অসম ‘ চুক্তি ‘ এটা ভ্ৰান্ত ধাৰণা ‘ If It Is A Memorandum  Of Settlement ‘… আভিজিৎ শর্মা

1847

আভিজিৎ শর্মা, সভাপতি এ পি ডব্লিউ


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


অকল অসমত   ২৪ মাৰ্চ,  ১৯৭১ মতে বিদেশী চিনাক্তকৰণ কিয়  হ’ব?
অসম চুক্তি মতে __ অসম ‘ চুক্তি ‘ , এইখন আকৌ কেনেকুৱা চুক্তি ? চুক্তি , আইন ইত্যাদি হ’বলৈ হ’লে পূৰণ হ’বলগীয়া কেইটা চৰ্ত এইখনে মানি চলিছে?
সমগ্ৰ ভাৰতবৰ্ষত দেশী আৰু বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ কি  ? চিধা কথা ‍
২৪ মাৰ্চ,  ১৯৭১ নহয়।
অসম  ‘ চুক্তি ‘এটা ভ্ৰান্ত ধাৰণা ।  এইখন চুক্তি কোনোকালেই নাছিল আৰু কোনো দিনা হ’বও নোৱাৰে।
 অসমৰ বৌদ্ধিক সমাজে অসম  ‘ চুক্তি ‘ বুলি তালাফাল লগাই থকা প্ৰকৃত কাগজকেইখনৰ ওপৰত মাথো এটা বাক্যই স্পষ্ট শুদ্ধ আৰু নিখুঁত ভাবে লিখা আছিল   ‘Memorandum of Settlement ‘ ;  ‘ Settlement ‘  শব্দৰ অৰ্থ ‘ চুক্তি ‘ বুলি অসমৰ কোনো এখন অসমীয়া অভিধানে নকয়।
এইখনক অকল সেইসকলেই ‘ চুক্তি ‘ৰ বাখ্যা দি অসমীয়া নামৰ সত্তাটোক বিপথে পৰিচালিত কৰি আহিছে যিসকলে ইয়াৰ দ্বাৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে লাভান্বিত হৈছে।  এটা জাতিৰ অস্তিত্বৰ সংগ্ৰামত এই ব্যক্তিগত লাভ লোকচানবোৰক যদি আমি এই সময়তো মান্যতা দি থাকো আৰু সমীহ কৰি চলো তেন্তে এনেকুৱা এটা জাতিৰ শেষ পৰ্যায় কি হ’ব সহজেই অনুমেয়।
এন আৰ চিৰ আশাতীত ব্যর্থতাৰ পাচত অসমক ভালপোৱা প্ৰতিজন মানুহেই ভাবিছে,  অসমত বসবাস কৰা প্ৰতিজন বৈধ ভাৰতীয়ই ভাবিবলৈ বাধ্য হৈছে-  ‘ এক দেশ এক
ভিত্তিবর্ষ ‘ যদি নহয় তেন্তে এই ভূখণ্ডৰ কৰুণ সমাপ্তি অনিবাৰ্য। আজি অসমৰ বুকুত ১৯৫১ ৰ পাচৰ যিসকলৰ দপদপনি শুনিবলৈ পোৱা গৈছে , অনাগত দিনত ইয়াৰ প্রতিধ্বনিয়ে দিল্লীৰ মচনদ কঁপাই তুলিব,  এয়া অবধাৰিত।  ইয়াৰ কাৰণ এওঁলোক অকলশৰীয়া নহয়,  এওঁলোক এটা দীর্ঘম্যাদী আঁচনিৰ অংশবিশেষ। তেনেস্থলত ভাৰতৰ গৃহ মন্ত্ৰালয়ে ইয়াক যদি অসমৰ সমস্যাৰ অংশবিশেষ বুলি জ্ঞান কৰে তেন্তে তাৰ পৰিণাম এদিন সমগ্ৰ দেশেই ভুগিব আৰু ভয়ংকৰভাবে ভুগিব ; আমি আজিয়েই সকীয়াই দিলোঁ ।
