আকবৰৰ চমৎকাৰ!

3111

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • তাৰক দাস

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


মহামতি আকবৰৰ কাহিনী আমি সকলোৱে সৰুৰ পৰা শুনি আহিছো। আকবৰ আৰু বীৰবলৰ কাহিনীও বহুত পঢ়িছো। কিন্তু কলিৰ যুগৰ এজন আকবৰৰ কাণ্ডই এতিয়া সকলোৰে চকু কপালত তুলিছে। এজনৰ পিছত আনজন মহিলাই আকবৰক দোষাৰোপ কৰি টুইট কৰিছে। সংখ্যাটো প্ৰায় বিশৰ ওঁচৰ পাইছে। অনাগত দিনত এই সংখ্যাটো আৰু বৃদ্ধি পোৱাৰ সম্ভাবনা আছে। এনেতে আমাৰ মনত পৰিছে 3 idiots চিনেমাৰ সেই বিখ্যাত ডাইলগটোলৈ ‘এজন মানুহে নিজৰ জীবন কালত ইমান চমৎকাৰ কেনেকৈ কৰিব পাৰে?’ আকবৰে যে অকল ভাৰততে চমৎকাৰ কৰিছে তেনে নহয়, বিদেশৰ পৰাও তেওঁৰ চমৎকাৰৰ বাতৰি প্ৰকাশ হৈছে।  চমৎকাৰৰ পিছত চমৎকাৰ কৰাৰ পিছতো তেওঁ কেনেকৈ আজিলৈকে সাৰি আছিল সেইটোহে ৰহস্যৰ কথা। চমৎকাৰী প্ৰাক্তন মন্ত্রী আকবৰৰ ঘটনাটোৰ পিছত আমাৰ অসমৰ নেতাবিলাকেও ইয়াৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰে কেইটামান আপোনালোকৰ বাবে আগবঢ়ালোঃ
সুদৰ্শন সোনোৱালঃ মানুহ সদায় সৎ পথত চলিব লাগে। সৎ যদি হব নোৱাৰে অন্ততঃ অসৎ হব নালাগে। আকবৰৰ এই কাৰ্যক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো।
বিমন্ত বিশ্বঃ ‘অ’ শব্দটোৰ প্ৰতি মোৰ এলাৰ্জি হৈছে। এটাক টেলিভিচন ষ্টুডিঅ’ত জাৰিলো আৰু আনটোক ফোনত জাৰিলো। মোৰ পৰা মানমানি গোচৰৰ পৰামৰ্শ লবৰ বাবে ফোন কৰিছিল…এতিয়া মোৰ ওপৰত মান হানিৰ কেছ নিদিলেহে ৰক্ষা!!
নিলাদিত্য দেবঃ আকবৰ চাহাবৰ গাত বাংলাদেশী হাৱা লাগিছে নিশ্চয়। নহলে এজন মানুহৰ পক্ষে ইমান চমৎকাৰ কৰা সম্ভব নহয়।
কৰুণ গগৈঃ এইটো দলে আকৌ কৈ থাকে বেটি বচাও বুলি। এনে লাগিছে বেটিবিলাকক এই দলৰ পৰা বচাব লাগিব।
নাজেন গোহাঁইঃ মোৰ বেজৰ ঠিকনাটো আকবৰক হোৱাটছ আপ কৰি দিছো। তেওঁক দবা আৰু দুৱা.. দুয়োটাৰে প্ৰয়োজন আছে।
বগৰীলতা ডেকাঃ ঔৰংজেবে এইবিলাক কৰিলে আচৰিত হবলগীয়া নাছিল..কিন্তু আকবৰ?  মহামতি আকবৰৰ গৈ মহা চমৎকাৰী আকবৰ হ’ল দেখোন ?