পাকিস্তানৰ জালত সিদ্ধু

1943

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


পাকিস্তানৰ নতুন প্ৰধান মন্ত্রী ইমৰান খানৰ শপত গ্ৰহণ অনুস্হানলৈ নিমন্ত্রন জনোৱা হৈছিল ভাৰতত ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ, কপিল দেৱ আৰু নৱজোত সিং সিদ্ধুক। নিমন্ত্রন ৰক্ষা কৰি পাকিস্তান পালেগৈ সিদ্ধু, গাভাস্কাৰ আৰু কপিল দেৱ ন’গল। ভাৰতৰ একমাত্র প্ৰতিনিধি হিচাপে উপস্হিত হৈ পাকিস্তানত  বহুতো আদৰ সাদৰ পালে তেখেতে।
   এইখিনিলৈ সকলো থিকে আছিল।  কিন্ত্ত শপত গ্ৰহণ অনুস্হানত পাকিস্তানৰ সেনাধ্যক্ষ মেজেৰ জেনেৰেল বাজৱাক আলিংগন কৰি বাজৱাৰ কাষতে আসন গ্ৰহণ কৰা কাৰ্য্যত হতবাক হ’ল ভাৰতৰ জনতা। যি সময়ত পাকিস্তানৰ সেনাৰ প্ৰৰোক্ষ সমৰ্থন পুস্ত সন্ত্রাসবাদীৰ আক্ৰমনত ভাৰতৰ সেনাই জীবন বলিদান দিব লগীয়া হৈছে, সেই সময়ত সিদ্ধুৰ দৰে নেতাৰ এনে কাৰ্য্যত গৰিহণা দিছা গোটেই দেশে। সিদ্ধুৰ পৰিচয় অকল প্ৰাক্তন ক্ৰিকেটাৰে হৈ থকা নাই তেওঁ পঞ্জাবৰ এগৰাগী দায়িত্বশীল মন্ত্রীও। আনকি পঞ্জাবৰ মুখ্যমন্ত্রী কেপ্টেইন অমৰিন্দৰ সিংএ সিদ্ধুৰ এই কাৰ্য্যক সমালোচনা কৰিছে। ভাৰতলৈ আহি সিদ্ধুএ এখনৰ পিছত আনখন সংবাদমেলৰ অায়োজন কৰিছে। নিজক বচাবলৈ গৈ সিদ্ধুৱে যিবিলাক কথা কৈছে সেয়া আৰু বেছি বিপদ জনক। সিদ্ধুৱে নিজকে শান্তিৰ দূত হিচাপে অভিহিত কৰি ভাৰত আৰু পাকিস্তানৰ মাজত বন্ধুত্বৰ পোষকতা কৰিছে। তেওঁৰ মতে পাকিস্তানে ভাৰতৰ লগত শান্তি বিচাৰে। পাকিস্তানত তেওঁ যিমান আদৰ সাদৰ পালে সিমান ভাৰততো পোৱা নাছিল। সিদ্ধুৰ বক্তব্যৰ পৰা এনে লাগে যেন পাকিস্তান ভাৰতৰ লগত মৈত্রী সম্পৰ্ক গঢ়াৰ বাবে সদা আগ্ৰহী। ভাৰতেহে বন্ধুত্বৰ দৰ্জাখন বন্ধ কৰি ৰাখিছে। সিদ্ধুৱে পাহৰি গ’ল তেওঁ পাকিস্তানলৈ গৈছিল ব্যক্তিগত ভ্ৰমনত, তেওঁৰ কোনো অধিকাৰ নাই ভাৰতৰ বিদেশ নীতিৰ ওঁপৰত নিৰ্ণয় লবলৈ। তাৰোপৰি এটা কথা মনত ৰখা ভাল যে সেনাৰ কথা মতে চলা ইমৰান খানে বিচাৰিলেও শান্তি সম্ভব নহয় যেতিয়ালৈকে পাকিস্তানে সন্ত্রাসবাদক সমৰ্থন কৰা বন্ধ নকৰে। অদুৰ ভবিষ্যতে পাকিস্তানৰ সেনাই ভাৰতত সন্ত্রাসবাদ বন্ধ কৰাৰ কোনো আভাস আমি পোৱা নাই। সিদ্ধুৰ এই দুঃসাহসক পাকিস্তানে নিজৰ লাভৰ কাৰণে ব্যবহাৰ কৰিছে। ইমৰান খানে সিদ্ধুৰ সমৰ্থনত টুইট কৰি কৈছে যে “I want to thank Sidhu for coming to Pakistan for my oath taking. He was an ambassador of peace & was given amazing love & affection by ppl of Pakistan. Those in India who targeted him are doing a gt disservice to peace in the subcontinent – without peace our ppl cannot progress”
  সিদ্ধুৰ ঘটনাটোৰ গইনা লৈ নিজকে শান্তিৰ সপক্ষে বুলি আন্তঃ ৰাষ্ট্ৰীয় স্তৰত প্ৰচাৰ চলালে ইমৰানে। জানিয়ে বা নাজানিয়ে ইমৰানৰ জালত ফচি গ’ল সিদ্ধু।