১৯৮৫ চনৰ ১৪ আগষ্টত নতুন দিল্লীত  অসমক লৈ এখন পাশাখেল চলিছিল।  এনে এক পাশাখেলৰ নিয়ম অনুসৰি তদানীন্তন কংগ্ৰেছ চৰকাৰে একেলগে দিল্লীলৈ মাতিছিল দুটা ফৈদক।  এটা ফৈদ  ‘ মহন্ত এণ্ড
কোম্পানী ‘ ৰ আৰু আনটো  ফৈদত আছিল আব্দুল মুহিব মজুমদাৰ।  আব্দুল মুহিব মজুমদাৰ, আই এম ডি টি আইনৰ স্বপ্নদ্রষ্টা ।  এটা ফৈদ অসম চুক্তিত স্বাক্ষৰ কৰিলে, আনটো ফৈদে চুক্তি কৰাৰ আগতেই আই এম ডি টি খন ড্রাফটিং কৰাৰ কাম সম্পুৰ্ণ কৰিছিল ।
অসম আন্দোলনক জীৱনৰ একমাত্ৰ সম্বল বুলি ভবা সকললৈ আৰু সেই  ‘Memorandum of Settlement ‘ খনকেই বাইবেল ,গীতা ,কোৰাণ বুলি ভাবি থকা সকললৈ প্রশ্ন ___ পৃথিৱীৰ এনে এটা আন্দোলনৰ উদাহৰণ দিয়ক য’ত দাবী ২০ বছৰ আগুৱাই নগ’ল অথচ ২০ বছৰ পিছুৱাই গ’ল ? অর্থাৎ অসম আন্দোলনৰ ৮৫৫ শ্বহীদ আৰু লাখ লাখ নির্যাতিতক চাই আন্দোলনৰ নেতৃত্বই চহী কৰা  Memorandum of Settlement  খন মতে অসমত বিদেশী  চিনাক্তকৰণৰ ভিত্তিবর্ষ হ’ব লাগিছিল ১৯৩১। ভাৰতৰ ভিত্তিবর্ষতকৈ বিছ বছৰ আগত,  কিন্তু হ’ল ১৯৭১, ভাৰততকৈ ২০ বছৰ পাচত। কি অংকত কাৰ স্বাৰ্থত?  চহী কৰা কেইজনক ‘ছাত্ৰনেতা ‘ বুলি ক’ব   নে পৃথিৱীৰ ‘ জধামূৰ্খ ‘ ছাত্র বুলি ক’ব নে ক’ব সোণালী ভবিষ্যতৰ বাবে জাতিটোকে বিক্ৰী কৰা দালাল বুলি? যদিও বহুকেইজন ইতিমধ্যেই প্ৰয়াত তথাপি অসমৰ ইতিহাসত মাৰত্মক ভুল কৰি যোৱা এইসকলক শংকৰদেৱ , মাধৱদেৱৰ স্হানৰ ১৮০ ডিগ্ৰী বিপৰীতেই স্হান দিবই লাগিব জাতিৰ সামগ্ৰিক অৱস্হাক চায়।
মুঠতে নিজৰ সোণোৱালী ভবিষ্যতৰ বাবে সমগ্ৰ ভাৰতৰ বিদেশীৰ বাবে টনা সময়ৰ ৰেখাডালতকৈ বিশ বছৰ পিচুৱাই আচ টনা সকলৰ বাবেই আজিৰ এই অৱস্হা।  এতিয়াও সময় আছে,  আচডাল আগৰ ঠাইলৈ লৈ যাওঁক।  ১৯৫১ হওঁক অসমৰ আয়ুসৰেখা।  এই মীঞা কবিতা লিখা, অসমৰ বুকুত ওজন বঢ়াই সন্তুলনহীনতা সৃষ্টি কৰা সকলো জাৱৰ নিজে নিজেই  ধৰফৰাব। ( আগলৈ )