ফ্লিমফেয়াৰত নেতাক বঁটা

1614

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


বহু প্ৰতিক্ষিত ফ্লিমফেয়াৰ শেষ হ’ল। গুৱাহাটী নামি দামী বলিউদী তাৰকাসকলৰ পদধূলিত ধন্য হৈ পৰিল। নিউজ চেনেল বিলাকৰো ব্যস্ততা বাঢ়িল। ফ্লিমফেয়াৰৰ সমালোচনাত মুখৰ চেনেলবোৰে কিন্তু হিৰো-হিৰোইনক চাবলৈ দোভাগ ৰাতিলৈ বোন্দাপৰ দি থাকিল। কোন তাৰকাই কি খালে তাকো জনাবলৈ নাপাহৰিলে। মন্ত্রী পত্নী তথা বিহু বোৱাৰী আইমীয়েও এই সুযোগতে ননচাকৈ থাকিব পাৰেনে? তাতে পতীদেব মন্ত্রী ; দেওৰ নিগমৰ অধ্যক্ষ। চকুচৰহা বিলাকে ফেচবুকত কমেন্ট দিলেই হ’বনে? চলগোৰীৰ চাল আজিও আছে। বিশ্বজিতে আসন নাপালেও কিন্তু চন্দনে খুব ফুটেজ পাইছে।
প্ৰমথেশ বৰুৱাৰ নাম উচ্চাৰন কৰিবলৈ বিকি কৌশলৰ প্ৰচেষ্টা প্ৰশংসনীয়। অসমৰ নেতা বিধায়কেৰে গিজ গিজাই থকা ফ্লিমফেয়াৰৰ সফল পৰিসমাপ্তিত সকলো সন্তুষ্ট হ’ল। সকলোৱে নিজৰ লগত লৈ গ’ল এক মধুৰ স্মৃতি। ফ্লিমফেয়াৰক লৈ কোনে কি ক’লে জানো আহকঃ
জুবন গাৰ্গঃ য়া আলিক মুম্বাইৰ সকলোৱে পাহৰি গ’ল।  উপাই নাপাই সোণোৱালদাকে আকোৱালি ললো।
কৰুণ গগৈঃ যাবৰ মন আছিল যদিও শ্ৰীমতীয়ে নিদিলে। অবশ্যে হেমা মালিনী নাহিল যেতিয়া আক্ষেপ নাই।
কতনু ভূঞাঃ অসভ্যহতে মোক পাচ এখনো নিদিলে। দিলে মনে মনে গৈ চাবৰ ইচ্ছা আছিল।
কনবীৰ সিংঃ আইমনীৰ বিহু দেখি পাগল হৈ গ’লো। যা তা নাচে দেখো।
 ভয়ন্ত মল্লঃ সকলোকে পাছ দিছো। ২০২১ত মোক টিকট এটা নিদিলে অহাবাৰ কোনেও পাছ নাপায়।