বিশ্ব গুৰুৰ আসন পুনৰ দখল আৰু ভাৰতীয় সভ্যতাৰ পুনৰুদ্ধাৰঃ

1651

ডা: উৎসৱ ডেকা


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


 আমাৰ আদি পুৰুষসকলৰ বিজ্ঞান সন্মত বিশ্বাস আৰু দৃষ্টিভংগী, অভূতপূৰ্ব কাৰুকাৰ্য – বিশ্বৰ আন প্ৰান্তৰ সভ্যতাৰ দ্বাৰা ফেৰ মাৰিব পৰা বিধৰ নাছিল; পৰাজয়তো সুদূৰ পৰাহত। সেয়েহে, প্ৰায় সকলো বহিৰাগতই চিধাই ধ্বংস কিম্বা বশ কৰাৰ পন্থা অৱলম্বন কৰিছিল ।
 আজি হিন্দুসকল স্বদেশতে স্বকীয়তা অক্ষুন্ন ৰক্ষাৰ সংগ্ৰামত ব্ৰতী হ’বলৈ বাধ্য হৈছে । এয়া নিতান্তই দুঃখজনক। প্ৰায়বোৰ আক্ৰমণকাৰী কিম্বা অনুপ্ৰৱেশকাৰী বহিৰাগতই আমাক লুণ্ঠন কৰিলে, অত্যাচাৰ চলালে, হত্যা কৰিলে, লুটপাট কৰিলে, ধ্বংস কৰিলে, ধৰ্ষণ কৰিলে,  আমাৰ নিজস্ব ধৰ্ম-কলা-সংস্কৃতি-সংস্কাৰ নিঃশেষ কৰি হুৰমূৰকৈ সিহঁতৰ নিজৰবিলাক(ফোঁপোলা) বলপূৰ্বকভাৱে অথবা কৌশলপূৰ্ণভাৱে ইয়াত প্ৰতিষ্ঠা কৰিলে । গতিকে হিন্দুত্বৰ জাগৰণ এই ভূমিততো কাহানিবাই হ’ব লগা আছিল । হাজাৰ হাজাৰ বছৰ ধৰি শুপ্ত আগ্নেয়গিৰিৰ ৰূপ লৈহে আছিল ।
 Hinduism is the indigenous civilisation and culture (not merely religion) of this land, the once undivided Bharatbarsh. Indigenous identity is jeopardised because of torture from infiltrators and converts. That is the reason of what is happening now.
 প্ৰতিজন সচেতন হিন্দু ধৰ্মাৱলম্বীৰ মনোজগতত, প্ৰজন্মৰ পিছত প্ৰজন্মৰ অন্তৰ-মন-মগজত শতিকা শতিকাজুৰি উমি উমি জ্বলি থকা অগ্নিশিখাৰ এয়া পূৰ্ণাঙ্গ ৰূপত বহিঃপ্ৰকাশৰ প্ৰাৰম্ভণি: আজিৰ হিন্দুত্বৰ দাবানল। কিন্তু অবিশ্বাস্য: সৃষ্টিস্হলতে নিৰ্বাপনৰ ব্যৰ্থ প্ৰয়াস ।
 শুপ্ত, লুপ্ত, বিলীন স্বকীয়তা আৰু স্বধৰ্ম পুনৰুদ্ধাৰৰ প্ৰচেষ্টা: এয়াতো কাহানিবাই হ’ব লগা আছিল। এয়া মাত্ৰ স্বগৃহত নিজস্বতা আৰু নিজৰ অধিকাৰ পুনঃপ্ৰতিষ্ঠাৰ সংগ্ৰাম ।
 এই ভূমিৰ  সভ্যতা-সংস্কৃতি অৰ্থাৎ হিন্দুত্বৰ পুনৰুত্থান আৱশ্যম্ভাৱী।
ইয়াততো কোনোৱে প্ৰতিবাদীৰ শব্দ উচ্চাৰণ কৰিবৰ অৱকাশ থাকিবই নালাগে, অন্তৰত দুঃখ পাব লগা নাই, মনত আঘাত পাব লগা নাই ।
 আমাৰ হাজাৰ হাজাৰ বছৰৰ অক্লান্ত সাধনা, তীক্ষ্ণ মেধাৰে গঢ়া সকলো অতুলনীয় সম্পদৰ প্ৰায়েই কালৰ বুকুত জাহ গ’ল। Detachment, an irreparable vast gap of thousands of years crippled our golden heritage and treasures.
 স্বকীয়তা আৰু স্বধৰ্ম বিসৰ্জনতো দিব নোৱাৰি। পৰম্পৰাগত ধ্যান-ধাৰণৰ বাস্তৱসন্মত আৰু ফলপ্ৰসুখিনি চালি-জাৰি চাই চেকনীত চেকি ৰাখি আধুনিক/আমদানিকৃত সভ্যতা- সংস্কৃতিৰ সুউপাদানসমূহৰ সংমিশ্ৰণ ঘটাই আজিৰ ন ভাৰতবৰ্ষ গঢ়াৰ সময় ।