পাগলদিয়াত ৰক্তস্ৰোত – দ্বিতীয় খণ্ড

1583
ৰমণী বৰ্মন, প্ৰাক্তন শিক্ষা মন্ত্ৰী , অসম চৰকাৰ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


সহস্ৰ প্ৰশ্নৰ উত্তৰ বিচাৰিলে ক্ষোভিত, ভয়াৰ্ত ৰাইজে। প্ৰত্যেকবাৰেই এই নিপীড়ন, এই নিৰ্যাতনৰ বলি হয় গাওঁসমূহৰ নিৰীহ জনসাধাৰণ। অসম আন্দোলনৰ সেই কৰুণ ঘটনাৱলী গাওঁসমূহৰ ডেকা-গাভৰুৰ জীৱন বলিদানৰ কাহিনী কলমৰ চাতুৰীৰে হয়তো বৰ্ণিত হ’ব বিভিন্ন ধৰণে। ‘৮৩ৰ নিৰ্বাচনৰ প্ৰতিৰোধ আন্দোলনৰ সময়তো আমি নিজে সন্মুখীন হোৱা সেই মুহুৰ্তসমূহৰ বৰ্ণনা ইয়াত নিস্প্ৰয়োজন। কিন্তু ভাবিলে আচৰিত লাগে কোনে কেনেকৈ গাঁৱৰ নিৰীহ জনসাধাৰণক পুলিচৰ গুলীৰ সন্মুখীন কৰোৱাইছিল। একমাত্র ৰাজনৈতিক লাভালাভৰ বাবেই নাছিল যানো?
বহু কথাই ক’ব পাৰি। ক’ব লগাও আছে, পিছে আমি আজি এতিয়া অন্য কথালৈ নগৈ বৰ্তমানৰ মূল প্ৰশ্নলৈ ঘূৰি আহিব বিচাৰিছো। ৯২ত পোন প্ৰথমবাৰৰ বাবে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ একপক্ষীয় যুদ্ধ-বিৰতিৰ ঘোষনা আৰু চৰকাৰৰ লগত আলোচনাৰ ইচ্ছা প্ৰকাশৰ বাতৰিটো সমগ্ৰ অসমবাসীৰ বাবে আছিল দীৰ্ঘদিন ধৰি আন্ধাৰৰ মাজত থাকি এক উজ্জ্বল পোহৰৰ জিলিকনি দেখাৰ দৰে। হিংসা বিদ্বেশত বিশ্বাস নকৰা সেইসকল সহজ-সৰল সৰ্বসাধাৰণ লোকে অনুভৱ কৰিছিল শ্বাসৰুদ্ধ পৰিবেশৰ পৰা উদ্ধাৰ পোৱাৰ এক জিলমিল আশা আৰু এক বিমল আনন্দ। অৰ্থনৈতিকভাৱে পিছপৰি থকা বঞ্চিত শোষিত অসমীয়া মানুহে এক শোষণহীণ সমাজ বিচাৰে বুলিয়ে তেওঁলোকে হিংসাত বিশ্বাস কৰাটো নুসুচায়। সেয়েহে জনসাধাৰণৰ মনত বিমল আনন্দ। আলাপ-আলোচনাৰ মাজেৰে প্ৰকৃত সমস্যা সমূহৰ সমাধান আৰু অসন্তোষ আঁতৰোৱাৰ প্ৰচেষ্টাৰ প্ৰতি এই মনোভাব আছিল স্বতঃস্ফূৰ্ত সহাঁৰি।
এক সম্ভাব্য শান্ত পৰিবেশৰ সম্ভাৱনা হঠাতে ৰুদ্ধ হৈ গ’ল। আলফাৰ বিভাজন ঘটিল। চৰকাৰৰ লগত আলোচনাৰ চৰ্তসমূহ নিমিলাৰ বাবেই হেনো সভাপতি অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ গোটে আলোচনাৰ বিৰোধিতা কৰিবলৈ ল’লে। সংগঠন ওপৰ মহলত হোৱা বিভাজনে বিভাজনৰ এই প্ৰক্ৰিয়াক জিলাসমূহলৈ সম্প্ৰসাৰিত কৰিলে। এইটোৱেই দৰাচলতে আজিৰ এক ডাঙৰ ট্ৰেজেদি। ঐক্যবদ্ধ আলফাই চৰ্তবিহীন বা প্ৰয়োজনবোধে চৰ্তসাপেক্ষে আলোচনাৰ জৰিয়তে যিমানখিনি আদায় কৰিব পাৰিলেহেঁতেন এতিয়া সিমানখিনি সফলতা লাভ কৰিব পাৰেনে নোৱাৰে কোৱাটো টান। বহুতে কবলৈ প্ৰয়াস কৰিছে যে হিতেশ্বৰ শইকীয়াৰ ৰাজনৈতিক চাতুৰী সফল হ’ল। এই ধাৰণা বহুলাংশেই শুদ্ধ।
কিন্তু সেইবাবেই আমি জানো ভীতি, আতংক, হিংসাৰ পন্হাৰ সমৰ্থন জনাম? এই পন্হা অশুদ্ধ পন্হা। এই কথা আমি বাৰে বাৰে দোহাৰি আহিছো। আজিও সেই একে কথাকে দৃঢ়তাৰে ব্যক্ত কৰিব বিচাৰিছো যে গণতান্ত্রিক অহিংস গণ আন্দোলনে সকলো শোষন নিস্পেষণ আঁতৰোৱাৰ বাবে সংগ্ৰামৰ একমাত্র সবল আৰু সফল পথ। এই পথ নিশ্চয় দিঘলীয়া পথ । কিন্তু এই পথৰ কোনো বিকল্প নাই।
স্বাধীন অসম আমাৰ কাম্য নহয় । সৰ্বসাধাৰণ অসমীয়া লোকৰ বাবেও স্বাধীন অসম কাম্য বুলি আমি নেভাবো। ভাৰতবৰ্ষৰ ভিতৰতে এক আত্মনিৰ্ভৰ আত্মমৰ্যদা যুক্ত জাতি হিচাপে সুপ্ৰতিষ্ঠিত হোৱাৰ লক্ষ্যই আমাৰ আটাইৰে কাম্য লক্ষ্য। প্ৰতিটো সৰু-বৰ জনগোষ্ঠীৰ সমমৰ্যাদাপূৰ্ণ , অসম্প্ৰদায়ৰ সহ অৱস্হান যুক্ত এক বৃহত্তৰ অসমীয়া জাতি আৰু বৃহত্তৰ অসম আমাৰ আটাইৰে কাম্য।
চৰকাৰে এই কথা উপলব্ধি কৰা উচিত যে আসুৰিক দমনে নিৰীহ জনসাধাৰণক ক্ষুদ্ধ, বিভ্ৰান্ত আৰু বিশৃংখল কৰি তুলিব পাৰে। অমানৱীয় দমনৰ পথ এক শান্ত পৰিৱেশ গঢ়ি তোলাৰ পথ কেতিয়াও হ’ব নোৱাৰে।