আজমল আৰু গৌৰৱৰ মিত্রতা

435
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অসমৰ লোকসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছত দেখা গৈছে ব্যাপক খহনীয়া। দলৰ নেতা কৰ্মী সকলে নিজৰ ভবিষ্যত অন্ধকাৰ দেখি শাসকীয় দললৈ ধাবমান হৈছে। বতাহ কোনফালে বৈছে সেয়া সহজে অনুমেয়। এনে পৰিস্থিতিত অসমৰ জনবিন্যাসৰ বাবে মাত্র তিনিখন আসন বিৰোধীৰ বাবে মুকলি হৈ আছে। ধুবুৰী, নগাওঁ আৰু কৰিমগঞ্জক বাদ দি বিৰোধীৰ কোনো আশা নাই। মৌলানা বদৰুদ্দিন আজমলক ভোটাৰ ৰাইজে সন্মান কৰে। সেইবাবে কংগ্ৰেছৰ বাবে সেই আসনখন প্ৰত্যাহ্বানজনক। অকল নগাওঁ আৰু কৰিমগঞ্জতে কংগ্ৰেছে কিছু যুঁজ দিব। কৰিমগঞ্জত আজমলৰ দলৰ স্তিতি ভাল। বিজেপিও তাত মজবুত। তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’লে তাত কংগ্ৰেছৰ জয়ৰ সম্ভাবনা ৩৩%। কংগ্ৰেছৰ বাবে সকলোতকৈ সুবিধাজনক আসন হ’ল নগাওঁ। নগাওঁত প্ৰায় ৬০% মুছলমান আছে। পূৰ্ব বংগীয় মুলৰ মুছলমানৰ মাজত ভোটদানৰ হাৰ অধিক। সেইবাবে ভোটদানৰ পিছত মুছলমানৰ ভোট প্ৰায় ৭০% হ’ব। কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ মাজত উলম্ব ভোট বিভাজন হ’লেও কোনো এটা দলে ৩৫% ৰ কম ভোট নাপায়। বিজেপিয়ে যিকোনো প্ৰকাৰে চেষ্টা কৰিলেও নগাওঁ দখল কৰিব নোৱাৰে। নগাওঁৰ পৰা গৌৰৱ গগৈয়ে কংগ্ৰেছৰ টিকট লাভ কৰাটো প্ৰায় নিশ্চিত। আজমলে যদি আমিনুল ইছলামৰ দৰে এজন শক্তিশালী মুছলমান প্ৰাৰ্থী দিয়ে তেন্তে গৌৰৱৰ জয় সহজ নহ’ব। মুছলমান সম্প্ৰদায়ৰ লোকসকলে নিজৰ মাজৰে এজনক ভোট দিব বিচাৰিব। সেই কথা বুজিয়েই গৌৰৱ গগৈয়ে আজমলৰ লগত আৰম্ভ কৰিiছে আলোচনা। এজন দুৰ্বল প্ৰাৰ্থী নগাওঁত দিবলৈ ‍আজমলক বাৰে বাৰে অনুৰোধ কৰা হৈছে। আনফালে মুখ্যমন্ত্রীৰো আজমলৰ লগত ভাল। মুখ্যমন্ত্রীয়ে গৌৰৱৰ দিল্লী যাত্রা ৰুদ্ধ হোৱাটো বিচাৰে। তেওঁ আজমলক এজন শক্তিশালী প্ৰাৰ্থী দিবলৈ অনুৰোধ কৰিছে। এতিয়া আজমলৰ দুয়োখন হাততে লাড়ু । কোনটো খায় আৰু কোনটো এৰে এয়া কিছুদুনৰ ভিতৰত স্পষ্ট হ’ব।