কুলদীপ নায়াৰৰ কলমৰ শেষ চিয়াঁহীত অসম…

1935
  • উদিপ্ত সিদ্ধাৰ্থ

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


লোকজীৱনৰ পৰা অতি নীৰৱে আঁতৰি যোৱা কুলদীপ নায়াৰ  অসমৰ প্ৰতিজন মানুহৰ কাৰণে এটা  চিনাকি নাম । অসমৰ  মানুহে নিজৰ ৰাজ্যৰ বহু মুখ্যমন্ত্ৰীৰ নাম পাহৰি গ’লেও কিন্তু   কুলদীপ নায়াৰৰ নামটো  চিৰদিনে আপোন যেন অনুভব কৰে ।  অসমৰ বাতৰি কাকতসমূহতো তেওঁৰ মৃত্যুৰ বাতৰি প্ৰথম পৃষ্ঠাতে  প্ৰকাশিত হৈছে । সমুজ্জ্বল ভট্টাচাৰ্য্যৰ পৰা আৰম্ভ কৰি প্ৰদীপ বৰুৱালৈ বিভিন্নজনে নিজস্ব অভিব্যক্তিৰে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি  নিবেদিছে । প্ৰসংগক্ৰমে তেওঁলোক আটায়ে ৰোমন্থন কৰিছে  অসমৰ  সৈতে সংযুক্ত হৈ থকা  নায়াৰদেৱৰ অলেখ  সম্পৰ্কৰ স্মৃতি । সমুজ্জ্বল ভট্টাচাৰ্য্যৰ ভাষ্য অনুসৰি জাতিৰ দুৰ্যোগৰ সময়তে  আছুৱে এজন অভিভাবক হেৰুৱালে ।  প্ৰতিজন অসমীয়াকে আবেগিক কৰি যোৱা  কথাটো হ’ল এয়ে যে নায়াৰদেৱৰ জীবনৰ শেষ লেখাটোও আছিল অসম আৰু উত্তৰ পুৰ্বাঞ্চলৰ সমস্যা সম্পৰ্কীয় । ২৩ আগষ্টৰ নিশা প্ৰায় ১২ বাজি ৩০ মিনিটত দিল্লীৰ ইচকোৰ্ট হস্পিতালত  তেখেতৰ দেহাবসান হয়  আৰু তাৎপৰ্য্যপুৰ্ণভাবে তেওঁৰ মৃত্যুৰ দিনাখনেই দৈনিক ইংৰাজী বাতৰি কাকত ‘লোকমত টাইমচ’ ৰ নাগপুৰৰ  সংখ্যাত উল্লিখিত নিবন্ধটো প্ৰকাশিত হৈছিল।। প্ৰেছ ট্ৰাষ্ট অ’ব ইণ্ডিয়া চমুকৈ পিটিআইৰ তথ্যমতে মৃত্যুৰ মাত্ৰ কিছু ঘন্টা পূর্বেহে তেওঁ এই লেখাটো লেখিছিল । ৯৫ বছৰ বয়সত ভৰি দিওঁ অসমৰ পৰা হাজাৰ কিলোমিটাৰ নিলগত থকি এজন ব্যক্তিৰ অসম প্ৰেম অসমীয়া জাতিয়ে অকল মনত ৰখাই নহয় , মৰণোত্তৰভাবে হ’লেও উচিত মৰ্য্যদা দিয়া প্ৰয়োজন । কাৰণ কুলদীপ নায়াৰ এজন সাংবাদিক বা বুদ্ধিজীবি নাছিল , তেওঁ নিজৰ মাজত নিজেই আছিল এটা অনুস্থান ।