মই কিয় নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰো…একান্তই ব্যক্তিগত

3017
  • নুপূৰ দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


 প্ৰথম কথা আমি শিক্ষাবিদ বা বুদ্ধিজীবী নহয়, মোৰ বৰ দেউতা(স্বৰ্গীয় নৰেন দত্ত) বামপন্থী নেতা আৰু নলবাৰীৰ এসময়ৰ বিধায়ক আছিল ; মোৰ দেউতা(স্বৰ্গীয় শ্যাম সুন্দৰ দত্ত),মাজু-দেউতা(স্বৰ্গীয় ৰমেশ চন্দ্ৰ দত্ত) ৰ লগতে ঘৰৰ প্ৰায়বোৰেই এই আদৰ্শত বিশ্বাসী । জনা হোৱাৰ পৰাই সমাজৰ একাংশই লেই লেই-ছেই ছেই কৰা দেখিছো । এমাহত কৈ অধিক সময় ধৰি আমাৰ ঘৰ ঘেৰাও কৰা হৈছিল( ৰিণিকি-ৰিণিকি মনত পৰে) । ঘেৰাও কৰা মানুহৰ অশ্লীল গালি নুশুনিবলৈ দেউতাই কানত আটা মাৰি সোপা দিছিল । ঘৰখন পুলিচ চাউনীলৈ ৰূপান্তৰ হৈছিল । আমাৰ অসমীয়াৰ জাতীয় উৎসৱ মাঘ বিহুৰ সময়ত ঘটা এটা ঘটনা আজিও মনত আছে । উৰুকাৰ নিশা আমাৰ ঘৰত হেণ্ডগ্ৰেনেড পেলোৱা হৈছিল । ঘৰৰ ওচৰৰ চিনাকী দাদা এজনে আমাৰ গোহালীৰ ওচৰতে থকা খেৰৰ পুজি এটা দিনদুপৰতে জ্বলাই দি ‘ জাতি দ্ৰোহী হুছিয়াৰ , জয় আই অসম ‘ দিছিল । আত্মীয় আৰু ৰাইজৰ পৰা শুনিছিলো নিৰঞ্জন তালুকদাৰক মাকৰ কোলাৰ পৰা টানি নি কাটি টুকুৰ কৰা হৈছিল হেনো । অসম আন্দোলনৰ ভয়াবহ অভিজ্ঞতা মনত আছে । সৰু থাকোতে বহুত মেল মিটিঙলৈও গৈছো আত্মীয়ৰ লগত । বামপন্হী আদৰ্শৰ প্ৰতি এইকাৰণেই আগ্ৰহী হৈ নুঠিলো কাৰণ মোৰ যৌবন মনটোৱে বিচাৰি নেপালে বামপন্থী আদৰ্শত ভাৰতীয় আদৰ্শৰ গ্ৰহণ যোগ্যতা । মই বাও আদৰ্শৰ লগতে কোনো ৰাজনৈতিক বিশ্লেষণ থকা পাঠ্যপুথি অধ্যয়ন কৰা নাই । যিখিনি জানিছো সেয়া দেখি শুনিয়েই শিকিছো । সকলো দেশৰেই এক সুকীয়া আৰু নিজস্ব আদৰ্শ লগতে ধৰ্মীয় পন্থা থাকে যিটোক সকলো নাগৰিকে অনুকৰণ কৰে । কিন্তু আতি দুৰ্ভাগ্যৰ কথা যে ভাৰতীয় আদৰ্শ আৰু সনাতন ধৰ্ম পৃথিৱীৰ ভিতৰতেই পুৰণি আৰু চহকী হৈও আজি উপেক্ষীত । কাৰণ হয়তো লেতেৰা ৰাজনীতি আৰু মুখ্যত একাংশ ধৰ্ম গুৰুৰ কু পৰিচালনা আৰু নিজৰ মাজতেই খোৱা-কামোৰা । জাতি-ভেদ প্ৰথাই ভাৰতৰ সভ্যতা সংস্কৃতিৰ বিকাশ ক্ষীপ্ৰ হোৱাৰ বাধাৰ প্ৰাচীৰ হৈছে । বহুতে ক’ব খোজে আজিৰ দৰে আধুনিক যুগত ধৰ্মৰ কোনো প্ৰয়োজন নাই । ময়ো তেনেকৈয়ে ভাবিচিলো ।কিন্তু সময় বাগৰাৰ লগে লগে এটা কথা উপলব্ধি কৰিলো যে ধৰ্মীয় চেতনা এজন অচিনা অভিভাৱকৰ দৰেই । যিয়ে আমাক বহু সময়ত বহু অলাগতীয়াল কাম আৰু চিন্তাৰ পৰা দূৰৈত ৰাখে । যি কি নহওক আকৌ আহিছো আন্দোলন প্ৰসংগলৈ । হৈ যোৱা আন্দোলনবোৰে কি দিলে নাজানো কিন্তু অসমীয়াৰ মাজত অলপ হলেও বিভেদ আনিছে । লাগিলে সি ৰাজনৈতিক চিন্তাধাৰাৰেই হওক বা অৰাজনৈতিক চিন্তাধাৰাৰেই হওক ; সমস্যা সমাধান কৰিব নোৱাৰিলে , সৃষ্টি কৰিলে মন্ত্ৰী বিধায়ক ।