৰ পৰম তৃপ্তি। অম্বিকাগিৰীয়ে যে হাতে কামে ঝাৰুদাৰ হ’ব খুজিছে সেয়া তেওঁৰ নিভাজ দেশপ্ৰেম। মই জনাশুনা তেওঁৰ নিভাঁজ দেশপ্ৰেমৰ এটি নিদৰ্শন ইয়াত উত্থাপন কৰিব বিচাৰিছো মাত্র। সমগ্ৰ অসমেই তেওঁৰ কৰ্মভূমি আছিল। জন্মভূমি বৰপেটাতো ৰায়চৌধুৰীৰ উদ্যোগত ‘সনাতন সমাজ’ৰ জন্ম লাভ হয়। এই সমাজৰ সফল প্ৰচেষ্টাত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপনকে ধৰি বহুখিনি কাম কৰা হৈছিল। সমাজ সংস্কাৰত মনোনিবেশ কৰা ৰায়চৌধুৰীয়ে এটা কথাতে বৰ বিষম পাইছিল। কথাটো এনেধৰণৰঃ
নিশাৰ ভাগত ধৰা নপৰাকৈ কোনো কোনোৱে ৰাস্তাৰ দাঁতিত শৌচ কৰি থৈছিল। ফলত দিনৰ ভাগত ৰাস্তাত খোজ কঢ়া মানুহে দুৰ্গন্ধত নাক কোচাইছিল। তদুপৰি এটা বিশ্ৰী পৰিবেশৰ উদ্ভৱ হৈছিল। চৌধুৰীদেৱে এই দুষ্কাৰ্যত অতীষ্ঠ হৈ পৰিছিল আৰু ৰাইজৰ মেল পাতি সকলোকে বুজাই সন্মত কৰিছিল যে কোনেও এনেহেন দুষ্কাৰ্য নকৰে। সভাত সিদ্ধান্তও লোৱা হয়। কিন্তু কাৰ্যোকৰী নহয়। পুনঃ পুনঃ সভা পাতি আৰু সিদ্ধান্ত লৈ যেতিয়া বিফল হ’ল তেতিয়া ৰায়চৌধুৰীদেৱে এই কাৰ্য কেনেকৈনো ৰোধ কৰিব পাৰি তাৰ চিন্তা কৰিলে। এদিন তেওঁ এটা পাচী আৰু এখন কোৰ লৈ ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে বিস্তাবোৰ কোডালখনেৰে তুলি পাচিটোত ভৰাই আছে। সিদিনা তেওঁ নিজকে ঝাৰুদাত সাজি সমাজখনক নিকা কৰাত মগ্ন হ’ল। এই দৃশ্য দেখা পোৱাৰ পিছত সকলোৰে অন্তৰ গলি গ’ল। সকলোৱে আহি তেওঁৰ কোডালখনত ধৰিলে আৰু সেৱা কৰি ক’লে যে তেওঁলোকে এনেকুৱা দুষ্কাৰ্য আৰু হ’বলৈ নিদিয়ে। এইদৰে ৰাইজে আশ্বাস দিয়াতহে উগ্ৰমূৰ্ত্তি ধাৰণ কৰা ৰায়চৌধুৰীদেৱ ক্ষান্ত হ’ল। সঁচাসচিকৈ ইয়াৰ পিছত আৰু এই  ধৰণৰ ঘটনা নঘটিল। উপদেশ, নিৰ্দেশ বা সভা-সমিতি পাতি সিদ্ধান্ত লৈ যিটো কাম বাস্তবায়িত নহয় ৰায় চৌধুৰী দেৱে ঝাৰুদাৰৰ ভূমিকা লৈ সেয়া সম্ভব কৰি তুলিব পাৰিলে। এয়াই তেওঁৰ জীৱনৰ মহত্ব আৰু সমাজ স্বচ্ছ কৰি নতুন অসম গঢ়াৰ কাৰ্যপন্হা আছিল। উপদেশতকৈ আৰ্হি যে শ্ৰেয় এইজনা সিংহই সাজোৰে প্ৰতিপন্ন কৰিব পাৰিছিল।