অসুস্হ জুবিন আৰু কাণ্ডজ্ঞানহীন এচাম সাংবাদিক______

1611
  • হৰকুমাৰ ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ফেব্ৰুৱাৰী ২৮ তাৰিখ আবেলি । গুৱাহাটী টাউন ক্লাবত অনুস্থিত অনুষ্ঠান এটাত অংশ গ্ৰহণ কৰি থাকোতেই হঠাৎ জুবিন গাৰ্গ অসুস্থ হৈ পৰে । লগে লগে তেওঁক নেমকেয়াৰ হস্পিতাল লৈ অনা হয় আৰু লগে ইমাৰ্জেন্সীত ভৰ্তী কৰায় চিকিৎসা আৰম্ভ কৰে । নিউজ চেনেল বিলাকে বিগ ব্ৰেকিং মাৰিলে , লাইভ কৰি থাকিল । প্ৰতিটো মুহুৰ্তত মোৰেল পুলিচগিৰি থকা একাংশ সাংবাদিকে হাতত কেমেৰা আৰু  বুম ডাল ( সাধাৰণতে মাইক বুলি যে কোৱা হয় ) লৈ ইমাৰ্জেন্সী কক্ষৰ বাহিৰৰ পৰা লাইভ কৰিলে । এজন দুজন নহয় , প্ৰায় ৩০ – ৩৫ সাংবাদিকে হস্পিতালত প্ৰবেশ কৰিলে । লাইভ কাভাৰেজ চলি থাকিল । কিছু সময় পিছত ইমাৰ্জেন্সিৰ পৰ চেমী আই চি ইউ পালে শিল্পী জন । ডাক্তৰৰ সন্মুখত মুখা মুখি বাৰ্তালাপ  , প্ৰশ্নবান । অৱশেষত ডাক্তৰে ক’বলৈ বাধ্য হ’ল যে ইমান মানুহ থাকিলে ৰোগী সকল অসুবিধাত পৰিব পাৰে ।  জুবিনৰ লগত ইনটাৰভিউ , মিটিং কৰি টিআৰপি বুটলা এসময়ৰ নিউজ ৰিডাৰ আৰু এতিয়াৰ বিয়াগোম বিশ্লেষক সকলে হস্পিতালত জুম বান্ধিবলৈ আৰম্ভ কৰিলে । নিজৰ চেনেলৰ সাংবাদিকে নিজৰ চেনেলৰ সম্পাদকৰ সাক্ষাৎ গ্ৰহণ কৰিলে । সকলো বন্ধু জুবিনৰ । অনামিকা , মায়াৰ দিনৰ বন্ধুবোৰ এতিয়া কাঞ্চন জংঘাতো পাবলৈ নাই । কিছু সময় পিছত ডা: হিতেশ বৰুৱা আহিল , ৰোগীক ডাক্তৰে কি পৰামৰ্শ দিব সাংবাদিকে জানিব বিচাৰিলে । মুঠৰ ওপৰত লাইট কেমেৰা একচন চলি থাকিল । বাদ নপৰিল মন্ত্ৰীও , একেবাৰে  পিএনআৰডি মন্ত্ৰী নব দলে ।
এইবাৰ হস্পিতাল পালে ছাত্ৰনেতা । মিডিয়াৰ সন্মুখত মন্তব্য , ” জুবিন গাৰ্গ ভাল হৈ যাব , সংগ্ৰামী সত্তা জুবিন গাৰ্গ অহকালিৰ পৰা পুনৰ কা আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব
 দিব ।”
ইমান বিলাক গণ্য মান্য ব্যক্তিৰ আবিৰ্ভাব হোৱাৰ পিছত , অসমৰ সংবাদ জগতৰ ভোটা তৰা ,  অতি বুদ্ধিৰ নিতুমনি শইকীয়া জানো বাদ পৰিব পাৰে । জুবিন গাৰ্গৰ  আধা টোপনিটো যিজনে ইনটাৰভিউ লৈছিল ।  সাংবাদিকে নিতুমনিক প্ৰশ্ন কৰিলে কি হৈছিল আচলতে ? নিতুমনি শইকীয়াই ক’লে , ” এয়া , সাংবাদিকে জুবিনক কিবা সুধি থাকোতে , জুবিনে চাফোকেচন হোৱা বুলি ক’লে আৰু তাৰ পিছত অসুস্হ হৈ পৰিল ।”
এনেকৈ আধা ঘন্টা মান যোৱাৰ পিছত জুবিনৰ পত্নীয়ে ডা: হিতেশ বৰুৱাৰ লগত কথা পতাৰ লাইভ ভিজুৱেল আহে । আৰু দুই মিনিট মান পিছত সাংবাদিক আৰু উপস্থিত ৰাইজক হাত জোৰ কৰি হস্পিতালৰ পৰা বিদায় ল’বলৈ অনুৰোধ কৰিলে । সেই সময়তে এজনে বুম এডাল গৰিমা গাৰ্গলৈ আগবঢ়াই দিছিল যদিও কোনোবা এজনে গুছাই দিলে ।
 ৰোগীক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ব্যক্তিগত খণ্ডৰ হস্পিতালত ৰোগীক দেখা কৰাৰ নিৰ্দিষ্ট সময় থাকে , গেট পাছ থাকে; তেনেস্থলত ৰাইজক জ্ঞান দিয়া একাংশ সংবাদসেৱী , চেনেলৰ সৰ্বজন্তা বিশ্লেষক সকলে আইচিউৰ কাষত ভিৰ কৰা অসমৰ জনতাই লাইভ দেখিলে ।