আম্বানী আৰু দেশৰ অৰ্থনৈতিক সংকত

2175
  • তাৰক দাস

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


দেশৰ প্ৰধান মন্ত্ৰীয়ে ২০২৫ চনত ৫ ট্ৰিলিয়নৰ ভাৰতীয় অৰ্থনীতিৰ যি সপোন দেখিছে সেই পৰিকল্পনাক চেলেঞ্জ দিছে বৰ্তমান দেশৰ মন্দা অৱস্থাই ।
সাধাৰণ মানুহে মন্দা অৰ্থ বুজিবলৈ যেতিয়া চেষ্টা কৰে তেতিয়া বুজি উঠাতকৈ সন্দেহৰ আৱৰ্তত হে সোমায় পৰে । সাধাৰণ মানুহৰ দৃষ্টিত যিবিলাক মানুহৰ অৰ্থনৈতিক জ্ঞান আছে সেইবিলাকৰ মতৰ কিন্তু মিল নেথাকে । তেন্তে কাক কোনে কিয় বিশ্বাস কৰিব ? দুটা পৃথক দৃষ্টিকোণেৰে আজিৰ অৰ্থনৈতিক অৱস্থাৰ বিচাৰ কৰা হ’ব ৰাজনীতি অসমৰ পৃষ্ঠাত __ এটা অৰ্থনীতিৰ ছাত্ৰ এজনৰ ফালৰ পৰা আৰু আনটো হ’ব ইংৰাজীৰ জ্ঞান নথকা এজন ব্যক্তিৰ দৃষ্টিৰে ।
দেশৰ নীতি আয়োগ ( পুৰ্বৰ পৰিকল্পনা আয়োগ) হৈছে গোটেই অৰ্থনীতিৰ নিয়ন্ত্ৰণ স্থল । এই নীতি আয়োগে বৰ্তমানৰ অৰ্থনৈতিক পৰিবেশক লৈ শংকা প্ৰকাশ কৰিছে । ষ্টক মাৰ্কেটৰ পৰা আৰম্ভ কৰি গাড়ী মটৰ, কাপোৰ- কানি সকলো বজাৰত এতিয়া মন্দা অৱস্থাই দেখা দিছে । মন্দা মানে বিক্ৰিৰ হাৰ অতি নিম্নগামী হৈছে । জিদিপি হাৰ ৫.৮ % লৈ নামি আহিছে । ২০১৪-১৫ ত আছিল ৭.৫% , ২০১৫-১৬ ত আছিল ৮.০% ,২০১৬-১৭ ত আছিল ৭.১% , ২০১৭-১৮ ত আছিল ৭.২ % আৰু ২০১৮-১৯ ত আছিল
৬.৮ % । ফাইনেঞ্চ মন্ত্ৰালয়ৰ তথ্যমতে দেশৰ আধাতকৈ বেছি উদ্যোগৰ আয় ১ কৌটিৰ কম । বিনিয়োগৰ হাৰ ১৫ বছৰৰ ভিতৰত এইবাৰ কম হৈছে । বিভিন্ন সুত্ৰৰ পৰা পোৱা  তথ্যমতে উদ্যোগবিলাকৰ নতুন আচঁনিত বিনিয়োগ ৮৭ % কম হৈছে যোৱা বছৰৰ তুলনাত । নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমৰে কৈছে , ” কোনেও কাকো বিশ্বাস নকৰে এতিয়া …. ব্যক্তিগত খণ্ডৰ ভিতৰত কোনেও ঋণ দিবলৈ অগ্ৰহী নহয় । সকলোৱে হাতত নগদ ধন লৈ বহি আছে ।