অসমত বিদেশীৰ সমস্যাটো অলপ বেছিকৈ গা কৰি উঠিছে কাৰণ সীমামুৰীয়া অঞ্চল খিনিত যিমানখিনি চৰকাৰে কৰিব লাগিছিল সিমানখিনি কৰা নাই । চৰকাৰ মনে মনে থাকিলে দল-সংগঠনবোৰো মনে মনে থাকে লগতে ৰাইজো । যাৰ বাবে সমস্যাটোৱে বৃহৎ আকাৰ ল’লে । এইবাৰো যেতিয়ালৈকে সংসদত উচ্চাৰিত হোৱা নাছিল (যদিওবা মুখপত্ৰত উল্লেখ হৈছিল) তেতিয়ালৈ হাহাকাৰ নাছিল । কিছু নেতা আৰু বুদ্ধিজীৱীৰ দুমূখীয়া চৰিত্ৰই অসমৰ মানুহৰ বিৰক্ত কৰাও এক পৰিবেশ উদ্ভৱ হৈছে । আৰু দেখা যায় যে ৰাজনৈতিকভাবে গম্ভীৰ সমস্যা অথচ সাধাৰণ জনতাই সমাধান কৰিব নোৱাৰে সেইবিলাক সমস্যাতেই সাধাৰণ জনতা সকলোতকৈ বেচি ব্যৱহাৰ হৈ আহিছে । সকলোৱেই দেশ- জাতিৰ কথা চিন্তা কৰে কিন্তু নিজা নিজাকৈ ।কোনেও যেন একত্ৰিত হৈ দেশৰ জাতিৰ কথা চিন্তা কৰাটো এটা অপৰাধহে । ঘৃণাৰ কাৰণ নেতা বিলাকৰ চৰিত্ৰৰ কাৰণেও বাঢ়ি গৈ থাকিল । অনুভব কৰিলো ৰাজনীতি মানেই অবৈধ ধন আহৰণৰ বৈধ পন্থা । যিখন দেশত সত্তৰ শতাংশ মানুহ দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰে সেইখন দেশত প্ৰতি পাঁচ বছৰৰ মুৰে মুৰে কাগজ আৰু ৰছীত কৌটি কৌটি টকা খৰচ কৰা হয় । যিকোনো ধৰ্মীয় উৎসৱৰ নামত অকল ঠিকাদাৰ বা মধ্যভোগীৰ স্বাৰ্থত কৌটি কৌটি টকা চৰকাৰীভাবে খৰচ কৰা
হয় । ভোট দিবলৈও টান লাগে তথাপি ভোটৰ দিনাখন আঙুলিত চিয়াঁহী লগাই ফেচবুকত ফটো দিওঁ । সকলোৱেই একে তথাপি দেশ যিহেতু এই পদ্ধতিতেই চলে গতিকে যিটো দল জয় হোৱাৰ সম্ভাৱনা থাকে তাকে ভোট দিবলৈ চেষ্টা কৰো । দেশখন চলিবলৈ হ’লে ৰাজ্যৰ গুৰুত্বও লাগিব আৰু ৰাষ্ট্ৰীয় গুৰুত্বও লাগিব আৰু এইটোও বুজিলো যে যিবিলাক সমস্যাৰ কাৰণে দেশখন বছৰ বছৰ ধৰি জ্বলি থাকিল সেইবিলাক সমস্যাৰ কিছু এৰা ধৰাৰ মাজেদি হলেও অন্ত পৰিব লাগে । মই কোৱা নাই যে মই ‘নাগৰিকত্ব সংশোধনী আইন ‘কা ‘ সমৰ্থন কৰিছো কাৰণে অন্যইও সমৰ্থন কৰিব লাগিব । মোক মাথো এটা কথাই লাগে সমস্যা যাতে দীঘলীয়া নহয় । ইয়াৰ পাছত আৰু নহ’ব ; আৰু অসমে পিছুৱাই যাব নোৱাৰে । কাৰণ চাওতে চাওতে ব্যৱসায় বাণিজ্যৰ লগতে অসমৰ মাটি বাৰীও বহিৰাগতৰ হাতত গ’ল বা গৈ আছে । সমস্যাৰ অন্ত হওঁক কিন্তু কিছুমান নিৰ্দ্দিষ্ট চৰ্তাৱলীৰ মাজেৰে , চৰ্ত্ত কি কি থাকিব সেইয়া বিজ্ঞবিলাকে থিক কৰক । মুঠতে সমস্যাৰ অন্ত হওক । দেশত এটা আন্দোলনৰ প্ৰয়োজন হৈছে , সেয়া হৈছে জাতি-ভেদ প্ৰথাৰ বিলুপ্তিৰ আন্দোলন , দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন । ইয়াৰ বিপৰীতে সময়ে সময়ে জাতিক লৈ লেতেৰা ৰাজনীতিহে চলি আছে । সময় বিচাৰ কৰিব ৰাজনীতি আৰু ৰণনীতিৰ প্ৰকৃত স্বৰূপ ।