উত্তৰ প্ৰদেশত পুনৰ যোগী, অমিত শ্বাহৰ বিপদ

811

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


২০১৪ চনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্রীৰ আসন অধিষ্ঠিত হোৱাৰ পিছত দেখা গৈছে যে বিজেপিয়ে লোকসভাৰ নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰিলেও, বিধানসভাৰ প্ৰদৰ্শন নিৰাশাজনক। ২০১৯ৰ লোকসভাত চমকপ্ৰদ প্ৰদৰ্শন কৰা দিল্লী, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে। বহুতো হৈ চৈ কৰাৰ পিছতো পশ্চিমবংগত মুখ ঠেকেছা খালে। বিহাৰ আৰু হাৰিয়ানাত বিজেপিৰ মিত্রজোঁটৰ সহায়ত অতি কষ্টেৰে চৰকাৰ গঠন হ’ল যদিও প্ৰদৰ্শন ২০১৯ ৰ তুলনাত বেয়া। একমাত্র ব্যতিক্ৰম অসম। ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক বিচক্ষনতাৰ সন্মুখত কংগ্ৰেছে ইয়াত যুদ্ধ দিব নোৱাৰিলে। ২০২২ চনত বিজেপিৰ আন এজন জনপ্ৰিয় মুখ্যমন্ত্রীৰ অগ্নিপৰীক্ষা। তেওঁ হ’ল যোগী আদিত্যনাথ। লোকসভাৰ নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ ফলাফলৰ এটা অন্যতম কাৰণ হ’ল দলটোৰ ৰাষ্ট্ৰবাদী চৰিত্র। মোদীক ভাল পোৱা মানেই দেশক ভাল পোৱা_ এনে এটা ধাৰণা বিজেপিয়ে জনমানসত দিব বিচাৰে আৰু তেওঁলোক বহু ক্ষেত্রত সফল হৈছে। কিন্তু বিধানসভাৰ নিৰ্বাচনত এই ফেক্টৰে কাম নিদিয়ে। উল্টা বহু ক্ষেত্রক আঞ্চলিক দলবিলাকে নিজৰ সপক্ষে এটা লোকেল ব্ৰেণ্ডৰ চেহেৰা ডাঙি ধৰে। দিল্লী আৰু পশ্চিমবংগত বিজেপিৰ পৰাজয়ৰ কাৰণ এয়াই। এজন শক্তিশালী ৰাজ্যিক চেহেৰা অবিহনে বিজেপিৰ যুদ্ধ ফলপ্ৰসু নহয়। উত্তৰ প্ৰদেশৰ কথা সুকীয়া। ইয়াৰ মুখ্যমন্ত্রী জন বিজেপিৰ অঘোষিত ৩ নম্বৰ স্থানত আছে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ পিছতে যোগী আদিত্যনাথ বিজেপিৰ সকলোতকৈ শক্তিশালী চেহেৰা বুলি বহুতে কয়। ইয়াৰ ওপৰি নৰেন্দ্ৰ মোদীৰো গৃহ সমষ্টি ৱাৰানসীয়ো উত্তৰ প্ৰদেশত। যোৱাবাৰ মোদীৰ চেহেৰাত নিৰ্বাচন খেলি দলটোৱে ৩০০ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰ মোদীৰ লগতে আছে যোগীৰ চেহেৰা। যোৱা ৫ বছৰত কৰা কিছুমান কাম যেনে মাফিয়া এনকাউন্টাৰ, ৰাম মন্দিৰ নিৰ্মান, কাশী কৰিডোৰ উদ্ধোধন, মেডিকেল কলেজ নিৰ্মান , ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন আদি যোগীৰ সপক্ষত আছে। আনহাতে নিবনুৱা সমস্যা, কৰোনাৰ সময়ত অক্সিজেনৰ অভাবত মৃত্যু আৰু কৃষক আন্দোলনে যোগীক কিছু অস্বস্তিত পেলাব পাৰে। নিৰ্বাচনত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী হ’ব সমাজবাদী দল। ২০১৭ত কংগ্ৰেছ ৰ লগ লাগি আৰু ২০২৯ত বহুজন সমাজ পাৰ্টীৰ লগ লাগিও অখিলেশে বিজেপিক পৰাজিত কৰিব নোৱাৰিলে। এইবাৰ অখিলেশে বাচি লৈছে কেইটামান সৰু সৰু দল যাৰ লগত তেওঁ মিত্রতা কৰিছে। কিন্তু সমাজবাদীৰ পথ খুব কঠিন। উত্তৰ প্ৰদেশত খেলাখন হয় জাত পাতৰ। বিজেপিৰ সপক্ষে আছে উচ্চ বৰ্ণৰ ভোটাৰৰ লগতে যাদবক বাদ দি আন পিছপৰা শ্ৰেণীৰ লোক। যাটব সকলক বাদ দি আন দলিত সকলো বিজেপিৰ লগত আছে। সমাজবাদীৰ লগত আছে মুছলমান আৰু যাদব ভোটাৰ। এইখিনি ভোটাৰ যোৱা দুটা নিৰ্বাচনটো অখিলেশৰ লগত আছিল। ২০১৯ত বিজেপিয়ে উত্তৰ প্ৰদেশত প্ৰায় ৫০% ৰ ওচৰত ভোট লাভ কৰে। বিজেপিক পৰাজিত কৰিবলৈ হ’লে অখিলেশে প্ৰায় ২০% বিজেপিৰ ভোট নিজৰ ফালে চুইং কৰাব লাগিব। এয়া প্ৰায় অসম্ভব। কৰোনাৰ বাবে নিৰ্বাচনত বহু দেৰি নহ’লে আৰু ৰাজনৈতিক দৃশ্যপতৰ কিবা আমোল পৰিবৰ্তন নহ’লে যোগী আদিত্যনাথ পুনৰ মুখ্যমন্ত্রী হোৱাটো নিশ্চিত। ই বিজেপিৰ বাবে ভাল খৱৰ হ’লেও অমিত শ্বাহৰ বাবে নহয়। এই জয়ৰ পিছতে যোগী অমিত শ্বাহক অতিক্ৰম কৰি বিজেপিৰ দ্বিতীয় শক্তিশালী নেতা হৈ পৰিব।