“চেফটি নিয়ম আৰু কৰ বৃদ্ধিৰ ফলত মাৰুতিৰ গাড়ী সমুহৰ দাম বৃদ্ধি হৈছে । ফলত চাহিদা কমিছে । আমি ৩০০০ অস্থায়ী কৰ্মচাৰীৰ চাকৰি ম্যাদ বৃদ্ধি কৰিব নোৱাৰিলো ”  , এই বক্তব্য মাৰুতী চুজুকি ইণ্ডিয়া লিমিটেডৰ চেয়াৰমেন আৰ চি ভাৰ্গবৰ ।
এতিয়া আহিছো এজন সাধাৰণ ইংৰাজীৰ জ্ঞান নথকা ব্যক্তিৰ দৃষ্টকোণৰ পৰা ____
সাধাৰণ ব্যক্তিজনে নেজানে মন্দা অৱস্থাৰ কথা । বিনিয়োগ , ষ্টক মাৰ্কেট কি তেওঁ নেজানে । কিন্তু মানুহজনৰ হাতত এটা ১৫০০ টকা দামী ফোন আছে , যিটো ফোনত ৫০ টকাৰ ৰিচাৰ্জটো তেওঁৰ ল’ৰাই কৰি দিয়ে । ফোনৰ হেণ্ডচেট আৰু কানেকচন এটা কোম্পানীয়ে দিয়ে । আগৰ দৰে ফোন বেলেগকৈ আৰু চিমখন বেলেগ কৈ ল’ব লগা হোৱা নাই । বাপেক পুতেক দুয়োজনেই লাভত আছে । ইয়াৰ আগত দেউতাকৰ মোবাইল নথকা নহয় ।  নোকিয়া হেণ্ডচেট এটা আছিল , নম্বৰটো আছিল এয়াৰ চেলৰ । এদিন বেলেঞ্চ ৫০ টকা থাকোতেই মোবাইলটোৰ পৰা ফোন নোযোৱা হ’ল । ৫০ টকাটোও শেষ আৰু এয়াৰচেলো শেষ ।
এখন ঘৰতেই আজিকালি ৩ -৪ টা টিভি । মাক দেউতাকৰ ৰুমত টাটা স্কাই , বৰপুত্ৰৰ কোঠাত এয়াৰটেল আৰু সৰু পুত্ৰৰ কোঠাত স্থানীয় কেব’ল টিভিৰ কানেকচন । প্ৰতিমাহত তিনিটা কানেকচনৰ নামত প্ৰায় ১০০০ টকা যায় । কিন্তু এতিয়া অৱশ্যে ভাল দিন আহি আছে । ঘৰৰ সন্মুখৰ কাৰেন্টৰ খুটাবোৰত তাঁৰ বান্ধী আছে , জিঅ’ ফাইবাৰ । ঘৰৰ মোবাইল , টিভি সকলো চলিব । এইবাৰ আৰু পৃথক বিল নাহে । আৰু নাহে কেব’লৰ ল’ৰাজনে মাহে পইচা নিবলৈ । হয়টো এবছৰ – দুইবছৰ পইচা দিব নেলাগিবও পাৰে । টাটা ও গ’ল , এয়াটেলো গ’ল লগতে লোকেল কেব’লো গ’ল ।

আমাৰ চহৰ আমাৰ গৌৰৱ । সৰু সৰু কাপোৰৰ দোকান , চেণ্ডেলৰ দোকান , গেলামালৰ দোকানবিলাক আগৰ দৰে নাই । এতিয়া শ্ব’পিং ম’ল আহি গ’ল । বাকী খোৱা গ্ৰাহকখিনিৰ বাবে আগৰ গেলামাল দোকানবিলাক । নগদ মানেই শ্ব’পিং ম’ল ।
যদি অৰ্থনৈতিক সংকট হয় তেন্তে কোনখিনি মানুহ ক্ষতিগ্ৰস্ত হ’ব ? দুৰ্নীতিয়ে ক্ষতিগ্ৰস্ত কৰা মানুহখিনিয়ে বৰ্তমান সময়ত ঘৰ পাইছে , বিবাহৰ সময়ত ছোৱালিক দিবলৈ সোণ পাইছে , কিডনিৰ বেমাৰত ঘৰ বাৰী বিক্ৰি কৰা মানুহে বিনা খৰছত ডাইলেছিচ পাইছে , বছৰ বছৰ ধৰি বোকা গছকি চহৰলৈ যোৱা গাওঁৰ মানুহে ব্লকৰ ৰাস্তা পাইছে , দুখিয়া মানুহখিনিয়ে মেডিকেল ইন্চুৰেঞ্চ পাইছে আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ মানুহে মাটি বিক্ৰি নকৰাকৈ এচিএছ পাইছে ।
৯০’ ৰ দশকত হোৱা মন্দা অৱস্থা , যেতিয়া ভাৰতৰ সোণ বিশ্ব বেংকত জমা দিব লগা হৈছিল সেই সময়তো নতুন অৰ্থনৈতিক নীতিৰ সহায়ত মোকাবিলা হৈছিল । মাত্ৰ সময়ে সময়ে নতুন নতুন নীতিৰ আৱিষ্কাৰ হ’ব আৰু ৰূপান্তৰ হ’ব সামাজিক শ্ৰেনীৰ ।