উচ্চতম ন্যায়ালয়ত ‘কা’ বাতিল হ’ব নেকি?

1844

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


“কেব” ভাৰতৰ দুয়োখন সদনত গৃহিত  হ’ল। বিজেপিৰ লগতে অগপ, জনতা দল (ইউনাইটেড), বিজেডি, এ.আই.দি.এম.কে আদিয়ে সমৰ্থন কৰিলে। কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দল, ডি.এম.কে আদিয়ে বিৰোধ কৰিলে। কেব গৈ আইনত পৰিণত হৈ ‘কা’ হ’ল। অসমকে ধৰি বহু ঠাইত মানুহে প্ৰতিবাদ কৰিলে। বহুকেইখন আবেদন উচ্চতম ন্যায়ালত পৰিল ‘কা’ বাতিল কৰিবলৈ। উচ্চতম ন্যায়ালয়ে আইনখন stay নকৰিলে যদিও চৰকাৰলৈ জাননী প্ৰদান কৰিলে। জানুৱাৰী মাহৰ ২২ তাৰিখে ইয়াৰ পৰবৰ্তী শুনানি হ’ব। প্ৰতিবাদ, সমদল আদি চলি থাকিব যদিও আচল যুঁজখন হ’ব ন্যায়ালয়ত। ন্যায়ালয়ে আইনখনৰ ওপৰত যি সিদ্ধান্ত লয় তাক সকলোৱে মানি লোৱাৰ বাহিৰে গত্যন্তৰ নাই। আইনজ্ঞ সকলোৰো আইনখনকলৈ আছে দুটা মত। এচামে কয় যে আইনখন উচ্চতম ন্যায়ালয়ে বাতিল কৰিব কিন্তু আন কিছুমানৰ মতে আইনখন সম্পূৰ্ণ বৈধ।
‘ কা ‘ ই ভাৰতৰ সংবিধানৰ মুল ভাবনাক আঘাত কৰিছে
ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত সকলো ধৰ্মৰ লোকে সমান মৰ্য্যাদা আৰু সমান অধিকাৰ পায়। “কা” ৰ জড়িয়তে ২০১৪ চনৰ আগত পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা হিন্দু, জৈন, বুদ্ধ, খ্ৰীষ্টান আৰু পাৰ্চী ধৰ্মৰ মানুহে নাগৰিকত্ব পাব কিন্তু ইছলাম ধৰ্মৰ মানুহে নাপায়। অকল ইছলাম ধৰ্মৰ মানুহক বাহিৰত ৰখা এই আইনখন কেনেকৈ ধৰ্ম-নিৰপেক্ষ হ’ব পাৰে? সেইবাবে এই আইনখনে ভাৰতৰ সংবিধানৰ মুল ভাবনাক আঘাত কৰিব। তাৰোপৰি প্ৰশ্ন উঠিব শ্ৰীলংকা , নেপাল আদি দেশৰ পৰা অহা মানুহক এই আইনখনে কিয়  সামৰি লোৱা নাই। সেইবাবে উচ্চতম ন্যায়ালয়ে এই আইনখন বাতিল কৰিব।
‘ কা ‘ বাতিল হোৱাৰ কোনো সম্ভাবনা নাই
বহু ৰাইজে আশা পালি আছে যে “কা” উচ্চতম ন্যায়ালয়ে বাতিল কৰিব। হৰিশ চালভেকে ধৰি কিছুমান অধিবক্তাই কিন্তু তেনেদৰে নাভাবে। “কা” ভাৰতৰ শৰনাৰ্থী আইন নহয়। “কা” ৰ জড়িয়তে কেবল এটা লজিকেল গ্ৰুপ যেনে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা অল্পসংখ্যক লোকক সামৰি লোৱা হৈছে। ঐতিহাসিক ভাবে এই তিনিখন দেশৰ লগত ভাৰতৰ সম্বন্ধ আছে। এই আইনখনে যদিও এই তিনিখন দেশৰ মুছলমান মানুহক নাগৰিকত্ব দিয়াৰ আওতাৰ বাহিৰত ৰাখিছে তথাপিও কিন্তু মুছলমান মানুহে ভাৰতত নাগৰিকত্ব বিচৰাৰ দুৱাৰখন বন্ধ কৰা হোৱা নাই। ভাৰতত যিকোনো মুছলমান মানুহে শৰনাৰ্থী আইনৰ অধীনত নাগৰিকত্ব বিচাৰিব পাৰে। কিন্তু “কা” জড়িয়তে অন্য এটা সমস্যা সমাধান কৰাত গুৰুত্ব আৰোপ কৰা হৈছে বাবে মুছলমানক ইয়াত ৰখা হোৱা নাই। সেইবাবে এই আইনখন সম্পূৰ্ণ ধৰ্ম-নিৰপেক্ষ।
এতিয়া উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত  ল’ব কাৰ যুক্তিত কিমান শক্তি আছে।