গান্ধীৰ আশ্ৰম বৰ্ধা আৰু বাল গংগাধৰ তিলকৰ ঘৰত পদুম ফুলিল

2148
  • তাৰক দাস

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


মহাৰষ্ট্ৰৰ পুনে চহৰ । বীৰ শিবাজী , বাল গংগাধৰ তিলক , বীৰ সাৱৰকাৰ , মহাত্মা ফুলে আদি প্ৰসিদ্ধ ব্যক্তিৰ জন্মভুমি আৰু কৰ্মভুমি । পুনে চহৰৰ মাজ মজিয়াত অৱস্থিত তিলক ৱাৰা ( তিলক গৃহ) ৰ পৰা পোন প্ৰথমবাৰৰ বাবে বিজেপিৰ টিকটত তিলক বংশৰ পৰা মহাৰাষ্ট্ৰ বিধান সভালৈ বিধায়ক নিৰ্বাচিত হয় । বংশগত কংগ্ৰেছ তিলক পৰিয়ালৰ পৰা নিৰ্বাচিত হয় বাল গংগাধৰ তিলকৰ নাতি প্ৰাক্তণ ৰাজ্যসভাৰ সাংসদ আৰু এসময়ৰ বৰ্ষীয়ান কংগ্ৰেছী জয়ন্ত ৰাও তিলকৰ পুত্ৰ দীপক তিলকৰ বোৱাৰী ।   বোৱাৰী মুক্তা তিলক । পুনে নগৰপালিকাৰ মেয়ৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা মুক্তা তিলকৰ দেওঁৰ ৰোহিত তিলক ২০১৪ মহাৰাষ্ট্ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিছিল ।মুক্তা তিলক যদিও বিজেপিৰ লগত জড়িত আছিল , কিন্তু সক্ৰিয় ৰাজনীতিৰ পৰা বিৰত আছিল । কাৰণ তেওঁৰ পৰিয়াল আছিল কংগ্ৰেছী । তেওঁ ভাষ্য অনুসৰি , জয়ন্ত ৰাওঁ তিলকক জীৱিত থকালৈকে তেওঁ বিজেপিৰ সক্ৰিয় ৰাজনীতিৰ পৰা বিৰত আছিল । ২০০১ চনত প্ৰায় আশী বছৰ বয়সত জয়ন্ত তিলকৰ মৃত্যুৰ পিছত মুক্তা তিলক সক্ৰিয় ৰাজনীতিত আহে । ২০০২ চনৰ পৰা ২০১৯ চনলৈ একেৰাহে পুনে নগৰপালিকাৰ নিৰ্বাচনত জয়লাভ কৰি থকা এম বি এ ডিগ্ৰীধাৰী তিলক বংশৰ বোৱাৰী মুক্তা তিলক পুনেৰ মেয়ৰ পদত বহে । কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ থকা মুক্তা তিলকে ২০১৮ চনত কেমোথেৰাপি লৈ থকা সময়তো নিজৰ কাম বাদ দিয়া নাছিল । এইবছৰ বিধান সভা নিৰ্বাচনত তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ অৰৱিন্দ চিন্দেক ২৮,১৯৬ টা  ভোটৰ ব্যৱধানত পৰাজিত কৰে ।
ৱৰ্ধা :ৱৰ্ধা , ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভণী কৰিছিল ৱৰ্ধাৰ পৰা আৰু ২০১৯ ত মোদীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমখন ৰেলী কৰিছিল ৱৰ্ধাত । দুয়োবাৰেই নৰেন্দ্ৰ মোদী সফল হ’ল আৰু চৰকাৰ বিজেপিৰ হ’ল ।  আনহাতে ২০১৯ লোকসভা নিৰ্বাচনৰ আগৰ বছৰ ২০১৮ , ২ অক্টোবৰত ৰাহুল গান্ধীৰ সভাপতিত্বত কংগ্ৰেছৰ  ৱৰ্কিং কমিটিৰ মিটিং বহিছিল ৱৰ্ধাৰ গান্ধী সেৱাগ্ৰামত । মনমোহন সিং , চোনীয়া গান্ধী , প্ৰিয়ংকা গান্ধী ৱাদ্ৰা , গুলাম নৱী আজাদ আদি ৰথী মহাৰথী উপস্থিত আছিল । দুপৰীয়া মিটিংৰ আগত ৰাহুল গান্ধীয়ে ৱৰ্ধা চহৰত পদযাত্ৰা কৰি নৰেন্দ্ৰ  মোদীৰ বিৰুদ্ধে সৰৱ মন্তব্য কৰিছিল । ৱৰ্ধা কি ক’ত কিয় বিখ্যাত ?
 মহাত্মা গান্ধীৰ সেৱাগ্ৰাম আশ্ৰম ৱৰ্ধাৰ অঞ্চলৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু । মহাত্মা গান্ধীয়ে দান্দী যাত্ৰা সমাপ্ত কৰি গুজৰাটৰ সৱৰমতী আশ্ৰমত যোৱাৰ পৰিৱৰ্তে ভাৰতৰ বিভিন্ন অঞ্চললৈ ঢাপলি মেলে । সেইসুত্ৰে ১৯৩৬ চনত প্ৰায় ৬৭ বছৰ বয়সত গান্ধীজীয়ে তেওঁৰ পত্নী কস্তুৰৱা গান্ধীক লগত লৈ ৱৰ্ধা মুল চহৰৰ পৰা আঠ মাইল দুৰৰ অলপ আওঁহতীয়া গাওঁলীয়া পৰিবেশত এইখন আশ্ৰম পাতে । গান্ধীজীয়ে প্ৰায় দহবছৰৰ অধিক কাল এই আশ্ৰমখনত থাকিছিল । কপাহ উৎপাদনত আগশাৰী ৱৰ্ধাত এতিয়া ৰাজনীতি সলনি হৈছে । ২০১৯ মহাৰাষ্ট্ৰ বিধান সভাৰ বিদৰ্ভ অঞ্চলৰ ৱৰ্ধা সমষ্টিত বিজেপিৰ পংকজ ৰাজেশ ভয়াৰে তেওঁৰ বিৰোধী কংগ্ৰেছ প্ৰাৰ্থি শেখৰ প্ৰমোদ চিন্দেক প্ৰায় আঠ হেজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰে । এসময়ত কংগ্ৰেছৰ দুৰ্গ থকা ৱৰ্ধাত বিজেপি প্ৰাৰ্থী পংকজ ৰাজেশৰ এয়া দ্বিতীয় জয় । ২০১৪ চনৰ বিধান সভা নিৰ্বাচনটো তেওঁ জয়ী হৈছিল । আনহাতে ৱৰ্ধা লোকসভা সমষ্টিও যোৱা কেইবাবছৰ ধৰি বিজেপি নেতা ৰামদাস তাডাচৰ দখলত আছে ।